Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে ...

তিনিমহীয়া বার্তালোচনী ‘পশুপালন বার্তা’ৰ আকৌ নতুন ৰূপত প্রকাশঃ

 

১৯০৫ চনত ইংৰাজ শাসকে অসামৰিক পশুচিকিৎসা বিভাগৰ অধীনত গুৱাহাটীৰ চেনিকুঠীত প্ৰথম পশু চিকিৎসালয় এখন স্থাপন কৰিছিল। প্ৰথম অৱস্থাত যোৰহাটক লৈ উজনি অসম মন্ডল আৰু গুৱাহাটীক লৈ নামনি অসম মন্ডল হিচাপে অসমৰ পশু চিকিৎসা বিভাগ টোক দুটা মণ্ডলত বিভক্ত কৰা হৈছিলপশু চিকিৎসা পৰিদৰ্শকৰ অধীনত সহকাৰী পশু চিকিৎসা বিষয়া আৰু তত্বাৱধায়ক ক্ষেত্ৰ সহায়কসকলে বিভাগটোত সেইসময়ত কর্মৰত আছিল। পশুচিকিৎসা পৰিদৰ্শক গৰাকীৰ দায়িত্ব আছিল পশুচিকিৎসালয়ৰ নিয়মীয়া পৰিদৰ্শন কৰা ইয়াৰ পিছত বিভাগটো জিলা পৰ্যায়ত জিলা পশু চিকিৎসা বিষয়াৰ সৈতে পশুচিকিৎসাৰ সঞ্চালকৰ অধীনলৈ আহে বৰ্তমানৰ প্ৰশাসনিক ব্যৱস্থা অৰ্থাৎ পশুপালন আৰু পশুচিকিৎসা বিভাগ, অসম ১৯৫০ চনৰ পৰা কাৰ্যকৰী হয়। পশুপালন আৰু পশুচিকিৎসা বিভাগ, অসমে এই ১১৮ বছৰীয়া বিভিন্ন পৰিক্রমাৰ মাজেৰে আহি আজিৰ এই অবস্থা পাইছে।

সময় সলনি হৈছে। তথ্য আৰু যোগাযোগ প্ৰযুক্তি আজিৰ দৈনন্দিন কামৰ সুবিধা প্ৰদানকাৰী হৈ পৰিছে। চৰকাৰী, ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডকে ধৰি সকলো খণ্ডতে অনুকূলন আৰু দক্ষতাক আগুৱাই নিয়াত ইয়াৰ অতি গভীৰ ভূমিকা আছে। দেশৰ আন আন প্রান্তৰ দৰে অসমৰ পশুপালন আৰু পশুচিকিৎসা খণ্ডতো তথ্য প্ৰযুক্তিয়ে বিভিন্ন দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছেসমগ্ৰ বিশ্বতে পশু চিকিৎসক আৰু ইয়াৰ লগত জড়িত ব্যক্তিসকলে দৈনন্দিন পশুপালন আৰু পশু চিকিৎসা পদ্ধতিত তথ্য আৰু যোগাযোগ প্ৰযুক্তি ব্যৱহাৰ কৰে। পশুধন উন্নয়নত আৰু প্ৰশাসনিক পৰ্যায়তো সিদ্ধান্ত গ্ৰহণত তথ্য প্ৰযুক্তিয়ে অতি ফলপ্ৰসূ ভূমিকা পালন কৰিছে।

বর্তমান সময়ত পশুপালন আৰু পশুচিকিৎসা বিভাগত কেইবাটাও তথ্য প্ৰযুক্তি ভিত্তিক এপ্লিকেচন ব্যৱহাৰ কৰি থকা হৈছে। এই এপ্লিকেচনসমূহে সকলো অংশীদাৰ বিভাগক সহায় কৰিছে, যাৰ ফলত আন্তঃৰাজ্যিক আৰু আন্তঃবিভাগীয় যোগাযোগ উন্নত হৈছে, কামৰ মান বৃদ্ধি, সময় হ্ৰাস পাইছে। প্ৰধানমন্ত্ৰী গতিশক্তি- ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন, অফিচিয়েল চি.এম. ডেচব’ৰ্ড, ‘ই-প্ৰস্তুতি’, বিভাগীয় ছ’চিয়েল মিডিয়া পেজ, ৰাষ্ট্ৰীয় ডিজিটেল পশুধন অভিযান এনে কেইটামান এপ্লিকেচন যিয়ে আমাক ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক প্রেক্ষাপতত বিভাগটোৰ কাম-কাজ তথা গতিশীলতাৰ খতিয়ান ডাঙি ধৰিছে। ‘ই-প্ৰস্তুতি’ প্ৰকল্প তথা বিভাগীয় ছ’চিয়েল মিডিয়া পেজ সমূহত নিয়মিতভাৱে পশুধন পালকসকলৰ বাবে সজাগতামুলক তথা জ্ঞানবর্ধক কাহিনী, বিভাগীয় কাৰ্য্যকলাপ, সফলতাৰ কাহিনী ইত্যাদিৰ বিষয়ত প্ৰকাশ আৰু আপডেট কৰা হয়।  ৰাষ্ট্ৰীয় ডিজিটেল পশুধন অভিযানৰ (এনডিএলএম)ৰ দ্বাৰা আধুনিক তথ্য আন্তঃগাঁথনি আৰু প্ৰয়োগ সৃষ্টি কৰি নিৰৱচ্ছিন্নভাৱে তথ্য লাভ কৰিবলৈ সক্ষম হোৱা, প্ৰত্যক্ষ লাভ হস্তান্তৰৰ বাবে এক ব্যৱস্থা গঢ়ি তোলা, প্রজনন ব্যবস্থা, ৰোগ নিৰীক্ষণ/নিয়ন্ত্ৰণ কাৰ্যসূচী ইত্যাদি তথ্য প্ৰযুক্তিৰেই সুফল। পশুপালকৰ দুৱাৰমুখত পশু চিকিৎসা সেৱাৰ বাবে পশুপালন আৰু পশুচিকিৎসা বিভাগ আৰু কল চেণ্টাৰত ১৯৬২ যোগে পশু চিকিৎসকৰ নিয়ন্ত্ৰণত ৰাজ্যখনত ভ্ৰাম্যমাণ পশু চিকিৎসা সেৱা চলি আছে।

পশুপালন আৰু পশুচিকিৎসা বিভাগত কর্মৰত বিষয়া-কর্মচাৰী সমন্বিতে সকলোৱে ৰাজ্য খনত পশুপালনৰ বিকাশৰ বাবে নতুন ব্যবস্থা বোৰৰ মাজেৰে নিজকে সম্প্ৰসাৰিত কৰি এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আন্তঃগাঁথনি উন্নয়ন, বিষয়া-কর্মচাৰী তথা পশুপালক সকলক সময়ে সময়ে প্রয়োজনীয় বিষয়ত প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এইবোৰ এক ফলপ্ৰসূ, দক্ষ আৰু স্বচ্ছ প্ৰশাসনিক ব্যৱস্থাৰ মাজেৰে আগবঢ়াই নিবলৈ চেষ্টা কৰা হৈছে।

 ‘পশুপালন বার্তা’ৰ প্রথম সংখ্যাটো ২০২১ চনৰ এপ্রিল মাহতে প্রকাশ পাইছিল। বিভিন্ন অসুবিধাৰ বাবে এই দীঘলীয়া সময় অতিক্রম কৰাৰ পিছত পশুপালন আৰু পশুচিকিৎসা বিভাগৰ সঞ্চালক মহোদয় জাবীৰ ৰাহুল সুৰেশ, আই.এ.এছ.ৰ প্রচেষ্টাত বিভাগৰ তিনিমহীয়া বার্তালোচনী ‘পশুপালন বার্তা’ৰ আকৌ নতুন ৰূপত প্রকাশ কৰা হল। পশুপালন বার্তাই আমাৰ পশুপালক সমাজলৈ বিজ্ঞানসন্মত পশুপালনৰ ক্ষেত্রত কিঞ্চিত অৰিহণা যোগোৱাৰ লগতে আমাৰ শিক্ষিত যুবসমাজক পশুপালনৰ জৰিয়তে স্বাৱলম্বিতাৰ সন্ধান কৰিবলৈ বাট দেখুৱাই দিব পাৰিলে পশুপালন বার্তাৰ উদ্দেশ্য সফল হব বুলি আমি আশাবাদী।

(পশুপালন বার্তা দ্বিতীয় সংখ্যাঃ জানুৱাৰী-মাৰ্চঃ ২০২৪ প্রকাশিত )

 দিগন্ত যাদৱ শৰ্মা

Comments

Popular posts from this blog

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)

প্ৰাচীন অসমৰ পশু চিকিৎসা জগতত এভুমূকি

ৰক্তৰঞ্জিত :: ৰহস্যৰ অৱসান (ৰহস্য গল্প)