Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

নষ্টালজিয়া

               আজিৰ পৰা ত্ৰিশ বছৰৰো অধিক কাল আগতে ছপা আখৰত নিজৰ নাম দেখাটোত এক বুজাব নোৱাৰা আনন্দ আছিল সেইটো যেন নিজৰ বাবে এক উৎসবত পৰিণত হৈছিল সঁচাকৈয়ে এইটো আমাৰ বাবে এক 'নষ্টালজিয়া' ত্ৰিশ বছৰৰ আগৰ কেইটামান অপৰিপক্ক হাতৰ প্ৰকাশিত লেখা নিজৰ 'ব্লগ'টোত 'আপলোডকৰিলোঁ আজিও অৱশ্যে লিখিবলৈ হাতখন পৰিপক্ক হৈ উঠা নাই সেই ত্ৰিশ বছৰ আগতে য'ত আছিলোতাতে ৰৈ আছোঁ


বিজ্ঞান জেউতি ১৯শ বছৰ ৪ৰ্থ সংখ্যা আগস্ট '৮৪ত প্ৰকাশিত

যিয়ে পৃথিৱীত গতিশীলতা আনি দিলে
দিগন্ত যাদৱ শৰ্মা

দেখাত সাধাৰণ যেন লাগিলেও চকাই আমাৰ অসম্ভৱ কামবোৰকো সম্ভৱ কৰি তুলিছে ই আমাৰ দৈনন্দিন জীৱনত ব্যৱহৃত হোৱা কিছুমান প্ৰয়োজনীয় আহিলাত ব্যৱহৃত হৈছে চকাৰ আৱিষ্কাৰ বিজ্ঞান জগতৰ এক উল্লেখযোগ্য ঘটনা
কোনে ক'ত কেতিয়া চকা আৱিষ্কাৰ কৰিছিল সেইটো এতিয়াও কোনেও সঠিককৈ ক'ব পৰা নাই বিশেষজ্ঞ সকলে কয় যে খুব সম্ভৱ পূৱ ইউৰোপৰ মেছ''টেমিয়াতেই প্ৰথম চকাৰ আৱিষ্কাৰ হৈছিল প্ৰায় ৩৫০০ খৃষ্টপূৰ্বত প্ৰথমতে চকা তৈয়াৰ হৈছিল তিনিডোখৰ চেপেটা কাঠৰ তক্তা কাঠৰ খিলিৰে জোৰা লগাই ধাতুৰ আৱিষ্কাৰ হোৱাৰ পিছত চকাৰ আগতকৈ উন্নতি সাধন হ' ধাতুৰে চকাটোৰ ওপৰত ঘেৰ এটা দিয়া হ' আগতকৈ ই বেছি মিহি হোৱা বাবে সহজে চলিব পৰা হ' ইয়াৰ বহুবছৰ পিছত চকাৰ দান্তি লগোৱাৰ প্ৰচলন হ' কিন্তু এনেধৰণৰ চকা কেঁচামাটিত চলোৱাৰ বাবে সিমান সুবিধাজনক নাছিল কাৰণ ই গধূৰ হোৱা হেতুকে কেঁচামাটিত বহি গৈছিল ইয়াৰ বহুবছৰ পিছতহে উন্নত চকাৰ উদ্ভাৱন হ'
১৮৭৮ চনত ইংলেন্ডৰ জন বইড ডানল'পে বায়ু ভৰোৱা ৰবৰৰ চকা আৱিষ্কাৰ কৰে এইবোৰক বেলুন টায়াৰ বুলি কোৱা হৈছিল এইবোৰৰ ওজন কম কৰিবৰ কাৰণে চকাত মিহি মিহি দান্তি লগোৱা হৈছিল ডানল'প প্ৰকৃততে পশু চিকিৎসক আছিল তেওঁৰ অত্যাধুনিক চকাৰ আৱিষ্কাৰে বিশ্বত খলক লগাই দিলে এই চকাবোৰ পাছলৈ মটৰ গাড়ী, চাইকেল আদিত ব্যৱহৃত হয় আজিৰ মটৰ গাড়ীৰ চকা আৰু তেতিয়াৰ মাজত বেছি পাৰ্থক্য নাই বৰ্তমান তেওঁৰ নামেৰে এটা টায়াৰ কোম্পানীৰ নামাকৰণ কৰা হৈছে
কেইবছৰমান আগতে 'মহেঞ্জোদাৰো'ত খান্দি উলিওৱা বস্তুবোৰৰ ভিতৰত প্ৰায় ৪২০০ বছৰ আগৰ দুটা গোটা কাঠ্ৰ ডাঙৰ ডাঙৰ চকা পোৱা গৈছে

৩৫০০ খৃষ্টপূৰ্বঃ মেছ''টেমিয়াৰ কুম্ভকাৰসকলে মাটিৰ পাত্ৰ সাজিবলৈ আজিকালি ব্যৱহাৰ কৰাৰ দৰে চকা ব্যৱহাৰ কৰিছিল
৩২০০ খৃষ্টপূৰ্বঃ মেছ''টেমিয়াতেই ৩২০০ খৃষ্টপূৰ্বত গোটা চকা লগোৱা গাড়ী ব্যৱহাৰ কৰাৰ প্ৰমাণ আছে
২২০০ খৃষ্টপূৰ্বঃ মেছ''টেমিয়াতেই দান্তি (spoke) লগোৱা চকাৰ ৰথ প্ৰচলিত আছিল
খৃষ্টপূৰ্ব চতুৰ্থ শতিকাঃ গ্ৰিছ আৰু ইজিপ্টত গৰুৰ সহায়েৰে পানী তুলিবৰ বাবে চকাৰ ব্যৱহাৰ হৈছিল
১০০ খৃষ্টপূৰ্বঃ চকাৰ লগত সংযুক্ত ডেউকাৰ ওপৰত জোৰে বৈ যোৱা পানীৰে খুন্দিয়াবলৈ দি চকাটো ঘূৰিবলৈ দিছিল চকাৰ ঢূৰাৰ লগত সংযুক্ত যাঁত ঘূৰি ঘূৰি ঘেঁহু গুৰি কৰিছিল
১৩ শতিকাঃ সূতা কাটিবৰ বাবে চকাৰ ব্যৱহাৰ হয়
১৮৭০ _ বৰ্তমানঃ দান্তি লগোৱা চাইকেলৰ (প্ৰায় চল্লিশ বছৰ আগলৈ মটৰ গাড়ীৰ) চকা
-------------------------------------------
বিজ্ঞান জেউতি ১৯শ বছৰ ৫ম সংখ্যা অক্টোবৰ '৮৪ত প্ৰকাশিত

আমাৰ আয়ুস
দিগন্ত যাদৱ শৰ্মা

আমি বহুতে জানো যে আমাৰ আয়ুস বৃদ্ধি কৰিবলৈ 'লে আমি নিৰোগী ' লাগিব আমি উপলব্ধি কৰোঁ যে আন আন জীৱ-জন্তুৰ লগত আমাৰ আয়ুস নিমিলে আনকি জলবায়ু ভেদেও বিভিন্ন মানুহৰ মাজত আয়ুসৰ তাৰতম্য দেখা যায় দেখা যায় যে আমাৰ তুলনাত কাছৰ আয়ুস বেছি কাছৰ গড় আয়ুস ১২০-১৫০ কাছ ৩৫০ বছৰলৈকেও জীয়াই থকাৰ উতাহৰণ আছে জীৱিত প্ৰাণীৰ ভিতৰত কাছই আটাইতকৈ দীৰ্ঘজীৱী বুলি ঠিৰাং কৰা হৈছে আনহাতে কপৌ আৰু ছাগলীৰ গড় আয়ুস যথাক্ৰমে / আৰু ১২/১৪ বছৰ গতিকে দেখা ' যে প্ৰাণী সৰু বা ডাঙৰেই হওক কাৰো লগত কাৰো আয়ুস নিমিলে কিয় নিমিলে?
দেখা গৈছে যে প্ৰাণীয়ে মিনিটত কিমানবাৰ উসাহ লয় তাৰ লগত আয়ুসৰ সামঞ্জস্য আছে মিনিটত গড় উশাহৰ সংখ্যা যি প্ৰাণীৰ কম হয় সিমানে সেই প্ৰাণীৰ আয়ুস বৃদ্ধি পায় আৰু মিনিটত লোৱা গড় উশাহৰ সংখ্যা বেছি হয় সিমানে আয়ুস হ্ৰাস পায় অৰ্থাৎ ইয়াৰ দ্বাৰা এইটো নুবুজায় যে মিনিটত কম সংখ্যক উশাহ লোৱা ৰোগী প্ৰাণী এটাৰো আয়ুস বৃদ্ধি ' হয়তো তাৰ জন্মৰ লগে লগে মৃত্যুও ' পাৰে নাইবা পাছতো মৃত্যু ' পাৰে যদি আমি কাছৰ নিচিনাকৈ জীৱন নিৰ্বাহ কৰিব পাৰো তেনেহ'লে আমাৰো আয়ুস বৃদ্ধি আনহাতে যদি কপৌ বা ছাগলীৰ দৰে জীৱন নিৰ্বাহ কৰিব পাৰঁ তেনেহ'লে আমাৰো আয়ুস হ্ৰাশ' কপৌৱে মিনিটত উশাহ লয় ৩৮/৩৯ বাৰ কাছই মাত্ৰ / বাৰহে গতিকে আমিও যদি মিনিটে প্ৰতি / বাৰকৈ উশাহ ' পাৰো তেনেহ'লে নিশ্চয় আমাৰো আয়ুস বৃদ্ধি পাব এইটো বাৰু কিদৰে সম্ভব হয় এই বিষয়েও অলপ আলোচনা কৰাটো ভাল ' আমি জানো যে আমাৰ উশাহ নিশাহ লোৱা কাৰ্য্যত আমাৰ হাওঁফাওঁৰ ঠিক তলতে থকা মধ্যচ্ছদাখন আৰু আমাৰ কামিহাড়বোৰে সহায় কৰে যেতিয়া কামিহাড়ৰ জকাটো ওপৰলৈ উঠে তেতিয়া মধ্যচ্ছদাখন তললৈ নামে আৰু লগে লগে অক্সিজেনযুক্ত বায়ু আমাৰ হাওঁফাওঁত সোমায় তাৰ পাছত যেতিয়া মধ্যচ্ছদা কামিহাড় উভয়ে তললৈ নামে তেতিয়া দুষিত কাৰ্বন-ডাই-অক্সাইড গেছ আমাৰ নাকগহ্বৰেদি সোমাই নাসৰন্ধ্ৰৰয়েদি ওলাই যায় ইয়াকে ক্ৰমে উশাহ লোৱা আৰু নিশ্বাস এৰা বুলি কোৱা হয় সুস্থ আৰু সবল হৈ থাকিবলৈ 'লে সকলো প্ৰাণীকে জিৰণি আৰু অলপ শৰীৰ চৰ্চাৰ আৱশ্যক আমাকো এই দুয়োবিধেই আৱশ্যক খেলা-ধূলা কৰিলে শ্বাস প্ৰশবাসৰ হাৰ বাঢ়ে কিন্তু আমি সুই থাকিলে শ্বাস প্ৰশ্বাসৰ হ্ৰাস কমে তেতিয়াহ'লে হাওঁফাওঁ আৰু হৃৎপিণ্ডি কিছুসময়ৰ বাবে জিৰণি পায় অৱশ্যে খেল-ধূলা কৰিলে আমি যে পৰি যাম সেইটো নহয় খেল-ধূলা কৰিলে আমাৰ দেহৰ বহুতো উপকাৰ হয় সেইদৰে আমাৰ জিৰণিৰো আৱশ্যক দিনে / ঘন্টাকৈ শোৱা নিন্তান্তই প্ৰয়োজনীয় আমি জিৰণি ললেহে হাওঁফাওঁ দুটাই জিৰণি পায় অৱশ্যে হাওঁফাওঁ জীৱিত কালত কেতিয়াও বায়ুশূন্য নহয় যদি হাওঁফাওঁৱে দ্ৰুতগতিত তাৰ কাম কৰি থাকিবলগীয়া হয় তেনেহ'লে অৱশেষত অচল হৈ পৰে এটা উদাহৰণ দিয়া ' ধূমপানকাৰীসকলে সেৱন কৰা ধপাতত নিকোটিন নামৰ এবিধ বিষ থাকে ধূমপান কৰা সকলৰ এই কাৰণতে উশাহ চুটি হৈ যায় অৰ্থাৎ মিনিটত উশাহৰ সংখ্যা বেছি হৈ যায় আনকি কেতিয়াবা হাওঁফাওঁৰ কেন্সাৰ ৰোগতো ভুগিব লগাত পৰে
কাছ, সাপ, হাতী ইত্যাদিয়ে বেছি বছৰলৈকে জীয়াই থকাৰ কাৰণ ' ইহঁতৰ দেহৰ অঙ্গ-প্ৰতঙ্গ বোৰে বেছি কষ্ট কৰিবলগীয়াত নপৰে তেনেকৈ কপৌ বা ছাগলীৰো এই একেই কাৰণ তলৰ তালিকাত কিছুমান জীৱ-জন্তুৰ গড় আয়ুস আৰু মিনিওটত লোৱা উশাহৰ সংখ্যা উল্লেখ কৰা ' 

প্ৰাণীৰ নাম

আয়ুস কাল
মিনিটত লোৱা উশাহৰ সংখ্যা
প্ৰাণীৰ নাম

আয়ুস কাল
মিনিটত লোৱা উশাহৰ সংখ্যা
কাছ
২০/১৫০ বছৰ
৪/৫
সিংঘ
২০/২১ বছৰ
X
সাপ
১২০/১২৫ বছৰ
৭/৮
কুকুৰ
১৩/১৪ বছৰ
২৮/২৯
হাতী
৮০/১২০ বছৰ
১১/১২
ছাগলী
১২/১৪ বছৰ
২৩/২৪
মানুহ
৬০/৭৫ বছৰ
১৮/২০
কপৌ
৮/৯ বছৰ
৩৮/৩৯
ঘোঁৰা
৪০/৫০ বছৰ
১৮/১৯
এন্দুৰ
২/৩ বছৰ
X
ভেকুলী
২৫/২৬ বছৰ
X
পৰুৱা
৭/৮ মাহ
X

বিঃ দ্ৰঃ 'X' চিন্হ দিয়া ঠাইৰ প্ৰাণীবিলাকৰ মিনিটত উশাহৰ সংখ্যা সংগ্ৰহ কৰিব পৰা নগ'
--------------------
প্ৰাগজ্যোতি ১৯৮৩-৮৪ত প্ৰকাশিত
কুৰি শতিকাৰ বিপ্লৱ
দিগন্ত যাদৱ শৰ্মা
জীৱন যুদ্ধত ক্ষত বিক্ষত,
ক্লান্ত অৱসাদগ্ৰস্থ শিশুটি,
তৃপ্তিৰ আকাঙ্ক্ষাৰ উৎকণ্ঠা
মুঠেই নাই তাৰ-
কুৰি শতিকাৰ মহাকাল;
তাৰ পেটত জৰ্জৰিত
সি দৌৰিছে, কেৱল দৌৰিছে
কাইটিয়া বননীয়েদি দৌৰিছে
পাহাৰেৰে দৌৰিছে
নদীৰ মাজেৰে দৌৰিছে
ভৈয়ামেৰে দৌৰিছে-
হিংসা দ্বেষৰ পৰা মুক্ত হ'বলৈ,
জীৱন যুদ্দত কৃতকাৰ্য্য হ'বলৈ
সি দৌৰিছে, কেৱল দৌৰিছে
-------------------------------------
প্ৰাগজ্যোতি ১৯৮৩-৮৪ত প্ৰকাশিত
শুভ্ৰতা
দিগন্ত যাদৱ শৰ্মা
শক্তিশেল এপাতৰ আঘাতত
মোৰ হৃদয় থানবানহৈ পৰিল
(আৰু) মই ধাৰাসয়ী হ'লো
মোৰ হৃদয়ৰ অহিংসা, প্ৰেম;
সকলোপিনে ছিটিকি পৰিল
সিহঁত আহিল আৰু মোক দেখা পাই
মোৰ গাত থুই পেলাই গুছি গ'
(আৰু) আগবাঢ়ি আহিল এজাক পাৰ চৰাই
ৰংমনে মোৰ হৃদয়ৰ অহিংসা, প্ৰেম
সিহঁতে বুটলিবলৈ ধৰিলে-
মোৰ মুৰৰ ওপৰেৰে এটা ধুমকেতু পাৰ হৈগ',
(আৰু) মই স্বস্তিৰে নিশ্বাস পেলালো

Comments

Popular posts from this blog

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)

টিলৌ সংবাদ (কৌতুক)

ৰক্তৰঞ্জিত :: ৰহস্যৰ অৱসান (ৰহস্য গল্প)