Posts

Showing posts with the label অনুবাদ গল্প

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে ...

চেনেহৰ সঁফুৰা (অনুবাদ গল্প)

*** চেনেহৰ সঁফুৰা *** === === === === * চেনেহৰ সঁফুৰা ( ১ ): -------------------- দুয়োঘৰৰে আপত্তি আছিল। তথাপিও ইজনে সিজনক দিনটোত এবাৰ নেদেখিলে , এষাৰি মাত নুশুনিলে ৰাতি টোপনি নাহিছিল। ছোৱালীজনীয়ে ইয়াকে লৈ পৰিয়ালৰ লোকৰ পৰা যথেষ্ট কৰ্কথনাও শুনিছিল। ল ’ ৰাটো উচ্চ শিক্ষাৰ বাবে দুবছৰৰ বাবে বাহিৰলৈ যাবলৈ ওলাল। যোৱাৰ আগত ঘৰৰ প্রৱল আপত্তি স্বত্তেও প্রেমিকক আঙুঠী পিন্ধাই থৈ গ ’ ল। দুয়োজনে দুয়োজনক প্রতিশ্রুতি দিলে ঘনাই ঘনাই ‘ ফোন ’ ত কথা পাতিব , চিঠিৰ আদান প্রদান চলাই থাকিব। উচ্চ শিক্ষা সমাপ্ত কৰি আহিয়েই বিয়াখন পাতি পেলাব। হঠাতে এদিন দুর্ঘটনা এটাত পতিত হৈ ছোৱালীজনীয়ে বাকশক্তি হেৰুৱাই পেলালে। চিকিৎসকৰ মতে মগজুত আঘাট পোৱাৰ বাবে এনে হ ’ বলৈ পালে। মাকে জীয়েকৰ ভৱিষ্যত ভাবি ভাবি কেৱল চকুপানীকে টুকিলে। ‘ ফোন ’ বাজিলে ছোৱালীজনীয়ে জানে সেয়া তাইৰ প্রেমাষ্পদৰে হ ’ ব। কিন্তু চকুপানী টোকাৰ বাহিৰে জানো কোনো উপাই আছে ! আঁকাৰে ইংগিতে তাই ঘৰৰ আন সকলক তাইৰ দুর্ঘটনাৰ কথা ল ’ ৰাজনক নজনাবলৈ অনুৰোধ কৰিছিল। চিঠি লিখাও বন্ধ কৰি দিছিল। নিয়মিত ভাবে ল ’ ৰাজনৰ চিঠিবোৰ কিন্তু আহিয়েই আছিল। বাকশক্তি হেৰুৱাত ভবিষ্যত...

এক বাকচ চুমা (অনুবাদ)

এক বাকচ চুমা     বৰদিনৰ সময়ৰ কথা । তিনি বছৰীয়া অকণমানি ছোৱালী এজনীক উপহাৰ নুৰিওৱা সোণোৱালী ৰঙৰ কাগজ নষ্ট কৰাৰ অপৰাধত দেউতাকে শাস্তি বিহিলে । বয় - বস্তুৰ মহঙা দিনত কাগজবোৰ অবাবতে নষ্ট কৰাত তেখেতৰ কণমানি জনীৰ ওপৰত খুব খং উঠিছিল । ছোৱালী জনীয়ে ঘৰতে থকা পুৰণি বাকচ এটা সেই কাগজৰে মেৰিয়াইছিল । তাৰ পিছত বাকচটো সজাই পৰাই ‘ খ্রিষ্টমাছ ট্রি ’ এজোপাৰ তলতে থৈ দিছিল । পিছদিনা ৰাতিপুৱা শুই উঠিয়েই ছোৱালীজনীয়ে সোণোৱালী ৰঙৰ কাগজৰে মেৰিয়াই থোৱা বাকচটো হাতত লৈ দেউতাকৰ ওচৰলৈ গৈ ক ’ লে - “ সুপ্রভাত দেউতা , চোৱা মই তোমাৰ বাবে কি আনিছোঁ । এইয়া লোৱা ”- তাই অতি উৎসাহেৰে দেউতাকলৈ বাকচটো আগবঢ়াই দিলে । মিচিকিয়া হাঁহি এটিৰ সৈতে বৰদিনৰ পুৱাই উপহাৰ এটা পাই দেউতাকৰ আগৰ দিনটোৰ ঘটনাটো মনত পৰাত নিজৰ ওচৰতে লজ্জিত হ ’ ল । দেউতাকে তাইক কোলাত লৈ চুমাৰে ওপচাই দিবলৈ মন মেলিলে । তাৰ আগতে বৰ আগ্রহেৰে উপহাৰটোৰ পৰা সোণোৱালী ৰঙৰ কাগজবোৰ খুলিবলৈ ধৰিলে । কিন্তু !!! বাকচটোৰ ভিতৰখন খালি দেখি তেওঁৰ বেছিকৈহে খং উঠিল । ক্ৰোধ আৰু বিৰক্তিত জীয়েকক ক ’ বলৈ ধৰিলে - “ তুমি নাজানা নেকি যেতিয়া তুমি কাৰোবাক...