Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)



বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)
 (প্ৰথম খণ্ড)
বৰাক নদী অসমৰ দক্ষিণ অঞ্চলৰ মাজেৰে বৈ গৈছে বৰাক নদীৰ নামেৰে নামাকৰণ কৰা হৈছে বৰাক উপত্যকাক অসমৰ তিনিখন জিলা কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ সমষ্টিয়ে হৈছে বৰাক উপত্যকা ইয়াৰ চৰকাৰী ভাষা বঙালী এসময়ত ইন্দিৰা গান্ধীয়ে শিলচৰক শান্তিৰ দ্বীপ হিচাপে অভিহিত কৰিছিল” -নৈশবাছৰ আসন এখনত বহি বহি এনে কথাবোৰে ভাবি আহছিলো সন্ধিয়া ছয় বজাত গুৱাহাটী পল্টনবজাৰ বাছ আস্থানৰ পৰাই বাছখন এৰিছিল খিৰিকী কাষৰ আসন এখনৰ বাবে পূৰ্বৰ পৰাই মোৰ দুৰ্বলতা আছে কিন্তু সেইবাৰ পোৱা নাছিলো। যিয়েই নহওঁক নৈশ যাত্ৰা, চলি যাব -এই ভাবিয়েই শুবলৈ চেষ্টা কৰিছিলোঁ সেইবাৰেপ্ৰথম যাত্ৰা আছিল শিলচৰলৈ যি নেকি বৰাক উপত্যকাৰ লগতে দাঁতিকাষৰীয়া ৰাজ্যকেইখনৰো প্ৰাণকেন্দ্ৰ!

আজিৰ পৰা প্ৰায় ১৫-১৬ বছৰ আগতে মই যেতিয়া প্ৰথম বৰাক উপত্যকাত প্ৰবেশ কৰিছিলো তেতিয়া মোৰ হাতত মাত্ৰ উপৰোক্ত তথ্যখিনিয়ে আছিল পিছলৈ লাহে লাহে ইয়াৰে স্থানীয় লোকসকলৰ লগত মিলি পৰাত এই উপত্যকা সম্বন্ধে ভালেখিনি কথা জানিছিলোঁ সময়ত কথাবোৰ কতো লিপিবব্ধ নকৰাত পাহৰণিৰ গৰ্ভত সোমাই পৰিল প্ৰকৃততে আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভালেখিনি লোকেই বৰাক উপত্যকা সম্বন্ধে জ্ঞাত নহয় তথাপিওঁ আজি কিছুবছৰৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভালেখিনি ছাত্ৰ-ছাত্ৰী বৰাক উপত্যকাত অৱস্থিত শিলচৰ চিকিৎসা মহাবিদ্যালয়, ৰাষ্ট্ৰীয় প্ৰায়োগিক সংস্থান (পূৰ্বৰ আঞ্চলিক অভিযান্ত্ৰিক মহাবিদ্যালয়), অসম বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ যোৱাত কিছু সংখ্যক লোকে বৰাক উপত্যকা সম্বন্ধে কিছু কথা জানিব পাৰিছে যিয়েই নহওঁক এই লেখাটোত এই অঞ্চলৰ ইতিহাস সম্বন্ধে কিছু কথা জনাবলৈ চেষ্টা কৰা হৈছে লেখাটো প্ৰস্তুত কৰোতে বিভিন্ন মাধ্যমত উপলব্ধ কিছু তথ্যৰ সহায় লোৱা হৈছে

গৰিষ্ঠসংখ্যক বঙালী লোকেৰে যদিওঁ পৰিবেষ্টিত, বৰাক উপত্যকা প্ৰকৃততে বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি তিনিওখন জিলাতে বিভিন্ন জাতিৰ লোকে মিলাপ্ৰীতিৰে বাস কৰি আছে এই সকলৰ ভিতৰত আছে ডিমাচা, চাহ-জনজাতি, মাৰ, মেইটেই (মণিপুৰী), বিষ্ণুপ্ৰিয়া, কিছুসংখ্যক অসমীয়া আৰু অল্পসংখ্যক নাগা (ৰংমাই) প্ৰায় সকলোৱেই চিলেটী ভাষাতে ভাবৰ আদান-প্ৰদান কৰে

: “আপুনি বোধকৰো বৰাক উপত্যকা সম্বন্ধে বিশেষ নাজানে নহয় জানো?” বয়োজেষ্ঠ প্ৰয়াত সুদৰ্শন বৰ্মনে চিলেটি অসমীয়া সানমিহলি কৰি মোক প্ৰশ্ন কৰিছিল তেওঁ ডিমাচা সম্প্ৰদায়ৰ লোক
: “হয়, কাকু (খুৰা) মোক আপুনি বুলি সম্বোধন কৰা বাবে মই লাজ পাইছোঁ মই আপোনাৰ ল’ৰাৰ বয়সৰ মোক তুমি বুলি মাতিব” -মই হাতযোৰ কৰি কৈছিলো
: “শুনা, তুমি জানানে? আমাৰ বোপা-ককা অৰ্থাৎ উপৰিপুৰুষসকলে অতিজত ধনশিৰী আৰু ডিমাপুৰত ৰাজত্ব কৰিছিল ডিমাপুৰত আমাৰ ৰাজধানীও আছিল আহোম সৈন্যৰ লগত যুঁজ কৰিহে আমি এইখিনি পালোঁহি! আহোম ৰজাৰ সৈতে যুঁজৰ ফলত আমাৰ পূৰ্বপুৰুষে ডিমাপুৰ এৰি আহি মাইবঙত ৰাজধানী পাতিছিল” -খুৰাই কলহৰ পৰা কাহঁৰ বাটিত আৰু এবাটি ঢালি ল'লে
: “আপোনালোকে এই পানীয়বিধৰ নামটো কি বুলি কয়?”
: “জু-ডিমা আমি ইয়াক বৰা চাউলৰ পৰা ঘৰতে প্ৰস্তুত কৰি লওঁএই গৰমত খাবলৈও ভাল, পেটো পৰিষ্কাৰ কৰে ' কি কৈ আছিলো?”
: “বৰাক উপত্যকা আৰু ডিমাচাসকলৰ মানে আপোনালোকৰ ইতিহাস
: “আজিলৈ থাকক দিয়া গৰুকেইটাকো দানা দিবলৈ সময় হ' তুমি এওঁলোকৰ লগতে কিছু সময় বহা তপন, এখেতক ধূতি এখন দিবি কাপোৰ সলাবলৈ মুখ-হাত ধুই ভাত খাবলৈ সুবিধা পাব
-বৰপুত্ৰ তপনক নিৰ্দেশ দি তেওঁ গাইগৰুকেইজনীৰ তদাৰক কৰিবলৈ গ' পুত্ৰক কথাখিনি কওঁতে তেওঁ ডিমাচা ভাষাতে ক'লে যদিওঁ মই অনুমানতে বুজিছিলো মোৰ কাৰ্য্যলয়ৰ পৰা দুশ মিটাৰমান আতঁৰৰ প্ৰয়াত সুদৰ্শন বৰ্মনৰ নিজা ঘৰত আমি ধুনীয়াকৈ সাৰি-মছি থোৱা মজিয়াখনত পিৰা পাৰি বহিছিলো দুজনমান আন লোকো আছিল মোক চিনাকি কৰি দিছিল মে’ মাহৰ গৰমতো খোলা ৰখা দুৱাৰ-খিৰিকিবোৰেৰে সোমাই অহা মলয়া বতাহজাকে দেহমন সতেজ কৰি তুলিছিল

শিলচৰৰ পৰা ৩০ কি:মি: আতঁৰত ধৰ্মিখাল, গ্ৰাম্য অঞ্চল ওচৰে-পাজৰে ৬০ শতাংশ ডিমাচালোকৰ বাসস্থান আশেপাশে যথেষ্ট বঙালীলোক বসবাস কৰে অদূৰত ৰুকনী চাহবাগান আৰু চাহ-জনজাতি লোকৰ বসতিস্থল ৰুকনী নদীখন পাৰ হ’লেই মেইটেই (মণিপুৰী) সকলৰ বনতাৰাপুৰ নামৰ কাছাৰ জিলাৰ সুবৃহৎ গাওঁখন মুৰব্বী হিচাপে কেইবাটাও বছৰ পাৰ কৰা মোৰ চৰকাৰী প্ৰতিষ্ঠানখন আছিল এই ধৰ্মিখাল নামৰ গাওঁখনতে প্ৰথম শিলচৰত উপস্থিত হৈ জিলা কাৰ্য্যালয়ত যাৱতীয় কাম-কাজবোৰ কৰি পিছদিনাহে ধৰ্মিখাললৈ আহিছিলো সহকৰ্মীসকলৰ লগত চিনাকি হৈ ঠাইখনৰ বিষয়েও বুজ লৈছিলোঁ তেওঁলোকৰ মুখতে শুনিছিলো আমি কাৰ্য্যনিবাহ কৰা সেই প্ৰতিষ্ঠানটোৰ ভূমিৰ দাতা আছিল প্ৰয়াত সুদৰ্শন বৰ্মণ তেওঁ বৰ গুণী জ্ঞানী ব্যক্তি আছিল এই কথা শুনি মই তেওঁক লগ কৰাৰ কথা ভাবিছিলো সাত-আঠদিন পিছত তেওঁৰেই পুত্ৰৰ লগত চিনাকি হোৱাত মোক একেবাৰে ভাত এসাঁজৰ নিমন্ত্ৰণ দি ঘৰলৈ লৈ গৈছিল ভাল লাগিছিল কথা পাতি

 ধৰ্মিখাল পালংঘাট খন্ড উন্নয়নৰ অন্তৰ্গত বিধানসভা ক্ষেত্ৰখন হৈছে ধলাই ইয়াৰ পৰা এছিয়া মহাদেশৰে প্ৰখ্যাত গেৰিলা যুদ্ধৰ প্ৰশিক্ষণৰ শিক্ষানুষ্ঠানখন বৰ বেছি দূৰ নহয় ভাৰতীয় সৈন্য বাহিনীয়ে প্ৰশিক্ষণ দিয়া এই প্ৰতিষ্ঠানটো হৈছে মিজোৰামৰ 'ৱাইৰেন্টি' কাছাৰ মিজোৰাম সীমান্তত অৱস্থিত বিদেশী বন্ধুৰাষ্ট্ৰৰ কিছুলোককো ইয়াত প্ৰশিক্ষণ দিয়া দেখিছিলো যদিও 'ইনাৰ লাইন পাৰমিট'ৰ আৱশ্যক তথাপিও মিজোৰাম সীমান্তলৈ বাছেৰে গৈ তাৰ পৰা মিজোৰামৰ অট'ৰিক্সাৰে গৈছিলো ৱাইৰেন্টিৰ মনমোহা প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিবলৈ অৱশ্যে ৱাইৰেন্টিত যোৱাৰ অইন এটা উদ্দেশ্যও আছিল তাত থকা ভাৰতীয় সৈন্য বাহিনীৰ 'কেন্টিন'খন কৰমুক্ত হোৱাৰ বাবে 'কেন্টিন'খনত যথেষ্ট কম মূল্যতে আমি বহুকেইপদ লাগতীয়াল সামগ্ৰী ক্ৰয় কৰিবলৈ সুবিধা পাইছিলো

       ডিমাচাসকলে বসবাস কৰা ধৰ্মিখাল ঠাইখনৰ কেইবাজনৰো পৰা বৰাক উপত্যকা সম্বন্ধে বহু কথাই শুনিছিলো তেওঁলোকৰ মাজৰ চিকিৎসক, বেংক বিষয়া, সৈন্য বাহিনীৰ লোক আদি বেছকেইজনমান উচ্চশিক্ষিত লোকক লগ পাইছিলোঁ এই গাওঁখনতে প্ৰায়খিনিকে কৃষিকৰ্ম আৰু কিছুসংখ্যক লোকক পশুপালন, পলুপোহা, তাঁতশাল আদিত নিয়োজিত হৈ থকা দেখিছিলো নিজকে ঘাইকৈ কৃষিকৰ্মত নিয়োজিত কৰা ডিমাচাসকল হৈছে অসমৰ এটা প্ৰাচীন জনগোষ্ঠী তেওঁলোক কছাৰীসকলৰে এটা নৃগোষ্ঠীয় গোষ্ঠী তেওঁলোকৰ ৰাজত্ব কমতা ৰাজ্য, চুটিয়া ৰাজ্যৰ সমসাময়িক আছিল ইংৰাজসকলৰ আগমনৰ সময়তো ডিমাচা কছাৰী ৰাজ্যৰ কিছু অৱশিষ্ট আছিল আজিৰ ডিমা-হাছাও জিলা আৰু বৰাক উপত্যকাৰ কাছাৰ জিলাত অতিজতে ডিমাচাসকল প্ৰাচীন কামৰূপ ৰাজ্যত বাস কৰিছিল ৰাজনৈতিক খামখেয়ালী আৰু বিশৃংঙ্খলতাত ডিমাচা কছাৰীসকলে আজিৰ ডিমাপুৰ (নাগালেন্ড) পাইছিলগৈ বুৰঞ্জীৰ মতে আনুমানিক তেৰশ শতিকাত বৰ্তমান নাগালেন্ড ৰাজ্যৰ অধীন ডিমাপুৰত তেওঁলোকৰ ৰাজধানী পাতিছিল তাৰো আগতে গোলাঘাট জিলাৰ কাছমাৰীত প্ৰথম ৰাজধানী স্থাপন কৰিছিল তেওঁলোকৰ ৰাজ্যৰ নাম আছিল হিড়িম্বা ৰাজ্য আহোমসকলৰ আগমনৰ আগতে ডিমাচা ৰাজ্য দিখৌ নদীৰ পৰা কলঙলৈ বিস্তৃত হৈ আছিল তেওঁলোকৰ ৰাজতন্ত্ৰত ধনশিৰীৰ ভৈয়াম অঞ্চল আৰু আজিৰ আমাৰ ডিমা-হাছাও জিলাৰ অঞ্চলসমূহ অন্তৰ্ভুক্ত হৈ আছিল লাহে লাহে আহোমসকলে চুটিয়া আৰু ডিমাচা ৰাজতন্ত্ৰতো খোপনি পুতিবলৈ আৰম্ভ কৰিছিল ডিমাচাসকলৰ সৈতে আহোমসকলৰ প্ৰথম যুদ্ধখন হৈছিল ১৪৯০ খৃষ্টাব্দত যুদ্ধত পৰাজিত হৈ ডিমাচা কছাৰী নৃপতিলৈ আহোম ৰাজকুঁৱৰী যাচিছিল সেই শান্তিচুক্তিৰ সুবাদতে ডিমাচাসকলে ধনশিৰীৰ আগলৈকো তেওঁলোকৰ ৰাজ্য বিস্তৃত কৰিছিল কিন্তু ইতিমধ্যে আহোমসকল আৰু শক্তিশালী হৈ ডিমাচাসকলক পশ্চিমলৈকে ঠেলি পঠালে ডিমাচাসকলে ১৫২৬ খৃষ্টাব্দত আহোমসকলক আকৌ পৰাস্ত কৰে কিন্তু সেই একে বছৰতে দ্বিতীয়খন যুদ্ধত ডিমাচাসকলে পৰজয় বৰণ কৰে ১৫৩১ খৃষ্টাব্দত আহোমসকলে ডিমাচাসকলৰ ৰাজধানী ডিমাপুৰ অভিমুখে আগবাঢ়ে পঢ়িবলৈ পোৱা যায় যুদ্ধক্ষেত্ৰত আহোমসকলে বৃহৎ গৰুৰ জাকৰ আঁৰ লৈ ডিমাচা সৈন্যৰ লগত ধনুকাড়েৰে যুঁজ দিছিল ডিমাচাসকল হিন্দু হোৱাৰ বাবে প্ৰতিযুঁজত গৰুৰ কোনো বিঘিনি ঘটি ধৰ্মভ্ৰষ্ট হোৱাৰ আশঙ্কাত যুদ্ধক্ষেত্ৰ পৰিত্যাগ কৰিছিল তেনেকৈ আকৌ এবাৰ যেতিয়া ১৫৩৬ খৃষ্টাব্দত ডিমাপুৰ আক্ৰমণ কৰে তেতিয়া ডিমাচাসকলে ডিমাপুৰ এৰি মাইবঙত নতুন ৰাজধানী স্থাপন কৰে লাহে লাহে সোতৰ শতিকাৰ ফালে তেওঁলোকে কাছাড় জিলাৰ সমতল ভূমিলৈও ৰাজ্য বিস্তৃত কৰে অৱশ্যে কাছাড়ৰ সমতল ভূমিৰ ডিমাচালোক সকলে ডিমাচা ৰজাৰ ৰাজসভা অথবা দৰবাৰত প্ৰত্যক্ষভাবে অংশগ্ৰহণ কৰা নাছিল
 
কাছাড় জিলাৰ খাচপুৰ আছিল সেই সময়ত ত্ৰিপুৰা ৰাজতন্ত্ৰৰ অন্তৰ্গত ষোলশ শতিকাত চিলাৰায়ে এই খাচপুৰ হস্তগত কৰিছিল বীৰ চিলাৰায়ৰ ভাতৃ কমলনাৰায়নে এই অঞ্চল শাসন কৰিছিল লাহে লাহে কোঁচশাসকসকল অস্তমিত হৈ পৰাত খাচপুৰ স্বাধীন হৈ পৰিল আৰু ইয়াৰ শাসনভাৰ ডিমাচা কছাৰী ৰাজতন্ত্ৰৰ হাতত আহি পৰিল খাচপুৰখন তেওঁলোকৰ লগত চামিল হৈ পৰাৰ পিছতেই  ডিমাচাসকলে ৰাজধানী খাচপুৰলৈ তুলি আনিলে এক তথ্যমতে আহোম ৰজা ৰুদ্ৰসিংহই কছাৰী ৰজা তাম্ৰধ্বজক পৰাস্ত কৰাৰ পিছত খাচপুৰলৈ পলাই আহি ৰাজধানী পাতিছিল সেয়াই হৈছে আজিৰ কাছাৰ জিলাৰ সদৰ শিলচৰৰ গাতে লাগি থকা খাচপুৰ তেওঁলোকৰ স্থাপত্যৰ অল্পসংখ্যক চানেকি আজিও বিদ্যমান হৈ আছে এই অঞ্চলত প্ৰকৃততে কাছাৰ ১৮৩২ খৃষ্টাব্দলৈ ডিমাচা ৰাজতন্ত্ৰৰ অধীন আছিল ১৯ শতিকাৰ প্ৰথম ভাগত মণিপুৰৰ পৰা স্থানচ্যুত হোৱা তিনিজন ৰাজপুত্ৰই কাছাড়খন অধিকাৰ কৰি ইয়াক শাসনৰ সুবিধাৰ বাবে তিনিভাগত বিভক্ত কৰে সোনাই নামৰ ঠাইখনৰ পৰাই চৌৰজিত সিংহই কাছাৰ জিলাৰ পূবপ্ৰান্তলৈকে শাসনভাৰ লৈছিল অইন এজন ভাতৃ গম্ভীৰ সিংহই পশ্চিমলৈকে শাসনভাৰ লাভ কৰিছিল গুমৰাহৰ পৰাই তেওঁ শাসনবিধি নিয়ন্ত্ৰণ কৰিছিল জাপিৰবন্দৰ পৰাই তৃতীয়জন ৰাজপুত্ৰ মৰিজিত সিংহই হাইলাকান্দি শাসন কৰিছিল বৃটিশসকলৰ আগমনৰ লগে লগে এই অঞ্চলসমূহ বৃটিছ ৰাজত্বৰ অন্তৰ্ভুক্ত হৈ পৰিছিল থোৰতে এয়ে হৈছে আজিৰ বৰাক উপত্যকাৰ বুৰঞ্জী
 
       খাচপুৰলৈ যোৱাৰ আগনিশা মই আশা কৰি আছিলো শিৱসাগৰ আৰু ইয়াৰ আশেপাশে থকা  আহোম ৰাজত্বৰ নিদৰ্শন স্বৰূপ বিভিন্ন কীৰ্তিচিহ্নবোৰৰ দৰেই ডিমাচাসকলৰো দেখিবলৈ পাম কিয়নো জানিবলৈ পাইছিলো খাচপুৰত প্ৰাসাদ, কাৰেং, ৰাজবাৰী, মন্দিৰসমূহ কছাৰী ৰজা সুৰদৰ্প নাৰায়নৰ দিনতে নিৰ্মাণ কৰা হৈছিল শিলচৰৰ পৰা প্ৰায় ২২ কি:মি: দুৰৈত অৱস্থিত খাচপুৰত ৰাতিপুৱা ১০ মান বজাত উপস্থিত হৈ মোৰ মন সেমেকি গৈছিল তেনেই নগন্যসংখ্যক কীৰ্তিচিহ্ন আৰু ইয়াৰ তদাৰক দেখি আচৰিত হৈছিলো বয়োজ্যেষ্ঠসকলৰ মুখত শুনিছিলো উপযুক্ত ৰক্ষণাবেক্ষণৰ অভাবৰ বাবে কীৰ্তিচিহ্নবোৰ জহি-খহি গৈছে দুজনমানে দুখ কৰি কৈছিল ডিমাচাসকলৰ বৰাক উপত্যকাত জনসংখ্যা তেনেই তাকৰ গতিকে ৰাজনৈতিক আৰু অৰ্থনৈতিক ভাবে দুৰ্বল অইনসকলৰ এইবোৰৰ ৰক্ষণাবেক্ষণৰ প্ৰতি কোনো মনোযোগ নাই ১৯৮৬-৮৭ চনত কীৰ্তিচিহ্নবোৰৰ ৰক্ষণাবেক্ষণৰ বাবে কিছু অনুদান আহিছিল

(বি:দ্ৰ: ইতিহাস সম্পৰ্কীয় তথ্যবোৰত কিছু ভুল-ভ্ৰান্তি ৰৈ যোৱাটো স্বাভাৱিক -দিগন্ত যাদৱ শৰ্মা)

Comments

Popular posts from this blog

টিলৌ সংবাদ (কৌতুক)

ৰক্তৰঞ্জিত :: ৰহস্যৰ অৱসান (ৰহস্য গল্প)