Posts

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে ...

কণী আৰু তিতা-কেৰেলাৰ আঞ্জা (ভিন্নস্বাদ)

(টোকাঃ আপোনাসৱৰ ৰন্ধনৰ ওপৰত সুন্দৰ সুন্দৰ লেখাবোৰ পঢ়ি অমুকায়ো ‘খাদ্য বিশেষ কিবা’ এবিধ আগবঢ়াবলৈ মন মেলিছিলোঁ। কিন্তু সেইবোৰ মুখলৈ নগৈ চুৱা-পা ত নিতহে পৰিব বুলি আশংকা হোৱাত সিমানতে ইতি পেলালোঁ। এনে ধৰণৰ কথাবোৰত নিজৰ দুই-এটা অভিজ্ঞতাহে বেকত কৰিলোঁ।) ৰন্ধা-বঢ়াৰ ক্ষেত্ৰত মোৰ প্ৰথম অভিজ্ঞতা পুতৌলগা। কিবা এটা ৰান্ধিবলৈ মোৰ প্ৰথম সুযোগটো আহিছিল বোধকৰো চতুৰ্থ নে পঞ্চম শ্ৰেণীত পঢ়ি থাকোতে। কিন্তু প্ৰথম খোজতে মই বিফল হৈছিলোঁ। অৱশ্যে সেইটো মোৰ দোষতহে হৈছিল। এমহীয়া গ্ৰীষ্মৰ বন্ধ চলি আছিল। মায়ে দুপৰীয়াৰ সাঁজ প্ৰস্তুত কৰি আছিল। পাকঘৰৰ কাষতেই কৰ্দৈৰ গছজোপা। মিঠা মিঠা কৰ্দৈবোৰ বাৰ মাহে লাগিছিল। মায়ে কেৰাহীত প্ৰথমে সৰিয়হ দি কৰ্দৈ ভাজিবলৈ লৈছে। হঠাতে মাৰ কিবা এটা লৰালৰি হোৱাত মোক ক’লে- তই কৰ্দৈখিনি বহাই দি লৰাই থাক আৰু অলপ ৰঙচুৱা যেন হলেই ‘ষ্ট’ভ’টো কমাই দিবি। কাষৰ পৰা মা গুছি যোৱাত আৰু ময়ো দেখিলো যে আমাৰ আইতা সমন্বিতে ছয় জনীয়া পৰিয়ালটোৰ বাবে কৰ্দৈ কম হ’ব। চিন্তা কিহ’ৰ! পিৰালিতে কৰ্দৈৰ গছ। হাতে ঢুকি নোপোৱাত গছৰ ওপৰলৈ কৰ্দৈ ছিঙিবলৈ উঠি গ’লো। পকা পকা কৰ্দৈ দেখি গছৰ ওপৰতে তাৰে দুটা মুখত সোমালো। বেলি...

ছাত্ৰাবাসৰ এডোখৰ (১৪): মহেন্দ্ৰ মোহন চিকিৎসালয়ত এটি নিশা

এইবাৰ কোনো ৰহণ নলগোৱাকৈ ছাত্ৰাবাসৰ এডোখৰ আগবঢ়াইছোঁ। ১৯৮৯ ইংৰাজী চনৰ সেই বিশেষ দিনটো। সেয়া আছিল মে’ মাহৰ ৩১ তাৰিখ, বুধবাৰ। দ্বিতীয় বৰ্ষৰ প্ৰথম ষাণ্মাসিকৰ কেইবাজনো ছাত্ৰ দুজনমান ‘চিনিয়ৰ’ৰ সৈতে ইফাল-সিফাল কৰি উচপিচাই আছে। স্থান মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়, পানবজাৰ, গুৱাহাটী। সকলোৰে থৰকাছুটি হেৰুৱাইছে। কিনো হ’ল, কেনেকৈ হ’ল কোনোৱে একো উৱাদিহ পোৱা নাই। মনবোৰো বেয়া সকলোৰে। ইফালে গোটেইবোৰেৰেই মহৰ কামোৰত অৱস্থা নাই। সন্ধিয়াৰে পৰা টোপনি ক্ষতি কৰি এনেকৈ কটোৱাটো ধেমালি নহয়। শুৱাটো দূৰৈৰে কথা, কোনোৱে বহিবলৈও সুযোগ পোৱা নাছিল। ছাত্ৰাবাসত ডেৰবছৰ কাল সুখ-দুখৰ লগৰীয়া হৈ থকা এজনৰ বাবে এটা ৰাতি এনেকৈ কষ্টত কটোৱাতো অৱশ্যে একো টান কথা নাছিল। মেঘাবৃত আকাশৰ দৰেই মনবোৰ গোমা হৈ আছিল। দুজনমানৰ ভয়ো লাগিবলৈ ধৰিছিল। এনেকৈ এটা মৃতদেহ গোটেই নিশা পৰ দি থাকিবলগীয়া হোৱা অৱস্থা বোধকৰোঁ তাত থকা আটাইকেইজনৰ জীৱনত প্ৰথমবাৰৰ বাবে সংঘটিত হৈছিল। মহেন্দ্ৰ মোহন চৌধুৰী চিকিত্সালয়ৰ নিশা। নিমাওমাও পৰিবেশ। দূৰৈত দুই-এটা কুকুৰৰ দীঘলীয়া ভুকভুকনি। সময় ইতিমধ্যে ৰাতিপুৱা তিনি-চাৰিমান বাজিছিল। গৌতমদাৰ দিন-বাৰ থকা ঘড়ীটোৰ ‘ডায়েল’...

অলগৰ্ধ লাপুং বুঢ়া (চুটিগল্প)

হৰেশ্বৰে ফ্ৰক পিন্ধি থকা মালতিৰ ফালে একেথৰে চাই ৰ’ল। কঁকাললৈ বৈ যোৱা সুন্দৰ একোচা ঘন চুলি। এখন সুগঢ়ী নিপোটল মুখ। চালে চাই থাকিবৰ মন যায়। ফ্ৰকটোৰ পিছফালে বুটাম দুটামান বোধকৰো ছিগি গৈছিল। বুটামৰ ঠাইত দুটা ‘চেফটি পিন’ মাৰি থৈছিল। ডিঙিত সেউজীয়া পাৰিৰ দীঘল গামোছা এখন। আগলৈ ওলোমাই লৈছে। গামোছাখনে তাইৰ লাজকণো ঢাকি ৰাখিব পাৰিছে। ৰিব-ৰিব বতাহ এজাক বলি আছিল। মুকলি ঠাই। ৰাজহুৱা পুখুৰীটোত পাতি থোৱা বৰশিটোত মাছ খুটিয়ালেনে নাই চাব এৰি হৰেশ্বৰে তাইৰ ফালেহে চাই থাকিল। পুখুৰীৰ পাৰতে তাই থিয় হৈ আছিল। গা ধুবলৈ আহি বোধকৰো সেউতীলৈ ৰৈ আছে। হৰেশ্বৰে হয়তো মন কৰিলে দেখিলেহেঁতেন যে ইতিমধ্যে মজলীয়া আকাৰৰ মাছ এটাই মহা আৰামেৰে বৰশিৰ টোপটো ভক্ষণ কৰি আঁতৰি গৈছিল। অকস্মাৎ হৰেশ্বৰে দেখিলে মালতিয়ে পিন্ধি থকা ফ্ৰকটোৰ এটা ‘চেফটি পিন’ খুলি গৈছে। তাইৰ কোমল নিমজ পিঠিখনৰ পৰা যদি পিনটোৰ খোঁচত তেজ ওলাই আহে! – নাই আৰু হৰেশ্বৰৰ সহ্য নহ’ল। তাই শুনাকৈ চিঞৰিলে- : মালতি… চাবা তোমাৰ ফ্ৰকটোৰ পিনটো খুলি গৈছে। খোঁচ খাই তেজ ওলাব। মালতি ষোল্ল বছৰীয়া গাভৰু ছোৱালী। পিনটো খুলি পিঠিৰ এছোৱা উদং হৈ থকাৰ কথা জানিব পাৰি তাইৰ লাজ লাগ...

নৈশ বাছত আহুকাল::ছাত্ৰাবাসৰ এডোখৰ (১৩)

( এক) পৰিল পৰিল … ধেৎতেৰি নপৰিল! এইবাৰ পৰিবই পৰিব! পৰিল! বঢ়িয়া! এইবাৰ গম পাইছে! দিলোঁনে টোপনি ভাঙি! কৰক এতিয়া উস-আস! উস্ ৰাম , শুবলৈ নিদিয়ে মানুহজনে! এনেকৈনো নাক বজাই শুৱেনে ? : অহ! খুড়া কি হ ’ ল ? দুখ পালে নেকি ? হেৰা ‘ পাইলট ’, ‘ লাইট অন ’ কৰাছোন। : মূৰত অলপ দুখ পাইছোঁ! একো নহয় দিয়া। ভাইটি তোমাৰ একো অসুবিধা হোৱা নাইতো! : নাই খুড়া , মোৰ আৰু কি অসুবিধা হ ’ ব! : ৰবাচোন। মই কথা এটা বুজি পোৱা নাই। তোমাৰ ‘ ছিট ’ ত মোৰ শৰীৰটো কেনেকৈ গৈ পালেহে ? : খুড়া মোৰ পানীৰ পিয়াহ লগাত হাউলি গৈ বেগৰ পৰা পানীৰ বটলতো উলিয়াবলৈ লৈছিলো। তেনেতে আপুনি মোৰ ‘ ছিট ’ টোত আহি পৰিল। নহ ’ লে আপোনাৰ মূৰটো আহি মোৰ কান্ধতে পৰিলহেঁতেন। টোপনি আহিছিল চাগৈ। মোৰ ‘ ছিট ’ টোৰ কাঠডালত লাগি আপুনি মূৰত নিশ্চয় দুখ পাইছে। : আজি দিনটো বৰ কষ্টৰে গ ’ ল! সেইবাবে বাছখন ‘ ষ্টাৰ্ট ’ দিয়াৰ লগে লগে টোপনিত ঢলি পৰিলোঁ। ‘ বিহৰ গুটি ’ সৌৰভে কিন্তু পৰিবেশটো খুব উপভোগ কৰিলে। ‘ বিহৰ গুটি ’ মানে ভালকৈ জনাবোৰে সৌৰভক তেনেকৈয়ে মাতে। উজনিৰ মহাবিদ্যালয় এখনৰ পৰা উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হৈ পাঁচ মাহ আগতে গুৱাহাটীত না...