Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

ধুবুনীৰ প্ৰেমৰ ৰহস্য :: ছাত্ৰাবাসৰ এডোখৰ (৫)



ধুবুনীৰ প্ৰেমৰ ৰহস্য :: ছাত্ৰাবাসৰ এডোখৰ (৫)

প্ৰথম বছৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ দুই-এজনৰ সন্দেহ হোৱাৰেই কথা। সিহঁতেতো আৰু পৰজীৱী বিজ্ঞানৰ বিষয়ে তেতিয়ালৈকে পঢ়াই নাই। মহাবিদ্যালয়ত মাজে মাজে কৰিবলৈ দিয়া ‘এচাইনমেন্ট‘ অথবা প্ৰকল্পসমূহৰ কথা জানিবলৈ বা কৰিবলৈ সিহঁতৰ এতিয়াও সময় হোৱা নাই। এইবোৰৰ পৰা আকৌ চুড়ান্ত পৰীক্ষাত নম্বৰো যোগ হয়। গতিকে আমিও এই সৰু সৰু প্ৰকল্পবোৰ আটোমটোকাৰীকৈ বা নিয়াৰিকৈ কৰিবলৈ চেষ্টা কৰিছিলোঁ।
প্ৰথম ষান্মাসিকৰ ছাত্ৰ ৰুবুল অনবৰতে চাফ-চিকুণ পৰিপাটি হৈ থাকি ভাল পায়। ইস্ত্ৰি নিদিয়াকৈ পেন্ট-চাৰ্ট নিপিন্ধেই। অৱশ্যে ইস্ত্ৰি কৰোৱাৰ সুবিধাও আছিল ওচৰত। সদায় আবেলিৰ চাহ খাবলৈ যোৱাৰ পথৰ দাঁতিত ধোবা এজনে পৰিয়ালৰ লগত থাকি কাপোৰ ধোৱা আৰু ইস্ত্ৰি কৰাৰ ব্যবসায় কৰিছিল। গতিকে ইস্ত্ৰি কৰি কাপোৰ পিন্ধাৰ অভ্যাস থকা সকলে তাতেই কাপোৰ ইস্ত্ৰি কৰিছিল। এদিন ৰুবুলেই অগ্ৰজ ছাত্ৰ দুজনমানৰ লগত ধুবুনীৰ সম্পৰ্কৰ বিষয়ে সন্দেহ কৰিছিল। সি আচৰিতেই হৈছিল। চাৰিটাকৈ সন্তানৰ মাতৃ ধুবুনী গৰাকীৰ লগত অগ্ৰজ কেইজনমানৰ কেনেকৈ প্ৰেমৰ সম্পৰ্ক স্থাপন হ‘ব পাৰে! এই বিষয়ত অধিক শুংসুত্ৰ উলিয়াবলৈ মনঃস্থ কৰিছিল। সহপাঠী নিৰ্মলকো ইয়াৰ অংশীদাৰ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিলে।
এদিন আবেলিৰ চাহ খাবলৈ যোৱাৰ পথত নিৰ্মলক ক‘লে-
“অই নিৰ্মল, কথা এটা মন কৰিছনে? দিলীপদা আৰু কুন্তলদাই যে মাজে মাজে ধুবুনীৰ লগত কি কথা পাতি থাকে। এদিন মই দিলীপদাক পকেটৰ পৰা কিবা উলিয়াই ধুবুনীক দিয়া দেখিছো। নিশ্চয় প্ৰসাধন সামগ্ৰীয়ে হ‘ব। মই কাপোৰ ইস্ত্ৰি কৰিবলৈ দি ছাত্ৰাবাসলৈ খোজ দিছিলোহি। তেনেতেই দিলীপদাক দেখি মনে মনে আৰ চকুৰে গতিবিধি লক্ষ্য কৰি আছিলোঁ।”
“তই কি কৱ! ময়ো দুদিনমান আগতে মন্দীপদাকো ৰাতি তালৈ যোৱা দেখিছো। লগতে কিবা পকেটত ভৰাই লৈ অহা যেনো লাগিছিল। কি জান‘ ধোবা-ধুবুনীয়ে নিশ্চয় নিচাযুক্ত দ্ৰব্যৰ কাৰবাৰ কৰে।” -নিৰ্মলে যেন ইমানদিনে সাঁচি ৰখা কথা এটা কৈ মনৰ বোজাহে পাতলালে!
“এটা কাম কৰো দে! আমাৰতো এতিয়াও কথাবোৰ খোলোচা হোৱা নাই! প্ৰকৃততে এইয়া ধুবুনীৰ লগত পৰকীয়া প্ৰেমৰ সম্পৰ্ক নে নিচাযুক্ত দ্ৰব্যৰ বেহা?” –ৰুবুলৰ চকুৱে মুখে উৎসুকতাৰ ৰেঘা।
“দুয়োটাই মিছনত লাগো দেই। ইয়াৰ আচল কথাটো বাহিৰ কৰিবই লাগিব। এতিয়া কাকো নকবি। মন্দীপদা আৰু কুন্তলদাক মোৰ এনেয়ো ভাল নালাগে। ৰেগিং কৰি কম হাৰাশাস্তিখন কৰিছিলনে! গোটেইবোৰ কথা বাহিৰ কৰি চিঠি লিখি ‘ডীন’ক জনাম। ভাল শাস্তি পাব বাপ্পেকে! কিজানি মহাবিদ্যালয়ৰ পৰা বাহিৰে কৰি দিব!” -নিৰ্মলে কথাখিনি ৰুবুলক কৈ মনতে প্ৰশান্তি লভিলে।
ইয়াৰ পিছৰ দৃশ্যপট খুব বেছি দীঘল নহয়। সিহঁতে মন্দীপদাক আৰু ধুবুনীৰ তালৈ যোৱা নেদেখিলে। সিহঁত দুজনৰ ভাব হ‘ল- নিশ্চয় মন্দীপে ধৰা পৰাৰ আশঙ্কাত ধুবুনীৰ তালৈ যাবলৈ বাদ দিলে। দুদিন পিছত কুন্তলদাক ধুবুনীৰ তাত যোৱা দেখিলে। ৰুবুল অকলেই আছিল। নিৰ্মলক বিচাৰি থাকি দেৰি হোৱাতকৈ সি অকলেই চৰজমিন তদন্তত নামি পৰিল। সন্ধিয়া নামিছিল। আলেঙে আলেঙে ৰুবুলে কুন্তলৰ সমস্ত গতিবিধি লক্ষ্য কৰিব ধৰিলে।
……নলাৰ ওপৰত থকা কাঠৰ দলংখনত কুন্তলদাই ভৰি থলে। বাহৰ দৰ্জাখন শলা এদালেৰে আগতেই ভেজা দি খুলি থৈ দিয়া আছিল। কুন্তলদাই সৰুকৈ কিবা এটা উচ্চাৰণ কৰা যেন শুনিলে। ঠিক কি ক‘লে বুজিব পৰা নগ‘ল। চকামকাকৈ ধুবুনীক দেখিলে। হাতত কেৰোচিনৰ চাকি এটা। চাকিটো ইস্ট্ৰি কৰা খাটখনৰ ওপৰত থলে। ধুবুনীয়ে দুৱাৰমুখলৈ আহি হাঁহি এটা মাৰি আকৌ ভিতৰলৈ সোমাই গ‘ল। কিছুসময় পিছত হাতৰ মুঠিত কিবা এটা আনি কুন্তলদাৰ হাতত দিলেহি। চাকিৰ পোহৰত ৰুবুলে বস্তুতো কি সঠিককৈ ধৰিব নোৱাৰিলে। কিন্তু তাত এবিধ তৰল পদাৰ্থ থকা যেন অনুমান হ‘ল। নিশ্চয় নিচাযুক্ত দ্ৰব্য হ‘ব। তাৰ এনে লাগিছিল, হাতত এটা ‘ভিডিও কেমেৰা‘ থকা হ‘লে! এই গোটেই ‘ড্ৰাগছ’ৰ গোপন লেনদেনটোৰ দৃশ্যগ্ৰহণৰে কুন্তলদাক জেইলৰ ভাত খুৱাব পাৰিলেহেঁতেন। দুয়ো কিবা কথাওঁ পাতিলে। কুন্তলদাই বস্তুটো এইবাৰ জ্বলি থকা চাকিটোৰ ওচৰলৈ নিলে। চাকিৰ পোহৰত ৰুবুলে দেখিলে কুন্তলদাৰ হাতত এটা ১৫ মিঃলিঃ জোখৰ কাঁচৰ বটল। ৰুবুলৰ উৎকণ্ঠা বাঢ়ি গ‘ল। কাঁচৰ বটলটোৰ ভিতৰত দেখিলে ক‘লা ক‘লা সৰু সৰু বস্তু কিছুমান। চাকিৰ ঈষৎ পোহৰতো দেখিলে কুন্তলদাৰ মুখত এটা সন্তুষ্টিৰ হাঁহি!’’
কুন্তলদাক ছাত্ৰাবাসলৈ ওভতা দেখি ৰুবুলেও বেগাবেগিকৈ খোজ ল‘লে। আন্ধাৰো নামিছিল। হঠাত উজুটি খাই চেন্দেল এপাট ছিটিকি গ‘ল। সি চেন্দেলপাট বিছাৰিবলৈ ধৰিলে। হঠাতে পিঠিত হাত এখন পৰাত ৰুবুল উচপ খাই উঠিল। ঘূৰি চাই দেখে সেয়া কুন্তলদা।
“কি হ‘ল ৰুবুল? কি কৰিছ তই ইয়াত?”
“দা… দা… দাদা, আ… আ… আপুনি, নাই… নাই… মানে মই…” -কি কব সি! ভয়ত মুখৰ পৰা কথা ভালকৈ ওলাইয়ে নাহিল।
কুন্তলদা বৰ স্ফুৰ্তিত আছিল। ৰুবুলক বিশেষ একো নুসুধিলে। ওলোটাই কবলৈহে ধৰিলে-
“আজি ডাঙৰ কাম এটা হ‘ল। তহঁততো এতিয়া বৰ আৰামত আছ। দ্বিতীয় বৰ্ষত পৰজীৱী বিজ্ঞানৰ ওপৰত বহুত পঢ়িব লাগিব। দেহৰ বাহিৰৰ পৰজীৱী, দেহৰ ভিতৰৰ পৰজীৱী। মানে ectoparasite আৰু endoparasiteৰ বিষয়ে। কিদৰে এই পৰজীৱীবোৰে আমাৰ অথবা আন জীৱ-জন্তুৰ পৰা খাদ্য গ্ৰহণ কৰি জীয়াই থাকে। ইহঁতে বহু ৰোগৰ কাৰকো! আমাৰ প্ৰত্যককে এইবাৰ ectoparasiteৰ ওপৰত একোখনকৈ ‘এচাইনমেন্ট‘ দিছে। এইবোৰ সংগ্ৰহ কৰি কৰি ভাগৰি গৈছো। তেনেদৰে bedbug বা উৰহো হৈছে এবিধ পৰজীৱী। এই ধুবুনীৰ খাট এখনত ঢেৰ উৰহ। সেয়ে আমি কেইজনমানে ‘ফৰমেল-দি-হাইড‘ দি একোটাকৈ কাঁচৰ বটল ধুবুনীক দি ৰাখিছিলো। ধুবুনীৰ ল‘ৰা-ছোৱালী কেইটাই ৰাতি ৰাতি এই উৰহবোৰ ধৰি বটলটোত সোমোৱাই থৈ দিয়ে। আমি এতিয়ালৈকে চাৰি-পাচঁ জনমানে ধুবুনীৰ পৰা উৰহ সংগ্ৰহ কৰিলোঁৱেই।”
(দিগন্ত যাদৱ শৰ্মা)
(১৫ এপ্ৰিল’ ২০১৩ সংখ্যা সাহিত্য ডট অৰ্গত প্ৰকাশিত)

Comments

Popular posts from this blog

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)

টিলৌ সংবাদ (কৌতুক)

ৰক্তৰঞ্জিত :: ৰহস্যৰ অৱসান (ৰহস্য গল্প)