Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

প্ৰত্যাৱৰ্তন ১৯৮৫-২০১৫




কিছুমান ভাল লগা ঘটনা বা অনুষ্ঠানত নভবাকৈয়ে জড়িত হোৱা যায় তাকো ওতপ্ৰোতভাৱে জীৱনটোৰ বাকি থকা সময়বোৰৰ বাবে সাঁচি ৰাখিবলগীয়া এক মিঠা অনুভৱৰ এটা অনুষ্ঠান সঁচাকৈয়ে ত্ৰিশ বছৰ বৰ দীঘলীয়া সময় সম্পূৰ্ণ তিনিটা দশক সময়বোৰ কেনেকৈ যে পাৰ হয় লেখাটোৰ আৰম্ভণিতেই কিবা খেলিমেলি সৃষ্টি নাই কৰা নে? নকৰিবই বা কিয়? এক ত্ৰিশ বছৰৰ পৰিক্ৰমা এই ত্ৰিশ বছৰত পৃথিৱীখনত কিমান যে পৰিৱৰ্তন ঘটিল নিশ্চয় এই সময়চোৱাত আমাৰ বহুতৰে মনবোৰৰো পৰিৱৰ্তন হৈছে
কিন্তু যোৱা ১১ এপ্ৰিল' ২০১৫ৰ এক অনুষ্ঠানত তেনে এক আভাস পোৱা নগল অৰ্থাৎ আমি একে আছো সলনি হোৱা নাই ত্ৰিশ বছৰত মাথো আমাৰ শৰীৰৰ অবয়ৱবোৰৰহে কিছু সলনি হৈছে কাৰোবাৰ কপালৰ সম্প্ৰসাৰণ হৈছে উদৰৰ আয়তন বঢ়াৰ পৰিপ্ৰেক্ষিতত কোনোবাই নিজৰ পাদযুগলত দৃষ্টিৰ বাবে হাওলি পৰিবলগীয়া হৈছে কোনোবাজনে আকৌ চাহৰ পিয়লাটোত চেনী দিয়া আছেনে অনুসন্ধান কৰিবলগীয়া হৈছে ভাত খাবলৈ লৈ- “মই মাংস খাবলৈ বাদ দিলোঁ, মাছে দিয়া!” _কবলগীয়া হৈছে কোনো এজনৰ শৰীৰৰ আয়তন হয়তো অৰ্ধাংশ হৈ গৈছে
এই সকলোবোৰ মন ভাল লগা কথাৰ বাবে বহুতৰ প্ৰতি কৃতজ্ঞতা জনাবলৈ মন গৈছে কাৰ নাম ল'ম! তথাপিও এই মুহূৰ্তত অহা নামবোৰ- দেৱপ্ৰতিম, সুকুমাৰ, মেহবুব, মনোজ, তপন, ৰঞ্জন, পঙ্কজ, ৰমেন, বাহাৰুল, ডিম্বেশ্বৰ, সমেন্দ্ৰ, ইউচুফ আৰু বহুতো
যোৱা দুটা বছৰৰো অধিক কাল দেউতাৰ অসুস্থতাৰ বাবে মনটোৱে বৰকৈ আমনি পাই আছিল অৱশেষত মৰমৰ দেউতাক হেৰুৱালো দেৱ, পঙ্কজহতৰ তাগিদাত অনিচ্ছাস্বত্তেও বাহিৰৰ জগতখনলৈ ওলাই আহিলোঁ কিন্তু সঁচাকৈয়ে বাহিৰৰ জগতখনলৈ ওলাই আহি মোৰ মনটোক কিন্তু বহু পৰিমানে বিষন্নতাৰ পৰা মুকলি কৰি আনিলো  ধন্যবাদ দেৱপ্ৰতিম, পঙ্কজ, সুকুমাৰ আৰু আন আনবোৰ
১৯৭৯ৰ কোনো এটা দিনত দেউতাই সেই ঐতিহ্যমন্ডিত বিদ্যালয়খনলৈ লৈ গৈছিল য'ত মোৰ ককা পঢ়িছিল আৰু ১৯২১ চনত সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল সোমাইয়ে এখন জাননী ফলকৰ ওচৰত দেউতা ৰৈ গৈছিল অকণমান সময় জাননী ফলকৰ ওপৰত চকু থৈ দেউতাই মোক সুধিছিল-
: চা! তোৰ নামটো আছেনে?
আচলতে এমাহমান আগতে হোৱা 'চিট’ পৰীক্ষা দি কোনে কোনে বিদ্যালয়খনত পঢ়িবলৈ সুযোগ পাইছে তাৰেই নামৰ তালিকা খন জাননি ফলক হিচাপে আঁৰি দিছিল ঢুকি নোপোৱা হেতুকে দেউতাই মোক দুই হাতেৰে ডাঙি ধৰিছিল কিন্তু চতুৰ্থ শ্ৰেণী উত্তীৰ্ণ হৈয়ো ইৰাজীত লিখা আখৰকেইটা জোটাই পঢ়িবলৈ অসুবিধা হৈছিল আঙুলিৰ ঠাৰেৰে দেউতাই নাম এটা দেখুৱাই সুধিছিল-
: এইটো কাৰ নাম ?
দেউতাৰ কথাতেই বুজিছিলো মই ককাই পঢ়া এই ঐতিহ্যমন্ডিত বিদ্যালয়খনত পঢ়িবলৈ সুযোগ পালোঁ পাহৰিছো... বোধকৰো ঘৰলৈ উভতোতে দেউতাই মিঠাই লৈ আহিছিল আৰু ঘৰত এক আনন্দমুখৰ পৰিবেশৰ সৃষ্টি হৈছিল পৰবৰ্তী সময়ত মোৰ আন দুজন ভাইটিয়েও এই একেখন বিদ্যালয়ত পঢ়িবলৈ সুযোগ পাইছিল
ককাৰ কথা ওলালেই যেতিয়া দুটামান কথা কৈয়ে লওঁ সদ্যপ্ৰয়াত দেউতাৰ আপুৰুগীয়া সম্পত্তিবোৰৰ ভিতৰত ককাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰমাণ পত্ৰখনো এখন! সযতনে সাঁচি থৈ দিয়া প্ৰমাণ পত্ৰখন হাতত লৈয়ে শিহৰণ জাগে সুন্দৰ ছপা আৰু হাতৰ আখৰেৰে লিখা আছে-
University of Calcutta
Matriculation Examination
I certify that Jadab Chandra Sarma of Gauhati Cotton Collegiate School
aged 18 years 8 months on the 1st of March, 1921, duly passed the Matriculation Examination, held in the month of March, 1921, and was placed in the First Division.
তলত বাওঁফালে  Senate House, the 8th June, 1921 আৰু সোঁফালে  Controller of Examination A C Boseৰ স্বাক্ষৰ আছে সোঁমাজত University of Calcuttaৰ ছপা কৰা logoটো আছে চাৰি বছৰ বয়সতে দেউতাকক হেৰুওৱা মোৰ দেউতাই প্ৰাথমিক বিদ্যালয়ত পঢ়োতে মোক পানবজাৰলৈ লৈ গ'লে বিদ্যালয়খনলৈ দেখুৱাই কৈছিল-
: মোৰ দেউতাই এইখন বিদ্যালয়তেই পঢ়িছিল তয়ো ইয়াতেই পঢ়িব লাগিব
'চিট' পৰীক্ষা দিবলৈ গৈ বুকুখন দূৰু দূৰু কপিছিল

কিমান যে কি মিঠা অনুভৱ, কেৱল আনন্দ কৰাৰ সময়বোৰ... তাৰ মাজতো কিন্তু মা-দেউতাৰ সকয়নিবোৰৰ মাজত পঢ়া-শুনাৰ পৰা বিচ্যুত হোৱা নাছিলো অসম আন্দোলনৰ ভৰপক... ইতিমধ্যেই শৈক্ষিক বৰ্ষ এটা হেৰুৱাইছিলোঁ
১৯৮৫ চন... আমি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সেই একেখন বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছিলো  আৰু তাৰ পিছত... আজি ২০১৫ চন এক সুদীৰ্ঘ ৩০ বছৰৰ পৰিক্ৰমা ইয়াৰ মাজতো সুবিধা পালে নিজে পঢ়ি অহা বিদ্যালয়খনৰ গুণ-গৰিমা অইনৰ আগত বখানিবলৈ লৈছিলো পৰবৰ্তী সময়বোৰত বহুতৰে লগত যোগাযোগ নোহোৱা অথবা বিচ্ছিন্ন হৈ গৈছিল কিন্তু আমাৰ মাজৰ কেইজনমানৰ মনত আকৌ সহপাঠীবোৰক একগোট কৰাৰ বীজ ৰোপণ হৈ গৈছিল তাৰ বাবে কমলজিৎ, ডিম্বেশ্বৰ, পংকজ, প্ৰবাল, উপেন্দ্ৰজিত, শান্তনু, ৰমেন, চন্দনৰ নাম লবই লাগিব আৰু কেইবাজনো আছে এই মুহুৰ্তত নামবোৰ মনলৈ অহা নাই
আমি আকৌ এবাৰ আমাৰ বিদ্যালয়ৰ শিক্ষাদাতা, জ্ঞানদাতাসকলৰ লগত এটা দিনৰ বাবে হলেও মিলিত হ'ব বিচাৰিছিলোঁ এনে কৰিবলৈ আগবাঢ়োতে ত্ৰিশ বছৰৰ পিছত আকৌ এবাৰ যেতিয়া সহপাঠীসকলকৰ ইজনৰ লগত সিজনৰ সাক্ষাৎ ঘটিছিল এক যেন বুজাব নোৱাৰা আনন্দৰে বুকুবোৰ ভৰি উঠিছিল পৰবৰ্তী সময়ত দেৱপ্ৰতিম, মেহবুব, মনোজ, পঙ্কজ, ৰমেন আদিৰ সুপ্ৰচেষ্টাত আমাৰ বহু আকাঙ্ক্ষিত প্ৰত্যাৱৰ্তন ১৯৮৫-২০১৫ৰ অনুষ্ঠানটোৱে ৰূপ লয় ১৯৮৫ৰ পৰা ২০১৫লৈ -এক সুদীৰ্ঘ ত্ৰিশ বছৰৰ পৰিক্ৰমা
আমাৰ এই পুনৰ্মিলন সমাৰোহত আমাৰ সকলোৰে মনবোৰ বহুতো মিশ্ৰিত, 'নষ্টালজিক' অনুভূতিৰে ভৰি উঠিছিল সকলোৰে যেন ত্ৰিশ বছৰ পিছুৱাইহে যাবলৈ মন গৈছিল আমাৰ পঢ়া-শুনাৰ লগতে খেল-ধেমালি, হাই-কাজিয়া বোৰো নিত্য-নৈমত্যিক সঙ্গী আছিল সেই যে বন্ধু সকলক কলমৰ পৰা কলমলৈ চিয়াহী ধাৰলৈ দিয়া, ধাৰলৈ খোজা দিনবোৰ.... কি যে সোণসেৰীয়া দিন আছিল অসমৰ ঐতিহ্যমন্ডিত বিদ্যালয়খনত শিক্ষা লাভ কৰি আমি আটাইয়ে গৌৰৱান্বিত সেয়েহে আজিও গৌৰৱৰে উচ্চাৰণ কৰো- “মই কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৮৫ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিলো”

.... দিগন্ত যাদৱ শৰ্মা

Comments

Popular posts from this blog

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)

টিলৌ সংবাদ (কৌতুক)

ৰক্তৰঞ্জিত :: ৰহস্যৰ অৱসান (ৰহস্য গল্প)