Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল


বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে

: কিহে তালুকদাৰ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ'

: ' আপুনি! নাইহে অলপ ব্যস্ত হৈ আছোঁ

কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ-দাম কৰিবলৈ ধৰিলে অঞ্জন, মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল

কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো বহুদিন হ', পাহৰিবও পাৰে সেয়ে আকৌ কওঁ- কৃষ্ণদুলাল বৰ ভাল ল'ৰা অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ' অইনক বৰ উপকাৰ কৰে এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি 'গেছ চিলিন্ডাৰ' এটা লৈ 'এল.পি.জি. এজেঞ্চি' এটাৰ সন্মুখত 'ৰিক্সা'ৰ বাবে অপেক্ষা কৰি থকা দেখা গ' একেটা অঞ্চলৰে, অৱশ্যে কথাবতৰাৰ আদান প্ৰদান হোৱা নাছিল সৌ সেইদিনালৈকে পৰোপকাৰি কৃষ্ণদুলালে ভদ্ৰমহিলা গৰাকীৰ ওচৰ চাপি গ'

: আপুনি 'ৰিক্সা' পোৱা নাই নহয়নে? ৰৱ! মই এখন আনি দিওঁ

: হয়! হয়! 'ৰিক্সা' এখন পালে মোৰ বৰ উপকাৰ হয়

কপাল বেয়া আছিল কৃষ্ণদুলালে অশেষ চেষ্টা কৰাৰ ফলতো 'ৰিক্সা' এখন যোগাৰ নহ' গ্ৰীষ্মৰ দিনবোৰত ভৰ দুপৰীয়া 'ৰিক্সা' এখন যোগাৰ কৰাটো মুখৰ কথা নহয় তেওঁলোকৰো ভাগৰ লাগে, গৰম লাগে অৱশেষত কৃষ্ণদুলালে এক কিলোমিটাৰ ভৰিৰে ঠেলি ঠেলি হলেওঁ 'গেছ চিলিন্ডাৰ'টো ভদ্ৰমহিলা গৰাকীৰ বাসস্থানত নিবলৈ গাত পাতি ললে পিছে পিছে পদ সঞ্চালন কৰি কৰি ভদ্ৰমহিলা গৰাকী পৰোপকাৰি হলেও ইমান গৰমত এনেকুৱা গধূৰ দায়িত্ব সাধাৰণতে কৃষ্ণদুলালে গাত পাতি নলয় সহায় কৰি দিবলৈ সেইজনৰ বিশেষ যোগ্যতা থাকিব লাগিব এই ক্ষেত্ৰত ভদ্ৰমহিলাগৰাকীয়ে অতীৱ সুন্দৰী হোৱাৰ যোগ্যতা ৰাখিছিল কৃষ্ণদুলালে ধুনীয়া বস্তুৰ প্ৰতি বিশেষকৈ বিপৰীত লিঙ্গৰ প্ৰতি বিশেষভাবে আকৰ্ষিত হৈছিল যিয়েই নহওঁক সেই যাত্ৰাত প্ৰখৰ ৰদত চাটিফুটি কৰি ঘৰলৈ ঘূৰি আহি যেতিয়া গাৰ ছোলা খুলি মজিয়াত পৰি গৈছিল তেতিয়া শপত খাইছিল যে- মানৱীগৰাকী যিমান ধুনীয়াই নহওঁক কিয় নিজকে কষ্ট দি এনে কাম আৰু কেতিয়াও নকৰে

মহাবিদ্যালয়ত পঢ়া দিনবোৰৰ কথাই সুকীয়া আছিল বহুতো উপায়েৰে ধনচিতাৰ লগত যেতিয়া নিজকে প্ৰণয়পাশত আবদ্ধ কৰিব নোৱাৰিলে মনটো ভাগি গৈছিল তাৰো আগত দুজনীমানৰ ৰূপত ভোল গৈ চেষ্টা দিছিল যদিও সফল হ'ব পৰা নাছিল প্ৰায় সকলোৱে কোনোবা এজনৰ লগত হলেও প্ৰবৃত্ত হৈ থাকে ঘৰৰ পৰা কিছু দূৰৈৰ দুবছৰমানৰ আগতে থিতাপি লোৱা মঞ্জুলাৰ লগত কিবা প্ৰকাৰে চিনাকি হ' ভূ লৈ জানিব পাৰিলে তাইৰ হৃদয়খন তেতিয়ালৈকে কোনো এজনেও নিজৰ কৰি ল'ব পৰা নাই অৰ্থাৎ মঞ্জুলাৰ হৃদয়ৰ প্ৰণয়ৰ কোঠাটো ৰিক্ত হৈ আছে

কিন্তু বহু প্ৰয়াস কৰাৰ ফলতো কৃষ্ণদুলালে সুফল নোপোৱাত বন্ধুবৰ্গৰ পৰামৰ্শমতে শ্মশানত থকা চণ্ডালৰ শৰণাপন্ন হ' চণ্ডালৰ বিধান শুনি কৃষ্ণদুলালে তধামূৰি খালে ই সম্ভৱ হ'ব জানো! অমৱস্যাৰ নিশা দিগম্বৰ হৈ মুখত প্ৰণয়াকাংক্ষীৰ নাম লৈ কলা মেকুৰী এটা একে ঘাপে দুছোৱা কৰিব লাগিব তেহে তেখেত আকৰ্ষিত হ' অকণমানি বিলাতী সুৰাৰ চিচা এটাৰে চন্ডালক সাষ্টাঙ্গে প্ৰণিপাত কৰি কৃষ্ণদুলাল ঘৰলৈ উভতিলে

কেইদিনমান কৃষ্ণদুলালে চবুৰ কৰিলে কিজানি মঞ্জুলাৰ হৃদয়ৰ প্ৰণয়ৰ কোঠাটো কৃষ্ণদুলালৰ নামটোৰে পৰিপূৰ্ণ হৈয়েই! নাই বৃথা চেষ্টা! অৱশেষত মনটোত সাহস গোটাই দুজনমান অন্তৰংগ বন্ধুৰ লগত আলোচনাত বহিলে 'লা মেকুৰী এটা ৰাজেনহতঁৰ ঘৰৰ আশে পাশে ঘূৰি ফুৰে মাতিলেই কাষলৈ আহে নিশা ৰমেনৰ পাণদোকানতে সাময়িক আস্থান হিচাপে লৈ এটা চেষ্টা কৰাৰ আপত্তিনো কি? শীতৰ নিশা, নিশাটোতনো বাহিৰলৈ কোন ওলাব! কাপোৰযোৰ সোলোকাই পাণদোকানৰ বাহিৰৰ মেজখনতে থৈ কামটো কৰিব 'লা মেকুৰীটোক সি দেখিছে অঘৰী মেকুৰীটো ইয়াৰ আশে-পাশে ঘুৰি ফুৰে

সেই অমৱস্যাৰ বিশেষ নিশাটোত ধাৰ থকা দা এখন লৈ ভাত খাই ৰমেনৰ পাণদোকানৰ আগত হাজিৰ হ' পৰ দিবলৈ অন্তৰংগ বন্ধু দুজন লগত আছিলেই! হঠাত কথা এটা মনত পৰি পিছ হুহুকিবলৈ মন গ' মেকুৰী মাৰিলে হেনো সোণৰ মেকুৰী সাজি দিব লাগে লগৰ দুটাক কথাটো কওঁতে এজনে কলে-

: ধেৎ! বুৰ্বক আইতাৰৰ ভূত তোৰ মূৰৰ পৰা যোৱাই নাই! এইবাৰ যদি নোৱাৰ তই জীৱনত প্ৰেমৰ স্বৰ্গীয় মহিমা কি বুজিয়েই নাপাবি!

কপালত যি আছে আৰু- সেই ভাবিয়েই কৃষ্ণদুলালে মনটোত বুজনী দিলে ইফালে ঘোৰ অন্ধকাৰত গছৰ পাত এটা সৰিলেই মেকুৰী বুলি পিন্ধি থকা কাপোৰযোৰ সোলোকাই দিগম্বৰ হৈ দাখনৰ মুঠিত খামুচি ধৰে 'মেও... মেও...' বুলি নকল মাত মাতি মেকুৰীটোক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিলে এনেকৈ কেইবাবাৰো দিগম্বৰ হৈ কৃষ্ণদুলালে ভীষণ ঠাণ্ডা পালে মাজে মাজে হাঁচিও আহিবলৈ ধৰিলে

: মেও... মেও...

ততাতয়াকৈ কাপোৰযোৰ খুলি দাখন হাতত লৈ 'মেও... মেও...'ৰ উৎসলৈ আগবাঢ়ি গ'

: আহ... আহ...

হঠাৎ সন্মুখৰ পৰা 'পুলিশ পেট্ৰোলিং' 'জিপচি' অহা দেখি কৃষ্ণদুলালে কিংকৰ্তব্যবিমোঢ় হৈ পৰিল কত যাওঁ কি কৰো একো তত ধৰিব নোৱাৰি দাখন লৈ হাত উপৰ কৰি ঠাইতে ঠিয় হৈ থাকিল দৃশ্যটো 'হেড লাইট'ৰ পোহৰত এনে আছিল যে সেয়া কোনো পৌৰাণিক অথবা আদিম যুগৰ আধাৰত নিৰ্মাণ কৰা এখন কথাছবিৰ ''ষ্টাৰ' পুলিশৰ লোককেইজনো নিশ্চয় দৃশ্যটো দেখি হঠাৎ ওলাই আহিবলৈ সাহস গোটাব পৰা নাছিল

: পলা... পলা...

বন্ধুৰ চিঞৰ শুনিহে চেতনা আহিল ৰাজেনহতঁৰ জেওৰা পাৰ হৈ ঘৰৰ চমু পথটো ধৰিবলৈ দৌৰিলে ঠিক এনেতে উত্তৰ ফালৰ জেওৰাখন পাৰ হ'বলৈ ধৰিছিলহে তেনেতে 'ছি... ছি...' শব্দ শুনি পিছফালে ঘূৰি চাবলৈ চেষ্টা কৰিলে

: আইঐ মৰিলো! এইটো কিঐ! বচোৱা... বচোৱা...

সেয়া ৰাজেনৰ বৌৱেক চাৰি বছৰীয়া পুতেকক দুৱাৰ খুলি পিৰালিতেই সৰুপানী চোৱাবৰ বাবে চেষ্টা কৰি আছিল ৰাজেনৰ বৌৱেকে সন্মুখতে উলঙ্গ অৱস্থাত হাতত দা লৈ থকা মানুহ এজনক  দেখি ত্ৰাহি মধুসূদন দেখিলে পুতেকক খামুচি ধৰি ভিতৰলৈ গৈ ততাতয়াকৈ দুৱাৰ মাৰি দিলে জেওৰা পাৰ হৈ জেওৰা খৰিত লাগি ক'ত কি হৈছিল মই আৰু সেইবোৰ ইয়াত নিলিখোঁ নকলেও হ'ব সেই যাত্ৰাত সফলটো হ'ব পৰাই নাছিল তদুপৰি ক'লা মেকুৰীৰো পিছ এৰিছিল

কোনে ক'ব এই কৃষ্ণদুলাল আজি পঞ্চাশ বছৰীয়া ডেকা পুতেকে স্নাতক শ্ৰেণীত নামভৰ্তি কৰিবলৈ যোজা চলাইছে তথাপিও সুন্দৰী ভদ্ৰমহিলাৰ প্ৰতি দূৰ্বাৰ আকৰ্ষণ আজিও বিৰাজমান নিজৰ শৰীটোক আকৰ্ষণীয় কৰি ৰাখিবলৈ চেষ্টাৰ ক্ৰুটি নাৰাখে আজিকালি ৰাতিপুৱা তিনি কিলোমিটাৰ আৰু আৱেলি পাঁচ কিলোমিটাৰ খোজ কাঢ়ে আৱেলি খোজ কাঢ়িবলৈ গুৱাহাটিত বৰ অসুবিধা মূল পথৰ কথা কবই নালাহে উপপথৰ অৱস্থাও তথৈবচ ইটোৰ গাত সিটোৰ খুন্দা লাগে গাতত পৰি ভৰি মোচোকা খোৱাৰ সম্ভাবনাটো পদে পদে! সেয়ে আজিকালি মাহেকীয়া বন্দোবস্তিত শিলপুখুৰী উদ্যানৰ খোজ কঢ়া 'ট্ৰেক'ত খোজ কাঢ়িবলৈ লৈছে

‘অফিচ’ৰ পৰা কৃষ্ণদুলালে বাহিৰে বাহিৰে উদ্যানলৈ আহে।  ইয়াকে লৈ ঘৰত অৱশ্যে কিছু অশান্তিৰ সৃষ্টি নোহোৱাকৈ থকা নাই! অফিচৰ পৰা আজিকালি সাত-আঠ বজাৰ আগত আহি নোপোৱা হৈছে তিনি কিলোমিটাৰ আঁতৰত থকা অফিচৰ পৰা আহিবলৈ নিশ্চয় আধাঘন্টাৰ বেছি সময় নালাগে পত্নীয়ে বজাৰ-সমাৰ কৰা অন্যান্য ঘৰৰ যাবতীয় কাম কৰিব লাগে পাকঘৰৰ দৈনিক কামবোৰ আছেই গতিকে অশান্তি নহয় কি হ'!

কিন্তু কথাটো হ'ল এই অশান্তিৰ কাৰণ হৈছে শান্তি! খা খৰচৰ চাবি কাঠি ইমানদিনে কৃষ্ণদুলালৰ হাতত আছিল যদিও এতিয়া পত্নীয়েই হাত কৰি ল'বলৈ বাধ্য হৈছে 'এ টি এম কাৰ্ড, 'বেঙ্ক পাছ বুক' ইত্যাদি কৃষ্ণদুলালৰ পত্নীয়েই নিয়ন্ত্ৰণ কৰে চঞ্চলমতি শান্তি বৰ ধুনীয়া ছোৱালী কথাবোৰো বৰ মৰম লগাকৈ কয় আগতেই কৈছো কৃষ্ণদুলালৰ সুন্দৰতাৰ প্ৰতি অগাধ ৰুচি আছে

কিছু মেদবহুলতাৰ বাবে শান্তিয়ে মাহেকীয়া বন্দোবস্তিত শিলপুখুৰী উদ্যানত আৱেলি আৱেলি খোজ কাঢ়িবলৈ লৈছিল শান্তিয়ে কৃষ্ণদুলালক সততে লক্ষ কৰিছিল কিয়নো আন আন সকলোতকৈ কৃষ্ণদুলাল যেন অলপ বেলেগ তাৰ কাৰণো আছিল সুকীয়া স্বাস্থ্য বিভাগৰ স্বাস্থ্যকৰ্মী এজনে কৃষ্ণদুলালক 'কেল'ৰি বাৰ্ন' কেনেকৈ কৰে বুজাই দিছিল কৃষ্ণদুলালৰ যেনেকৈহে উদৰৰ আয়তন বৃদ্ধি পাইছে, এতিয়াই যদি ব্যৱস্থা নলয় উদৰ পুৰাই খোৱাৰ ঈপ্সা মৰিসণ কৰি লাগিব এনেয়েও বদভ্যাস এটা আছিলেই সন্ধিয়া হলেই অকণমানি 'মাইনা' এটা লৈ ঘৰৰ চুকৰ নাৰিকলজোপাৰ তলত বহেগৈ স্বাস্থ্যকৰ্মীজনে এইটোও কৈছিল যে 'মাইনা' বোলা বস্তুটোতো বোলে বহুত 'কেল'ৰি' থাকে ইয়াকে শুনি কৃষ্ণদুলালৰ উৎকণ্ঠাৰ অন্ত নাই!  বদনমণ্ডলৰ ফালে চালে বয়সৰ কথা বৰ বিশেষ বুজা নাযায়, যেন ৩৫-৪০ বছৰীয়া এজন চফল ডেকাহে! দুই নাওঁত দুই ভৰি সন্ধিয়াৰ 'মাইনা'ৰ আমেজকণো বাদ দিব নোৱাৰে বংশী বিহাৰীৰ দশ টকাৰ 'চানা' সদায় আহোতে 'মাইনা'ৰ লগত লৈয়ে আহে গতিকে 'এক্সট্ৰা কেল'ৰি বাৰ্ন' কৰিবলৈ আজিকালি আৰু দুই কিলোমিটাৰ বেছিকৈ খোজ কাঢ়িবলৈ লৈছে যাতে 'মাইনা' গলাধঃকৰণৰ সুখকণ বাদ দিব লগা নহয়! গতিকে আজিৰ দিনত ইমানকৈ প্ৰাণৱন্ত, উদ্যমী মানুহ এজনক প্ৰায় সকলোৱে নজৰ দিয়েই আৰু বহুতে কথা পাতিবলৈও আগ্ৰহ প্ৰকাশ কৰে

শান্তিয়ো ইয়াৰ ব্যতিক্ৰম নাছিল আজিকালি নগৰখনত ঘৰে ঘৰে কাঠফুলাৰ দৰে গজি উঠা এই ব্যক্তিগত খন্ডত 'ছাত্ৰ আৱাস', 'ছাত্ৰী আৱাস'বোৰৰে এটাত শান্তি আন আন বিভিন্ন শ্ৰেণী, বিভিন্ন কৰ্মক্ষেত্ৰৰ ছোৱালীবোৰৰ সৈতে আছিল শান্তিৰ কৃষ্ণদুলালক কিবা এটা ভাল লাগিছিল প্ৰকৃততে কৃষ্ণদুলালে যিকোনো সাময়িক বিষয়বোৰত ব্যঙ্গ টিপ্পনি দি হাঁহিৰ খলকনি তুলিবৰ সক্ষমতা ৰাখিছিল সেয়ে বোধকৰো শান্তিয়ে এনে এজন প্ৰাণৱন্ত, উদ্যমী, খুহুতীয়া ব্যক্তি এজনৰ সৈতে সাময়িক ভাবে সম্পৰ্ক স্থাপন কৰিছিল অথবা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল ভৰ যৌৱনত কোনো যুৱতীৰ প্ৰণয়াকাংক্ষী অথবা স্নেহ লাভ কৰিবলৈ সক্ষম নোহোৱা কৃষ্ণদুলালে শান্তিৰ আব্দাৰভৰা কথাবোৰ শুনি সঁচাকৈয়ে ৰোমাঞ্চ অনুভৱ কৰিছিল সেয়ে মহা কঞ্জুচ কৃষ্ণদুলালে ঘামি-জামি কচৰৎ কৰাৰ অন্তত দোকানৰ পৰা প্ৰায়ে শীতল পানীয় এবটল শান্তিৰ হাতত প্ৰদান কৰে বুধিয়ক শান্তিয়েও কৃষ্ণদুলালৰ পৰা সা-সুবিধাবোৰ ভোগ কৰিবলৈ লৈছিল

শান্তিয়ে কৃষ্ণদুলালৰ কথাবোৰ তাই থকা ব্যক্তিগত 'ছাত্ৰী আৱাস'ৰ দুজনীমানক ভাগ দিছিল কৃষ্ণদুলালে তাইৰ প্ৰেমত পৰা বুলি তাই সিহঁতৰ আগত ৰগৰ কৰিছিল কথাবোৰ শুনি স্বভাবজাতভাবে সিহঁতৰ দুজনীমানে কৃষ্ণদুলালক লগ পাবলৈ ইচ্ছা প্ৰকাশ কৰিছিল গতিকে এদিন শান্তিয়ে সিহঁত দুজনীক লগত লৈ কৃষ্ণদুলালৰ সৈতে পৰিচয় কৰি দিবলৈ ওলাল

: দুলালদা মই যে কৈছিলো, মোৰ সৈতে থকা দুজনীয়ে আপোনাৰ লগত পৰিচয় হ'বলৈ ইচ্ছা কৰিছে

কৃষ্ণদুলালে জানে দুলালদা বুলি সম্বোধন কৰাৰ দিনাখন জেপৰ পৰা অলপ বেছি ধন ওলাই যায় যিমান খৰচ হয় হ'ব আৰু! তাতে আজি আৰু তিনি সুন্দৰীৰ লগত মেহফিল ভালে জমিব আৰু! 'টিভি'ৰ বিজ্ঞাপন এটাত দেখুওৱাৰ দৰে যিমান পাৰে স্ফীত উদৰটো সৰু কৰি দেখুৱাবৰ চেষ্টা কৰিলে ইতিমধ্যে পুখুৰীটোৰ চাৰিওকাষে মুঠ ত্রিশ পাক ঘূৰা কৃষ্ণদুলালৰ আঠ পাকমান ঘূৰা হৈছিলহে হঠাত শান্তিৰ মাত শুনি ৰৈ দিলে আকৌ শান্তিৰ মাত-

: আজি কিন্তু 'ৰেষ্টুৰেন্ট'ত ভালকৈ খুৱাব লাগিব আমাৰ 'হোস্টেল'ৰ ৰন্ধা খাই খাই আমনি লাগি গৈছে নহয়নে?

এইবুলি লগৰ দুইজনীৰ ফালে ইঙ্গিত কৰিলে কৃষ্ণদুলালৰ ফালে মুখ কৰি হঠাৎ এজনীয়ে কৈ উঠিল-

: ইয়ে মামা! তুমি!

: তই... তই... কৰ পৰা আহিলি?

নকলেও হ'ব কৃষ্ণদুলালৰ কি অৱস্থা হৈছিল! মহানগৰৰ মহাবিদ্যালয় এখনত স্নাতক শ্ৰেণীত পঢ়িবলৈ অহা আপোন বায়েকৰ ছোৱালী ভাগিনজনীযে  শান্তিৰ লগত একেটা 'হোস্টেল'ত যে থাকে কেনেকৈ বাৰু জানিব! বতৰৰ আহিবলগীয়া সুখকণ বতৰত নাহিল। এতিয়া অবতৰত আহিয়ো অকালতে মৰহি যোৱাৰ উপক্ৰম হ' কেনেকৈনো বাৰু এতিয়া শান্তিৰ লগত ৰোমাঞ্চ কৰে!

অতি সম্প্ৰতি কৃষ্ণদুলালৰ উদৰৰ আয়তনো বৃদ্ধি পাইছে কৃষ্ণদুলালৰ পৰা সংগ্ৰহ কৰা শিলপুখুৰীৰ উদ্যান কতৃপক্ষয়ো মাহেকত পোৱা এশটকাতো হেৰুৱাইছে লগতে পুখুৰীটোৰ পাৰৰ দোকানখনৰ স্বত্বাধিকাৰী অঞ্জনেও অলপ লাভৰ পৰা বঞ্চিত হৈছে

(দিগন্ত যাদৱ শৰ্মা diganta yadav sarma)

 

 

Comments

Post a Comment