Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

বাটে ঘাটে (এক)



: চুঃ চুঃ! যাঃ যাঃ!!
: হেই কঙ্কন! কাকনো খেদিছ?
: দেখা নাই! কুকুৰ!! চাৰিটামান গোট খালেই এতিয়ালৈকে!!!
: বিক্ৰি কিমান আজি?
: ধুইত! বিক্ৰি! পান-তামোলৰ দোকানেই ঠিক আছিল!
: কিয়? কি হ'ল?
: নন্দনপুৰ এলেকাত মানুহতকৈ কুকুৰৰ সংখ্যাই বেছি!
: হাঃ হাঃ!!
: বেটা হাহিঁছ! মইহে জানিছোঁ! দোকান খুলি বহা এঘন্টা মানেই হ'বৰ হ'ল। এটাও 'কাষ্টমাৰ' নাই। ইফালে চাৰিটা কুকুৰ আহি হাজিৰ। সেইকাৰণে কৈছো -নন্দনপুৰ এলেকাত মানুহতকৈ কুকুৰৰ সংখ্যাই বেছি!
: ৰ'! দুকাপ চাহ লৈ আহোঁ।

হৰেনে আগতে 'ৰিক্সা' চলাইছিল। আজিকালি 'চিটি বাছ'ৰ 'কন্ডাক্টৰ'। খুব ৰাতিপুৱাই মানে চাৰে তিনি অথবা চাৰি বজাতেই শোৱাপাতি এৰি 'চিটিবাছ' খনলৈ ধপলিয়াই যায়। সন্ধিয়া শেষৰটো 'ট্ৰিপ'ৰ পিছত 'চিটিবাছ'খন নিয়ম মাফিক পৰিষ্কাৰ কৰি ৰাখিব লাগে! কিতু এলাহৰ বাবে নকৰে। সেয়ে পুৱাৰ এন্ধাৰতে আগতেই কিনি থোৱা পাঁচ টকীয়া 'ডিটাৰজেন্ট পাউডাৰ'ৰ 'পেকেট' এটাৰে তিনি বাল্টি পানী মাৰি 'চিটিবাছ'খন পৰিষ্কাৰ কৰি ৰাখে। তাৰ পিছত 'ড্ৰাইভাৰ' ৰহমানৰ লগত চিধা খানাপাৰা। যাওতে অৱেশ্যে প্ৰায় বাছখন খালিয়েই যায়। প্ৰায় মানে গঢ় হিচাপত এজনমানহে যাত্ৰী উঠে নেকি! কিন্তু খানাপাৰাৰ পৰা ৰাতিপুৱা যাত্ৰী উঠোৱাৰ মজাই বেলেগ। হিচাপতকৈ দুগুণ তিনিগুণ যাত্ৰিভাৰা লৈ দুই-তিনিটা খেপৰ ভাৰা এবাৰতে উঠি যায়। সেয়ে সন্ধিয়াতেই যাত্ৰা সামৰে। ভাগৰো ধৰে।
কঙ্কনৰ চুবুৰীতেই হৰেণৰ ঘৰ। দুয়ো প্ৰায় সমনীয়াই। এবছৰ অগা-পিছাকৈ দুয়ো মহানগৰখনত পেটৰ দায়ত পৰি থিতাপি লৈছিলহি। মাজে মাজে সেয়ে সুখ-দুখৰ খবৰ লবৰ বাবে দুয়ো দূয়োৰে ওচৰ চাপে।
প্ৰায় সকলোকে মহানগৰখনত থাকিবলৈ লাগে। সেয়ে কোনোবাই কিবা এটা কৰি দুইপইচা লাভৰ মুখ দেখিলে আন দহজনেও সেই কামটোৱেই কৰিবলৈ লয়। কঙ্কনে প্ৰথমতে পান-তামোলৰ দোকান এখন দিহে আৰম্ভ কৰিছিল। পিছত আন দহজনক দেখি 'ব্ৰইলাৰ' মুৰ্গীৰ বেপাৰ কৰিবলৈ লৈছিল। নাই বিক্ৰী ভাল নহয়! ক'ত হ'ব! কাষতেই আন দুজন বিক্ৰেতা। তাতে আকৌ আশে-পাশে 'তুন্দুৰী চিকেন'ৰ দুই-তিনিখন দোকান আছেই!


দিগন্ত যাদৱ শৰ্মা

Comments

Popular posts from this blog

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)

টিলৌ সংবাদ (কৌতুক)

ৰক্তৰঞ্জিত :: ৰহস্যৰ অৱসান (ৰহস্য গল্প)