Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

চেনেহৰ সঁফুৰা (অনুবাদ গল্প)



***চেনেহৰ সঁফুৰা***
=== === === ===
*
চেনেহৰ সঁফুৰা ():
--------------------
দুয়োঘৰৰে আপত্তি আছিল। তথাপিও ইজনে সিজনক দিনটোত এবাৰ নেদেখিলে, এষাৰি মাত নুশুনিলে ৰাতি টোপনি নাহিছিল। ছোৱালীজনীয়ে ইয়াকে লৈ পৰিয়ালৰ লোকৰ পৰা যথেষ্ট কৰ্কথনাও শুনিছিল। লৰাটো উচ্চ শিক্ষাৰ বাবে দুবছৰৰ বাবে বাহিৰলৈ যাবলৈ ওলাল। যোৱাৰ আগত ঘৰৰ প্রৱল আপত্তি স্বত্তেও প্রেমিকক আঙুঠী পিন্ধাই থৈ গল। দুয়োজনে দুয়োজনক প্রতিশ্রুতি দিলে ঘনাই ঘনাই ফোনত কথা পাতিব, চিঠিৰ আদান প্রদান চলাই থাকিব। উচ্চ শিক্ষা সমাপ্ত কৰি আহিয়েই বিয়াখন পাতি পেলাব।
হঠাতে এদিন দুর্ঘটনা এটাত পতিত হৈ ছোৱালীজনীয়ে বাকশক্তি হেৰুৱাই পেলালে। চিকিৎসকৰ মতে মগজুত আঘাট পোৱাৰ বাবে এনে হবলৈ পালে। মাকে জীয়েকৰ ভৱিষ্যত ভাবি ভাবি কেৱল চকুপানীকে টুকিলে। ফোনবাজিলে ছোৱালীজনীয়ে জানে সেয়া তাইৰ প্রেমাষ্পদৰে হব। কিন্তু চকুপানী টোকাৰ বাহিৰে জানো কোনো উপাই আছে! আঁকাৰে ইংগিতে তাই ঘৰৰ আন সকলক তাইৰ দুর্ঘটনাৰ কথা লৰাজনক নজনাবলৈ অনুৰোধ কৰিছিল। চিঠি লিখাও বন্ধ কৰি দিছিল। নিয়মিত ভাবে লৰাজনৰ চিঠিবোৰ কিন্তু আহিয়েই আছিল। বাকশক্তি হেৰুৱাত ভবিষ্যতে যে তাই লৰাজনৰ বোজা হ- সেই কথা তাই ভাবি লৈছিল। ইয়াকে লৈ যথেষ্ট ভাবুকো হৈ পৰিল। ভৱিষ্যতৰ কথা ভাবি ভাবি দিনক দিনে বেছিকৈ মানসিক কষ্ট পাবলৈ ধৰাত এদিন লৰা জনলৈ চিঠি এখন পঠালে যত তাই লিখিছিল যে- তাই তাক পাহৰি পেলাইছে আৰু আগৰদৰে কোনোধৰণৰ অনুৰাগ-অনুকম্পা নাই। লৰাজনকো তাইক পাহৰি যাবলৈ অনুৰোধ কৰিলে। সিহঁতৰ মাজত বিয়া হোৱাতো এতিয়া কোনোমতে সম্ভৱ নহয়। পিন্ধোৱা আঙুঠিটোও লগতে ঘুৰাই দিছিল। ছোৱালীজনীয়ে অন্য এখন জগতত সোমাই পৰিছিল। ইতিমধ্যে সাঙ্কেতিক ভাষাটোও আয়ত্ত কৰি লৈছিল।
এদিন তাই খবৰ পালে লৰাজন উচ্চশিক্ষা সমাপ্ত কৰি উভতি আহিছে। সি এটা ভাল কর্মসংস্থানো লাভ কৰিছিল। ইতিমধ্যে তাইৰ অৱস্থাটোৰ কথা লৰাটোৰ অবগত বুলি তাই জানিব পাৰিছিল। বহুদিন পাৰ হ, সি কিন্তু এবাৰো খবৰ লবলৈ অহা নাছিল। মনৰ নিভৃত চুকত লৰাটোৰ প্রতি মৰম ভালপোৱাবোৰ গোট খাই আছিল।
মাকে এদিন বিয়াৰ নিমন্ত্রণ পত্র এখন তাইৰ হাতত তুলি দিছিল। খুলি দেখিলে সেয়া তাইৰ একালৰ প্রেমাষ্পদৰ বিয়াৰ নিমন্ত্রণ পত্র। সিহঁতৰ প্রতিশ্রুতিবোৰ মনলৈ আহিল। চকুৰে দুধাৰি লোতক বৈ আহিল। পাত্রিনো কোন পঢ়িবলৈ ধৰাত দেখিলে তাইৰ নিজৰ নামটোৱে দেখোন নিমন্ত্রণ পত্রত ছপা হৈ আছে। মাকে তাইৰ মুখখন ওপৰলৈ ডাঙি ধৰিলে। সন্মুখত দেখিলে দুবছৰ আগতে আঁতৰি যোৱা প্রেমিককদুয়ো দুয়োকে অপলক নেত্রে বহুসময় চাই থাকিল। লৰাজনৰ মুৰত হাত ফুৰাই মাকে সন্তোষৰ হাঁহি এটা লৈ তাৰ পৰা আঁতৰি গল। সম্পূর্ণ সাঙ্কেতিক ভাষাত কলে, ইমানদিনে সি সাঙ্কেতিক ভাষা শিকি আছিল বাবেহে আহিব পৰা নাছিল। নহলেনো তাইৰ লগত কেনেকৈ কথা পাতিব। কিমানবোৰ যে কথা পাতিব লগা আছে। তাই তাক জোৰেৰে সাবটি ধৰিলে।

*
চেনেহৰ সঁফুৰা ():
--------------------
এহাল প্রেমিক-প্রেমিকা ঘন্টাত ১০০ কিঃমিঃ বেগেৰে বাইকত গৈ আছিল।
প্রেমিকাঃ বাইকৰ গতিবেগ কমোৱা। ইমান বেগেৰে চলাইছা। মোৰ বৰ ভয় লাগিছে।
প্রেমিকঃ নাই একো নহয়। অকণমান স্ফুর্তিহে কৰিছো।
প্রেমিকাঃ এয়া একো স্ফুর্তি নহয়। প্লিজলাহে লাহে যোৱানা। দুর্ঘটনা হৈ যাব পাৰে বুলি মোৰ আশংকা হৈছে।
প্রেমিকঃ বাৰু, তেনেহলে কোৱা মই তোমাক ভাল পাওঁবুলি।
প্রেমিকাঃ ঠিক আছে তেন্তে, মই তোমাক ভাল পাওঁ। বহুত বহুত ভাল পাওঁ। হবনে? এতিয়া গতিবেগ কমোৱা।
প্রেমিকঃ এতিয়া মোক এবাৰ জোৰেৰে সাবটি ধৰা।
প্রেমিকাঃ (প্রেমিকক জোৰেৰে সাবটি ধৰে)
প্রেমিকঃ তুমি মোৰ হেলমেটটো খুলি পিন্ধি লবা নেকি? এইটোৱে বৰ অসুবিধা দি আছে।

(
পিছদিনা বাতৰি কাকতবোৰত এটা বাতৰি প্রকাশ পাইছিল এনেধৰণৰে- “এখন মটৰবাইকে ব্রেক ফেইল কৰাৰ বাবে এটা পকী ঘৰত খুন্দা মাৰে। ফলত চলাই যোৱা যুৱকজন লগেলগে মৃত্যুমুখত পৰে। লগত থকা যুৱতী গৰাকী হেলমেট পিন্ধি থকা বাবে কথমপি ৰক্ষা পৰে।
অৱশ্যে প্রকৃত কথাটো আছিল যে যুৱকজনে আগতেই জানিব পাৰিছিল মটৰবাইকখনৰ ব্রেক ফেইলহৈছে। দুর্ঘটনা অৱধাৰিত বুলি প্রেমিকাক বচোৱাৰ চেষ্টা কৰিছিল। সেয়ে শেষবাৰৰ বাবে প্রেমিকাক এবাৰ আলিঙ্গন কৰিব বিছাৰিছিল, বিছাৰিছিল শেষ বাৰৰ বাবে প্রেমিকাৰ মুখত এবাৰ শুনিবলৈ যে মই তোমাক ভাল পাওঁকৌশলৰে হেলমেটোও পিন্ধাই লৈছিল। অন্তত তেওঁৰ মৃত্যু হলেওঁ প্রেমিকা এই সংসাৰত থাকি যাব, সেই আশাত।)

*
চেনেহৰ সঁফুৰা ():
--------------------
এহাল প্রেমিক-প্রেমিকাই ছবিঘৰত কথাছবি এখন চাই ঘৰলৈ বুলি গাড়ীত উঠিলহি। চালকৰ আসনত প্রেমিক। বহুদুৰ আগুৱাই অহাৰ পিছতো তেওঁলোকৰ মাজত নিস্তব্ধতাই বিৰাজ কৰি আছিল। যুৱতীয়ে এটাও কথা নোকোৱাকৈ কিবা চিন্তা কৰি বহি আছিল। যুৱকে কিবা এটা অস্বাভাৱিকতাৰ উমান পাইছিল। হঠাতে যুৱতীয়ে কলে গাড়ীখন ৰখোৱাচোন, মই তোমাক কথা এটা কব খোজো।
গাড়ীখন ৰখোৱাত যুৱতীয়ে কলে-
মই ইতিমধ্যে অইন এজনক ভাল পাই পেলাইছো। মোক ক্ষমা কৰি দিবা।
যুৱকৰ চকুৰে দুধাৰি লোতক বৈ আহিল। পকেটত হাত সোমোৱাই আগতেই ভাজ কৰি ৰখা কাগজ এখিলা যুৱতীৰ হাতত দিলে। ঠিক তেনেতে অঘটন এটা ঘটিল। বিপৰীত দিশৰ পৰা অহা মাতাল চালক এজনৰ গাড়ীৰ খুন্দাত যুৱকৰ চালকৰ আসনতে লগেলগে মৃত্যু ঘটিল। আশ্চর্যজনকভাবে যুৱতীৰ একো নহল। পিছত এদিন হঠাৎ যুৱতীৰ কাগজখিলাৰ কথা মনত পৰাত পঢ়ি চালে। কাগজখিলাত লিখা আছিল তোমাৰ প্রেম-ভালপোৱা অবিহনে মই কেতিয়াও জীয়াই নাথাকিম।

(
প্রেম হৈছে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা এক গভীৰ, সুকোমল অনুভূতি। ৰ তৰ পৰা কেইটামান বিদেশী প্রেম কাহিনী থপিয়াই আনি চেনেহৰ সঁফুৰানাম দি ভাবানুবাদকে আগবঢ়ালো। -দিগন্ত যাদৱ শৰ্মা-)

Comments

Popular posts from this blog

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)

টিলৌ সংবাদ (কৌতুক)

ৰক্তৰঞ্জিত :: ৰহস্যৰ অৱসান (ৰহস্য গল্প)