Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে ...

বিৱৰ্তনৰ বাটেৰে পশুচিকিৎসা বিজ্ঞান…

                                         বিৱৰ্তনৰ বাটেৰে পশুচিকিৎসা বিজ্ঞান…

১৯০৫ চনত ইংৰাজ শাসকে অসামৰিক পশুচিকিৎসা বিভাগৰ অধীনত গুৱাহাটীৰ চেনিকুঠীত পোন প্ৰথমে পশু চিকিৎসালয় এখন স্থাপন কৰিছিল। প্ৰথম অৱস্থাত যোৰহাটক লৈ উজনি অসম মন্ডল আৰু গুৱাহাটীক লৈ নামনি অসম মন্ডল হিচাপে অসমৰ পশু চিকিৎসা বিভাগ টোক দুটা মণ্ডলত বিভক্ত কৰা হৈছিলপশু চিকিৎসা পৰিদৰ্শকৰ অধীনত সহকাৰী পশু চিকিৎসা বিষয়া আৰু তত্বাৱধায়ক ক্ষেত্ৰ সহায়কসকলে বিভাগটোত সেইসময়ত কর্মৰত আছিল। পশুচিকিৎসা পৰিদৰ্শক গৰাকীৰ দায়িত্ব আছিল পশুচিকিৎসালয়ৰ নিয়মীয়া পৰিদৰ্শন কৰা ইয়াৰ পিছত বিভাগটো জিলা পৰ্যায়ত জিলা পশু চিকিৎসা বিষয়াৰ সৈতে সঞ্চালকৰ অধীনলৈ আহে বৰ্তমানৰ প্ৰশাসনিক ব্যৱস্থা অৰ্থাৎ পশুপালন আৰু পশুচিকিৎসা বিভাগ, অসম ১৯৫০ চনৰ পৰা কাৰ্যকৰী হয়। পশুপালন আৰু পশুচিকিৎসা বিভাগ, অসমে এই ১১৮ বছৰীয়া বিভিন্ন পৰিক্রমাৰ মাজেৰে আহি আজিৰ এই অৱস্থা পাইছে।

ৰাজ্যৰ অৰ্থনীতিত বিশেষকৈ গ্ৰাম্য জনসাধাৰণৰ বাবে অসমত পশুপালনৰ ভূমিকা উল্লেখযোগ্য। পশুপালন আৰু পশু চিকিৎসা বিভাগে গো-ম’হ পালন, হাঁহ-কুকুৰা পালন, ছাগলী পালন, গাহৰি পালন, ঘাঁহ খেতি আদি বিভিন্ন দিশ সামৰি লৈছে যদিও সময়ে সময়ে বহুতো প্ৰত্যাহ্বানৰো সন্মুখীন হ’বলগীয়া হৈছে। বিশেষকৈ বহু গ্ৰাম্য অঞ্চলত পশুপালন আৰু পশু চিকিৎসা সেৱাৰ বাবে পৰ্যাপ্ত আন্তঃগাঁথনিৰ অভাৱ দেখা যায়। ইয়াৰ ভিতৰত পশু চিকিৎসালয়, পশুধন ৰোগৰ পৰীক্ষাগাৰ, বানাক্রান্ত পশুধনৰ বাবে উপযুক্ত আশ্ৰয় শিবিৰ আদি উল্লেখযোগ্য। জলবায়ু সম্পৰ্কীয় পৰিৱৰ্তন যেনে গ্রীষ্ম প্রবাহ, বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগ আদিয়ে আমাৰ ৰাজ্যত পশুপালনৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাই আহিছে। ইয়াৰ ফলত পশুধনৰ লগতে আন্তঃগাঁথনিৰ ক্ষতি হয়, খাদ্য আৰু পানীৰ উপলব্ধতাতো ব্যাঘাত জন্মে। পশুধনৰ বাবে গুণগত খাদ্য আৰু পুষ্টিকৰ পৰিপূৰক উপলব্ধতা অসমৰ পশুপালকসকলে সন্মুখীন হোৱা আন এক বাধা। বিশেষকৈ খৰাং বা বানপানীৰ সময়ত অপৰ্যাপ্ত খাদ্যই পশুধনৰ স্বাস্থ্য আৰু উৎপাদনশীলতাত নেতিবাচক প্ৰভাৱ পেলায়। গাখীৰ, মাংস, কণী উৎপাদনৰ ক্ষেত্ৰত অসমৰ পৰম্পৰাগত পশুধনৰ জাতৰ উৎপাদনশীলতা অধিক উৎপাদনশীল জাতৰ তুলনাত কম। উন্নত জাত আৰু কৃত্রিম প্ৰজননৰ ক্ষেত্রত কিছুমান অসুবিধাজনক কাৰণৰ বাবে উৎপাদনশীলতা বৃদ্ধিৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি হৈ আছে।

পশুস্বাস্থ্যসেৱাৰ প্রয়োজনীয়তা অতি গুৰুত্বপূৰ্ণ, কিয়নো দুৰ্গম অঞ্চলত পশু চিকিৎসক আৰু পশু চিকিৎসাৰ অভাবে পশুপালকসকলক মানসিক আৰু অর্থনৈতিকভাবে দুর্বল কৰি পেলাব পাৰে। ঠিক তেনেকৈ বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ সঠিক টিকাকৰণৰ কাৰ্যসূচী আৰু ৰোগৰ নিৰীক্ষণ অতি গুৰুত্বপূৰ্ণ। পশুপালনৰ ক্ষেত্রত পশুপালকৰ বাবে বিজ্ঞানসন্মত পশুপালন পদ্ধতি, ৰোগ ব্যৱস্থাপনা আৰু পশুধনৰ পৰিপুষ্টিৰ ওপৰত প্ৰশিক্ষণ কাৰ্যসূচী অতি প্ৰয়োজনীয়।  পশুপালন খণ্ডত বিনিয়োগকাৰীক উৎসাহিত কৰাৰ বাবে পশুধন আৰু পশুজাত সামগ্ৰীৰ বাবে বজাৰ সংযোগ স্থাপন ইত্যাদি বিষয়ত প্রায়ে প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়। সংগঠিত বিপণন মাধ্যম আৰু মূল্য সমৰ্থন ব্যৱস্থাৰ অভাৱৰ ফলত পশুপালকসকলে প্ৰায়ে তেওঁলোকৰ সামগ্ৰী বিক্রয়ৰ ক্ষেত্রত কম মূল্য লাভ কৰে।

এই প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ অসম চৰকাৰে ভাৰত চৰকাৰৰ সহযোগত বিভিন্ন আঁচনিৰ জৰিয়তে সুফল পাবলৈ চেষ্টা কৰি আছে। ইয়াৰে ভিতৰত ভ্ৰাম্যমাণ পশু চিকিৎসা ইউনিট স্থাপন কৰি দুৰ্গম অঞ্চল সমূহত সময়মতে পশু চিকিৎসা সেৱা উপলব্ধ কৰোৱা হৈছে। আগলৈকে পশু চিকিৎসা সেৱাত দূৰৈৰ পৰা পৰামৰ্শ প্ৰদান কৰিবলৈ টেলিমেডিচিন সেৱাসমূহো অন্বেষণ কৰিব পাৰি। গৱেষণামূলক কার্যকলাপেৰে বিজ্ঞানসন্মত পশুপালন, পশুস্বাস্থ্যসেৱা, ৰোগ প্ৰতিৰোধ ইত্যাদি বিষয়ত অধিক প্রাণবন্ত আৰু উৎপাদনশীলতাৰ দিশত বৃদ্ধিৰ ঊর্ধ্বমুখী হাৰ নিশ্চয়কৈ দেখা দিব। পশু চিকিৎসা সেৱাৰ বাবে আন্তঃগাঁথনি উন্নয়ন, পশুপালকৰ বাবে ৰাজসাহায্য প্ৰদান আৰু পশুজাত সামগ্ৰীৰ উচিত বজাৰ মূল্যৰ নিশ্চিতকৰন নীতিয়ে পশুপালসকলক এই খণ্ডত বিনিয়োগ কৰিবলৈ উৎসাহিত কৰিব। প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰি প্ৰতিকাৰসমূহৰ সঠিক ব্যবস্থাপনাৰ জৰিয়তে অসমৰ পশুপালন আৰু পশু চিকিৎসা খণ্ড অধিক উন্নত হৈ উঠিব আৰু ৰাজ্যখনৰ সামগ্ৰিক আৰ্থ-সামাজিক বিকাশত অৰিহণা যোগাবলৈ সক্ষম হ’ব।

উল্লেখিত কার্যসূচী সমূহৰ সফল ৰূপায়ণৰ বাবে চৰকাৰী সংস্থা, বেচৰকাৰী সংস্থা, গৱেষণা প্ৰতিষ্ঠান, আৰু ব্যক্তিগত খণ্ডৰ মাজত সহযোগিতা তথা একত্ৰিত প্ৰচেষ্টাৰ প্ৰয়োজন। আন্তঃগাঁথনি উন্নয়ন, পশু চিকিৎসা সেৱা, গৱেষণা আৰু উন্নয়ন, সম্প্ৰসাৰণ সেৱা, বজাৰ সংযোগৰ ক্ষেত্ৰত বিনিয়োগৰ গুৰুত্ব অপৰিসীমপশুজাত সামগ্ৰীৰ চাহিদা বৃদ্ধি, পশু স্বাস্থ্যৰ প্ৰতি সজাগতা বৃদ্ধি, আৰু পোহনীয়া জন্তুৰ জনসংখ্যা বৃদ্ধিৰ ফলত অনাগত দিনবোৰত পশু চিকিৎসা আৰু পশু পালন খণ্ডত সংযোজন আৰু পৰিবর্ধনৰ যথেষ্ট সম্ভাৱনা আছে। পৰ্যাপ্ত আন্তঃগাঁথনি আৰু দক্ষ পেছাদাৰীৰো অভাৱ আছে। এই প্ৰত্যাহ্বানসমূহৰ মোকাবিলা আৰু ইয়াৰ সম্ভাৱনা মুকলি কৰাত ৰাজহুৱা আৰু ব্যক্তিগত উভয় খণ্ডত বিনিয়োগ অতি গুৰুত্বপূৰ্ণ। অনাগত দিনবোৰত পশু চিকিৎসা খণ্ডত বিনিয়োগ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, যিটো ৰাজহুৱা আৰু ব্যক্তিগতভাবে দুয়োটাৰ দ্বাৰাই পৰিচালিত হ’ব পাৰে

পশু চিকিৎসা খণ্ডৰ আন্তঃগাঁথনি আৰু সেৱাৰ উন্নতিৰ লক্ষ্যৰে চৰকাৰে কেইবাটাও আঁচনি আৰু কাৰ্যসূচী আৰম্ভ কৰিছে। উদাহৰণস্বৰূপে, ২০১৪ চনত আৰম্ভ হোৱা ৰাষ্ট্ৰীয় গোকুল মিছনৰ লক্ষ্য হৈছে থলুৱা জাতৰ গৰু-ম’হৰ সংৰক্ষণ আৰু বিকাশ। একেদৰে, ২০১৪ চনত আৰম্ভ হোৱা ৰাষ্ট্ৰীয় পশুধন অভিযানৰ লক্ষ্য হৈছে পশুধন উন্নয়নক প্ৰসাৰিত কৰা আৰু খণ্ডটোৰ উৎপাদনশীলতা বৃদ্ধি কৰা।

পশুপালক সকলৰ বাবে সময়ে সময়ে চৰকাৰীভাবে বিভিন্ন আচঁনিৰ অধীনত বিজ্ঞানসন্মত পশুপালন, পশুস্বাস্থ্যসেৱা, ৰোগ প্ৰতিৰোধ ইত্যাদি বিষয়ত প্ৰশিক্ষণ কাৰ্যসূচী আৰু কৰ্মশালাৰ আয়োজন কৰা হয়। তথাপিও পশুপালনৰ জ্ঞান আৰু বিজ্ঞানসন্মত পদ্ধতিৰ প্ৰচাৰৰ লক্ষ্যৰে কৰা সম্প্ৰসাৰণ সেৱাৰ প্ৰসাৰ আৰু ফলপ্ৰসূতা কম যেন পৰিলক্ষিত হয়। গ্রাম্য অঞ্চল পশুপালক সকলে নিজৰ দক্ষতা বৃদ্ধি আৰু বিজ্ঞানসন্মত পশুপালন পদ্ধতি গ্ৰহণ কৰিবলৈ প্ৰশিক্ষণ কাৰ্যসূচী, কৰ্মশালা বা পৰামৰ্শদাতা সেৱাৰ সুবিধা নাপাবও পাৰে। তেনে ক্ষেত্রত পশুপালন আৰু পশুচিকিৎসা বিভাগৰ যথেষ্ট কৰণীয় আছে। পশু চিকিৎসকসকলে ৰোগ নিৰীক্ষণ, টিকাকৰণ, নিদান, গৱেষণাৰ জৰিয়তে, সংশ্লিষ্ট  স্বাস্থ্যকর্মী সকলৰ সহযোগিতাত জুন’টিক ৰোগসমূহ ৰোধ কৰাত অপৰিহাৰ্য ভূমিকা পালন কৰি আহিছে। জুন’টিক ৰোগৰ কাৰক জীৱাণুৰ দ্বাৰা সৃষ্টি হোৱা বিপদৰ পৰা পশু আৰু মানুহৰ স্বাস্থ্য উভয়ৰে সুৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা অমূল্য।

বৈচিত্ৰ্যপূৰ্ণ জীৱ-জন্তুৰে পৰিপূর্ণ উত্তৰ-পূব ভাৰতৰ ৰাজ্য অসমৰ প্ৰেক্ষাপটত জুন’টিক ৰোগৰ বিষয়টো বিশেষভাৱে প্ৰাসংগিক। অসমৰ চহকী জৈৱ বৈচিত্ৰ্যৰ অন্তর্গত নদ-নদী, জলাশয়, অৰণ্য ইত্যাদি বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণীৰ বাসস্থান। এই জৈৱ বৈচিত্ৰ্যই জুনোটিক ৰোগ সংক্ৰমণৰ আশংকা আনে, কিয়নো মানুহে চিকাৰ, খেতি, বনাঞ্চল ধ্বংসৰ দৰে কামৰ জৰিয়তে বিভিন্ন বন্যপ্ৰাণীৰ সংস্পৰ্শলৈ আহে।

জুন’টিক ৰোগে সৃষ্টি কৰা প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ সজাগতা বৃদ্ধি, কাৰ্যকৰী প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ ব্যৱস্থা বিভিন্ন পর্যায়ত ৰূপায়ণ কৰি জুন’টিক ৰোগৰ লগত জড়িত বিপদসমূহ লাঘৱ কৰি ইয়াৰ বৈচিত্ৰময় বন্যপ্ৰাণীৰ স্বাস্থ্য সুৰক্ষিত কৰিব পৰা যায়। এইসমূহৰ ভিতৰত জনসজাগতা অভিযান, ৰোগ নিৰীক্ষণ আৰু নিয়ন্ত্ৰণ কৰিবলৈ পশু চিকিৎসা আৰু জনস্বাস্থ্যৰ আন্তঃগাঁথনি শক্তিশালী কৰা,  সংহত কৌশল প্ৰস্তুত কৰিবলৈ স্বাস্থ্য বিষয়া, পশু চিকিৎসক, আৰু পৰিৱেশবিদসকলৰ মাজত সহযোগিতা স্থাপন, বন্যপ্ৰাণীৰ বাসস্থান সুৰক্ষিত আৰু মানুহ-বন্যপ্ৰাণীৰ সংঘাত হ্ৰাস কৰাৰ বাবে প্ৰচেষ্টা কৰা ইত্যাদিয়ে প্রধান। পশু চিকিৎসক এজনে পশুৰ স্বাস্থ্য, ৰোগ নিৰীক্ষণ, আৰু প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্রহণ কৰি জুন’টিক ৰোগ প্রতিৰোধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

সময় সলনি হৈছে। তথ্য আৰু যোগাযোগ প্ৰযুক্তি আজিৰ দৈনন্দিন কামৰ সুবিধা প্ৰদানকাৰী হৈ পৰিছে। চৰকাৰী, ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডকে ধৰি সকলো খণ্ডতে অনুকূলন আৰু দক্ষতাক আগুৱাই নিয়াত ইয়াৰ অতি গভীৰ ভূমিকা আছে। দেশৰ আন আন প্রান্তৰ দৰে অসমৰ পশুপালন আৰু পশুচিকিৎসা খণ্ডতো তথ্য প্ৰযুক্তিয়ে বিভিন্ন দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছেসমগ্ৰ বিশ্বতে পশু চিকিৎসক আৰু ইয়াৰ লগত জড়িত ব্যক্তিসকলে দৈনন্দিন পশুপালন আৰু পশু চিকিৎসা পদ্ধতিত নিতৌ তথ্য আৰু যোগাযোগ প্ৰযুক্তি ব্যৱহাৰ কৰে। পশুধন উন্নয়নত আৰু প্ৰশাসনিক পৰ্যায়তো সিদ্ধান্ত গ্ৰহণত তথ্য প্ৰযুক্তিয়ে অতি ফলপ্ৰসূ ভূমিকা পালন কৰিছে।

বর্তমান সময়ত অসম পশুপালন আৰু পশুচিকিৎসা বিভাগত কেইবাটাও তথ্য প্ৰযুক্তি ভিত্তিক এপ্লিকেচন ব্যৱহাৰ কৰি থকা হৈছে। এই এপ্লিকেচনসমূহে সকলো অংশীদাৰ বিভাগক সহায় কৰিছে, যাৰ ফলত আন্তঃৰাজ্যিক আৰু আন্তঃবিভাগীয় যোগাযোগ উন্নত হৈছে, কামৰ মান বৃদ্ধি হৈছে, সময় হ্ৰাস পাইছে। প্ৰধানমন্ত্ৰী গতিশক্তি- ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন, অফিচিয়েল চি.এম. ডেচব’ৰ্ড, ‘ই-প্ৰস্তুতি’, বিভাগীয় ছ’চিয়েল মিডিয়া পেজ, ৰাষ্ট্ৰীয় ডিজিটেল পশুধন অভিযান এনে কেইটামান এপ্লিকেচন যিয়ে আমাক ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক প্রেক্ষাপটত বিভাগটোৰ কাম-কাজ তথা গতিশীলতাৰ খতিয়ান দাঙি ধৰিছে। ‘ই-প্ৰস্তুতি’ প্ৰকল্প তথা বিভাগীয় ছ’চিয়েল মিডিয়া পেজ সমূহত নিয়মিতভাৱে পশুধন পালকসকলৰ বাবে সজাগতামূলক তথা জ্ঞানবর্ধক কাহিনী, বিভাগীয় কাৰ্যকলাপ, সফলতাৰ কাহিনী ইত্যাদি বিষয়ৰ প্ৰকাশ আৰু আপডেট কৰা হয়।  ৰাষ্ট্ৰীয় ডিজিটেল পশুধন অভিযানৰ (এনডিএলএম)ৰ দ্বাৰা আধুনিক তথ্য আন্তঃগাঁথনি আৰু প্ৰয়োগ সৃষ্টি কৰি নিৰৱচ্ছিন্নভাৱে তথ্য লাভ কৰিবলৈ সক্ষম হোৱা, প্ৰত্যক্ষ লাভ হস্তান্তৰৰ বাবে এক ব্যৱস্থা গঢ়ি তোলা, প্রজনন ব্যবস্থা, ৰোগ নিৰীক্ষণ তথা নিয়ন্ত্ৰণ কাৰ্যসূচী ইত্যাদি তথ্য প্ৰযুক্তিৰেই সুফল।

পশুপালকৰ দুৱাৰমুখত পশু চিকিৎসা সেৱাৰ বাবে পশুপালন আৰু পশুচিকিৎসা বিভাগ আৰু কল চেণ্টাৰত ১৯৬২ যোগে পশু চিকিৎসকৰ নিয়ন্ত্ৰণত ৰাজ্যখনত ভ্ৰাম্যমাণ পশু চিকিৎসা সেৱা চলি আছে। ইয়াৰ উপৰিও অসম পশুপালন আৰু পশুচিকিৎসা বিভাগৰ পৰা ইংৰাজী ভাষাত মাহেকীয়া ‘নিউজ লেটাৰ’ “ইনচাইট (INSIGHT)” আৰু দ্বিভাষিক তিনিমহীয়া বার্তালোচনী “পশুপালন বার্তা” প্রকাশিত হৈ আছে।

পশুপালন আৰু পশুচিকিৎসা বিভাগত কর্মৰত বিষয়া-কর্মচাৰী সমন্বিতে সকলোৱে ৰাজ্য খনত পশুপালনৰ বিকাশৰ বাবে নতুন ব্যৱস্থা বোৰৰ মাজেৰে সম্প্ৰসাৰিত সেৱাৰ জৰিয়তে কৰি এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আন্তঃগাঁথনি উন্নয়ন, বিষয়া-কর্মচাৰী তথা পশুপালক সকলক সময়ে সময়ে প্রয়োজনীয় বিষয়ত প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এইবোৰ এক ফলপ্ৰসূ, দক্ষ আৰু স্বচ্ছ প্ৰশাসনিক ব্যৱস্থাৰ মাজেৰে আগবঢ়াই নিবলৈ চেষ্টা কৰা হৈছে।

প্ৰতিটো প্ৰজাতিৰ জীৱ-জন্তুৰ স্বাস্থ্য আৰু কল্যাণৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে পশু চিকিসাত নিয়োজিত কর্মীসকলে যথেষ্ট পৰিশ্ৰম কৰে। পশু চিকিৎসকে পৰিৱেশ সুৰক্ষা, গৱেষণা, খাদ্য সুৰক্ষা, আৰু জনস্বাস্থ্যৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, যাৰ ফলত জীৱ-জন্তু আৰু সমাজৰ স্বাস্থ্য সুৰক্ষিত হয়। প্ৰাকৃতিক দুৰ্যোগ বিশেষকৈ বানপানীৰ সময়ত জীৱ-জন্তু আৰু মানুহ বিপদৰ সন্মুখীন হ’বলগীয়াত পৰে। পশু চিকিসাত নিয়োজিত কর্মীসকলে এনে দুৰ্যোগৰ সময়চোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমাৰ ৰাজ্যখন বহু পৰিমাণে কৃষিৰ ওপৰত নিৰ্ভৰশীল। কৃষিৰ লগত জড়িত জীৱ-জন্তুৰ স্বাস্থ্য উন্নত কৰিলে কৃষকৰ জীৱনৰ মানো উন্নত হয়। পশু চিকিৎসা বৃত্তিক নিজৰ ভবিষ্যত কর্মক্ষেত্র হিচাপে বাছনি কৰা ছাত্র-ছাত্রী দিনক দিনে বৃদ্ধি পাবলৈ লৈছে। পশু চিকিৎসা বিজ্ঞান পাঠ্যক্রমৰ বাবে যোগ্য আবেদনকাৰীৰ সংখ্যাও বৃদ্ধি পাইছে। পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় সমূহত নামভৰ্তি অতি প্ৰতিযোগিতামূলক, প্রৱেশ পৰীক্ষাৰ জৰিয়তেহে  নামভৰ্তি কৰিবলৈ সুবিধা পায়। পশু চিকিৎসাৰ বিজ্ঞানৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰি পশু চিকিসাৰ ডিগ্ৰী লাভ কৰাৰ পিছত কিছুমান স্নাতকে পশু চিকিসাৰ বিশেষত্ব যেনে ভেষজ বিজ্ঞান, শল্যচিকিৎসা বিজ্ঞান, আভ্যন্তৰীণ চিকিৎসা, অণুজীৱবিজ্ঞান, ৰোগতত্ব বিজ্ঞান  বা প্ৰতিৰোধমূলক চিকিৎসা আদি বিষয়সমূহ আগ্রহ অনুসৰি বাছি লৈ অতিৰিক্ত শিক্ষা গ্ৰহণ কৰে।

পশু চিকিৎসা বিজ্ঞানৰ সফল কেৰিয়াৰ গঢ়ি তোলাত অৰিহণা যোগোৱা কেইবাটাও অপৰিহাৰ্য বৈশিষ্ট্য আছে। ইয়াৰ ভিতৰত জীৱ-জন্তু, পশু-পক্ষী, পোহনীয়া জন্তুৰ স্বাস্থ্যৰ প্রতি সজাগ দৃষ্টি বজাই ৰখা; জীৱ বিজ্ঞানৰ প্ৰতি যোগ্যতা আৰু আগ্ৰহ থকা; পশু চিকিৎসা বিজ্ঞানৰ প্ৰতি এটা অনুসন্ধানী মন আৰু পৰ্যবেক্ষণৰ তীক্ষ্ণ দৃষ্টি; পশুপালকৰ সৈতে যোগাযোগৰ দক্ষতা, দৃঢ় বন্ধন গঢ়ি তোলা; পৰিৱেশ অনুযায়ী নেতৃত্বৰ দক্ষতা থকা ইত্যাদি উল্লেখযোগ্য।

পশু চিকিসা বৃত্তিত হঠাৎ উদ্ভব হোৱা কিছুমান কাৰকেও ক্রিয়া কৰে। শেহতীয়াকৈ প্রকাশ পোৱা এখন গৱেষনা গ্ৰন্থ “দ্য পাৱাৰ অৱ বেড”ত সামাজিক মনোবিজ্ঞানী ৰয় বাউমেষ্টাৰ আৰু সাংবাদিক জন টিয়েৰ্নেই ব্যাখ্যা কৰিছে যে সাধাৰণতে এজন ব্যক্তিক এটা নেতিবাচক অভিজ্ঞতাৰ প্ৰভাৱক ম্লান পেলাবলৈ চাৰিটা ইতিবাচক অভিজ্ঞতাৰ প্ৰয়োজন হয়। পশু চিকিৎসকৰ বাবে নেতিবাচক অভিজ্ঞতাৰ পৰা নিজকে সম্পূৰ্ণৰূপে এৰাই চলাৰ কোনো উপায় নাথাকিবও পাৰে। অৱেশ্যে বেছিভাগ পোহনীয়া জীৱ-জন্তু, পশু-পক্ষীৰ গৰাকীয়ে পশু চিকিৎসক তথা পশু চিকিৎসা কর্মীসকলক যথাযোগ্য সন্মান দিয়ে। গতিকে ইতিবাচক পাৰস্পৰিক ক্ৰিয়া-কলাপ চাৰিটাতকৈ বহু বেছি। বেছিভাগ পশু চিকিৎসকে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জনস্বাস্থ্যৰ প্রতি প্রভুত অৰিহণা আগবঢ়ায়। পশু চিকিৎসক তথা পশু চিকিৎসা কর্মীসকলৰ জনস্বাস্থ্যৰ প্রতি আগবঢ়োৱা অৱদানক মূলত কেইবাটাও ভাগত ভাগ কৰিব পাৰি। যেনে জুনোটিক ৰোগ আৰু জনস্বাস্থ্যত পশু চিকিৎসকৰ ভূমিকা; খাদ্য সুৰক্ষাত পশু চিকিৎসকৰ ভূমিকা; নিদান পৰীক্ষাগাৰত পশুস্বাস্থ্যদিশত পশু চিকিৎসকৰ ভূমিকা; জৈৱ চিকিৎসা গৱেষণাত পশু চিকিৎসকৰ ভূমিকা; স্বাস্থ্য শিক্ষা আৰু সম্প্ৰসাৰণত পশু চিকিৎসকৰ ভূমিকা; পশু-পক্ষী ক্লেশ নিবাৰণিত পশু চিকিৎসকৰ ভূমিকা; জৈৱিক, চিকিৎসা সঁজুলি আৰু ঔষধৰ উৎপাদন আৰু নিয়ন্ত্ৰণত পশু চিকিৎসকৰ ভূমিকা; জনসাধৰণৰ সজাগতা সৃষ্টিত আৰু চৰকাৰী কাৰ্যকলাপত পশু চিকিৎসকৰ ভূমিকা।

জনস্বাস্থ্যত পশু চিকিৎসকৰ ভূমিকাৰ উদাহৰণসমূহ হ’ল পশু-পক্ষীৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰা, নিয়মিত টিকাকৰণ, পৰজীৱী নিয়ন্ত্ৰণ, ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পোৱা ব্যক্তিৰ বাবে পশু-পক্ষীৰ সংস্পৰ্শৰ বিপদৰ বিষয়ে পৰামৰ্শ প্রদান কৰা, বিশেষভাৱে সক্ষম লোকসকলৰ বাবে কুকুৰৰ সেৱা ব্যৱহাৰৰ সুবিধাসমূহ প্ৰচাৰ কৰা এই প্ৰত্যক্ষ সেৱাসমূহৰ উপৰিও পশু চিকিৎসকসকলে জনস্বাস্থ্য আৰু নিয়ন্ত্ৰণ সংস্থাসমূহক সময়মতে ৰোগৰ পৰিঘটনাৰ প্ৰতিবেদন দিয়ে  জুনোটিক ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো অইন চিকিৎসাকর্মী সকলৰ সৈতে সহযোগ কৰে আৰু স্থানীয় স্বাস্থ্য আয়োগসমূহক পৰামৰ্শ দিয়ে

বছৰ বছৰ ধৰি পশু চিকিৎসা কর্মীসকলে পশু আৰু মানৱ স্বাস্থ্য কল্যাণ, খাদ্য সুৰক্ষা, পৰিৱেশ বিজ্ঞান, নৃতত্ত্ব, মহামাৰী বিজ্ঞান, অণুজীৱবিজ্ঞান, পৰজীৱবিজ্ঞান, ৰোগবিজ্ঞান, শৰীৰবিজ্ঞান, মনোবিজ্ঞান, ৰেডিঅ’লজী আদি বিষয়ৰ গৱেষণাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৰিহণা আগবঢ়াই আহিছে। বিভিন্ন প্ৰত্যাহ্বানৰ সৃষ্টি হোৱাৰ লগে লগে পশু চিকিৎসকসকলে তেওঁলোকৰ জ্ঞান আৰু প্ৰশিক্ষণৰ যোগেদি পৰিবেশ আৰু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিজকে খাপ খুৱাবলৈ সক্ষম হৈছে। স্বাস্থ্যসুন্দ আৰু উৎপাদনশীল পশুধনে পাদন, কর্মক্ষেত্র সৃষ্টি, অৰ্থ বৃদ্ধি, আৰু দৰিদ্ৰতা নিৰাময়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। বিশ্বৰ জনসংখ্যা বৃদ্ধি আৰু মধ্যবিত্ত শ্ৰেণীৰ আয় বৃদ্ধিৰ লগে লগে পশুধনৰ সামগ্ৰীৰ চাহিদাও দিনক দিনে বৃদ্ধি পাইছে।

                                                                        ডাঃ দিগন্ত যাদৱ শর্মা

 তেজোৱতী ২০২৪ত প্রকাশিত

Comments

Popular posts from this blog

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)

প্ৰাচীন অসমৰ পশু চিকিৎসা জগতত এভুমূকি

ৰক্তৰঞ্জিত :: ৰহস্যৰ অৱসান (ৰহস্য গল্প)