Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে ...

ৰাজ্যৰ অৰ্থনীতিত বিশেষকৈ গ্ৰাম্য জনসাধাৰণৰ বাবে অসমত পশুপালনৰ ভূমিকাঃ

 

ৰাজ্যৰ অৰ্থনীতিত বিশেষকৈ গ্ৰাম্য জনসাধাৰণৰ বাবে অসমত পশুপালনৰ ভূমিকা উল্লেখযোগ্য। পশুপালন আৰু পশু চিকিৎসাই গো-ম’হ পালন, হাঁহ-কুকুৰা পালন, ছাগলী পালন, গাহৰি পালন, ঘাঁহ খেতি আদি বিভিন্ন দিশ সামৰি লৈছে যদিও সময়ে সময়ে বহুতো প্ৰত্যাহ্বানৰো সন্মুখীন হ’বলগীয়া হৈছে। বিশেষকৈ বহু গ্ৰাম্য অঞ্চলত পশুপালন আৰু পশু চিকিৎসা সেৱাৰ বাবে পৰ্যাপ্ত আন্তঃগাঁথনিৰ অভাৱ দেখা যায়। ইয়াৰ ভিতৰত পশু চিকিৎসালয়, পশুধন ৰোগৰ পৰীক্ষাগাৰ, বন্যাক্রান্ত পশুধনৰ বাবে উপযুক্ত আশ্ৰয় শিবিৰ আদি উল্লেখযোগ্য। জলবায়ু সম্পৰ্কীয় পৰিৱৰ্তন যেনে গ্রীষ্ম প্রবাহ, বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগ আদিয়ে আমাৰ ৰাজ্যত পশুপালনৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাই আহিছে। ইয়াৰ ফলত পশুধন, আন্তঃগাঁথনিৰ ক্ষতি হয়, খাদ্য আৰু পানীৰ উপলব্ধতাতো ব্যাঘাত জন্মে। পশুধনৰ বাবে গুণগত খাদ্য আৰু পুষ্টিকৰ পৰিপূৰক উপলব্ধতা অসমৰ পশুপালকসকলে সন্মুখীন হোৱা আন এক বাধা। বিশেষকৈ খৰাং বা বানপানীৰ সময়ত অপৰ্যাপ্ত খাদ্যই পশুধনৰ স্বাস্থ্য আৰু উৎপাদনশীলতাত নেতিবাচক প্ৰভাৱ পেলায়। অসমৰ পৰম্পৰাগত পশুধনৰ জাতৰ উৎপাদনশীলতা অধিক উৎপাদনশীল জাতৰ তুলনাত গাখীৰ, মাংস, কণী উৎপাদনৰ ক্ষেত্ৰত প্ৰায়ে কম। উন্নত জাত আৰু কৃত্রিম প্ৰজননৰ কিছুমান অসুবিধাজনক কাৰণৰ বাবে উৎপাদনশীলতা বৃদ্ধিৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি হৈ আছে।

পশুস্বাস্থ্যসেৱাৰ প্রয়োজনীয়তা অতি গুৰুত্বপূৰ্ণ কিয়নো দুৰ্গম অঞ্চলত পশু চিকিৎসক আৰু পশু চিকিৎসাৰ অভাবে পশুপালকসকলক মানসিক আৰু অর্থনৈতিকভাবে দুর্বল কৰি পেলাব পাৰে। ঠিক তেনেকৈ বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ সঠিক টিকাকৰণৰ কাৰ্যসূচী আৰু ৰোগৰ নিৰীক্ষণ অতি গুৰুত্বপূৰ্ণ। পশুপালনৰ ক্ষেত্রত পশুপালকৰ বাবে বিজ্ঞানসন্মত পশুপালন পদ্ধতি, ৰোগ ব্যৱস্থাপনা আৰু পশুধনৰ পৰিপুষ্টিৰ ওপৰত প্ৰশিক্ষণ কাৰ্যসূচী অতি প্ৰয়োজনীয়।  পশুপালন খণ্ডত বিনিয়োগকাৰীক উৎসাহিত কৰাৰ বাবে পশুধন আৰু পশুধন সামগ্ৰীৰ বাবে বজাৰ সংযোগ স্থাপন ইত্যাদি বিষয়ত প্রায়ে প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে। সংগঠিত বিপণন মাধ্যম আৰু মূল্য সমৰ্থন ব্যৱস্থাৰ অভাৱৰ ফলত পশুপালকসকলে প্ৰায়ে তেওঁলোকৰ সামগ্ৰীৰ বাবে কম মূল্য লাভ কৰে।

এই প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ অসম চৰকাৰে ভাৰত চৰকাৰৰ সহযোগত বিভিন্ন আঁচনিৰ জৰিয়তে সুফল পাবলৈ চেষ্টা কৰি আছে। ইয়াৰে ভিতৰত ভ্ৰাম্যমাণ পশু চিকিৎসা ইউনিট স্থাপন কৰি দুৰ্গম অঞ্চল সমূহত সময়মতে পশু চিকিৎসা সেৱা উপলব্ধ কৰোৱা হৈছে। আগলৈকে পশু চিকিৎসা সেৱাত দূৰৈৰ পৰা পৰামৰ্শ প্ৰদান কৰিবলৈ টেলিমেডিচিন সেৱাসমূহো অন্বেষণ কৰিব পাৰি। গৱেষণামূলক কার্যকলাপেৰে বিজ্ঞানসন্মত পশুপালন, পশুস্বাস্থ্যসেৱা, ৰোগ প্ৰতিৰোধ ইত্যাদি বিষয়ত অধিক প্রাণবন্ত আৰু উৎপাদনশীলতাৰ দিশত বৃদ্ধিৰ ঊর্ধ্বমুখী হাৰ নিশ্চয়কৈ দেখা দিব। পশু চিকিৎসা সেৱাৰ বাবে আন্তঃগাঁথনি উন্নয়ন, পশুপালকৰ বাবে ৰাজসাহায্য প্ৰদান আৰু পশুজাত সামগ্ৰীৰ উচিত বজাৰ মূল্যৰ নিশ্চিতকৰন নীতিয়ে পশুপালসকলক এই খণ্ডত বিনিয়োগ কৰিবলৈ উৎসাহিত কৰিব। প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰি প্ৰতিকাৰসমূহৰ সঠিক ব্যবস্থাপনাৰ জৰিয়তে অসমৰ পশুপালন আৰু পশু চিকিৎসা খণ্ড অধিক উন্নত হৈ উঠিব আৰু ৰাজ্যখনৰ সামগ্ৰিক আৰ্থ-সামাজিক বিকাশত অৰিহণা যোগাবলৈ সক্ষম হ’ব।

উল্লেখিত কার্য্যসুচী সমূহৰ সফল ৰূপায়ণৰ বাবে চৰকাৰী সংস্থা, বেচৰকাৰী সংস্থা, গৱেষণা প্ৰতিষ্ঠান, আৰু ব্যক্তিগত খণ্ডৰ মাজত সহযোগিতা তথা একত্ৰিত প্ৰচেষ্টাৰ প্ৰয়োজন। আন্তঃগাঁথনি উন্নয়ন, পশু চিকিৎসা সেৱা, গৱেষণা আৰু উন্নয়ন, সম্প্ৰসাৰণ সেৱা, বজাৰ সংযোগৰ ক্ষেত্ৰত বিনিয়োগৰ গুৰুত্ব অপৰিসীমপশুজাত সামগ্ৰীৰ চাহিদা বৃদ্ধি, পশু স্বাস্থ্যৰ প্ৰতি সজাগতা বৃদ্ধি, আৰু পোহনীয়া জন্তুৰ জনসংখ্যা বৃদ্ধিৰ ফলত অনাগত দিনবোৰত পশু চিকিৎসা আৰু পশু পালন খণ্ডত সংযোজন আৰু পৰিবর্ধনৰ যথেষ্ট সম্ভাৱনা আছে। পৰ্যাপ্ত আন্তঃগাঁথনি আৰু দক্ষ পেছাদাৰীৰো অভাৱ আছে। এই প্ৰত্যাহ্বানসমূহৰ মোকাবিলা আৰু ইয়াৰ সম্ভাৱনা মুকলি কৰাত ৰাজহুৱা আৰু ব্যক্তিগত উভয় খণ্ডত বিনিয়োগ অতি গুৰুত্বপূৰ্ণ। অনাগত দিনবোৰত পশু চিকিৎসা খণ্ডত বিনিয়োগ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, যিটো ৰাজহুৱা আৰু ব্যক্তিগতভাবে দুয়োটাৰ দ্বাৰাই পৰিচালিত হ’ব পাৰে

পশু চিকিৎসা খণ্ডৰ আন্তঃগাঁথনি আৰু সেৱাৰ উন্নতিৰ লক্ষ্যৰে চৰকাৰে কেইবাটাও আঁচনি আৰু কাৰ্যসূচী আৰম্ভ কৰিছে। উদাহৰণস্বৰূপে, ২০১৪ চনত আৰম্ভ হোৱা ৰাষ্ট্ৰীয় গোকুল মিছনৰ লক্ষ্য হৈছে থলুৱা জাতৰ গৰু-ম’হৰ সংৰক্ষণ আৰু বিকাশ। একেদৰে ২০১৪ চনত আৰম্ভ হোৱা ৰাষ্ট্ৰীয় পশুধন অভিযানৰ লক্ষ্য হৈছে পশুধন উন্নয়নক প্ৰসাৰিত কৰা আৰু খণ্ডটোৰ উৎপাদনশীলতা বৃদ্ধি কৰা।

পশুপালক সকলৰ বাবে সময়ে সময়ে চৰকাৰীভাবে বিভিন্ন আচঁনিৰ অধীনত বিজ্ঞানসন্মত পশুপালন, পশুস্বাস্থ্যসেৱা, ৰোগ প্ৰতিৰোধ ইত্যাদি বিষয়ত প্ৰশিক্ষণ কাৰ্যসূচী আৰু কৰ্মশালাৰ আয়োজন কৰা হয়। তথাপিও পশুপালনৰ জ্ঞান আৰু বিজ্ঞানসন্মত পদ্ধতিৰ প্ৰচাৰৰ লক্ষ্যৰে কৰা সম্প্ৰসাৰণ সেৱাৰ প্ৰসাৰ আৰু ফলপ্ৰসূতা কম যেন পৰিলক্ষিত হয়। গ্রাম্য অঞ্চল পশুপালক সকলে নিজৰ দক্ষতা বৃদ্ধি আৰু বিজ্ঞানসন্মত পশুপালন পদ্ধতি গ্ৰহণ কৰিবলৈ প্ৰশিক্ষণ কাৰ্যসূচী, কৰ্মশালা বা পৰামৰ্শদাতা সেৱাৰ সুবিধা নাপাবও পাৰে। তেনে স্থলত পশুপালন আৰু পশুচিকিৎসা বিভাগে অসম প্রশাসনিক পদাধিকাৰ মহাবিদ্যালয়, খানাপাৰাত ১২ ফেব্রুৱাৰী, ২০২৪ তাৰিখে অসমৰ নৱনিযুক্ত পশু চিকিৎসা বিষয়া সকলৰ বাবে অৰিয়েণ্টেচন প্ৰশিক্ষণৰ মাজতে বিভাগৰ সঞ্চালক শ্রীযুত জাৱীৰ ৰাহুল সুৰেশে (আই.এ.এছ.) এমট্রনৰ বিষয়ববীয়া তথা বিভাগৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত পশুপালন আৰু পশুচিকিৎসা বিভাগ, অসমৰ প্রথম শিক্ষণ ব্যৱস্থাপনা পর্টেলটো (লাৰ্নিং মেনেজমেণ্ট চিষ্টেম) আনুষ্ঠানিকভাৱে মুকলি কৰে। লাৰ্নিং মেনেজমেণ্ট চিষ্টেমৰ ধাৰণাটো ই-লাৰ্নিঙৰ পৰা পোনপটীয়াকৈ উদ্ভৱ হোৱা, যিয়ে পশুপালন আৰু পশুচিকিৎসা বিভাগৰ বিষয়ববীয়া, পশুপালক, আৰু উদ্যোগীসকলক এক উমৈহতীয়া মঞ্চৰ যোগান ধৰিব। এই এল.এম.এছ. পৰ্টেলটোৰ জৰিয়তে পশুপালকসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰা, উদ্যোগীসকলে নতুন প্ৰযুক্তিসমূহৰ সৈতে পৰিচয় লাভ কৰা ইত্যাদি সুফল গ্রহণ কৰিব পাৰিব। ইয়াত পশুপালকৰ বাবে পশুপালন আৰু পশুচিকিৎসা বিভাগৰ অধীনত বিজ্ঞানসন্মতভাবে গাই গৰু, গাহৰি, ছাগলী, হাঁহ-কুকুৰা প্রতিপালন আৰু ঘাঁহ খেতিৰ প্ৰশিক্ষণৰ অনলাইন সুবিধা আছে। অডিও’-ভিজুৱেল প্ৰশিক্ষণৰ সামগ্ৰীৰ লগতে অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে পাঠদানৰ সামগ্ৰীও পর্টেলটোত উপলব্ধ হব। প্ৰশিক্ষণৰ সময়ত সকলো সামগ্রী আৰু নথিপত্ৰ প্রশিক্ষার্থীৰ লগ ইনত উপলব্ধ হব। প্ৰশিক্ষণৰ শ্ৰেণীসমূহ হ’ব ভাৰ্চুৱেল শ্ৰেণীকোঠা। পর্টেলত প্ৰশিক্ষাৰ্থীৰ বাবে পঞ্জীয়নৰ ব্যৱস্থা আছে। প্ৰশিক্ষণৰ অন্তত প্ৰশিক্ষাৰ্থীসকলে পর্টেলৰ জৰিয়তে প্ৰমাণপত্রও লাভ কৰিব। আমি আশাবাদী এল.এম.এছ. পৰ্টেলটোৰ জৰিয়তে পশুপালনৰ যাবতীয় প্রাথমিক শিক্ষা লাভৰ বাবে আমাৰ যুবসমাজ আকৃষ্ট হৈ পৰিব আৰু অনাগত দিনত ৰাজ্যখনত বিজ্ঞানসন্মত পশুপালনৰ এক নতুন দিগন্তৰ সূচনা হ’ব।

(পশুপালন বার্তা তৃতীয় সংখ্যাঃ এপ্রিল-জুনঃ ২০২৪ত প্রকাশিত )

                                                                                             দিগন্ত যাদৱ শর্মা

Comments

Popular posts from this blog

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)

প্ৰাচীন অসমৰ পশু চিকিৎসা জগতত এভুমূকি

ৰক্তৰঞ্জিত :: ৰহস্যৰ অৱসান (ৰহস্য গল্প)