Posts

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে ...

মানাহ অভয়াৰণ্যৰ MANAS NATIONAL PARK স্থিৰ চিত্ৰ

Image
         মানাহ অভয়াৰণ্য MANAS NATIONAL PARK, মঠনগুৰি, বাচবাৰিৰ লগতে সমীপৱৰ্ত্তী ভূটানৰ পানবাঙ এলেকাৰ মাজেৰে বৈ যোৱা অপৰূপ, মনোমুগ্ধকৰ মানাহ নদীৰ কিছু স্থিৰ চিত্ৰ। সময়ঃ      ১২-১৩ নভেম্বৰ' ২০১৫ আৰু            ১১-১২ ডিচেম্বৰ' ২০১৫ কেমেৰাঃ   Nikon Coolpix S6150 আৰু            Nokia Lumia 630 Windows Phone

বাটে ঘাটে (এক)

: চুঃ চুঃ ! যাঃ যাঃ !! : হেই কঙ্কন! কাকনো খেদিছ? : দেখা নাই! কুকুৰ!! চাৰিটামান গোট খালেই এতিয়ালৈকে!!! : বিক্ৰি কিমান আজি? : ধুইত! বিক্ৰি! পান-তামোলৰ দোকানেই ঠিক আছিল! : কিয়? কি হ'ল? : নন্দনপুৰ এলেকাত মানুহতকৈ কুকুৰৰ সংখ্যাই বেছি! : হাঃ হাঃ!! : বেটা হাহিঁছ! মইহে জানিছোঁ! দোকান খুলি বহা এঘন্টা মানেই হ'বৰ হ'ল। এটাও 'কাষ্টমাৰ' নাই। ইফালে চাৰিটা কুকুৰ আহি হাজিৰ। সেইকাৰণে কৈছো -নন্দনপুৰ এলেকাত মানুহতকৈ কুকুৰৰ সংখ্যাই বেছি! : ৰ'! দুকাপ চাহ লৈ আহোঁ। হৰেনে আগতে 'ৰিক্সা' চলাইছিল। আজিকালি 'চিটি বাছ'ৰ 'কন্ডাক্টৰ'। খুব ৰাতিপুৱাই মানে চাৰে তিনি অথবা চাৰি বজাতেই শোৱাপাতি এৰি 'চিটিবাছ' খনলৈ ধপলিয়াই যায়। সন্ধিয়া শেষৰটো 'ট্ৰিপ'ৰ পিছত 'চিটিবাছ'খন নিয়ম মাফিক পৰিষ্কাৰ কৰি ৰাখিব লাগে! কিতু এলাহৰ বাবে নকৰে। সেয়ে পুৱাৰ এন্ধাৰতে আগতেই কিনি থোৱা পাঁচ টকীয়া 'ডিটাৰজেন্ট পাউডাৰ'ৰ 'পেকেট' এটাৰে তিনি বাল্টি পানী মাৰি 'চিটিবাছ'খন পৰিষ্কাৰ কৰি ৰাখে। তাৰ পিছত 'ড্ৰাইভাৰ' ৰহমানৰ লগত চিধা খা...

নষ্টালজিয়া

               আজিৰ পৰা ত্ৰিশ বছৰৰো অধিক কাল আগতে ছপা আখৰত নিজৰ নাম দেখাটোত এক বুজাব নোৱাৰা আনন্দ আছিল ।   সেইটো যেন নিজৰ বাবে এক উৎসবত পৰিণত হৈছিল ।   সঁচাকৈয়ে এইটো আমাৰ বাবে এক  ' নষ্টালজিয়া ' ।   ত্ৰিশ বছৰৰ আগৰ কেইটামান অপৰিপক্ক হাতৰ প্ৰকাশিত লেখা নিজৰ  ' ব্লগ ' টোত  ' আপলোড '  কৰিলোঁ ।   আজিও অৱশ্যে লিখিবলৈ হাতখন পৰিপক্ক হৈ উঠা নাই ।   সেই ত্ৰিশ বছৰ আগতে য ' ত আছিলো ,  তাতে ৰৈ আছোঁ । বিজ্ঞান জেউতি ১৯শ বছৰ ৪ৰ্থ সংখ্যা আগস্ট ' ৮৪ত প্ৰকাশিত যিয়ে পৃথিৱীত গতিশীলতা আনি দিলে দিগন্ত যাদৱ শৰ্মা দেখাত সাধাৰণ যেন লাগিলেও চকাই আমাৰ অসম্ভৱ কামবোৰকো সম্ভৱ কৰি তুলিছে । ই আমাৰ দৈনন্দিন জীৱনত ব্যৱহৃত হোৱা কিছুমান প্ৰয়োজনীয় আহিলাত ব্যৱহৃত হৈছে । চকাৰ আৱিষ্কাৰ বিজ্ঞান জগতৰ এক উল্লেখযোগ্য ঘটনা । কোনে ক ' ত কেতিয়া চকা আৱিষ্কাৰ কৰিছিল সেইটো এতিয়াও কোনেও সঠিককৈ ক ' ব পৰা নাই । বিশেষজ্ঞ সকলে কয় যে খুব সম্ভৱ পূৱ ইউৰোপৰ মেছ ' প ' টেমিয়াতেই প্ৰথম চকাৰ আৱিষ্কাৰ হৈছিল প্ৰায় ৩৫০০ খৃষ্টপূৰ্বত । প্ৰথমত...