Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

ছাত্ৰাবাসৰ এডোখৰ (১৯)::‘ক্লেপ্ট’মেনিয়া’ আৰু কপালৰ ‘এক্সটেনশন’


হঠাতেট্ৰেইন ডবাৰ ভিতৰত এটা মৃদু আলোড়নৰ সৃষ্টি ইজনে সিজনৰ ফালে চাব ধৰিলে বলৈ একো নাছিল, বুজাই বুজিছিল কমলে বিজ্ঞৰ দৰে মৃদুলক কাণে কাণে কলে ইয়াকক্লেপ্টমেনিয়া’ (Kleptomania) বুলি কোৱা হয়, মানে চুৰি কৰিবলৈ প্ৰবল ইচ্ছা যোৱা এটা মানসিক বিকাৰ চৌৰ্যবিকাৰ অথবা এক চৌৰ্যোন্মাদনা আৰু তেনেহলে নিশ্চয় মানবকক্লেপ্টমেনিয়াক’ (Kleptomaniac) বুলি লাগিব

ঘটনাটো এনেদৰে আৰম্ভ হৈছিল। বিপুলে ঘড়ীটো বিচাৰি আছিল। নিউ-জলপাইগুড়িত কিনা ঘড়ীটো কাক জানো বলৈ দিছিল। মোহনক সোধাত সি কলে ঘড়ীটো তাৰ বেগত থৈ দিছিল আৰু তাক নিজকে বিচাৰি বলৈ লে। ভুলতে মোহনৰ বেগ বুলি মানবৰ বেগটো খোলাত সি আচৰিত হৈ চিঞৰি উঠিল

: মোহন! এইবোৰ কি তোৰ বেগত?

চিঞৰ শুনি কেইবাজনো আগবাঢ়ি আহিল। বিপুলে বেগটো মোহনৰ বুলিয়েই ভাবিছিল, কিন্তু বেগৰ ভিতৰত অবিশ্বাসভৰা চাৱনি এটা দি মোহনেহে ভেদ ভাগিলে-
       :
ধেৎ! সেইটো মোৰ বেগ নহয় নহয়! মানবৰ বেগহে!

: কিন্তু?

বেগটোৰ ভিতৰত এগালমান বস্তু। প্ৰায় আটাইকেইজনেই আচৰিত হৈ পৰিল। একেধৰণৰ এই বস্তুবোৰ তাৰ যে নহয় সেইটো নিশ্চিত! ‘এক্সকাৰচ’ (excursion) যোৱা ৭০ জনীয়া দলটোৰ বহুকেইজনৰেই সৰু-সুৰা বস্তু দুই-এটা নোহোৱা হৈছিল। টুথব্ৰাছ, টুথপেষ্ট, ফণী, নেইল কাটাৰ, কলম ইত্যাদি

পৰিৱেশটো গহীন-গম্ভীৰ হৈ পৰিল। পঢ়া-শুনাত মানবৰ ভাল নাম আছে পৰীক্ষাৰ সময়ত তাৰনোটলৈ কেইবাজনৰো টনা-আঁজোৰা লাগে। বন্ধু-বান্ধবীৰ লগতো ব্যৱহাৰ ভাল। এনে অৱস্থাত কোনে কি কব লাগে একো উৱাদিহ নোপোৱা ল। কোনোবাই চহৰীয়া চাৰক কথাটো লে। তেওঁ কিবা এটা ভাবি মনে মনে থাকিল। সিদ্ধাৰ্থই পৰিৱেশটো পাতলাবলৈ মেল খাই থকা বেগটোলৈ হাত দিনেইল কাটাৰটো উলিয়াই ললে

: ধেৎ! ঘৰ আহি পাবলৈ এটা দিন আছেই। নখকেইটাই কাটি লওঁ!

তেতিয়াও শিল পৰা কপৌৰ দৰে মানব বেগটোৰ পৰা অকণমান আতঁৰত থিয় দি আছিল। অলপ ৰৈ সিদ্ধাৰ্থই মানবলৈ চকু দি সুধিলে-

: মানব! ‘ব্লেক এন্ড হোৱাইটমানেটু-ইন-ওৱানমঞ্জুলক দেখা নাই যে। সি? ‘ওৱাছ বেচিন আৰ্চীত মুখ চাই থকা নাইতো! নতুন দিল্লীতফেচিয়েলকৰি অনা মুখখন আয়েশাক দেখাব নোৱাৰিলে চল্লিশ টকা দেখোন এনেয়ে যাব। তাক বৰকৈ মুখখন ধুই থাকিবলৈ নকবি।ফেচিয়েল গুণাগুণ নোহোৱা হৈ পৰিব

কথা-বাৰ্তাৰ ৰেখাডাল আগবাঢ়িব দি চহৰীয়া চাৰে মুখত মিচিকিয়া হাহিঁ এটাৰে নিজৰবাৰ্থলৈ সোমাই ল। চহৰীয়া চাৰ যোৱাৰ পিছত ভবেশ আৰু ফাইজুৰ আগবাঢ়ি আহি তাক মঞ্জুলৰ কথা বলৈ অনুৰোধ কৰিলে। সিদ্ধাৰ্থই ভালেই পালে। মঞ্জুলক জোকাই ভাল লাগে। সি জানে মঞ্জুল নিশ্চয় কাষৰবাৰ্থটোৰ পৰাই ঘটনাৰ উমান লৈ আছে। ছাত্ৰাবাসত সৰু সুৰা চুৰিৰ ঘটনা ঘটি থাকে। মানবকক্লেপ্টমেনিয়াকবুলি আগতেই সি সন্দেহ নকৰা নহয়! মানব আৰু মঞ্জুল একেটা ছাত্ৰাবাসৰ। তাতেই আকৌ দুয়োৰুমমেট সেইবাবেই সি মানবৰ সন্মুখলৈ আহিবলৈ কুণ্ঠাবোধ কৰিছিল।এক্সকাৰচ সময়ত নতুন দিল্লীত কৰাফেচিয়েলআৰু মঞ্জুল আৰু আয়েশাৰ প্ৰেমকাহিনীৰ কিয়দংশ আছিল এনেধৰণৰ-

নামনি অসমৰ এখন সৰু চহৰৰ পৰা পঢ়িবলৈ আহিছিল মঞ্জুল। তাতকৈ দুশ্ৰেণী তলত পঢ়া আয়েশাৰ লগত আজি তিনি বছৰৰ পৰা হিয়া-দিয়া-নিয়া চলি আছিল। তাই ঘৰৰ কাষৰ মহাবিদ্যালয় এখনৰ উচ্চতৰ মধ্যমিকৰ ছাত্ৰী। আয়েশাৰ দেহৰ বৰণ ধৱল। তাৰ বিপৰীতে মঞ্জিলৰ দেহৰ বৰণ অন্ধকাৰাবৃত। তাতে আকৌ আজি দুবছৰৰ পৰা সন্মুখভাগৰ পৰা কি এনেকৈ চুলি সৰিবলৈ ধৰিলে যে কপাল নে মুখৰএক্সটেনশনধৰিবই নোৱাৰি! এইটো হাৰত চুলি গৈ থাকিবলৈ লে টকলামূৰা হৈ টকম্বৰি নাম পোৱাৰ যোগ্যহে বগৈ। সেই আয়েশাৰ বাবেএক্সকাৰচ বিভিন্ন ঠাইৰ পৰা কিমান কি ধৰণৰ বস্তু যে কিনিছে! এতিয়া তাৰে দুই এপদৰুমমেট বেগত নোলালেহে ৰক্ষা!

আয়েশাৰ মনত এটাই দুখ মঞ্জুলৰ শৰীৰৰ অন্ধকাৰাবৃত বৰণটো আৰু অকালতে হোৱা কপালৰএক্সটেনশনটোৰ বাবে। এই কথাটো আয়েশাৰ বান্ধবী সাগৰিকাৰ মুখত শুনাৰ পৰাই মঞ্জুলে গোটেই শৰীৰটোক অন্ধকাৰাচ্ছন্নৰ পৰা মুক্ত কৰিব নোৱাৰিলেও অন্ততঃ মুখখনক ধৱলিকৰণ কৰিবলৈ চেষ্টাৰ ত্ৰুটি কৰা নাছিল

নতুন দিল্লী পোৱাৰ পিছত দুজনমানৰ কথা শুনি নামী-দামী চেলুন এখনত সোমাল। লগৰ দুজনে চুলি কটালে। মঞ্জুলে চুলি কটাবৰ বিশেষ নথকাত তাতেই মনটোও খুদমুদাই আছিল, গতিকেফেচিয়েলকৰাবলৈ বহি দিলে। চকু মেলি মঞ্জুলৰ মাথা গৰম হৈ ল। মুখখন দেখোনটু-ইন-ওৱানহৈ পৰিল! মুখখন বগা, কপালৰ ওপৰৰ খিনি লা। হাজামক কৈ ওপৰৰখিনিও মুখমণ্ডলৰ দৰে কৰি দিব দিলে। হাজামে হাঁহি এটা মাৰি লে মুৰতফেচিয়েলনকৰে নহয়! ফলাফল আৰু এটাএক্সট্রাখৰছ।এক্সটেনশন আচ্ছাদনৰ বাবে টুপী এটা কিনিব লগা হৈছিল৷
(দিগন্ত যাদৱ শৰ্মা diganta yadav sarma)

Comments

Popular posts from this blog

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)

টিলৌ সংবাদ (কৌতুক)

ৰক্তৰঞ্জিত :: ৰহস্যৰ অৱসান (ৰহস্য গল্প)