Posts

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে ...

বিশ্ব জুনোছিছ দিৱসৰ প্ৰেক্ষাপটত অসম আৰু আমাৰ কৰণীয়ঃ

  জীৱ-জন্তুৰ পৰা মানুহলৈ সংক্ৰমিত হ’ব পৰা ৰোগৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে প্ৰতি বছৰে ৬ জুলাইত বিশ্ব জুন’চিছ দিৱস পালন কৰা হয়। বৈচিত্ৰ্যপূৰ্ণ প্ৰাণীজগতৰে পৰিপূর্ণ উত্তৰ-পূব ভাৰতৰ আমাৰ ৰাজ্য অসমৰ প্ৰেক্ষাপটত জুন’টিক ৰোগৰ বিষয়টো বিশেষভাৱে প্ৰাসংগিক। অসমৰ চহকী জৈৱ বৈচিত্ৰ্যৰ অন্তর্গত নদ-নদী, জলাশয়, অৰণ্য ইত্যাদি বিভিন্ন বন্যপ্ৰাণী প্ৰজাতিৰ বাসস্থান। এই জৈৱ বৈচিত্ৰ্যই জুনোটিক ৰোগ সংক্ৰমণৰ আশংকা আনে, কিয়নো মানুহে চিকাৰ, খেতি, বনাঞ্চল ধ্বংসৰ দৰে কামৰ জৰিয়তে বিভিন্ন বন্যপ্ৰাণীৰ সংস্পৰ্শলৈ আহে। অসমত দেখা পোৱা জুনটিক ৰোগসমূহৰ অন্যতম হৈছে জাপানীজ এনকেফেলাইটিছ, এভিয়ান ইনফ্লুৱেঞ্জা, লেপ্ট’স্পাইৰ’ছিছ, জলাতঙ্ক ইত্যাদি। জাপানীজ এনকেফেলাইটিছ : বিশেষকৈ বাৰিষা কালত মহৰ দ্বাৰা হোৱা ভাইৰাছজনিত ৰোগ। ইয়াৰ ফলত মগজুৰ প্ৰদাহ হৈ মৃত্যুমুখত পৰিব পাৰে। এভিয়ান ইনফ্লুৱেঞ্জা : হাঁহ-কুকুৰা পামত সময়ে সময়ে বাৰ্ড ফ্লুৰ প্ৰাদুৰ্ভাৱ দেখা যায়। ইয়াৰ ফলত আক্ৰান্ত চৰাইৰ সংস্পৰ্শলৈ অহা মানুহলৈ সংক্ৰমণৰ আশংকা থাকে। লেপ্ট’স্পাইৰ’ছিছ : এই বেক্টেৰিয়াজনিত ৰোগ আক্ৰান্ত প্ৰাণী, যেনে ৰোডেন্টৰ প্ৰস্ৰাৱৰ দ্বাৰা দ...

ৰাজ্যৰ অৰ্থনীতিত বিশেষকৈ গ্ৰাম্য জনসাধাৰণৰ বাবে অসমত পশুপালনৰ ভূমিকাঃ

  ৰাজ্যৰ অৰ্থনীতিত বিশেষকৈ গ্ৰাম্য জনসাধাৰণৰ বাবে অসমত পশুপালনৰ ভূমিকা উল্লেখযোগ্য। পশুপালন আৰু পশু চিকিৎসাই গো-ম’হ পালন, হাঁহ-কুকুৰা পালন, ছাগলী পালন, গাহৰি পালন, ঘাঁহ খেতি আদি বিভিন্ন দিশ সামৰি লৈছে যদিও সময়ে সময়ে বহুতো প্ৰত্যাহ্বানৰো সন্মুখীন হ’বলগীয়া হৈছে। বিশেষকৈ বহু গ্ৰাম্য অঞ্চলত পশুপালন আৰু পশু চিকিৎসা সেৱাৰ বাবে পৰ্যাপ্ত আন্তঃগাঁথনিৰ অভাৱ দেখা যায়। ইয়াৰ ভিতৰত পশু চিকিৎসালয়, পশুধন ৰোগৰ পৰীক্ষাগাৰ, বন্যাক্রান্ত পশুধনৰ বাবে উপযুক্ত আশ্ৰয় শিবিৰ আদি উল্লেখযোগ্য। জলবায়ু সম্পৰ্কীয় পৰিৱৰ্তন যেনে গ্রীষ্ম প্রবাহ, বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগ আদিয়ে আমাৰ ৰাজ্যত পশুপালনৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাই আহিছে। ইয়াৰ ফলত পশুধন, আন্তঃগাঁথনিৰ ক্ষতি হয়, খাদ্য আৰু পানীৰ উপলব্ধতাতো ব্যাঘাত জন্মে। পশুধনৰ বাবে গুণগত খাদ্য আৰু পুষ্টিকৰ পৰিপূৰক উপলব্ধতা অসমৰ পশুপালকসকলে সন্মুখীন হোৱা আন এক বাধা। বিশেষকৈ খৰাং বা বানপানীৰ সময়ত অপৰ্যাপ্ত খাদ্যই পশুধনৰ স্বাস্থ্য আৰু উৎপাদনশীলতাত নেতিবাচক প্ৰভাৱ পেলায়। অসমৰ পৰম্পৰাগত পশুধনৰ জাতৰ উৎপাদনশীলতা অধিক উৎপাদনশীল জাতৰ তুলনাত গাখীৰ, মাংস, কণী উৎপাদনৰ ক্ষে...