Posts

Showing posts from November, 2020

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

শইকীয়াদাৰ সংসাৰ (গল্প)

  “ চাৰ কি হ ' ল , পেট বেয়া নেকি ?” পিছে পিছে চাইকেল চলাই আহি থকা গ্ৰামসেৱক দত্তই চিঞৰিলে। “ অ ' দত্ত , কি খবৰহে। বহুদিন দেখা নাই ” মোৰ লগত আহি থকা শইকীয়াদাই হাঁহি এটা মাৰি সুধিলে। “ চাৰ , সোনকালে ঘৰলৈ যাওঁক। মানুহবোৰে পিছফালৰ পৰা দেখি আছে। যাওঁতে ফাৰ্মাচীৰ পৰা ঔষধো লৈ যাবলৈ নাপাহৰিব। ” “ কি কয় হে দত্ত। মোৰ একো হোৱা নাই নহয়। কি আবোল তাবোল বকি আছে আপুনি। আৰু কি ক ' লে আপুনি , মোক পিছফালৰ পৰা দেখি আছে। কি দেখি আছেনো ?” দত্ত আচৰিত হৈ আকৌ ক ' লে “ কি কয় চাৰ আপুনি ? ইমানেই গম নাপায়নে ? তাৰ মানে আপোনাক ভালকৈয়ে ধৰিছে। ফাগুন মাহটো বৰ বেয়া। এই বিষাণু , জীৱাণু বোৰ বতাহত উৰি ফুৰে। কেতিয়া ধৰে , কেতিয়া দেহৰ পৰা ওলাই যায় ততেই ধৰিব নোৱাৰি। ” শইকীয়াদাৰ এইবাৰ দত্তৰ ওপৰত খং উঠিল- “ কিনো পাগলৰ প্ৰলাপ গাই আছেহে আপুনি! কিনো ওলাই যায়। ” ওচৰে পাজৰে কেইবাজনো মানুহ আছিল। দত্তই চাইকেলখন ঠিয় কৰাই শইকীয়াদাক কাণে কাণে ক ' লে “ চাৰ আপোনাৰ পেন্টেৰে বৈ গৈছে। হালধীয়া-হালধীয়া , বিজলুৱা-বিজলুৱা একেবাৰে স্পষ্ট হৈ দেখা দিছে। সোনকালে ঘৰলৈ যাওঁক। ভালকৈ চাবোনেৰে ধুই মেলি পেন্টটো সলাওকগৈ। ” “ কৃষ্ণ