বিনন্দই বাছৰ বাবে বহু সময় ৰ'ল। গুৱাহাটিত কি হৈছে আজিকালি, ৮ বজাৰ পিছতে
দেখোন বাছবোৰ অস্তিত্বশূন্য হৈ যায়। সি পাণবজাৰৰ চিটিবাছ আস্থানটোত বহু
পৰ ৰৱলগীয়া হ'ল। শেষত
যেনিবা বাছ এখন আহিল। ভালকৈ ৰাখিবলৈ নাপাওঁতে বিনন্দই জাপ মাৰি উঠিল। কিয়নো তাৰ
লগত আৰু কেইবাজনো আস্থানটোত আছিল আৰু সি দূৰৰ পৰাই পোহৰত দুখনমান আসন খালি হৈ থকা
বুলি অনুমান কৰিছিল। আসন এখনৰ বৰ প্ৰয়োজন আছিল তাৰ। গোটেই
দিনটো থিয় দি দি শৰীৰটো বৰ বেয়া লাগিছিল, অবশ হৈ পৰিছিল। অৱশেষত আসন
এখন পোৱাত শৰীৰটো একেবাৰে এৰি দিছিল।
বিনন্দই দুদিনমান আগতে ঘৰৰ
পৰা আহিছে। ঘৰ তাৰ ইয়াৰ পৰা বহ নিলগত। তাৰ মনটো
ভাবি ভাল লাগিল এইবাৰ যে ঘৰৰ টিনপাত লগোৱা কামখিনি সম্পূৰ্ণ কৰিবলৈ সমৰ্থ হ'ল। এইবাৰ হয়তো বাৰিষাৰ দিনবোৰত সিহঁতকেইটাই শান্তিৰে কটাব
পাৰিব। হওঁতে কিছু টকা ধাৰ নোহোৱা নহয়! ভনীয়েক দুজনীৰ কথা ভাবি দুখ লাগিল। সিহঁতে এটা
গাধোৱা ঘৰৰ বৰকৈ অভাব অনুভব কৰিছে। হয়, সিঁহত যে এতিয়া ডাঙৰ
হৈছে। আগৰ দৰে পুখুৰীটোত গা ধুবলৈ যাব নোৱাৰে। নিৰ্লজ্জ, নিধক চকু কেইজোৰমানে সিহঁত দুজনীৰ শৰীৰৰ অংশবোৰত কি যেন এক অন্বেষণৰ
চেষ্টা কৰে। এইবাৰো নিশ্চয় মালিকে বিহুত 'বনাচ'
হিচপে কিছু টকা দিব। বিনন্দই সিহঁতক কথা দি আহিছে। তাৰ লগত
কিছু জোৰা-তাপলি লগাই বহাগ বিহুটোৰ পিছতেই গাধোৱা ঘৰ এটা যেনে তেনে তৈয়াৰ
কৰি দিবই লাগিব।
এইকেইদিন বৰ ধূলি। জোৰে বতাহো
বলি আছে। হঠাতে অহা বতাহজাকৰ লগত অহা ধূলিৰ বাবে বিনন্দই বাছৰ
খিৰিকীখন বন্ধ কৰি থলে। বিহুৰ কথা মনলৈ অহাত তাৰ বেজাৰ
লাগিবলৈ ধৰিলে। যোৱা তিনিবছৰত এবাৰো সি বিহুত ঘৰলৈ যাব পৰা নাই। বিহুৰ
সময়তেই তাৰ কামবোৰ বেছি হয়। এই উৎসৱবোৰ আহিলে বিনন্দৰ থৰকাছুটি হেৰাই, কোনফালে যাব, কি কৰিব। ঘৰৰ পৰা
অহাৰ পিছত সি মাকহঁতৰ লগত এবাৰো কথা পতা নাই। হওঁতে সি
এটা পূৰণা 'মোবাইল ফোন' কিনি দি থৈ আহিছে। কালি ৰাতি
কি জানো হ'ল, ইমানকৈ চেষ্টা কৰাৰ পিছতো 'মোবাইল ফোন'টোত ঘৰলৈ সংযোগ স্থাপন কৰিবলৈ সক্ষম নহ'ল। আজিও এবাৰ চেষ্টা কৰি চাব লাগিব। দিনটোত কথা
পাতিবলৈ তাৰ সুবিধাই নহয়।
বিনন্দই এখন ডাঙৰ কাপোৰৰ
দোকানত কাম কৰে, ফাচিঁবজাৰ আৰু পানবজাৰৰ মাজ অংশত। বহাৰ কোনো
ব্যৱস্থা নাই। গ্ৰাহক আহিলে হাঁহি এটা মাৰি সোধপোছ কৰি কাপোৰবোৰ দেখূৱাব
লাগে।
টকাও তিনি নে চাৰি হাজাৰমানহে
পায়, গুৱাহাটীৰ নিচিনা ঠাইত চলিবলৈ বৰ কষ্ট হয়। তাতে আকৌ
কিছু জমা কৰিব লাগে। নিজৰ কাৰনে নহলেও ঘৰখনৰ বাবে, মৰমৰ ভনীয়েক দুজনীৰ বাবে। বামুণীমৈদামৰ পৰা বহু ভিতৰত এটা
কোঠালি ভাড়া কৰি সিহঁত তিনিজন থাকে। লগৰ দুজনো তাৰ দৰেই, এজনে গেৰেজ এটাত কাম কৰে, আনটোৱে অইন এজনৰ অট'
চলাই। বামুণিমৈদামৰ বাছ আস্থানটোত বাছখন ৰখোৱাত সি
নামি পৰিল। তাৰ পিছত আকৌ এছোৱা বাট। ওপৰলৈ উঠি
যাব লাগে।
কোঠাত সোমাইয়ে কাপোৰজোৰ সলাই
কুঁৱাটোলৈ গৈ হাত-ভৰি কেইটা ভালকৈ ধুই ল'লে। অকনমান জিৰাই-শঁতাই লম বুলি ভাবি বিনন্দই বিছনাখনতে দীঘল দি ভৰিকেইটা পোণাই ল'লে। সিঁহত তিনিজনে মিলি যোৱা মাহত কম মুল্যতে আগেয়ে আনে
ব্যবহাৰ কৰা 'টিভি' এটা কিনিছিল। গেৰেজত কাম
কৰাজনে 'টিভি'ৰ বুটামটো দিয়ে থৈ দিছিল। অসমীয়া 'চেনেল' এটাত ৯ বজাৰ বাতৰি আৰম্ভ হৈছিল। বিনন্দই
মুখ্য বাতৰিকেইটা শুনিবলৈ শৰীৰটো পোন কৰি বহিল।
“এতিয়াৰ মুখ্য বাতৰিবোৰ হৈছে... ... প্ৰচণ্ড ধূলি-ধূমুহাত ব্ৰহ্মপুত্ৰত নাও বুৰ গ'ল। এতিয়াও দুজন সন্ধানহীন... এজাক ধুমুহাই
ধ্বংস কৰি থৈ গ'ল মৰমৰ ঘৰখন... ...”
সি বাতৰি চাবলৈ ল'লে। নাই! এয়া কি দেখিছে বিনন্দই! বাতৰিৰ অংশ এটাত দেখুওৱা সেই ঘৰখন দেখোন তাৰ ঘৰ। সেয়া চাল-মুধচ এৰাই যোৱা ঘৰখনৰ সন্মুখত কপালত হাত থৈ তলমুৱা হৈ থকা তাৰ মৰমৰ দিন
হাজিৰা কৰা দেউতাক। কাষতে ভনীয়েক দুজনীক সাবটি ধৰি মাকৰ
উচুপনিৰ দৃশ্য। চকুৰ পচাৰতে দেখিলে ভনীয়েকহঁতে এটকা দুটকাকৈ জমা কৰা থোৱা
বাঁহৰ মাৰলীডালো বতাহে উৰুৱাই লৈ গৈছে। ... ভগ্নপ্ৰত্যাশাত বিহ্বল হৈ বিনন্দ মুছকছ যোৱাৰ উপক্ৰম হোৱা দেখি লগৰজন দৌৰি আহিল...
(আজিৰ বাতৰি কাকতৰ
প্ৰথম পৃষ্ঠাত “এজাক ধুমুহাই ধ্বংস কৰিলে মৰমৰ ঘৰখন” ভূমিকাৰে দিয়া এখন দুঃখজনক আলোকচিত্ৰ দেখি এই গল্পটোৰ দৃশ্যপটতো মনলৈ
আনিছিলো--
দিগন্ত যাদৱ শৰ্মা, ২০ মাৰ্চ' ২০১৩)
Comments
Post a Comment