ডঃ গগৈ পৰিবাৰৰ সৈতে মণিক লৈ ব্যতিব্যস্ত হৈ আছিল। হঠাত পদুলিমুখত হোৱা হাই-উৰুমি শুনি খিৰিকিৰ পৰ্দা আঁতৰাই দেখে তেওঁৰ ঘৰৰ জপনাখন খুলি এজাক মানুহ সোমাই আহিছে। মানুহজাকৰ মাজত তেওঁৰ চুবুৰীৰে কেইবাজনো, স্থানীয় সংঘৰ কৰ্মকৰ্তা, ২৪X৭ দৈনিক আৰু আমাৰ খবৰ 'টিভি চেনেল'ৰ কেমেৰাৰ সৈতে সংবাদদাতা। গগৈয়ে দুৱাৰখন ভালকৈ খুলিবলৈ নাপাওঁতেই টিভি চেনেল দুটাৰ সংবাদাতাই মণিৰ ফালে কেমেৰা টোৱালেই। লগে লগে সংবাদাতাই ধাৰাবিবৰণী দিবলৈ ধৰিলে।
: “এয়া আপোনালোকে দেখিবলৈ পাইছে কিদৰে এজনী বনকৰা ছোৱালীক ডঃ
মিহিৰ গগৈৰ দৰে মহাবিদ্যালয়ৰ অধ্যাপক এজনে পত্নীৰ সৈতে মিলি অত্যাচাৰ কৰিছে? এয়া ২৪X৭ দৈনিকৰ 'এক্সক্লুচিভ'। আমি আজি হাতেলোটে ধৰি উদঙাই দিলো। আপোনালোকে চাওঁক ছোৱালীজনীয়ে কিদৰে চকুপানী টুকি আছে। তাইৰ চকু কেনেকৈ উখহি গৈছে! বাৰু ভন্টী তোমাৰ নামটো কোৱাছোন। তোমাক বাৰু সদায়ে এনেদৰে অত্যাচাৰ কৰে নেকি?”
ঘটনাৰ আকস্মিকতাত মণিয়ে ভয় খাই হুৰাউৰায়ে কান্দিবলৈ ধৰিলে। ইতিমধ্যে ডঃ গগৈ পৰিবাৰৰ সৈতে লগত অহা স্থানীয় মানুহখিনিৰ ঠেলা হেঁচাত ঘৰৰ কোনোবা এচুক পাইছিলগৈ। আপ্ৰাণ চেষ্টা কৰিও মণিৰ ওচৰ চাপিব পৰা নাছিল।
: “চাৰ, চাৰ...” মণিয়ে মাত্ৰ এইখিনিয়ে কব পাৰিলে।
: “এই ছবি কেৱল 'আমাৰ খবৰ 24x7'ত দেখিছে। আমিয়েই একমাত্ৰ 'টিভি চেনেল' যিয়ে এই 'লাইভ ভিডিও' দেখুৱাবলৈ সক্ষম হৈছো। ইয়াৰ বাবে এই অঞ্চলৰ লোকসকল ধন্যবাদৰ পাত্ৰ। স্থানীয় সংঘ 'আমি ৰক্ষা কৰিম'ৰ সচেতনতাৰ বাবেই আজি ডঃ
গগৈৰ দৰে লোকৰ মুখা খুলি দিবলৈ আমি সক্ষম হ'লো। বাৰু আপুনি কওঁকচোন বনকৰা ছোৱালীজনীৰ ওপৰত কিমান দিনৰ পৰা অত্যাচাৰ হৈ
আছে। আপোনালোকে পুলিচত জনাইছিলেনে?”
: “নমস্কাৰ, মোৰ নাম জ্যোতিৰ্ময় শৰ্মা। মই 'আমি ৰক্ষা কৰিম' সংঘৰ সাধাৰন সম্পাদক। আমি এমাহমানৰ পৰা এই কথাত সন্দেহ কৰি আছিলো। আমি দেখিছিলো ছোৱালীজনীক কেতিয়াও ক'তো বাহিৰ হ'বলৈ দিয়া নাই। মাজে মাজে কান্দোনৰ শব্দ পাওঁ। হয় এইবিষয়ত আমি যথেষ্ট অনুসন্ধান কৰিহে আপোনালোকক মাতি আনিছোঁ। আমাৰ সভাপতি আৰু কেইজনমান সদস্যই ইতিমধ্যে পুলিছক জনাইছে। ডঃ গগৈক গ্ৰেপ্তাৰ কৰিবলৈ তেওঁলোক নিশ্চয় আহি পাবহিয়েই।”
: “হয়, এয়া আপোনালোকে শুনিলেই সাধাৰন সম্পাদকৰ ভাষ্য। ভন্টী কোৱাছোন তোমাক চকুত কিহৰে মাৰিছে। কোনে মাৰিছে? ডঃ গগৈ নে
তেওঁৰ পৰিবাৰে?”
: “বাইদেউ... বাইদেউ...” অসহায় মণিয়ে কোনো উত্তৰে দিব নোৱাৰিলে।
: “আপোনালোকে নিশ্চয় শুনিবলৈ পাইছে বনকৰা ছোৱালীজনীয়ে কিমান ভয় খাইছে। হয়তো তাই ভাবিছে ডঃ গগৈৰ দৰে লোকসকলৰ কোনো শাস্তি নহ'ব আৰু আমি যোৱাৰ পিছত তাই অধিক শাস্তিৰ সন্মুখিন হ'ব! ভন্টী তুমি অলপো ভয় নাখাবা। তুমি আমাক নিৰ্ভয়ে সকলো খুলি ক'ব পাৰা।”
ডঃ মিহিৰ গগৈ ইয়াত আজি এমাহমানৰ পৰাহে থাকিবলৈ লৈছে। মহাবিদ্যালয় এখনত অধ্যাপনা কৰে। পত্নী, এজনী ছোৱালীক লৈ
এখন সুখৰ সংসাৰ আছিল। মহাবিদ্যালয়ৰ আবাসতে তেওঁলোক আছিল। তেওঁলোক দুয়োজনেই বৰ মৰমিয়াল। কোনো অহংকাৰ নাই। তেওঁলোকৰ ছোবালী পলাশী মণিৰ সমবয়সীয়া। মণি তেওঁৰেই চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জনৰ ১২ বছৰীয়া জীয়াৰী। দুয়ো একেলগে খেলিছিল। বেছিভাগ গগৈৰ আবাসতে আছিল। এবছৰ আগতে অভাবনীয় দুৰ্ঘটনা এটাত পলাশীক হেৰুৱাই তেওঁলোকে দিকবিদিগ হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈছিল। মণিকে আকোঁৱালি পাহৰিবৰ যত্ন কৰিছিল। মণিক পলাশীৰ আসন দিছিল। মহাবিদ্যালয় আবাসত স্মৃতিয়ে বাৰে বাৰে আমনি কৰে দেখি তেওঁলোকৰ নিজৰ ঘৰলৈ আহিছিল। মণিয়ে নেৰানেপেৰাকৈ লাগি থকাত তাইকো লৈ আহিছিল। সৰু-সুৰা ইটু-সিটু কামত সহায়ো কৰি দিছিল।
পূজাৰ বতৰৰ স্থানীয় সঙ্ঘটোৱে অভাবনীয় হাৰত চান্দা বিছৰাত গগৈ দিবলৈ অমান্তি হৈছিল। মন ভালে নথকাত প্ৰতিবেশীৰ লগতো মিলামিছা কৰাৰ পৰা বিৰত আছিল। ইয়াকে লৈ গগৈৰ ওপৰত আনসকলৰ এটা আখেজ আছিল। মাজে মাজে অণুৱে পলাশীৰ কথা মনলৈ আনি চিঞৰি কান্দি উঠিছিল। সিদিনাখন হঠাত চকুটোত পোক এটাই কামুৰি দিয়াত বিষত তাই চিঞৰি উঠিছিল। চকুটো উখহি উঠিছিল। গগৈ আৰু পৰিবাৰে ব্যতিব্যস্ত হৈ
তাইৰ শুশ্ৰূষা কৰাত ব্যস্ত হৈ পৰিছিল। অত্যুতসাহি স্থানীয় দুই এজনে মণিৰ চিঞৰ শুনি বিছৰা ধৰণে চান্দা নিদিয়াৰ পোতক তুলিবলৈ 'টিভি চেনেল' আৰু পুলিচক খবৰ দিছিল বনকৰা ছোৱালীৰ ওপৰত নিৰ্যাতন চলোৱা বুলি।
(দিগন্ত যাদৱ শৰ্মা)
Comments
Post a Comment