Posts

Showing posts from December, 2019

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

ছাত্রাবাসৰ মিঠা ৰোমন্থন

- কেৰ কেৰ কেৰ কেৰ ... - অই , চাবি চাবি , গ ' ল গ ' ল ... - গৰৰৰৰৰৰৰৰৰ ... গুৰুমমমম … - আইঔ ... মৰিলোও মৰিলো , গ ' ল গ ' ল … - ৪০৭ ত কোনো নাছিল । ৪০৮ ও টলা বন্ধ , ৪০৯ৰ পৰা শৰৎদা দৌৰি আহিল । - দুপ দাপ ... দুপ দাপ ... জোতা , চেন্দেল , খালি ভৰিৰ শব্দৰে ১০১ , ১০৯ , ২০৮ , ৩০৫ , ৩০৮ , ৩১০ৰ পৰা পলাশ , বগা , চেলিমদা , চৌবে , মুকুল , শচী , সত্যজিত , ইংতি , জৌভা , সুব্ৰতদা , অঞ্জন , ফিলিপ , সিংদা দৌৰি আহিল । আটাইবোৰ ছাত্ৰাবাসৰ ৪০৬ নং কোঠালিটোলৈ সোমাই আহিল । শব্দটো নিশ্চয় যথেষ্ট ডাঙৰ আছিল , সেয়ে গেটত থকা আমাৰ চৌকিদাৰ তিৱাৰীও দৌৰি আহিল ... পঢ়ুৱৈসকলে নিশ্চয় অনুমান কৰিছে যে এয়া কোনোবা এটা ছাত্ৰাবাসৰ কাহিনীয়ে হ ' ব । হয় , সেই সোণসেৰীয়া দিনবোৰৰ কথাই ৰোমন্থন কৰিবলৈ লৈছো । আজি আমি পশুচিকিৎসকল বিভিন্ন ধৰণে কৰ্মক্ষেত্ৰত ব্যস্ত হৈ পৰিছো । অধিক দায়িত্বও কান্ধ পাতি লব লগা হৈছে । সংসাৰৰ মেটমৰা বোজা বোৰটো আছেই । ভেজাল খাদ্য ৰ লগতে বাঢ়ি অহা বয়স বোৰে তো সততে আমনি কৰেই। এই গোটেইবোৰ