Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে ...

নৈশ বাছত আহুকাল::ছাত্ৰাবাসৰ এডোখৰ (১৩)



(এক)
পৰিল পৰিল
ধেৎতেৰি নপৰিল!
এইবাৰ পৰিবই পৰিব!
পৰিল! বঢ়িয়া! এইবাৰ গম পাইছে! দিলোঁনে টোপনি ভাঙি! কৰক এতিয়া উস-আস! উস্ ৰাম, শুবলৈ নিদিয়ে মানুহজনে! এনেকৈনো নাক বজাই শুৱেনে?
: অহ! খুড়া কি হ? দুখ পালে নেকি? হেৰা পাইলট’, ‘লাইট অনকৰাছোন।
: মূৰত অলপ দুখ পাইছোঁ! একো নহয় দিয়া। ভাইটি তোমাৰ একো অসুবিধা হোৱা নাইতো!
: নাই খুড়া, মোৰ আৰু কি অসুবিধা হব!
: ৰবাচোন। মই কথা এটা বুজি পোৱা নাই। তোমাৰ ছিটত মোৰ শৰীৰটো কেনেকৈ গৈ পালেহে?
: খুড়া মোৰ পানীৰ পিয়াহ লগাত হাউলি গৈ বেগৰ পৰা পানীৰ বটলতো উলিয়াবলৈ লৈছিলো। তেনেতে আপুনি মোৰ ছিটটোত আহি পৰিল। নহলে আপোনাৰ মূৰটো আহি মোৰ কান্ধতে পৰিলহেঁতেন। টোপনি আহিছিল চাগৈ। মোৰ ছিটটোৰ কাঠডালত লাগি আপুনি মূৰত নিশ্চয় দুখ পাইছে।
: আজি দিনটো বৰ কষ্টৰে গল! সেইবাবে বাছখন ষ্টাৰ্টদিয়াৰ লগে লগে টোপনিত ঢলি পৰিলোঁ।
বিহৰ গুটিসৌৰভে কিন্তু পৰিবেশটো খুব উপভোগ কৰিলে। বিহৰ গুটিমানে ভালকৈ জনাবোৰে সৌৰভক তেনেকৈয়ে মাতে। উজনিৰ মহাবিদ্যালয় এখনৰ পৰা উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হৈ পাঁচ মাহ আগতে গুৱাহাটীত নাম ভৰ্তি কৰিছিল। তিনিমাহ আগতে শ্ৰেণীবোৰ আৰম্ভ হৈছেহে। ছাত্ৰাবাসত থাকিবলৈ লৈছিল। ইফালে ৰেগিংআছেই। বৰকৈ নহয়, তথাপিও আশংকা এটা ছাত্ৰাবাসত থকা সময়খিনিত থাকেই! ইয়াৰ মাজত দুবাৰকৈ ঘৰলৈ অহা যোৱা কৰিলেই! নৈশ বাছতে অহা-যোৱা কৰে। কিছুমান মানুহৰ যে বাছখন চলিবলৈ লওঁতেই যে নাক বাজিবলৈ ধৰে। নিজে ফস্তি মাৰি শুই আনক আমনি কৰি থাকে। আজি তেনে ধৰণৰেই হল। কৰ জানো মানুহজন? সৌৰভৰ লগত এনেয়ে দুটামান কথা পতাৰ পিছত মানুহজনৰ নাক বাজিবলৈ আৰম্ভ কৰিছিল। টোপনিতে আহি সৌৰভৰ কান্ধত মূৰটো হাওলি পৰে। কি যে এক অশান্তি! সি বাৰে বাৰে মূৰটো লাহেকৈ মানুহজনৰ চিটলৈ হেঁচুকি দিয়ে। নাই আকৌ আহি কান্ধতে পৰে। গঁতা মাৰি দিয়ো সুফল নোপোৱাত মনত এই বুদ্ধিটো খেলাইছিল। ক্ষণ বুজি চিটটোত টিকাটো থৈ শৰীৰটো আগলৈ হাওলাই দিছিল। টোপনিৰ জালত হালি আহি মানুহজন সৌৰভৰচিটটোৰ হেণ্ডেলত খুন্দা খাইছিল।
সেইবাৰ ঘৰৰ পৰা আহোতে মনটো ভাল লাগি আছিল। এসপ্তাহ পিছতেই নৱাগত আদৰণি সভা। ইয়াৰ পিছত মুকলিমুৰীয়াকৈ ঘুৰা-ফুৰা কৰিব পাৰিব। নাই! ইফালে দেখোন পইমাল নুগুচেই! মানুহজনৰ আকৌ নাক বাজিবলৈ আৰম্ভ কৰিছিল। কালি ৰাতিপুৱা ন বজাতে ক্লাচ। বাছৰ পৰা নামিয়েই ছাত্ৰাবাসত মুখ-হাত ধুই ক্লাচলৈ যাব লাগিব। অকনমান বাছতে শুই লব নোৱাৰিলে দিনটো বৰ বেয়া লাগি থাকিব। চিটসলনি কৰিবলৈ অন্য এটাও খালি নাই। শেষত সৌৰভে সিদ্ধান্ত ললে যে সি যদি শুব নোৱাৰে তেন্তে মানুহজনকো শুব নিদিয়ে। Tit for tat!
: “খুড়া খুড়া! উঠক উঠক!” _গাত হাত দি সৌৰভে মানুহজনক টোপনিৰ পৰা জগাই দিলে।
: “কি হল ভাইটি?” —ধৰফৰাই উঠি মানুহজনে জোৰকৈ চকু মেলি চালে।
: “খুড়া, মই ভয় খাই গৈছিলোঁ। আপুনি জোৰকৈ চিঞৰি উঠিছিল। সেইবাবে জগাই দিলো। বেয়া নাপাব।
: “সেইয়া! মোৰ গভীৰ টোপনি আহিছিল চাগৈ। টোপনিত নাক বজাইছিলো কিজানি। তুমি ভয় খাব নালাগে, আৰামত শুই থাকা।
হুহ! আৰাম কৰি শুই থকাৰ কথা কয়! নাই সেইটো বুদ্ধিৰেও একো নহল। দুবাৰমান কৰি চাইছিল তেনেকুৱা। জগাই দিয়াৰ পিছতেই আকৌ নাক বাজিবলৈ আৰম্ভ কৰে। সৌৰভে টোপনিওৱাৰ আশা বাদ দিলে। বেগৰ পৰা বিস্কুটৰ পেকেট এটা উলিয়াই ঠিক মানুহজনৰ কাণৰ কাষতে খৰমৰাই দিলে। মানুহজন আকৌ ধৰফৰাই পোন হৈ বহিল।
: “ভাইটি কি হ? কিহৰ শব্দ?”
: “নাই দাদা, ভোক লাগিছিল। পানী আৰু বিস্কুট খাই আছোঁ।
প্ৰায় গোটেই নিশাটো তেনেকৈ কটাই ৰাতিপুৱা ছয় বজাত গন্তব্যস্থানত নামিলেহি। সৌৰভে শুব নোৱাৰিলেও কিবা-কিবি কৰি মানুহজনকো শান্তিৰে শুবলৈ নিদিলে। তেৱোঁ পিছলৈ বোধকৰো সৌৰভৰ দুষ্টামিৰ উমান পাইছিল।

(দুই)
মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা। সন্ধিয়াৰে পৰা লাহে লাহে প্ৰেক্ষাগৃহ ঠাহ খাই পৰিছে। সৌৰভে লগৰ তিনিজনৰ লগত প্ৰশাসনীয় ভৱনৰ বাৰাণ্ডাৰ চুক এটাত চুটি নাট এখনৰ আখৰা চলাই আছে। লগৰকেইজনক কৈ আছে-
: ভাল হব লাগিব দেই কিন্তু। চিনিয়ৰৰ হাততালি পাব লাগিব।
মৌচুমী, মধুমিতাৰ লগতে সমবেত সংগীতৰ বাবে প্ৰস্তুতি চলাই থকা দহজনী আহিয়েই পোৱা নাই। লগত সংগত কৰিবলৈ তবলা, হাৰমনিয়াম লৈ প্ৰদীপ, সুশীল ইতিমধ্যে আহি হাজিৰ। বোধকৰো মৌচুমীহঁতে ছাত্ৰীনিবাসত আখৰা চলায়েই আছে। সময়ত আহি নাপালে বৰ বেয়া কথা হব। প্ৰদীপে ইচাটি-বিচাটি কৰিবলৈ ধৰিলে। সেয়া ঘোষণা কৰিলেই। সন্মুখৰ আসনসমূহ ইতিমধ্যে চাৰ-বাইদেউৰে ভৰি পৰিছিল। সুন্দৰ পৰিবেশ এটাই বিৰাজ কৰি উঠিছিল। ইতিমধ্যে সমবেত সংগীত গাব লগা কেইজনীও আহি পাইছিল। প্ৰদীপৰ মুখতো হাঁহি বিৰিঙি উঠিছিল। বিজ্ঞান গুৰুজন আহি পোৱাৰ লগে লগে নৱাগত আদৰণি সভাৰ অনুষ্ঠানসমূহ ঘোষণা কৰিবলৈ আৰম্ভ কৰিছিল। প্ৰথমতে সমবেত সঙ্গীতৰে অনুষ্ঠান আৰম্ভ কৰা হৈছিল। ইটো-সিটো কেইবাটাও অনুষ্ঠান পৰিবেশনৰ পিছত সৌৰভহঁতে নাটখন পৰিবেশন কৰিবলৈ সুযোগ পাইছিল। চাৰ-বাইদেউ, ‘চিনিয়ৰসমন্বিতে সকলোৱে মনোযোগেৰে নাটকখন উপভোগ কৰিছিল। এক কথাত কবলৈ গলে প্ৰচলিত ভাষাত সৌৰভে ফালি দিছিল
সৌৰভৰ পৰিচালনা আৰু অভিনয়ৰে নাটখন সঁচাকৈয়ে ভাল হৈছিল। নাট শেষ কৰি চাৰ-বাইদেউ সকলোৰে সমন্বিত হাতচাপৰি শুনি শুনি বুকু ফিন্দাই সৌৰভহঁতে মঞ্চৰ পৰা নামি আহিছিল। চাৰ-বাইদেউ বহি থকা প্ৰথম শাৰী পাৰ হব খোজোতে হঠাৎ সৌৰভে তাৰ নাম ধৰি মাতোতে ৰৈ গল।
: মোক চিনি পাইছানে সৌৰভ? ঘৰৰ পৰা আহোঁতে যে বাছত একেলগে……
: আপুনি
: মই তোমালোকক জীৱতত্ত্ব পঢ়াম। তোমাৰ ঘৰ ক?
জীৱতত্ত্বৰ চাৰজনে সৌৰভৰ পৰিয়াল আৰু ঘৰৰ কথা সোধ-পোছ কৰি ললে। তাৰ পিছত কলে-
: মোৰ ঘৰৰ পৰা তোমাৰ ঘৰ বেছি দূৰ নহব। তোমাৰ দেউতাক মই চিনিয়ে পাম কিজানি!
: হয় চাৰ।
: বিহুত ঘৰত নিশ্চয় যাবা।
: হয় চাৰ।
: বন্ধৰ আগে আগে মোৰ ওচৰলৈ আহিবা। পিয়নজনক কৈ নৈশ বাছত টিকটকাটিব দিম। একেলগে ঘৰলৈ যাম, ভাল লাগিব।

সৌৰভৰ নাটক কৰি পোৱা আনন্দখিনি নিমিষতে ম্লান হৈ পৰিল। দুমাহ পিছত নৈশ বাছত আকৌ এটা অশান্তিদায়ক বিনিদ্ৰ ৰজনী পাৰ কৰিবলৈ আকৌ সাজু হবৰ হলেই দেখোন!

(xahitya.org December 15, 2013 ধাৰাবাহিক শিতানত প্রকাশিত -দিগন্ত যাদৱ শৰ্মা)

Comments

Popular posts from this blog

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)

প্ৰাচীন অসমৰ পশু চিকিৎসা জগতত এভুমূকি

ৰক্তৰঞ্জিত :: ৰহস্যৰ অৱসান (ৰহস্য গল্প)