Posts

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে ...

প্ৰত্যাৱৰ্তন ১৯৮৫-২০১৫

কিছুমান ভাল লগা ঘটনা বা অনুষ্ঠানত নভবাকৈয়ে জড়িত হোৱা যায় । তাকো ওতপ্ৰোতভাৱে । জীৱনটোৰ বাকি থকা সময়বোৰৰ বাবে সাঁচি ৰাখিবলগীয়া এক মিঠা অনুভৱৰ এটা অনুষ্ঠান । সঁচাকৈয়ে ত্ৰিশ বছৰ বৰ দীঘলীয়া সময় । সম্পূৰ্ণ তিনিটা দশক । সময়বোৰ কেনেকৈ যে পাৰ হয় । লেখাটোৰ আৰম্ভণিতেই কিবা খেলিমেলি সৃষ্টি নাই কৰা নে? নকৰিবই বা কিয়? এক ত্ৰিশ বছৰৰ পৰিক্ৰমা । এই ত্ৰিশ বছৰত পৃথিৱীখনত কিমান যে পৰিৱৰ্তন ঘটিল । নিশ্চয় এই সময়চোৱাত আমাৰ বহুতৰে মনবোৰৰো পৰিৱৰ্তন হৈছে । কিন্তু যোৱা ১১ এপ্ৰিল' ২০১৫ৰ এক অনুষ্ঠানত তেনে এক আভাস পোৱা নগল । অৰ্থাৎ আমি একে আছো । সলনি হোৱা নাই । ত্ৰিশ বছৰত মাথো আমাৰ শৰীৰৰ অবয়ৱবোৰৰহে কিছু সলনি হৈছে । কাৰোবাৰ কপালৰ সম্প্ৰসাৰণ হৈছে । উদৰৰ আয়তন বঢ়াৰ পৰিপ্ৰেক্ষিতত কোনোবাই নিজৰ পাদযুগলত দৃষ্টিৰ বাবে হাওলি পৰিবলগীয়া হৈছে । কোনোবাজনে আকৌ চাহৰ পিয়লাটোত চেনী দিয়া আছেনে অনুসন্ধান কৰিবলগীয়া হৈছে । ভাত খাবলৈ লৈ- “মই মাংস খাবলৈ বাদ দিলোঁ, মাছে দিয়া!” _কবলগীয়া হৈছে । কোনো এজনৰ শৰীৰৰ আয়তন হয়তো অৰ্ধাংশ হৈ গৈছে । এই সকলোবোৰ মন ভাল লগা কথাৰ বাবে বহুতৰ প্ৰতি কৃতজ্ঞতা জনাবলৈ মন গৈছে । ...

প্ৰাচীন অসমৰ পশু চিকিৎসা জগতত এভুমূকি

প্ৰাচীন কালৰ পশু চিকিৎসা সম্বন্ধে কিছু কথা কবলৈ লৈছোঁ । আদিম কালৰ পৰাই জীৱ - জন্তুসমূহ মানৱ জাতিৰ সহবাসী হৈ আছে । আৰু মানৱ জাতিয়ে ইয়াৰ ভিতৰত কিছুমান জীৱ - জন্তুক নিজৰ জীৱন ধাৰণত সহায় হোৱাকৈ ঘৰচীয়া কৰি লৈছিল । পুৰণি আখ্যান , সাধুকথা আদিত মানৱ জাতিৰ লগত জীৱ - জন্তুবোৰৰ সহাৱস্থান সম্বন্ধে বিশদভাৱে বৰ্ণনা কৰা আছে । গতিকে মানুহৰ লগত বিভিন্ন জীৱ - জন্তুৰ আত্মীয়তাৰ যোগসূত্ৰডাল অতীজৰে পৰাই বান্ধ খাই আছে । বিভিন্ন তথ্যাদিৰ পৰা প্ৰাচীন কালৰ পৰাই যে পশু চিকিৎসাৰ ব্যৱস্থা আছিল সেই কথা জানিবলৈ পোৱা যায়। সেইসময়ত যাতায়তৰ সুবিধাৰ বাবে হাতীৰ ব্যাপক প্ৰচলন আছিল। মহাভাৰত তথা কালিকা পুৰাণ অনুসৰি যুদ্ধত ব্যৱহৃত হোৱা ৰথসমূহ হাতীয়েহে টানিছিল। বব্ৰুৱাহনৰ বিশাল সেনাবাহিনীতো কেইবালাখো হাতীৰ লগতে ঘোঁৰাই টনা ৰথ আছিল বুলি কোৱা হয়। আৰু নিশ্চয়কৈ কব পৰা যায় যে তেতিয়াৰ পৰাই হাতী - ঘোঁৰাৰ চিকিৎসাৰ ব্যৱস্থা আছিল। প্ৰধানকৈ লিখিত ৰূপত হাতীৰ চিকিৎসা ব্যৱস্থা সম্বলিত তথ্যাদি পোৱা যায় বিশেষ ...