প্ৰাচীন
কালৰ
পশু
চিকিৎসা
সম্বন্ধে
কিছু
কথা
কবলৈ
লৈছোঁ।
আদিম
কালৰ
পৰাই
জীৱ-জন্তুসমূহ
মানৱ
জাতিৰ
সহবাসী
হৈ
আছে।
আৰু
মানৱ জাতিয়ে ইয়াৰ ভিতৰত কিছুমান জীৱ-জন্তুক
নিজৰ
জীৱন
ধাৰণত
সহায়
হোৱাকৈ
ঘৰচীয়া
কৰি
লৈছিল।
পুৰণি
আখ্যান,
সাধুকথা
আদিত
মানৱ
জাতিৰ
লগত
জীৱ-জন্তুবোৰৰ
সহাৱস্থান
সম্বন্ধে
বিশদভাৱে
বৰ্ণনা
কৰা
আছে।
গতিকে
মানুহৰ
লগত
বিভিন্ন
জীৱ-জন্তুৰ
আত্মীয়তাৰ
যোগসূত্ৰডাল
অতীজৰে
পৰাই
বান্ধ
খাই
আছে।
বিভিন্ন তথ্যাদিৰ পৰা প্ৰাচীন কালৰ পৰাই যে পশু চিকিৎসাৰ ব্যৱস্থা আছিল সেই কথা জানিবলৈ পোৱা যায়। সেইসময়ত যাতায়তৰ সুবিধাৰ বাবে হাতীৰ ব্যাপক প্ৰচলন আছিল। মহাভাৰত তথা কালিকা পুৰাণ অনুসৰি যুদ্ধত ব্যৱহৃত হোৱা ৰথসমূহ হাতীয়েহে টানিছিল। বব্ৰুৱাহনৰ বিশাল সেনাবাহিনীতো কেইবালাখো হাতীৰ লগতে ঘোঁৰাই টনা ৰথ আছিল বুলি কোৱা হয়। আৰু নিশ্চয়কৈ কব পৰা যায় যে তেতিয়াৰ পৰাই হাতী-ঘোঁৰাৰ চিকিৎসাৰ ব্যৱস্থা আছিল। প্ৰধানকৈ লিখিত ৰূপত হাতীৰ চিকিৎসা ব্যৱস্থা সম্বলিত তথ্যাদি পোৱা যায় বিশেষ এখন মানবিশিষ্ট গ্ৰন্থত। এই গ্ৰন্থখন ৰচনা কৰা হৈছিল আহোম ৰজা শিৱ সিংহৰ শাসন কালত। বিজ্ঞানসন্মতভাবে ৰচনা কৰা এই গ্ৰন্থখনৰ নাম হৈছে “হস্তিবিদ্যাৰ্ণৱ”। বিভিন্ন চিত্ৰ সম্বলিত “হস্তিবিদ্যাৰ্ণৱ” নামৰ গ্ৰন্থখনত অসমৰ মধ্যযুগীয় ধ্যান-ধাৰণাকো সুন্দৰকৈ ফুটাই তোলা হৈছে। খৃষ্টীয় ১৭৩৪ চনত সুকুমাৰ বৰকায়স্থই আহোম ৰজা
শিৱ সিংহ তথা তেওঁৰ ৰাণী অম্বিকাৰ অনুৰোধ ক্ৰমে এই মুল্যবান গ্ৰন্থখন ৰচনা কৰি উলিয়াইছিল। অৱশ্যে ইয়াৰ আগত 'হস্তায়ুৰ্বেদ', 'গজেন্দ্ৰ চিন্তামনি' আদি সংস্কৃত ভাষাত ৰচিত কেইবাখনো চিকিৎসা বিষয়ক গ্ৰন্থ আছিল। সংস্কৃত ভাষা সকলোৰে বোধগম্য নোহোৱাত অসমীয়া ভাষাত ৰচিত “হস্তিবিদ্যাৰ্ণৱ” নামৰ বিজ্ঞানসন্মত গ্ৰন্থখনে সাধাৰণ জনগণকো হাতীৰ চিকিৎসা সম্বন্ধে অৱগত কৰাত সহায় হৈছিল। ইয়াত যুদ্ধত আঘাতপ্ৰাপ্ত হোৱা হাতীৰ চিকিৎসাৰ বিষয়ে বিতং বৰ্ণনা আছে। “হস্তিবিদ্যাৰ্ণৱ”ত অসমৰে ভিন ভিন হাবি-জঙ্ঘলত পোৱা ঔষধি উদ্ভিদ আৰু বনদৰৱৰেই হাতীৰ বিভিন্ন ৰোগ আৰু আঘাটৰ চিকিৎসাৰ নিদান দিয়া হৈছে। ভিন ভিন পৰিবেশত হাতীক কি ধৰণৰে চিকিৎসা আগবঢ়াব লাগে গ্ৰন্থখনত বিতংভাৱে উল্লেখ কৰা হৈছে। ইমানেই নহয় গ্ৰন্থখনত ১৪৮ বিধ মখনা আৰু ১৭ বিধ মাখুন্দী হাতীৰ বিষয়েও পঢ়িবলৈ পোৱা যায়। আহোম ৰজাৰ ৰাজত্ব কালত ৰজা আৰু ৰাজ বিষয়া সকলে হাতীৰ লালন-পালনকলৈ বিশেষভাৱে গুৰুত্ব দিছিল।
কাৰণ সকলো স্তৰতে হাতীৰ প্ৰয়োজনীয়তা আছিল। ৰজা-মহাৰজা, ৰাজ-বিষয়া সকলে যাতায়ত, আমোদ-প্ৰমোদৰ বাবে হাতীহে ব্যৱহাৰ কৰিছিল। তাৰোপৰি যুদ্ধক্ষেত্ৰত ৰণুৱা সকলে হাতীত উঠি যুদ্ধ কৰিছিল। ইফালে হাতীয়ে যুদ্ধক্ষেত্ৰলৈ বিভিন্ন অস্ত্ৰ-শস্ত্ৰও কঢ়িয়াব লাগিছিল। সেইবাবেই নিশ্চয় হাতীৰ চিকিৎসাৰ বিষয়ে তেতিয়াৰ ৰজা-মহাৰজাই বিশেষভাবে চিন্তা-চৰ্চা কৰিছিল। আহোম স্বৰ্গদেউসকলে হাতীক অতি মুল্যৱান সম্পদ ৰূপে গণ্য কৰিছিল। যাৰ পৰিণতিত “হস্তিবিদ্যাৰ্ণৱ” নামৰ বিজ্ঞানসন্মত গ্ৰন্থখন প্ৰকাশ পাইছিল।
সমসমায়িক ভাবে শিৱ সিংহৰ শাসন কালত ৰচিত হোৱা “অশ্বনিদান”তো পশু চিকিৎসাৰ বিষয়ে উল্লেখ আছে। আহোম ৰজাসকলে ৰংঘৰ বাকৰিত জীৱ-জন্তু আৰু চৰাইৰ যুঁজ প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছিল। চৰাইৰ চিকিৎসা তথা যুঁজৰ প্ৰশিক্ষণ দিবলৈ পুথিও ৰচনা কৰা হৈছিল। আহোম ৰজাৰ আমোলত ৰচিত হোৱা এইবোৰ পুথিত জীৱ-জন্তুৰ চিকিৎসাৰ উপৰিও যুঁজৰ প্ৰশিক্ষণ সম্বন্ধে বিশদ বিৱৰণ আছে।
মধ্যযুগত লোকসকল অকল উদাৰ মানৱীয় গুণৰে অধিকাৰী নাছিল তেওঁলোক বস্তুবাদীও আছিল। সেইবাবেই তেওঁলোকে অনুভব কৰিব পাৰিছিল হাতী-ঘোঁৰাৰ বাদেও সমাজ জীৱনত গৰুৰ লগতে অন্যান্য পশু-পক্ষীৰো আৱশ্যক আছে। নিজৰ জীৱনটোক সুন্দৰভাৱে আগবঢ়াই নিবলৈ হলে আৰু বাস্তব জীৱনৰ সুচলতাৰ বাবে পশু-পক্ষীকুলকো যে ভালদৰেই পৰিচৰ্য্যা কৰি ৰাখিব লাগিব সেইটো বুজি উঠিছিল। গতিকে তেওঁলোকে আৱশ্যক অনুসৰি পশু-পক্ষীৰ চিকিৎসাৰো ব্যৱস্থা কৰিছিল।
কোঁচ ৰজাৰ ৰাজত্ব কালতো পশু চিকিৎসা জগতখনৰ ভালদৰেই উমান পোৱা যায়। অসম এখন কৃষি প্ৰধান ৰাজ্য। গৃহপালিত জীৱজন্তুৱে অতীজৰে পৰা কৃষকসকলৰ জীৱন-যাপন আৰু অৰ্থনীতিৰ লগত প্ৰত্যক্ষভাবে নহলেও পৰোক্ষভাৱে প্ৰভাৱ পেলাই আহিছে। মহাৰাজ নৰনাৰায়নৰ শাসন কালত কৃষি কৰ্মই বিশেষভাবে বিস্তৃতি লাভ কৰিছিল। কৃষি কৰ্মৰ লগত যে গোপালনৰ ওতঃপ্ৰোত সম্বন্ধ আছে সেই কথা সকলোৱেই জানোঁ। গতিকে কৃষি কৰ্মৰ লগত জড়িতসকলে গো-পালন কৰিছিল। আমাৰ ৰাজ্যখনত যথেষ্ট পৰিমাণে বৰষুণ হয়। জলবায়ু উষ্ণ আৰু সিক্ত। গতিকে প্ৰচুৰ পৰিমাণে সেউজীয়া ঘাঁহ গজে। সেউজীয়া ঘাঁহে হৈছে তৃণভোজী প্ৰাণীৰ প্ৰধান আহাৰ। গতিকে গোপালকসকলে গোধন প্ৰতিপালনৰ অৰ্থে বৰ বিশেষ কষ্ট কৰিব লগা নহৈছিল। সেই সময়ত পশুপালন আৰু পশু চিকিৎসাৰ বাবে বিশেষভাবে ব্যৱস্থাও কৰা হৈছিল।
তেতিয়াই পশু চিকিৎসালয় আৰু গোশালা প্ৰতিষ্ঠা কৰা হৈছিল। নৰনৰায়নে গৰুক ইমানেই প্ৰাধান্য দিছিল তেওঁ গোবধ বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল।
আধুনিক যুগৰ পশু চিকিৎসাৰ বিষয়টোৰ সন্দৰ্ভত বৃটিছ শাসন কালৰ কিছুমান তথ্য পোৱা গৈছে। সেইমতে অধীক্ষক, চিভিল ভেটেৰিনাৰি বিভাগৰ অধীনত ১৯০৫ চনত প্ৰথমখন পশু চিকিৎসালয় স্থাপন কৰা হৈছিল গুৱাহাটীৰ চেনিকুঠিত। কিন্তু তেতিয়া অসমত সুকীয়াকৈ পশুপালন আৰু পশু চিকিৎসা বিভাগ গঠন হোৱা নাছিল। ইয়াৰ লগে লগেই অধীক্ষক, চিভিল ভেটেৰিনাৰি বিভাগৰ অধীনত পশুপালন আৰু পশু চিকিৎসা ক্ষেত্ৰখনক কৃষক আৰু
জীৱ-জন্তুৰ সুবিধাৰ প্ৰতি লক্ষ ৰাখি সমগ্ৰ অসমখনক দুটা অঞ্চললৈ ভাগ কৰা হৈছিল। যোৰহাটত মুখ্য কাৰ্য্যালয় স্থাপন কৰি উজনি অসম অঞ্চল আৰু গুৱাহাটীত মুখ্য কাৰ্য্যলয় স্থাপনৰে নামনি অসম অঞ্চল। আৰু দুয়োটা অঞ্চলৰ দায়িত্বত আছিল একোজনকৈ 'ভেটেৰিনাৰি ইন্সপেক্টৰ'। তেওঁলোকৰ অধীনত ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়ত সহকাৰী পশু চিকিৎসক আৰু 'চুপাৰভাইচৰি ক্ষেত্ৰ সহায়কে' সেৱা আগবঢ়াইছিল। এই ব্যৱস্থাটো ১৯৪০ চনলৈ চলি আছিল। ইয়াৰ পিছতেই আজিৰ পশুপালন আৰু পশু চিকিৎসা বিভাগ গঠন হৈ ১৯৫০ চনত পূৰ্ণাঙ্গ ৰূপ লয়।
আজিৰ বিজ্ঞানৰ অগ্ৰগতি ইমানেই দ্ৰুতগতিত হৈ আছে যে চিকিৎসাবিজ্ঞানৰ ক্ষেত্ৰখনো বিভিন্ন জটিল বেমাৰৰ বাবে সহজসাধ্য হৈ উঠিছে। তাৰ মাজতো কিন্তু অসমত পশু চিকিৎসাৰ ক্ষেত্ৰখন অন্যান্য ৰাজ্যৰ তুলনাত পিছ পৰি আছে। সেয়া লাগে বিভিন্ন প্ৰতিকুলতাৰ বাবেই হওঁক অথবা আন আন কাৰণতেই হওঁক। পশু চিকিৎসাৰ লগত জড়িত ব্যক্তিসকলে বিভিন্ন সময়ত আক্ৰান্ত পশুবোৰৰ প্ৰত্যক্ষ সংস্পৰ্শত সংক্ৰমিত হৈ নানান সমস্যাত ভুগিবলগীয়া হয়। কেতিয়াবা কেতিয়াবা পশু চিকিৎসাৰ লগত জড়িত ব্যক্তিসকলে ভয়ংকৰ পৰিস্থিতিৰো সন্মুখীন হ'বলগীয়া হয়। তথাপিও তাৰ মাজতো কিন্তু বৰ্তমান সময়ত পশু চিকিৎসা বিভাগটোৱে বিজ্ঞানসন্মতভাৱে পশুপালন আৰু পশুচিকিৎসাৰ ব্যৱস্থা কৰি দিছে।
জীৱ-জন্তুবোৰক মানৱ জাতিৰ পৰম উপকাৰী হিচাপে গঢ় দিয়া আৰু কেনেদৰে বেমাৰ-আজাৰত সিহঁতক লালন-পালন কৰা হয় তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰা হৈছে। আজিৰ আধুনিক যুগত পশু চিকিৎসাৰ বিষয়টোৱে যথেষ্ট গুৰুত্ব লাভ কৰিছে।
(টোকাঃ অসমত পশু চিকিৎসা জগতখনৰ প্ৰচলনৰ সময়, পটভূমি সম্বন্ধে কিছু কথা গোটোৱাৰ এয়া এক ক্ষুদ্ৰ প্ৰয়াস। এই চমু লেখাটো যুগুত কৰোঁতে বিভিন্নজনৰ লেখা আৰু অন্যান্য তথ্যাদিৰ পৰা সহায় লোৱা হৈছে - দিগন্ত যাদৱ শৰ্মা diganta yadav sarma)
Comments
Post a Comment