Posts

Showing posts from December, 2022

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

মুদ্রা আৰু দ্রব্যমূল্য :: এতিয়াৰ আৰু তাহানিৰ

  মুদ্রা আৰু দ্রব্য মূল্য :: এতিয়াৰ আৰু তাহানিৰ দিগন্ত যাদৱ শৰ্মা ঘৰুৱা পৰিবেশত অথবা আড্ডাত কেইজনমানৰ সৈতে এনেয়ে কথা পাতি থাকোতে , তাহানিৰ লগত আজিৰ বয় - বস্তুৰ তুলনামুলক মূল্য সম্পৰ্কেও কিছু কথা ওলাই । আমাৰ মাজৰ এজনে তাহানিৰ দুটামান বস্তুৰ মূল্য সম্পৰ্কে কওতে ১৮ - ২০ বছৰীয়া ল ' ৰা দুজনমানেও কান পাতি শুনি থাকিছিল । বিশ্বাস - অবিশ্বাসৰ দোমোজাত সিহতঁৰ চকুকেইটা ডাঙৰ ডাঙৰ হৈ গৈছিল । আমাৰো কিছুমানৰ জানিবলৈ মন যায় আগৰ দিনত বয় - বস্তুৰ মূল্যনো কেনেধৰণৰ আছিল । আমাৰ মাজতো বোধকৰো বহুতৰে পকেটত ৫ পইছা অথবা ১০ পইছাতকৈ তলৰ মুদ্ৰা লৈ দোকানত লুজন , মৰ্টন , চানাচুৰ কিনাৰ অভিজ্ঞতা নাই । এতিয়া কিজানি ১০ পইছা বা তাতোকৈ তলৰ মূদ্ৰাবোৰ চাবলৈকো কোনোবা সংগ্ৰহালয়লৈহে যাব লাগিব ! শৈশবত আমিও ৫ পইছাতে মৰ্টন কিনিছিলো , গোল গোল সৰু - সৰু মৰ্টন ১০ পইছাৰে কেইবাটাও কিনি কেইবাজনেও ভাগ কৰি খাইছিলো । মই অৱশ্যে যোৱা শতিকাৰ অষ্টম দশকৰ কথাহে কৈছো । পইছা পইছা কৰি যে আছো , পইছা শব্দটোৰো ব্যৱহাৰো উঠিয়েই গৈছে নেকি !  ১৯৫৭ চনৰ এপ্ৰিল মাহৰপ্ৰথম দিনটোতে আমাৰ দেশত আজি ব্যৱহাৰ হোৱা দশমিক পদ্ধতিৰ মুদ্ৰা সমূহৰ প্ৰ