Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

ভাত-ঘুমটি আৰু ‘ৰোল নং ৩৫’ :: ছাত্ৰাবাসৰ এডোখৰ (৬)


ভাত-ঘুমটি আৰু ৰোল নং ৩৫’ :: ছাত্ৰাবাসৰ এডোখৰ (৬)

সময় দিনৰ এক বাজি ত্ৰিশ মিনিট। মহাবিদ্যালয়ৰ শ্ৰেণীকোঠা।
: Attention Please Students, Roll No.1
: Present Sir
: Roll No. 2……. Roll No. 3……. ……..
বংশগতিতত্ত্ব বিজ্ঞানৰ ডঃ মজুমদাৰ চাৰে হাজিৰা বহীত ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিৰ খতিয়ান লৈ আছে।
: …………
: Roll No. 18
: Yes Sir
চাৰ ক্ষন্তেক সময় ৰল। মূৰটো ডাঙি সন্মুখলৈ চালে। সন্মুখত বহা আন ছাত্ৰ-ছাত্ৰীবোৰেও ডিঙি ঘূৰাই পিছলৈ চালে।
: What’s your name?
: Sirrrrr… Biplab Kr. Das.
চাৰে ৰোল নং ১৮লৈ কিছু সময় চাই থাকি আকৌ উপস্থিতিৰ খতিয়ান লবলৈ আৰম্ভ কৰিলে। যেন কিবা এটা সুধিব লৈছিল, কিন্তু নুসুধিলে।
: ………….
: Roll No. 35
সঁহাৰি নোপোৱাত চাৰ অকণমান সময় ৰৈ সন্মুখলৈ চালে। তাৰ মানে মনোজ বৰা অনুপস্থিত। মনোজ বৰাৰ ৰোল নং ৩৫বাকী ছাত্ৰ-ছাত্ৰীবোৰে ৰোল নং ১৮ উপস্থিতি দিয়াজনৰ ফালে চাই ফিচিঙা-ফিচিঙি লগালে।
: Roll No. 36…….. Roll No. 37………

১.৩০ বজাৰ ক্লাছটোত বৰ টোপনি টোপনি ভাব হয়। ১২ বজাত ক্লাছশেষ কৰি গা-পা ধুই ভাত খাই ছাত্ৰাবাসৰ পৰা আকৌ আহিবৰ হয়েই। দৌৰাদৌৰি লাগি যায়। শ্ৰেণীকোঠাৰ ভিতৰত চকু দুটা জোৰকৈ মেলি ৰাখিবলগীয়া অৱস্থাৰহে সৃষ্টি হৈছিল। কেতিয়াবা টম এন্ড জেৰিৰ দৰে চকুত জুইশলা কাঠী লগাই লোৱাৰ কথা পাতি ধেমালিও কৰিছিলোঁ। এনেকুৱা হলে চাৰে কি কয় মূৰত নোসোমাই। ওলোটাই সুধিলেহে বৰ বিপদত পৰিছিলোঁ। এটাই ৰক্ষা যে ১.৩০ বজাত ক্লাছসপ্তাহটোত দুটাহে থাকে। বাকী বাৰকেইটাত আবেলিৰ ক্লাছকেইটা ২.১৫ৰ পৰাহে আৰম্ভ হয়। সেয়ে কিছুমানে ১.৩০ বজাত শ্ৰেণীত অনুপস্থিত থাকে। ভাত খাই অলপ জিৰণি লয়। আজি অৱশ্যে ডঃ মজুমদাৰ চাৰৰ ক্লাছনাছিল। তেওঁ বেছিভাগ গৱেষণাৰ কামতেই ব্যস্ত থাকে। মহন্ত চাৰৰহে ক্লাছআছিল। কিন্তু মহন্ত চাৰ চেমিনাৰএখনলৈ যাবলগীয়া হোৱাত মজুমদাৰ চাৰ আহিছিল। গোটেই পিৰিঅটোত ৰোল নং ১৮ উপস্থিতি দিয়াজনে ইচাটি-বিচাটি কৰি থাকিল। ইয়াৰ পিছত সি ভেষজবিজ্ঞানৰক্লাছটো কৰি চিধা ছাত্ৰাবাস পালেগৈ।

ধুৰুম
দৰ্জাখনত ভৰিৰে এক গোৰ দিওঁতে মহা আৰামেৰে ফস্তি মাৰি শুই থকা বিপ্লব ধৰফৰাই উঠি বহিল।
:“
চাল্লা গাহৰি, তই ইয়াত মহা আৰামেৰে ফস্তি মাৰি শুই থাকিবি। আৰু মই তোৰপ্ৰক্সিদি কোনোমতেহে ধৰা নপৰাকৈ থাকিলোঁ। ইফালে মোৰ উপস্থিতিটোও এনেয়ে ল। তোৰ প্ৰক্সিদিওঁতে চাৰে যেনেকৈহে মোৰ ফালে চাই মোৰ নাম সুধিলে।” – কথাখিনি মনোজ বৰাই খং আৰু দুখত কৈছিল।
:“
ধেৎ তই এটা বুৰ্বক। কেনেকৈনো ধৰা পৰ’? মই দেখোন কিমান প্ৰক্সিমাৰিলোঁ, এবাৰো ধৰা পৰা নাই। পিছে তই কাৰ নাম ললি? মোৰ নে তোৰ? হা: হা: হা:” – কথাখিনি কওঁতে বিপ্লবৰ হাহিঁ উঠি গল।
:“
কাৰ নাম লবি আৰু। ৰোল নং ১৮যিহেতু তোৰেই, গতিকে তোৰ নামটোৱে মোৰ নাম বুলি কলো।
:“
ব দে, তই চিন্তা নকৰিবি। পিছত তোৰ প্ৰক্সিমাৰি ধাৰ মাৰি দিম। তোৰৰোল নং৩৫ আছিল, নহয়নে? পিছে মহন্ত চাৰে আজি কোনটো পাঠ বুজালে? ‘নোটখিনি ভালকৈ লিখি আনিছনহয়নে?” – বিপ্লবৰ অলপমান বেয়া লাগিল নেকি! সি তেনেকৈয়ে সুধিলে।
:“
নাই মহন্ত চাৰ নাহিল। মজুমদাৰ চাৰ মানে ডঃ প্ৰবীণ মজুমদাৰ চাৰেহে ক্লাচটো ললে। চাৰে কিন্তু বৰ ভালকৈ বুজাব পাৰে!
:“
কি???” _বিপ্লবে জোৰে চিঞৰ এটা মাৰি উঠিল।
:“
তোৰ আকৌ কি হ?”
:“
মজুমদাৰ চাৰ মোৰ মামাৰ বাল্যকালৰ বন্ধু। ১৫ দিনমান আগতে মামাই মোক চিনাকি কৰি দিছিল। তেওঁৰ ঘৰলৈ মোক যাবলৈও কৈছিল।” – বিপ্লবৰ মুখৰ ভাঁজবোৰে অন্যধৰণৰ আকৃতি ললে।
:“
হা……!!!” -মনোজ বৰাই হেবাঙৰ দৰে ভেবা লাগি বিপ্লবৰ মুখলৈ চাই থাকিল।
(দিগন্ত যাদৱ শৰ্মা)

Comments

Popular posts from this blog

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)

টিলৌ সংবাদ (কৌতুক)

ৰক্তৰঞ্জিত :: ৰহস্যৰ অৱসান (ৰহস্য গল্প)