Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

কবিতা,দেউ আৰু প্রাচীৰ পত্রিকা:ছাত্রাবাসৰ এডোখৰ(৩)



কবিতা, দেউ আৰু প্রাচীৰ পত্রিকা::ছাত্রাবাসৰ এডোখৰ (৩)
:দিগন্ত যাদৱ শৰ্মা


বোলো দেউ, কলৈ যায়…”
দেউ ইমান বেগা-বেগিকে কোনফালে…”
দেউ, ডাঙৰবিধে ধৰিলে যেন পাইছোঁ…”
বোলো দেউ মাটি চুই যাওঁক, মাটি চুই যাওঁক…”
খৰধৰকৈ অসময়ত বিপুল শর্মাক ছাত্রাবাসলৈ যোৱা দেখি আমি সকলোৱে আচৰিত হৈ চিঞৰিবলৈ ধৰিলোঁআমি গোটেইকেইটা মানে দহ বাৰজন মানটো হমেইদেউকনৰ দোকানত, কেইজনমান বেঞ্চ খনত বহি আৰু বাকীকেইজন থিয় হৈ আছিলোঁএনে সময়ত বিপুল ৰুমলৈ যোৱা বিধৰ নহয় আৰু সি এইমাত্ৰ আহিছিলহেআমি দুজনমানে বিপুলক ডাঙৰ বিধে ধৰিল যেনহে পাইছিলোঁ
বিপুলৰ আকৌ ধর্ম-কর্মৰ প্রতি বেছ ৰাপ আঙুঠি পিন্ধিবলৈও যেন হাতত আঙুলিৰ অভাবগা-পা ধুই তিতা গামোছাখন পিন্ধি ধূপ এডাল হলেওঁ ৰাতিপুৱাৰ ভাগত জ্বলাবইসেয়ে বিপুলক সকলোৱে দেউনাম দিছেঅতীজৰেপৰা ইমানদিনে একেখন ঘৰৰ নিচিনাকৈ থকা আমাৰ বিভিন্ন জাতি জনগোষ্ঠীবোৰ ভাগ ভাগ হবলৈ আগবঢ়াত ধেমালিতে আমাৰ দুজনমানেও কলে যে আমাকো বামুণলেণ্ড লাগিবলগে লগে সংগঠন আৰু সচিব প্রধানৰ নাম প্রস্তাব কৰা হৈয়েই গমোৰ গাত ব্রাহ্মণৰ ছাপ এটা থকাত মোকো কিবা এটা বিষয় বাব দিলে সংগঠনটোৰ নামো ঠিক কৰা হব্রাহ্মণ ইউনাইটেদ লিবাৰেশ্যন ফ্রন্ট অফ অসমচমুকৈ বালফাড্রেচ কোডঠিক হল- পিন্ধনত ধূতি, ওপৰত ৰাম হৰি ওম লিখা থকা চাদৰচাদৰৰ তলতে এ.কে. ফর্টি চেভেন জাতীয় অস্ত্ৰসচিব প্রধান হ আমাৰ দেউশ্রী যুত বিপুলযিয়েই নহওঁক এইবোৰ আছিল আমাৰ ছাত্রাবাসৰ ধেমালিৰ নমুনা
ক্লাচ শেষ কৰি কেতিয়াবাই ৰুম আহি পাইছিলোঁঅলপ ফ্রেছহৈ আকৌ ওলাই আহিছিলোঁবেছি দূৰলৈ যাবলৈ মন নগলে ইয়াতে মানে দেউকনৰ দোকানতে আড্ডা দিওঁআজিও সেয়ে হবিয়লি পাঁচ ছয় বজাৰ ভিতৰততনো আৰু সময়ৰ হিচাপ ৰখা হয় তেতিয়াদেউকনে চাহ বিক্ৰী কৰে, লগত থাকে ক্রিমৰোল’, ‘বন’, ‘বিস্কুটমাজে মাজে গজা, সিঙ্গাৰা, ঘুগনীএইবোৰ সি ঘৰতে তৈয়াৰ কৰি লৈ আহেবিক্ৰী নোহোৱাকৈ একো বস্তু পৰি নাথাকে, লগে লগে শেষ হৈ যায়বিপুলো আছিল আমাৰ লগতদেউকনে চাহৰ বাবে স্টোভত পানী উতলাইছেআজিৰ স্পেচিয়েল বোলে সিঙ্গাৰা, আহি আছে দেউকনৰ ঘৰৰ পৰাওচৰতে ঘৰ, চাহ হোৱা মানে পুতেকে মূৰত তুলি সিঙ্গাৰাৰ টুকুৰিটো লৈ আহি পাবহিয়েইবিপুল অলপ অন্যমনস্ক হৈ আছেসি কিবা এটা ভাবি থকা যেন লাগে চাহ সিঙ্গাৰা সিওঁ খাব, দেউকনক ইতিমধ্যে অর্ডাৰ দি থৈছেইচাহ খোৱা শেষ হলেওঁ তাক টানি টানিহে লৈ যাব লাগেআড্ডা মাৰি ভাল পায়কিন্তু হঠাতে কি ল জানো! তৰানৰা ছিঙি ৰুমলৈহে খোজ ললে
দেউকনেহে কলে মোক দেখোন এইমাত্র কাগজ কলম খুজিছিল, মই নাই বুলি কলোঁদেউকনৰ পুতেকে সিঙ্গাৰা লৈ আহিলে ইতিমধ্যে আমিও চাহ সিঙ্গাৰা খাব লৈছোঁ, দেখিলোঁ পার্থই টানি-টানি বিপুলক আমাৰ ফালে লৈ আহিছে(আনিছে ?)বিপুলে হাত কোঁচাই পার্থক মাৰিবলৈ লৈছে পার্থই বাধা দি আছে প্রথমতে পার্থই হাঁহি আছিল যদিও লাহে লাহে গহীন হৈ পৰিলআমিও কিছু সময় লক্ষ্য কৰি সঁচাকৈয়ে কিবা চিৰিয়াচ মেটাৰবুলি ভাবিলোঁআটাইকেইজনেই সিঁহতৰ ওচৰলৈ আগবাঢ়িলোঁসঁচাকৈয়ে কাজিয়া এখন লাগি আছিল দুয়োটাকে ধমক দি কাজিয়াখন এৰুৱাই দিলোঁ
ল হোষ্টেললৈ” -দুয়োটাকে লৈ ছাত্রাবাস পালোঁহি
কি হৈছে তহঁতৰ, লাজ নালাগে এনেকৈ কাজিয়া কৰিবলৈআমাৰ মাজৰ এজনে সুধিলে
বিপুলে নিশ্চুপ হৈ ৰ
পার্থ, তয়েই কছোন কিনো এনে ঘটনা হল কাজিয়া কৰিবলৈময়েই সুধিলোঁ
তাকেইতো ভাবিছোঁ, কেনেকৈনো কাজিয়াখন লাগিলপার্থই কবলৈ ধৰিলে… “মই হোষ্টেলৰ পৰা তহঁতৰ ফালেই আহি আছিলোঁ, বাটতে তাক দেখি সুধিলোঁ দেউকনৰ দোকানত কিবা স্পেচিয়েল আছে নেকিসি দেখোন একো নামাতেআকৌ সুধিলোঁ, সি একো নকয়মই ভাবিলোঁ ধেমালি কৰিছে বুলি, সেয়ে হাতত ধৰি কলোঁ বল বচাহ খাই আহোঁসি আকৌ মুখৰে একো নকৈ মোৰ পৰা হাতখন এৰুৱাবলৈহে চেষ্টা কৰিলেএকো নোকোৱা দেখি ময়ো কিবা ৰস পাই ধেমালিতে তাক কিবাকিবি কবলৈ লোঁহঠাতে দেখোন তাৰ খং উঠি আহিল মোৰ ওপৰত
অকণমান ৰৈ পার্থই আকৌ কলে তাৰ জীৱনটো বোলে মই শেষ কৰি দিলোঁ, বৰবাদ কৰি দিলোঁচিঞৰি চিঞৰি বিপুলে মোৰ লগত এইবোৰ কৈয়ে কাজিয়া কৰি আছিলমোৰ কাৰণে বোলে পংক্তিবোৰ হেৰাই থাকিল তাৰ
মই ইয়াৰ মাথা-মুণ্ড একো বুজি পোৱা নাইতাৰ পৰা মই একো লোৱাই নাইতনো তাৰ কি বোলেনে পংক্তিবোৰ মোৰ কাৰণে হেৰাই থাকিলকি পংক্তিমই দেখাই নাইপংক্তিমানেনো কি, কোনোবাই কিবা জাননেকিমই হলে নিয়া নাই দেইএইবাৰ পার্থই বিপুলৰ ফালে মুখ কৰি কথাখিনি কলে
কিছু সময় ধৰি বিপুলৰ মুখত মাত বোল নাই যেতিয়া সি মুখ খুলিলে বেছ কিছুদিনৰ বাবে বিপুল আৰু পার্থৰ কাজিয়াখনে আমাৰ মাজত বৰ ৰগৰৰ সৃষ্টি কৰিছিললাজতে বিপুল কেইবাদিনো আমাৰ পৰা পলাই পলাই ফুৰিব ধৰিলেদেউকনৰ দোকানতো নহা হ
আমাৰ মহাবিদ্যালয়ৰ এখন প্রাচীৰ পত্রিকা আছেপ্রতিমাহে একোজনক সম্পাদক মনোনীত কৰা হয়সেইমাহৰ মহাবিদ্যালয়ৰ প্রাচীৰ পত্রিকাৰ সম্পাদক আছিল বিপুলৰ প্রেক্টিকেলৰ একে গ্রুপৰে ছন্দামিতাকেইবাদিনো ধৰি ছন্দামিতাই বিপুলক কবিতা এটা লিখাৰ কথা কৈ আছে তাৰো কবলৈ মন যোৱা নাই যে সি আজিলৈকে কবিতা নালাগে, পাঠ্যক্রমৰ বাহিৰতো এটা শব্দ লিখি পোৱা নাইকেইবাদিনো ধৰি সি চেষ্টা কৰিছিল কিবা এটা লিখিবলৈ বেচেৰাৰ মনলৈ যিও দুই এক লাইনআহে লিখাৰ পিছতহে গম পায় যে সেইবোৰ সি উচ্চতৰ মাধ্যমিকত পঢ়া নহলে স্কুলৰ কোনো এখন পাঠ্যপুথিৰ দুই এটা শাৰী ছন্দামিতাক বিমুখ কৰিবলৈ মন নগতাৰ এটাই চিন্তা কেনেকৈ অন্ততঃ পাঁচ ছয় শাৰীৰ কবিতা এটা লিখিব পৰা যায়
সেইদিনাখন বোলে হঠাতে দুই এটা শাৰী মনলৈ আহিছিলপিছলৈ পাহৰি যাব বুলি দেউকনক কাগজ কলমো খুজিছিলনাই বুলি কোৱাত ছাত্রাবাসলৈ ধাপলি মেলিছিলপার্থই সকলো গণ্ডগোল লগাই দিছিল টনাটনিত কবিতাৰ লাইন পাহৰি গৈ পার্থৰ লগত কাজিয়াখন লাগিছিলপার্থৰ গাত কি দোষ ? সি কিবা জানেনে আমাৰ দেউয়ে যে কবি হবলৈ প্রথম খোজটো দিবলৈ গৈছিল বিপুলৰ কবিতা লিখা হলনে নাই কব নোৱাৰিলোঁ, কিন্তু সেই মাহৰ প্রাচীৰ পত্রিকাত তাৰ কবিতা প্রকাশ হোৱা নেদেখিলোঁ

(
www.xahitya.org | February 15, 2013 ত প্রকাশিত)

Comments

Popular posts from this blog

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)

টিলৌ সংবাদ (কৌতুক)

ৰক্তৰঞ্জিত :: ৰহস্যৰ অৱসান (ৰহস্য গল্প)