Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

বিভ্ৰাট (গল্প)



বিভ্ৰাট (দিগন্ত যাদৱ শৰ্মা)

ধেতেৰি এনেকুৱা সময়তেহে ক্লাছশেষ হব পায়নেশ্রেণী কোঠাটোত দুখন দুৱাৰ, এখন আগফালে, এখন পিছফালেবাহিৰত পিছফালৰ দুৱাৰখনত পিঠিখন ভেজা দি বিমানে লগৰ তিনিজনৰ লগত বেঞ্চিখনত বহি আছিলভিতৰৰ পৰা খিলিটো লগাই থোৱাত সিহঁতৰ সুবিধাই হৈছিলস্নাতক শ্রেণীৰ ক্লাছচলি আছিলকিন্তু সিহঁতে নজনাকৈ ক্লাছটো শেষ হছোৱালী কেইজনীমানে ভিতৰৰ পৰা দুৱাৰখন খুলি দিয়াত বিমান গৈ ছোৱালী এজনীৰ গাতে ধলি পৰিললগেলগে বিমানে অবশ্যে পৰিবেশটো উপভোগ কৰিলেমুখেৰে কিবা এটা ভোৰভোৰাই ছোৱালীজনীয়ে তাক আগফালে ঠেলি পাৰ হৈ গদুজনীমানে তালৈ পোন্দোৱাকৈ চাই গুছি গলাজতে মুচকচ যোৱাৰ উপক্রম হল তাৰকোনোমতে নিজকে চম্ভালি লোৱাৰ আগতে দত্ত ছাৰৰ সন্মুখত পৰিলউস্ ৰাম আজিহে এই গোটেইবোৰ হবলৈ পায়নে? তলমুৱা হৈ কোনোফালে নোচোৱাকৈ চিৰিৰে নামি চিধা কেন্টিনৰ ফালে চেকুৰ ধৰিলেবিমানেট্রিগনোমেট্রিক্লাছটোলৈ অপেক্ষা কৰি আছিলনহল আৰু কৰাকেনেকৈনো আৰু আগৰ ঠাইলৈ ঘুৰি যায়আকৌ যদি দত্ত ছাৰৰ সন্মুখতে পৰে
কেইদিনমান আগতে দত্ত ছাৰৰ ইংৰাজী ক্লাছত যিখনহে হল! সেইকাৰণে আজি বিমানে ইংৰাজী ক্লাছটো কৰিব আহি দত্ত ছাৰক দেখি শ্রেণীকোঠাতে নোসোমাল তাৰ দৰে আমাৰ দুজনমানৰো সেই একেই অৱস্থাবিমান, আমি সেই সময়ৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বর্ষৰ ছাত্রবিমান, আমি কেইবাজনো কাষতে থকা অসমীয়া মাধ্যমৰ বিদ্যালয়খনতে পঢ়িছিলোহাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হৈ কাষৰ মহাবিদ্যালয়খনতে পঢ়িবলৈ সুযোগ পাইছিলোৰাৰ স্কুলৰ পৰা আহি ছোৱালীৰ লগত ক্লাছকৰিবলৈ ভালেই লাগিছিলতেতিয়াতো আজিৰ দিনবোৰৰ দৰে নাছিলসৰস্বতী পূজাত গুৰু-গোসাই নমনা জনো একো একোজন মহাভক্ত হৈ পৰেবাপৰে কোনোবা এজনীৰ কাষত অঞ্জলি লবৰ বাবে কি হেতাওপৰাঅঞ্জলি লবৰ বাবে পুৰোহিতে দিয়া ফুল বেলপাতবোৰ কোনোবা এজনীৰ কেশতহে শোভাবর্ধন কৰেগোসানীলৈ দলিয়াব লাগে যদিও কিছুমানৰ চকু কাৰোবাৰ কেশৰ ওপৰতহে থাকেগতিকে ফুল বেলপাত গোসানীয়ে নাপাইগৈকোনোবা এজনীৰ লগত মাতবোল কৰিলেই পন্ডিতৰ তাত চাহ-চিঙ্গৰা খুৱাব লাগিছিলমাতবোল বাদেই প্রেক্টিকেল ক্লাছবোৰত যেতিয়া ছাৰসকলে দুজন দুজনকৈ ভগাই দিয়ে, আমাৰ কোনোবা এজনৰ লগত যদি এজনী পৰিলআৰু কোনে পায়কেইবাদিনলৈকে চর্চাৰ কেন্দ্রবিন্দু হৈ থাকেকিন্তু মাজে মাজে খেলিমেলি হৈ যায়
যেনে সৌসিদিনাখনৰ কথা, দত্ত ছাৰৰ ইংৰাজী ক্লাছদত্ত ছাৰ খুবপ্রিন্সিপৰ মানুহতেওঁৰ যি নীতি বা আদর্শ, তেওঁক সমীহ কৰি নচলা লোক নাই বুলিলেই হয়তেঁও অসমীয়াত কথা কলে মাজত এটাও ইংৰাজী বা অইন শব্দ নকয়, অইনে কলেও সহ্য নকৰেঠিক তেনেকৈ ইংৰাজী কলেওঁ তাৰ মাজত অসমীয়া শব্দ নকয়এনেয়ে ঠিকে আছে, ক্লাছত খুব সুন্দৰকৈ বুজাই থাকেবৰকৈ প্রশ্ন সোধাপোচা নকৰে, গতিকে আমিও বিপদত পৰা নাইবিপদমানে আমি অসমীয়া মাধ্যমৰ পৰা যোৱাকেইটাই সলসলীয়াকৈ ইংৰাজী কব নোৱাৰোইংৰাজীত কিবা এটা উত্তৰ দিবলৈ হলে প্রথমতে অসমীয়াত ভাবিব লাগিব, তাৰ পিছত ইংৰাজীলৈ তর্জমা কৰি মুখৰ পৰা নির্গত হোৱালৈকে ঠাণ্ডাৰ দিনতো জ্বৰে ঘামাৰ নিচিনাহে হয়গৈক্লাছ চলি আছেবিমানে পিছৰ বেঞ্ছত বহি ১৭৭ৰ চাইদ ভিউচাই আছিল১৭৭ মানে তেতিয়া ৰোল নম্বৰবোৰেৰেই কিছুমানক বুজাইছিলোছোৱালীজনীক বৰ ভাল লাগে তাৰ ভাল লাগে মানে, বছ সিমানেই আৰুমাতিবলৈও চেষ্টা কৰা নাইঅলপ কঞ্জুচ সি, মাতিলে কিজানি লগৰবোৰক পন্ডিতৰ তাত পাৰ্টিয়ে দিব লাগেগৰমৰ দিন, হঠাতে বিজুলী গপাঙ্খা বোৰ নুঘূৰাত আৰু পিছফালৰ দুৱাৰখনো বন্ধ থকাত চাৰে কোঠাত বতাহ সোমাবলৈ পিছফালে বহি থকা বিমানকে কলে-
“Hey you! Please open the door”
বিমানৰ বুকুৰ ঢপঢপনি আৰম্ভ হৈছিলেইতথাপিও দুৱাৰ খোলা সমস্যাটোত ইংৰাজীত প্রতি উত্তৰ দিবলগীয়া নোহোৱাত সাময়িকভাবে স্বস্তিৰ নিশ্বাস পেলালেকিনো আৰু দুৱাৰখন খুলি দিলেই হলগত ভাল কথা এটাও হ, ১৭৭য়ে তালৈ এবাৰ চালেওঁদুৱাৰ খুলিবলৈ খিলিদুটাত হাত দিওঁতেহে দেখিলে, দুৱাৰখন দেখোন বাহিৰ ফালৰ পৰাহে বন্ধ হৈ আছেইতিমধ্যে চাৰেও বাকী থকা ইংৰাজী পাঠটো বুজাবলৈ আৰম্ভ কৰি দিছিলকিন্তু তেতিয়ালৈকে দুৱাৰখন খোল নোখোৱাত, বিমানকো সেমেনাসেমেনিকৈ ঠাইতে থিয় হৈ থকাত চাৰে আকৌ কলে
“What happened… open the door.”
ধানবনা কলৰ দৰে বিমানৰ বুকু ঢপঢপাব ধৰিলেএইবাৰহে এইবাৰ, সি অসমীয়াতে ভাবি ললে কি ককিন্তু সি বাহিৰ ফালৰ পৰা দুৱাৰ বন্ধ হৈ থকা কথাটো কেনেকৈ ইংৰাজীত কব, ওলাই অহা নাইইফালে দত্ত ছাৰক জানেই, ছাৰক ইংৰাজীতহে উত্তৰতো দিব লাগিবতাতেই আকৌ ছোৱালীবোৰ আছেইকিবা ওলট-পালট কৰিলেই মান ইজ্জত সোপাকে শেষ হঅৱশেষত মনটোক বহুত কাকূতি-মিনতি কৰাত মুখৰ পৰা ওলাই আহিল আমাৰ সেই সময়ত বিখ্যাত হৈ পৰা অসমীয়াৰ পৰা ইংৰাজীলৈঅনুবাদটো
“Sir, the door is holiday from outside.”
এই গোটেই ঘটনাটোৰ সাৰমৰ্ম আছিল এইটোৱেই যে ভালকৈ ইংৰাজী কব নোৱাৰিলেওঁ দত্ত ছাৰৰ দৰে মানুহ এজনক তভক খুৱাই দিব পাৰিকিয়নো চাৰেও অলপ সময়ৰ বাবে হলেও মুখৰ মাত বন্ধ কৰি দিছিলকিন্তু কেইজনীমানে মুখটিপি হাঁহি থকা কথাটোৱেহে তাক ছাৰৰ ক্লাছ কৰিবলৈ বাৰণ কৰি থৈছিলবিমানে ১৭৭ৰ লগত পিছৰ বাৰ সৰস্বতী পূজাত একেলগে অঞ্জলি লম বুলি ভাবি থকা কথাটোৰ সিমানতে ইতি পেলাইছিল
বিমানৰ আৰু এষাৰ বিখ্যাত উক্তিৰ কথা এতিয়াই নকলে পিছলৈ পাহৰিবওঁ পাৰো উচ্চতৰ মাধ্যমিকৰ শেষান্ত পৰীক্ষালৈ চাৰিমাহ বাকী থকা অৱস্থাত বিমানৰ বোধ ল যে ৰসায়ন বিজ্ঞানৰ দুটামান অধ্যায়ত সি অলপ কেঁচাআমাৰ মহাবিদ্যালয়ৰে এজন অধ্যাপকে ঘৰতে শিকাই বুলি জানি ঘৰ বিচাৰি ওলালেগৈছাৰৰ ঘৰ বিচাৰি গৈ দেখে যে দুৱাৰত তলাসুধিবলৈ কাষতে লাগি থকা ঘৰটোৰ কলিং বেলটো বজালেকোনোবা এজনী ওলাই আহিলতেঁও বঙালী ভাষী আছিল বোধকৰো, বিমানক সুধিলে-
কাকে চাইছেন?”
বিমানে ছাৰৰ ঘৰটোলৈ আঙুলিয়াই উত্তৰ দিলে-
অখন ইছ ঘৰমে কোনো নেহি হ্যায় নেকি?”
(বিঃদ্ৰঃ আমি স্কুল-কলেজত পঢ়া সময়ৰ পটভূমিত লিখিলোকিবা মিল পোৱা গলে সেয়া কাকতালীয় বুলিহে ভাবিব।)
(১৫/০২/২০১৩ www.xahitya.org ত প্রকাশিত)

Comments

Popular posts from this blog

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)

টিলৌ সংবাদ (কৌতুক)

ৰক্তৰঞ্জিত :: ৰহস্যৰ অৱসান (ৰহস্য গল্প)