Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে ...

জীৱ-জন্তু আৰু মানুহ উভয়ৰে স্বাস্থ্যৰ সুৰক্ষাৰ বাবে পশু চিকিৎসাত নিয়োজিত কর্মীঃ

 

প্ৰতিটো প্ৰজাতিৰ জীৱ-জন্তুৰ স্বাস্থ্য আৰু কল্যাণৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে পশু চিকিসাত নিয়োজিত কর্মীসকলে যথেষ্ট পৰিশ্ৰম কৰে। পশু চিকিৎসকে পৰিৱেশ সুৰক্ষা, গৱেষণা, খাদ্য সুৰক্ষা, আৰু জনস্বাস্থ্যৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে যাৰ ফলত জীৱ-জন্তু আৰু সমাজৰ স্বাস্থ্য সুৰক্ষিত হয়। প্ৰাকৃতিক দুৰ্যোগ বিশেষকৈ বানপানীৰ সময়ত জীৱ-জন্তু আৰু মানুহৰ বাবে যথেষ্ট বিপদৰ সৃষ্টি কৰে আৰু পশু চিকিসাত নিয়োজিত কর্মীসকলে দুৰ্যোগৰ সময়চোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমাৰ ৰাজ্যখন বহু পৰিমাণে কৃষিৰ ওপৰত নিৰ্ভৰশীল। কৃষিৰ লগত জড়িত জীৱ-জন্তুৰ স্বাস্থ্য উন্নত কৰিলে কৃষকৰ জীৱনৰ মানো উন্নত হয়। পশু চিকিৎসা বৃত্তিক নিজৰ ভবিষ্যত কর্মক্ষেত্র হিচাপে বাছনি কৰা ছাত্র-ছাত্রী দিনক দিনে বৃদ্ধি পাবলৈ লৈছে। পশু চিকিৎসা বিজ্ঞান পাঠ্যক্রমৰ বাবে যোগ্য আবেদনকাৰীৰ সংখ্যাও বৃদ্ধি পাইছে। পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় সমূহত নামভৰ্তি অতি প্ৰতিযোগিতামূলক, প্রৱেশ পৰীক্ষাৰ জৰিয়তেহে  নামভৰ্তি কৰিবলৈ সুবিধা পায়। পশু চিকিৎসাৰ বিজ্ঞানৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰি পশু চিকিসাৰ ডিগ্ৰী লাভ কৰাৰ পিছত কিছুমান স্নাতকে পশু চিকিসাৰ বিশেষত্ব যেনে ভেষজ বিজ্ঞান, শল্যচিকিৎসা বিজ্ঞান, আভ্যন্তৰীণ চিকিৎসা, অণুজীৱবিজ্ঞান, ৰোগতত্ব বিজ্ঞান  বা প্ৰতিৰোধমূলক চিকিৎসাৰ অতিৰিক্ত শিক্ষা গ্ৰহণ কৰিবলৈ বাছি লয়।

পশু চিকিৎসা বিজ্ঞানৰ সফল কেৰিয়াৰ গঢ়ি তোলাত অৰিহণা যোগোৱা অপৰিহাৰ্য বৈশিষ্ট্যসমূহ হ’লঃ

·         জীৱ-জন্তু, পশু-পক্ষীৰ, পোহনীয়া জন্তুৰ স্বাস্থ্যৰ প্রতি সজাগ দৃষ্টি বজাই ৰখা

·         জীৱ বিজ্ঞানৰ প্ৰতি যোগ্যতা আৰু আগ্ৰহ থকাতো বাঞ্ছনীয়

·         পশু চিকিৎসাৰ বিজ্ঞানৰ প্ৰতি এটা অনুসন্ধানী মন আৰু পৰ্যবেক্ষণৰ তীক্ষ্ণ দৃষ্টি

·         পশুপালকৰ সৈতে যোগাযোগৰ দক্ষতা, দৃঢ় বন্ধন গঢ়ি তোলা,

·         পৰিৱেশ অনুযায়ী নেতৃত্বৰ দক্ষতা থকা

পশু চিকিসা বৃত্তিত হঠাৎ উদ্ভব হোৱা কিছুমান কাৰকেও ক্রিয়া কৰে। শেহতীয়াকৈ প্রকাশ পোৱা এখন গৱেষনা গ্ৰন্থ “দ্য পাৱাৰ অৱ বেড”ত সামাজিক মনোবিজ্ঞানী ৰয় বাউমেষ্টাৰ আৰু সাংবাদিক জন টিয়েৰ্নেই ব্যাখ্যা কৰিছে যে সাধাৰণতে এজন ব্যক্তিক এটা নেতিবাচক অভিজ্ঞতাৰ প্ৰভাৱক ম্লান পেলাবলৈ চাৰিটা ইতিবাচক অভিজ্ঞতাৰ প্ৰয়োজন হয়। পশু চিকিৎসকৰ বাবে নেতিবাচক অভিজ্ঞতাৰ পৰা নিজকে সম্পূৰ্ণৰূপে এৰাই চলাৰ কোনো উপায় নাথাকিবও পাৰে। অবেশ্যে বেছিভাগ পোহনীয়া জীৱ-জন্তু, পশু-পক্ষীৰ গৰাকীয়ে পশু চিকিৎসক তথা পশু চিকিৎসা কর্মীসকলক যথাযোগ্য সন্মান দিয়ে। গতিকে ইতিবাচক পাৰস্পৰিক ক্ৰিয়া-কলাপ চাৰিটাতকৈ বহু বেছি। বেছিভাগ পশু চিকিৎসকে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জনস্বাস্থ্যৰ প্রতি প্রভুত অৰিহণা আগবঢ়ায়। পশু চিকিৎসক তথা পশু চিকিৎসা কর্মীসকলৰ জনস্বাস্থ্যৰ প্রতি অৱদানক কেইবাটাও মূলত ভাগ কৰিব পাৰিঃ

·         জুনোটিক ৰোগ আৰু জনস্বাস্থ্যত পশু চিকিৎসকৰ ভূমিকা

·         খাদ্য সুৰক্ষাত পশু চিকিৎসকৰ ভূমিকা

·         নিদান পৰীক্ষাগাৰত পশুস্বাস্থ্যদিশত পশু চিকিৎসকৰ ভূমিকা

·         জৈৱ চিকিৎসা গৱেষণাত পশু চিকিৎসকৰ ভূমিকা

·         স্বাস্থ্য শিক্ষা আৰু সম্প্ৰসাৰণত পশু চিকিৎসকৰ ভূমিকা

·         পশু-পক্ষী ক্লেশ নিবাৰণিত পশু চিকিৎসকৰ ভূমিকা

·         জৈৱিক, চিকিৎসা সঁজুলি আৰু ঔষধৰ উৎপাদন আৰু নিয়ন্ত্ৰণত পশু চিকিৎসকৰ ভূমিকা

·         জনসাধৰণৰ সজাগতা সৃষ্টিত আৰু চৰকাৰী কাৰ্য্যকলাপত পশু চিকিৎসকৰ ভূমিকা

 

জনস্বাস্থ্যত পশু চিকিৎসকৰ ভূমিকাৰ উদাহৰণসমূহ হ’ল পশু-পক্ষীৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰা, নিয়মিত টিকাকৰণ, পৰজীৱী নিয়ন্ত্ৰণ, ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পোৱা ব্যক্তিৰ বাবে পশু-পক্ষীৰ সংস্পৰ্শৰ বিপদৰ বিষয়ে পৰামৰ্শ প্রদান কৰা, বিশেষভাৱে সক্ষম লোকসকলৰ বাবে কুকুৰৰ সেৱা ব্যৱহাৰৰ সুবিধাসমূহ প্ৰচাৰ কৰা এই প্ৰত্যক্ষ সেৱাসমূহৰ উপৰিও পশু চিকিৎসকসকলে জনস্বাস্থ্য আৰু নিয়ন্ত্ৰণ সংস্থাসমূহক সময়মতে ৰোগৰ পৰিঘটনাৰ প্ৰতিবেদন দিয়ে জুনোটিক ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো অইন চিকিৎসাকর্মী সকলৰ সৈতে সহযোগ কৰে আৰু স্থানীয় স্বাস্থ্য আয়োগসমূহক পৰামৰ্শ দিয়ে

বছৰ বছৰ ধৰি পশু চিকিৎসা কর্মীসকলে পশু আৰু মানৱ স্বাস্থ্য আৰু কল্যাণ, খাদ্য সুৰক্ষা, পৰিৱেশ বিজ্ঞান, নৃতত্ত্ব, মহামাৰী বিজ্ঞান, অণুজীৱবিজ্ঞান, পৰজীৱবিজ্ঞান, ৰোগবিজ্ঞান, শৰীৰবিজ্ঞান, মনোবিজ্ঞান, ৰেডিঅ’লজী, গৱেষণাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৰিহণা আগবঢ়াই আহিছে। বিভিন্ন প্ৰত্যাহ্বানৰ সৃষ্টি হোৱাৰ লগে লগে পশু চিকিৎসকসকলে তেওঁলোকৰ জ্ঞান আৰু প্ৰশিক্ষণৰ যোগেদি পৰিবেশ আৰু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিজকে খাপ খুৱাই আহিছে। স্বাস্থ্যসুন্দ আৰু উৎপাদনশীল পশুধনে পাদন, কর্মক্ষেত্র সৃষ্টি, অৰ্থনৈতিক বৃদ্ধি, আৰু দৰিদ্ৰতা নিৰাময়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। বিশ্বৰ জনসংখ্যা বৃদ্ধি আৰু মধ্যবিত্ত শ্ৰেণীৰ আয় বৃদ্ধিৰ লগে লগে পশুধনৰ সামগ্ৰীৰ চাহিদাও দিনক দিনে বৃদ্ধি পাইছে।

(পশুপালন বার্তা পঞ্চম সংখ্যাঃ অক্টোবৰ-ডিচেম্বৰ ২০২৪ত প্রকাশিত )

                                                                                            দিগন্ত যাদৱ শর্মা

 

Comments

Popular posts from this blog

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)

প্ৰাচীন অসমৰ পশু চিকিৎসা জগতত এভুমূকি

ৰক্তৰঞ্জিত :: ৰহস্যৰ অৱসান (ৰহস্য গল্প)