Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

ছামান্থা ফক্স আৰু মাণিক-ৰজনীৰ কন্দল :: ছাত্ৰাবাসৰ এডোখৰ (১২)



(টোকাঃ ছাত্ৰাবাসৰ এডোখৰৰ আৰম্ভণিতে ভবাই নাছিলোঁ যে ধাৰাবাহিকভাবে প্ৰতিটো মাহতে একোটাকৈ খণ্ড লিখি আজি এবছৰ সম্পূৰ্ণ কৰিম। আপানোলোকৰ পৰা উসাহ আৰু সঁহাৰি নোপোৱা হলে মোৰ বাবে লিখাটো সম্ভৱপৰ নহলেহেতেঁন। ইয়াৰ বাবে মই নিশ্চয়কৈ অ...ৰ সদস্যবৃন্দৰ ওচৰত কৃতজ্ঞ। এই আপাহতে ছাত্ৰাবাসৰ এডোখৰৰ প্ৰতিটো খণ্ড সাহিত্যত প্ৰকাশৰ বাবে বিবেচিত কৰাত বিগত এঘাৰটা সংখ্যাৰ সাহিত্য ডট অৰ্গৰ (xahitya.org) সম্পাদকসকলকো কৃতজ্ঞতা জনালোঁ। ভিন-ভিন মহাবিদ্যালয় আৰু প্ৰতিষ্ঠানৰ ছাত্ৰাবাসত থাকি অহা আৰু বৰ্তমানো থকা সদস্যসকলে জানো/জানে ছাত্ৰাবাসত পঢ়া-শুনাৰ লগতে বিভিন্ন ঘটনা-প্ৰতিঘটনা চলি থাকে। এইবোৰৰ মাজত থাকে হাঁহি-কান্দোন, আনন্দ-বিষাদ, খেল-ধেমালি, মৰম-স্নেহ, প্ৰেম-ভালপোৱা, কাজিয়া-পেঁচাল, মাৰ-পিট ইত্যাদি-ইত্যাদি
ছাত্ৰাবাসৰ এডোখৰত অৱশ্যে ছাত্ৰাবাসৰ স্মৃতিৰ ভঁড়ালৰ পৰা হাঁহি আৰু নিৰ্মল আনন্দৰ খোৰাক যোগোৱা ঘটনাবোৰহে আপোনালোকৰ সৈতে ভগাই লৈছোঁ। অৱশ্যে পৰিবেশন কৰোঁতে ঘঁহি-পিহি লোৱা হৈছে অথবা মূল কাহিনীৰ পৰা আঁতৰিও যাব লগা হৈছে। পুনৰ সকলোকে ধন্যবাদ জনাইছোঁ। দিগন্ত যাদৱ শৰ্মা)
==========================================================
:
কিনো বাক-বিতণ্ডা কৰি আছ! তহঁত দুটাৰো যে আৰু কাম নাই! ত ছামান্থা ফক্স আৰু কত ফাপৰে খোৱা মাণিক।
: ধেৎ বিপুলদা! তেনেকৈ নকবদেই! মইহে জানিছোঁ।
: দে দে হবদে। কটন কলেজৰ ৰসায়ন বিজ্ঞান বিন্ডিংৰ সন্মুখৰ পৰা আৰু এজনী ছামান্থাক উঠাই লৈ আহিবি। অই ৰজনী তই মাণিকক চিটিবাছত অহা-যোৱা এটকা-এটকাকৈ মুঠ দুটকা আৰু ছামান্থাৰ বাবে পাঁচটকা সৰ্বমুঠ সাত টকা দি দে।
: বিপুলদাই মোক পেংলায়েই কৰি থাকে! সেইজনী ছামান্থাক মই পাম নেকি আৰু? তিনিবছৰ আগতে লৈ আহিছিলোঁ। প্ৰথম বছৰটো কটনৰ ছাত্ৰাবাসতে থাকিল। একো নহল। কিমানৰ যে ছামান্থাজনীৰ ওপৰত চকু পৰিছিল। কিন্তু ঠিকেই থাকিল। ইয়ালৈ আহিও দুবছৰ একো নহল। কিন্তু আজি এনে অৱস্থা এটাৰ সৃষ্টি হল। এই লেতেৰা-পেটেৰা, কোনোদিনে বিছনাৰ কাপোৰ ধুই নোপোৱা ৰজনীয়ে যত কূটৰ ঘাই। মই তাৰ মাক আৰু ভনীয়েকক দোষ নিদিওঁ।
: সেইজনীক নাপালে অন্য এজনীকতো পাবি।
: নাই বিপুলদা। এই ছামান্থা ফক্সৰ লগত মোৰ এটা কাহিনী জড়িত হৈ আছে।
বন্ধৰ দিনৰ আবেলি। বাহিৰত চিপ্-চিপ্ বৰষুণ। মাণিকৰ মুখত কাহিনী শুনাৰ আশাত চাৰি-পাঁচজনমান আহি আগুৰি ধৰিলেহি।
: অই মাণিক, কাহিনীটো আমাক কআকৌ! – তাত থকা আটাইবোৰে অনুৰোধ কৰিলে।
:
ধেৎ! এইবোৰ তিনি-চাৰিবছৰ পুৰণা কথা। নতুনকৈ উচ্চতৰ-মাধ্যমিকত নামভৰ্তি কৰিছোঁ। নামী-দামী মহাবিদ্যালয়। গা-মন ৰাই-যাই কৰে। ধুনীয়া ধুনীয়া ছোৱালীবোৰ। কথাবোৰো শুনি ইমান ভাল লাগে। ক্লাচত বহিয়েই ভাল লাগে। তাতে আকৌ দুই এটা ক্লাচৰ বাবে মাজে মাজে মাৰাথানদিব লগা হয়। অঙ্কশাস্ত্ৰৰ ক্লাচৰ পৰা জীৱবিজ্ঞান বিভাগলৈ। আমি চৰ্টকাটনামাৰি ছোৱালী মহাবিদ্যালয় এখনৰ সন্মুখেৰে লংকাটমাৰিছিলোঁ। কাৰণ সেই একেটাই। ধুনীয়া ধুনীয়া ছোৱালীবোৰ। গা-মন ৰাই-যাই কৰে।
- মাণিক অকনমান সময় ৰল। কথাখিনি কবলৈ পাই তাৰ বোধকৰো আমনি লগা নাছিল। আকৌ কবলৈ ধৰিলে।
: ডিচেম্বৰৰ শেষ ভাগত আমাৰ প্ৰেক্টিকেল গ্ৰুপত আলোচনা হল যে পিকনিকলৈ ওলাব লাগে। যেনে কথা তেনে কাম। লগৰ এজনীয়ে কলে যে তাইৰ বান্ধবী এগৰাকী আছে, কিন্তু কাষৰ ছোৱালী মহাবিদ্যালয়খনৰহে। ছাত্ৰীনিবাসতে থাকে। আমি বোলো ঠিক আছে- লৈ আহিবা। যথাসময়ত পিকনিকতো গলোঁ। পিকনিকৰ পৰা আহি আটাইবোৰে প্ৰশাসনীয় ভবনটোৰ ওচৰতে বাছখনৰ পৰা নামিছিলোঁ। নামিয়েই গাত গৰম কাপোৰ আছিল যদিও মোৰ বৰকৈ ঠাণ্ডা লাগিবলৈ ধৰিছিল। পুলিচ পইন্টটোতে বহি পৰিলোঁ। তাইকাষতে আছিল। তাইমানে ছোৱালী মহাবিদ্যালয়খনৰ ছোৱালীজনী। তাইকান্ধত লৈ থকা শ্বল্খন মোক গাত মেৰিয়াই লবলৈ আগবঢ়াই দিলে। ইয়াত দুটা কথা সংঘটিত হল। প্ৰথমটো হৈছে শ্বল্খনৰ উমে মোক কঁপনিৰ পৰা ৰক্ষা কৰিলে। দ্বিতীয়টোহে কিন্তু সুদূৰপ্ৰসাৰী। তাইৰ মুখখন অনবৰতে মনত পৰি থাকিবলৈ ললে। এনে হল যে কিতাপখন খুলি 4NH3+5O2=4NO+6H2O, NH4NO2=N2O+2H2O ইত্যাদি মুখস্থ কৰিব ললেই তাইৰ মুখখনহে আগত আহি পৰে। ইফালে দেখাও নোপোৱা হলোঁ। খাপ পিটি ৰৈ থাকিও মাহত কেতিয়াবা মাত্ৰ এবাৰহে দেখিবলৈ পাওঁ! ‘ফটোএখন লবলৈ কেমেৰাও লগত নিয়া নাছিল কোনোৱে।
এদিন ৰসায়ন বিজ্ঞানৰ ক্লাচএটা কৰি আহি ফুটপাথত ভৰি থওঁতে শুনিলোঁ নতুন কেলেন্দাৰ, ডায়েৰী আহিছে। লব নেকি?” চকু গফুটপাথত বহি বিভিন্ন ষ্টাৰআদি বিক্ৰি কৰি থকা মানুহজনলৈ। একোৰে দৰকাৰ নাছিল যদিও ষ্টাৰবোৰত এনেয়ে চকু ফুৰালোঁ। হঠাৎ বিশেষ এখন ষ্টাৰত দৃষ্টি নিবদ্ধ হৈ ৰল। ছামান্থা ফক্সৰ চাইড ভিউথকা এখন ষ্টাৰব নোৱাৰোঁ, তাইযেন লাগি গল। কাষৰ পৰা চালে মুখখনত তাইৰ বেছ মিল পাইছিলোঁ। পাঁচ টকা দি লগে লগে কিনি আনিলোঁ।
উচ্চতৰ মাধ্যমিকৰ পিছত ঘৰত আহি থাকিলোঁ কেইদিনমান। ছামান্থা ফক্স টিনৰ বাকচটোৰ ভিতৰতে সোমাই থাকিল। উলিয়ালে মা আৰু বাইদেউৰ নিৰ্ঘাত কাণমলা খাব লাগিব। ছামান্থা ফক্সেতো নাজানে আমাৰ দৰে ঘৰৰ বেৰত শোভা বৰ্ধন কৰিবলৈ হলে কি ধৰণৰ সাঁজ-পোচাক পিন্ধি কেমেৰাৰ আগত ওলাব লাগিব।
তাৰ পিচত ইয়ালৈকে আহিলোঁ। প্ৰথম কোঠাটোত থাকোঁতে সুবিধা নাছিল বাবে বেৰত লগোৱা নাছিলোঁ। কিন্তু এই কোঠাটোলৈ আহি বেৰত ভালকৈ লগাই দিলোঁ। কিন্তু ৰজনীয়ে তাৰ মাক আৰু ভনীয়েকক মোৰ তালৈ পঠাই ছামান্থা ফক্সৰ এই গতি কৰিলে। মইনো বাৰু জানোনে কেতিয়াবা কাৰোবাৰ মাক আৰু ভনীয়েক মোৰ কোঠাত সোমাব !
:
অই ৰজনী! তইনো বাৰু তোৰ ৰূমথাকোঁতে মা আৰু ভনীয়েৰক মাণিকৰ ৰূমলৈ কিয় পঠিয়াইছিলি? – অলপ দেৰিকৈ আহি ভাগ লোৱা এজনে সুধিলে।
:
মোৰ ৰূমটো লেতেৰা হৈ আছিল। বিছনাৰ কাপোৰ, গাৰুৰ গিলিপ, মজিয়া গোটেইবোৰ লেতেৰা। ইফালে ৰূমমেটনাই। মা যিহে! দেখিলে হল আৰু! মোক কুকুৰে কাঁইট নোখোৱাকৈ গালি পাৰিব। ভেবেলা, ফক্কৰ, ফেদেলা, লেতেৰা-পেতেৰা কিমান যে কি বিশেষণ লগালেহেঁতেন! কি কৰোঁ, কি কৰোঁ ভাবি বুদ্ধি এটা পাঙি আগতেই তলাটো মাৰি থৈ মাক কলোঁ ৰূমমেটেভুলতে চাবিটো লৈ গল। সন্মুখতে মাণিকক দেখি মাহঁতক কলোঁ তহঁতে ইয়াৰ তাতেই বহিব পাৰিবি।
: মোৰো উপাই নাই! হঠাতে ৰজনীয়ে মাক আৰু ভনীয়েকক মোৰ তালৈ পঠিয়াই দিয়া দেখি মোৰ ছামান্থা ফক্স আৰু মোৰ মা-বাইদেউলৈ মনত পৰিল। তাৰেই হল বা মোৰ, একেইতো মাক। গতিকে মাক-ভনীয়েক সোমোৱাৰ ঠিক আগতে লৰালৰিকৈ ষ্টাৰখন ফালি পেলালো। ষ্টাৰখন ভালকৈ উঠাবলৈ চেষ্টা নকৰা নহয়। কিন্তু আঠা লাগি ধৰিছিল, খৰখেদাত ফালি থাকিল। ছামান্থা ফক্সে কাপোৰসাজ ভালকৈ ঢাকি-ঢুকি পিন্ধিলেও এটা কথা! নহয় জানো!
(দিগন্ত যাদৱ শৰ্মা diganta yadav sarma)

Comments

Popular posts from this blog

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)

টিলৌ সংবাদ (কৌতুক)

ৰক্তৰঞ্জিত :: ৰহস্যৰ অৱসান (ৰহস্য গল্প)