(টোকাঃ
আপোনাসৱৰ ৰন্ধনৰ ওপৰত সুন্দৰ সুন্দৰ লেখাবোৰ পঢ়ি অমুকায়ো ‘খাদ্য বিশেষ কিবা’ এবিধ
আগবঢ়াবলৈ মন মেলিছিলোঁ। কিন্তু সেইবোৰ মুখলৈ নগৈ চুৱা-পাতনিতহে পৰিব বুলি আশংকা হোৱাত সিমানতে
ইতি পেলালোঁ। এনে ধৰণৰ কথাবোৰত নিজৰ দুই-এটা অভিজ্ঞতাহে বেকত কৰিলোঁ।)
ৰন্ধা-বঢ়াৰ
ক্ষেত্ৰত মোৰ প্ৰথম অভিজ্ঞতা পুতৌলগা। কিবা এটা ৰান্ধিবলৈ মোৰ প্ৰথম সুযোগটো
আহিছিল বোধকৰো চতুৰ্থ নে পঞ্চম শ্ৰেণীত পঢ়ি থাকোতে। কিন্তু প্ৰথম খোজতে মই বিফল
হৈছিলোঁ। অৱশ্যে সেইটো মোৰ দোষতহে হৈছিল। এমহীয়া গ্ৰীষ্মৰ বন্ধ চলি আছিল। মায়ে
দুপৰীয়াৰ সাঁজ প্ৰস্তুত কৰি আছিল। পাকঘৰৰ কাষতেই কৰ্দৈৰ গছজোপা। মিঠা মিঠা
কৰ্দৈবোৰ বাৰ মাহে লাগিছিল। মায়ে কেৰাহীত প্ৰথমে সৰিয়হ দি কৰ্দৈ ভাজিবলৈ লৈছে।
হঠাতে মাৰ কিবা এটা লৰালৰি হোৱাত মোক ক’লে- তই কৰ্দৈখিনি বহাই দি লৰাই থাক আৰু অলপ
ৰঙচুৱা যেন হলেই ‘ষ্ট’ভ’টো কমাই দিবি। কাষৰ পৰা মা গুছি যোৱাত আৰু ময়ো দেখিলো যে
আমাৰ আইতা সমন্বিতে ছয় জনীয়া পৰিয়ালটোৰ বাবে কৰ্দৈ কম হ’ব। চিন্তা কিহ’ৰ! পিৰালিতে
কৰ্দৈৰ গছ। হাতে ঢুকি নোপোৱাত গছৰ ওপৰলৈ কৰ্দৈ ছিঙিবলৈ উঠি গ’লো। পকা পকা কৰ্দৈ
দেখি গছৰ ওপৰতে তাৰে দুটা মুখত সোমালো। বেলিটো মুৰৰ ওপৰত লৈ এনেকৈ গছৰ ওপৰত পকা
কৰ্দৈ খোৱাৰ আমেজেই বেলেগ! অলপ পিছতেই মাৰ চিঞৰ। ইতিমধ্যে কেৰাহীত কিবা এটা জ্বলাৰ
গোন্ধটোও পাবলৈ আৰম্ভ কৰিছিলোঁ। যিয়েই নহওকঁ ৰন্ধা-বঢ়াৰ ক্ষেত্ৰখনত আদিপাঠ
তেনেকৈয়ে আৰম্ভ হৈছিল। তেতিয়া ‘কেৰোচিন ষ্ট’ভ’ত ৰন্ধা-বঢ়া কৰা হৈছিল। সেই সময়ত
আমাৰ এটা ‘ইকমিক কুকাৰো’ আছিল। তাত ভাত-দালি-পাচলি আটাইবোৰেই একেলগে সিজোৱাৰ
সুবিধা আছিল। তাত ব্যবহাৰ হোৱা কয়লাবোৰ দেউতাৰ লগত দুই-তিনি কিলোমিটাৰ আতঁৰৰ পৰা
ৰিক্সাৰে কঢ়িয়াই আনিছিলোঁ। চৌকা এটাও আছিল। নাগিন্দৰৰ দোকানৰ পৰা ঠেলাৰে দেউতাই
খৰি আনিছিল। তাৰ মাজৰে সুগন্ধীযুক্ত দুই-এডাল সৰু খৰিৰ টুকুৰা পঢ়াৰ মেজ পাইছিলগৈ।
লগৰ দুই এজনক সেইবোৰ অগৰু গছৰ টুকুৰা বুলি কৈ গৌৰৱ অনুভৱ কৰিছিলোঁ।
ছাত্ৰাবাসত
থাকিবলৈ যোৱাৰ পিছত ৰন্ধনৰ দুটামান প্ৰস্তুত প্রণালী শিকিছিলোঁ। তাৰে এবিধ আছিল
‘বৰাহৰ মঙহ সিদ্ধ’। বিশেষ লেঠা নাই, সহজ। মাজে মাজে দুটামান নামি-দামী পাচলি গোটাই
সিজোৱাৰ পিছত ওপৰতে দুটামান কণী ভাঙি দিয়া হয়। ছাত্ৰাবাসত খাবলৈ দিয়া জাবৰখিনিতকৈ
(আমি মাজে মাজে তেনেকৈয়ে কৈছিলোঁ) বহুত সুস্বাদু আছিল তেনেদৰে প্ৰস্তুত কৰা
খাদ্যবোৰ। আস্ আৰু আমিও যে কি তৃপ্তিৰে ভাতসাঁজ খাইছিলোঁ! এইবোৰ অৱশ্যে ছাত্ৰাবাসৰ
কোঠাতে লুকাই থোৱা ‘হিটাৰ’ত প্ৰস্তুত কৰা হয়। ‘হিটাৰ’নো আৰু কি! দুটামান ইটাৰ ওপৰত
থৈ দিয়া হয় একোখন ‘হট প্লেট’। কিমানবাৰ যে ‘চুইচ্চ বোৰ্ড’ জ্বলি গৈছিল!
‘ইলেক্ট্ৰিচিয়ানো’ আমিয়েই আছিলোঁ। ৰবিবাৰ হ’লে আমাৰ খুব স্ফূৰ্তি লাগিছিল। সেইদিনা
ছাগলীৰ মাংস খাবলৈ পাইছিলো। অৱশ্যে কৃপন অথবা লুভীয়া ‘মেছ মেনেজাৰ’ৰ হাতত কেতিয়াবা
ৰবিবাৰে দিয়া মাংস কেইটূকুৰা ‘মেগনিফাইং গ্লাচ’ৰ মাজৰেহে দেখিবলৈ পোৱা সম্ভৱ
হৈছিল। অৱশ্যে এয়া আছিল ছাত্ৰাবাসত ৰন্ধা-বঢ়াৰ কথা।
চৰকাৰী
চাকৰি কৰিবলৈ পালোঁ। বৰাক উপত্যকাত। শিলচৰৰ পৰা ২৫ কিলোমিটাৰ আতঁৰত। চৰকাৰী আৱাসো
পালোঁ। তিনিটা কোঠালীৰ। পাকঘৰ-খোৱাঘৰ বেলেগকৈ। সকলো ঠিকেই আছিল। ৰান্ধিবলৈহে এলাহ।
চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনে ‘মাসি’ এজনী যোগাৰ কৰি দিলে। অকলে থাকিব ভাল নলগাত লগত
অইন বিভাগ এটাৰ এজনকো থাকিবলৈ আনিলোঁ। মই ৰাতিপুৱা ৭-৮ বজাৰ পৰাই নিজ কৰ্তব্যত
ব্যস্ত হ’বলগীয়া হয়। দুই-তিনিবজাত গা-পা ধুই আজৰি হৈ ভাত খাওঁ। লগৰজনৰেই ভাল।
নিয়মীয়া ‘ডিউটি’, ১০-১১ বজাত ভাত খায়েই কাৰ্যলয়লৈ যায়। মই থকা ঠাইখন ভাল, মানুহবোৰ
ভাল। চুৰি কাৰ্য নাই বুলিলেও হয়। পাকঘৰত তলা লগোৱা নহয়েই। ‘মাসি’য়েও আমনি নাপাই;
ভাত ৰান্ধিবলৈ আহি আমাৰ নিচিনা ডঙুৱাকেইটাক বিচাৰি ফুৰিব লগীয়া নহয়। আমিও
স্বাধীনতা দি কৈছিলোঁ- যি ৰান্ধিবা খাব পাৰাকৈ ৰান্ধিলেই হ’ল। কাৰণটো হ’ল মই
সৰুৰেই পৰা খাদ্যৰসিক নাছিলোঁ। পেটে হজম কৰিব পৰা কোনো ধৰণৰ খাদ্যতেই মোৰ আপত্তি
নাছিল। অৱশ্যে মাংসৰ প্ৰতি দুৰ্বলতা নথকা নাছিল। চাকৰি কৰিবলৈ আহিয়েই হাতত বেছিকৈ
টকা-পইছা নথকাত এটা ‘কেৰোচিন ষ্ট’ভ’, ভাত ৰান্ধিবলৈ ডেকচি এটা, ঢালাই কেৰাহী এটা,
দুখন হেতা, চাৰিটা গিলাচ, দুটা বাটি কিনিবলৈ সহায়কজনক কৈছিলোঁ। তেৱো তেনেকৈ
বস্তুবোৰ আনিছিল। ‘মাসি’ৰো ৰন্ধা-বঢ়া পৰ্ব সুকলমে চলি আছিল। কিন্তু তেওঁৰো মাজে
মাজে আলৈ-আথানি হৈছিল। ৰাতিপুৱা ৰান্ধিবলৈ আহি দেখিছিল আগৰ ৰাতি যেনেদৰে ৰান্ধি থৈ
গৈছিল পিছিদিনলৈ তেনেদৰেই থাকিছিল। কাৰণটো হ’ল ডঙুৱাৰ সংসাৰ। ‘যতেই ৰাতি ততেই
কাতি’ বুলি বাক্যশাৰী আমাৰ ক্ষেত্ৰত খাটিছিল। ৰাতি কৰবালৈ গৈ ‘ব্ৰীজ’ নহ’লে ‘২৯’
খেলিবলৈ লৈ খুব ৰাতি হোৱাত তাতেই ‘ডাবলিং-ট্ৰিপলং’ কৰি থাকিছিলোঁ।
এবাৰৰ
কথা কওঁ। লগৰজন ঘৰলৈ গৈছে; অকলে আছোঁ। কৰ্তব্যৰ পৰা আহি পাকঘৰৰ বাহিৰত জোতাযোৰ
খুলিবলৈ লৈছোঁ। ভিতৰত শব্দ শুনিবলৈ পালোঁ। চিন্তাও লাগিল, কি বা আছে ভিতৰত। তেতিয়া
দুপৰীয়া দুটা বাজিছিল। লাহেকৈ খিৰিকীখন মেলি দিয়াত দেখিলো মহা আৰামেৰে ঢেকুৰা এটাই
ডেকচিৰ ঢাকনি গুচাই মোলৈ ৰান্ধি থোৱা অন্ন ভোজন কৰি আছে। তাৰ পিছত টেমাত থকা
কেইখনমান বিস্কুটেৰে সেইদিনাৰ দুপৰীয়াৰ ভোজন সামৰিব লগা হৈছিল।
কুঁচিয়া
খাই খুব ভাল পাওঁ। অইনে ৰান্ধি দিলে খাওঁ। তেনেকৈ হেপাঁহ পলুৱাই খাবলৈ নাপাওঁ।
সেয়ে ঠিক কৰিললোঁ নিজেই এডাল কিনি আনি খাম। আনিলোঁ। কিন্তু লাগিল লেঠা। বিক্ৰেতাই
কাটি-বাচি নিদিয়ে। ভাবিলো ‘মাসি’ আছে। কিহৰ চিন্তা। নাই তেৱো সেইফেৰা কাম নকৰে। কি
কৰা যায় এতিয়া। ‘মাসি’য়েই বুদ্ধি দিলে। মুৰটোত টান ৰচী এডালেৰে বান্ধি ওপৰত ওলোমাই
লৈ মুৰৰ তলতেই ব্লেড এখনেৰে ৰেপি দিব লাগে। তেনেকৈ ছালখিনি আতঁৰাব পাৰি।
প্ৰক্ৰিয়াটো খুব এটা পচন্দ নহ’ল যদিও খোৱাৰ হেপাহত সেইফেৰা কাম কৰিবলৈও আগবাঢ়িলোঁ।
নেমুটেঙাৰ গছ এজোপা আছিল। কোনোমতে পুৰণি কাপোৰৰে ধৰি বান্ধি লৈ গছজোপাতেই
কুঁচিয়াটোক ওলোমালোঁ। দিও-নিদিওকৈ মুৰৰ তলত ৰেপ দিছোহে মোৰ গোটেই বাওঁহাতখন
কুঁচিয়াটোৱে মেৰিয়াই ধৰিলে। ময়ো কিংকৰ্তব্যবিমোড় হৈ পৰিলোঁ। ভয়ো খাইছিলোঁ কোনোমতে
হাতখন আজাৰি মাৰি আতঁৰি আহিলোঁ। সন্দেহ হৈছিল কুঁচিয়াৰ ঠাইত সাপ এডালকে লৈ আনিলো
নেকি! এনেয়ে সৰুৰে পৰা সাপৰ প্ৰতি সহজাত ভয় ভাব এটা আছিলেই। তাতে এমাহমান আগতেই
ঢোৰা সাপ জাতীয় এডালে ভৰিৰ সৰু গাঁথিত মেৰিয়াই ধৰিছিল। যিয়েই নহওক সেই যাত্ৰাত
চন্তু নামৰ ল’ৰা এজনে কুচিয়াঁডাল কাটি-বাচি খোৱাৰ উপযোগী কৰি দিছিল। সেয়ে এতিয়াও
মুখত কুঁচিয়াৰ টুকুৰা এটা সোমালে সেই চন্তু নামৰ ভাইটিটোলৈ মনত পৰে।
সংসাৰী
হ’লো। এতিয়া কিন্তু বহুত কিবাকিবি ৰান্ধিব জানোঁ। কিন্তু আজিলৈ কোনো এটা খাদ্যৰে
সমানতা ৰক্ষা কৰিব নোৱাৰিলোঁ। একেবিধ বস্তুৱে আজি যদি নিমখ ঠিকেই থাকে, কালিলৈ
বেছি হয়। আজি যদি জ্বলা ঠিকেই থাকে, কালিলৈ বেছি হয়। সেইটোৱে মাজে মাজে মোক অন্তৰত
দুখ দিয়ে যে কিয় মই ‘ইউনিফৰ্মিটি’ বজাই ৰাখিব নোৱাৰিলোঁ।
শেষত
তিতা কেৰেলাৰ লগত কণীৰ ব্যঞ্জনবিধৰ বিষয়ে নকলে লেখাটো আধৰুৱা হৈ থাকিব। তেতিয়া ঘৰ
ভাড়া কৰি আছিলোঁ। অকলেই ৰন্ধা-বঢ়া চলাই নিব পৰা হৈছোঁ। ফুৰিবলৈ গৈ বন্ধু এজন পাই
থকা ঠাইলৈ লৈ আহিলোঁ। ৰাতি হৈছিল, কোনোমতে অট’ এখন পালোঁ। যেতিয়া ঘৰ আহি পাওঁ,
দেখো ইতিমধ্যে বজাৰ-সমাৰ বন্ধ হৈ গৈছে। পাকঘৰত সোমাই দেখো কণী চাৰিটা আছেই। চাউলো
সৰহকৈ আছে। মুগ-মচুৰ নাই, আলুও নাই। তিতা-কেৰেলা আছিল। ঠিক কৰিলো কণী দুটা সিজাই
তিতা-কেৰেলাৰ আঞ্জাত পেলাই দিম। আগতে খোৱা নাই যদিও তিতা-কেৰেলাৰ শুকান ভাজি খন
খাই ভালেই লাগে যেতিয়া জোলখনো খাবলৈ নিশ্চয় ভালেই হ’ব। খাবলৈ বহি তিতা-কেৰালা আৰু
কণীৰ আঞ্জাখন মুখত দি বন্ধুৰ মুখলৈ চাবলৈ সাহস গোটাব পৰা নাছিলোঁ। শেষত দুয়োজনেই
কণীদুটা কেইবাবাৰো ধুই কাঁহীত নিমখ অকণ লৈ ভাত খাবলগীয়া হৈছিল।
(January’ 2013 সংখ্যা
xahitya.orgত প্রকাশিত -দিগন্ত যাদৱ শৰ্মা)
Comments
Post a Comment