Posts

Showing posts from October, 2024

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে ...

জীৱ-জন্তু আৰু মানুহ উভয়ৰে স্বাস্থ্যৰ সুৰক্ষাৰ বাবে পশু চিকিৎসাত নিয়োজিত কর্মীঃ

  প্ৰতিটো প্ৰজাতিৰ জীৱ-জন্তুৰ স্বাস্থ্য আৰু কল্যাণৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে পশু চিকি ৎ সাত নিয়োজিত কর্মীসকলে যথেষ্ট পৰিশ্ৰম কৰে। পশু চিকিৎ সকে পৰিৱেশ সুৰক্ষা , গৱেষণা , খাদ্য সুৰক্ষা , আৰু জনস্বাস্থ্যৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে যাৰ ফলত জীৱ-জন্তু আৰু সমাজৰ স্বাস্থ্য সুৰক্ষিত হয়। প্ৰাকৃতিক দুৰ্যোগ বিশেষকৈ বানপানীৰ সময়ত জীৱ-জন্তু আৰু মানুহৰ বাবে যথেষ্ট বিপদৰ সৃষ্টি কৰে আৰু পশু চিকি ৎ সাত নিয়োজিত কর্মীসকলে দুৰ্যোগৰ সময়চোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমাৰ ৰাজ্যখন বহু পৰিমাণে কৃষিৰ ওপৰত নিৰ্ভৰশীল। কৃষিৰ লগত জড়িত জীৱ-জন্তুৰ স্বাস্থ্য উন্নত কৰিলে কৃষকৰ জীৱনৰ মানো উন্নত হয়। পশু চিকিৎ সা বৃত্তি ক নিজৰ ভবিষ্যত কর্মক্ষেত্র হিচাপে বাছনি কৰা ছাত্র-ছাত্রী দিনক দিনে বৃদ্ধি পাবলৈ লৈছে। পশু চিকিৎ সা বিজ্ঞান পাঠ্যক্রমৰ বাবে যোগ্য আবেদনকাৰীৰ সংখ্যাও বৃদ্ধি পাইছে। পশু চিকিৎ সা বিজ্ঞান মহাবিদ্যালয় সমূহত নামভৰ্তি অতি প্ৰতিযোগিতামূলক, প্রৱেশ পৰীক্ষাৰ জৰিয়তেহে   নামভৰ্তি কৰিবলৈ সুবিধা পায়। পশু চিকিৎ সাৰ বিজ্ঞান ৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰি পশু চিকি ৎ সাৰ ডিগ...