Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা- দ্বিতীয় খণ্ড (প্ৰবন্ধ)



বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)

(দ্বিতীয় খণ্ড)
১৯৪৭ চনত চিলেটত হোৱা গণভোটে চিলেট জিলাখন দুভাগ হৈ পৰে ইয়াৰে পূব অংশ কৰিমগঞ্জ ভাৰতৰ লগতে ৰৈ গৈছিল আৰু বাকী অংশ বাংলাদেশৰ লগত চামিল হৈছিল ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসহযোগৰ সময়ত এই উপত্যকাৰ কেইবাজনো লোক চামিল হৈছিল কামিনী কুমাৰ চন্দ, অৰুন কুমাৰ চন্দ, আব্দুল মটলিব মজুমদাৰ তেনে কেইজনমান গৰীয়সী ব্যক্তি আছিল আব্দুল মটলিব মজুমদাৰে ফকৰুদ্দিন আলি আহমেদৰ লগলাগি সুকীয়াকৈ পাকিস্থান গঠনৰ বিৰোধিতা কৰিছিল

গুৱাহাটীৰ পৰা শিলচৰলৈ দূৰত্ব ৩৪৩ কি:মি: জনসংখ্যা  আৰু পৌৰ প্ৰশাসনিক এলেকা ফালৰ পৰা অসমৰ গুৱাহাটীৰ পিছতেই দ্বিতীয় বৃহত্তম চহৰ ইয়াৰ মুঠ মাটিকালি হৈছে ১৫.৭৫ বৰ্গ কি:মি: শিলচৰৰ পিছতেই দ্বিতীয়খন প্ৰধান চহৰ হৈছে কৰিমগঞ্জ বৃটিছসকলে ১৫৭ খন চাহবাগিছা এই উপত্যকাত স্থাপন কৰি থৈ গৈছিল বৃটিছসকলৰ শাসনকালত বৰাক নদীৰ পাৰত বিভিন্ন ব্যবসায়িক কাৰ্য্যকলাপ চলিছিল এঠাইত নদীৰ পাৰসমূহ সৰু-বৰ শিলেৰে আবৃত্ত হৈ থকা বাবে জাহাজ, নাওঁ আদি বান্ধিবলৈ সুবিধা হৈছিল আৰু এইদৰে শিলৰ ওপৰতে হাট-বজাৰ আৰম্ভ হৈছিল সেইবাবে মানুহবোৰে কবলৈ লৈছিল 'শিলেৰ চৰ' কালক্ৰমত এইনামেই গৈ শিলচৰৰ ৰূপ পাইছিল আৰু বৃটিছসকলেও তেওঁলোকৰ চৰকাৰী নথিপত্ৰসমূহতো শিলচৰ নামটোৱেই ব্যৱহাৰ কৰিবলৈ ল'লে  শিলচৰৰ বিশেষ এটা কৃতিত্ব হৈছে ১৮৫০ খৃষ্টাব্দত আধুনিক শৈলীৰ প্ৰথমপল' ক্লাবটো শিলচৰতে স্থাপন কৰিছিল মণিপুৰৰ পল' খেল বৃটিছসকলেই ভাৰত-বাৰ্মা সীমান্তৰ পৰা পুনৰউদ্ধাৰ কৰি প্ৰথম প্ৰতিযোগিতাখন শিলচৰতেই অনুষ্ঠিত কৰিছিল

শেষত আৰু অলপ ব্যক্তিগত ১৫-১৬ বছৰ আগেয়ে যেতিয়া শিলচৰলৈ গৈছিলো আজিৰ দৰে তাত ইমান অসমীয়া লোকক পোৱা নাছিলোঁ শিলচৰৰ ইটখোলা, মালুগ্ৰাম, মিনতি বুক ষ্টল, অসম সাহিত্য সভাৰ শিলচৰ শাখা... এইবোৰ আমাৰ আড্ডাৰ স্থল আছিল মাজে মাজে শিলচৰ চহৰৰ মাজমজিয়াত অৱস্থিত বৰনামঘৰতো মুৰ দোৱাই আহিছিলোঁ মিনতি বুক ষ্টল আমাৰ বাবে সন্ধিয়াৰ বিশেষ আড্ডাস্থলি আছিল কিয়নো আমি তাত প্ৰয়োজন হোৱা প্ৰায়বোৰ অসমীয়া বাতৰি কাকত, আলোচনী পাইছিলোঁ বহু বছৰ থকাৰ সুবাদতে কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দিৰ বিভিন্ন ঠাই ঘূৰাৰ সুবিধা পাইছিলো ব্যক্তিগত ভাবে শিলচৰ খনে সুচল পাইছিলোঁ গাওঁ অঞ্চলত প্ৰায়খিনিয়ে অসমীয়া ক’ব নোৱাৰে, কিন্তু শুনিলে অলপ অচৰপ অনুমান কৰি ল'ব পাৰে এই কথাখিনিৰ পটভূমি কিন্তু ১৯৯৫-২০০০ মানৰ হ' আজি বহুত সলনি হৈছে ইমানখিনি কোৱাৰ পিছতো এটা কথা কবই লাগিব যে হয়তো তথৈবচ যোগাযোগ ব্যৱস্থা, ভিন্ন ভাষা, ভিন্ন সংস্কৃতিৰ বাবে কিছু লোক সংকীৰ্ণ ভাবাপন্ন হৈয়ে আছে এইবোৰতো সকলো সমাজতে থাকে কৰবাত কম, কৰবাত বেছি যদিও বৰাক উপত্যকাৰ দেশৰ আন আন অংশৰ লগত আকাশীপথ, স্থলপথ, ৰেলপথেৰে যোগাযোগ ব্যৱস্থা আছে তথাপিও আজিৰ দিনটোত আটাইতকৈ পুতৌ লগা দিশটোৱেই হৈছে ইয়াৰ যোগাযোগ ব্যৱস্থা ব্ৰডগ'জ ৰেলৱে সম্প্ৰসাৰিত নোহোৱালৈকে এই অচলাৱস্থা চলি থাকিব ভাবিবলৈ মন যায় বৰাক উপত্যকাৰ বেছিভাগ ৰাজনীতিবিদে সৰহ সময়ে গুৱাহাটী অথবা বৰাক উপত্যকাৰ বাহিৰতে কটাই যাৰ বাবে এই উপত্যকাৰ সমস্যাবোৰৰ সমাধান হোৱাত গুৰুত্ব পোৱা নাই মনত ভাব হয়, তেওঁলোক বহুতৰে আন্তৰিকতাও নাই

কেবাবছৰো বৰাক উপত্যকাত, মূলত শিলচৰ আৰু ধৰ্মিখাল-পালংঘাটত কটোৱা দিনবোৰৰ পৰা এটা কথা মনলৈ আহে যে প্ৰকৃততে যতেই সৎ লোকৰ সংগ পোৱা যায় আৰু তেওঁলোকৰ লগত কটোৱা সেইঠাইবোৰৰ মধুৰ স্মৃতিয়ে মাজে মাজে আমাক সেইঠাইবোৰলৈ টানি লৈ যায় মনৰ নিভৃত কোণত এনে ঠাইবোৰে বিশেষ স্থান অধিকাৰ কৰে আমি নিজে এটা কাৰ্য্যকালৰ ম্যাদ পাৰ কৰি অহাৰ পিছতো সেইদিনবোৰ, সেই লোকসকলক পাহৰি যোৱা নাই সেই লোকসকল আৰু সেইঠাইবোৰ বৰাক উপত্যকাত হোৱা বাবেই উপত্যকাটোৰ সম্বন্ধে কিছু তথ্য গোটাবলৈ চেষ্টা কৰিছিলো অলপ সজাই-পৰাই আগ্ৰহী পাঠকলৈ আগবঢ়ালোঁ


 (বি:দ্ৰ: ইতিহাস সম্পৰ্কীয় তথ্যবোৰত কিছু ভুল-ভ্ৰান্তি ৰৈ যোৱাটো স্বাভাৱিক -দিগন্ত যাদৱ শৰ্মা)

Comments

Popular posts from this blog

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)

টিলৌ সংবাদ (কৌতুক)

ৰক্তৰঞ্জিত :: ৰহস্যৰ অৱসান (ৰহস্য গল্প)