(নাউ টিলৌ ইজ
বেক উইথ নবীন)
টিলৌ সংবাদ (১১)
পৰীক্ষা হ'লত-
নবীনঃ- অই দেখিছনে প্ৰশ্ন কিমান টান আহিছে। এটাও 'কমন' পৰা নাই! কি কৰো?
টিলৌঃ- চকু বন্ধ কৰ। দীঘলকৈ উশাহ এটা ল। আৰু অনুভব কৰ ইমান ভাল বিষয়বস্তু! অহাবাৰলৈ সাচিঁ থও! আকৌ
এবছৰ পঢ়ি ভৰপুৰ আনন্দ ল'ম।
টিলৌ সংবাদ (১২)
টিলৌৰ আজিকালি অলপ-অচৰপ বুদ্ধি-বৃত্তি হৈছে। সি কেতিয়াবা নবীনকো চেৰ পেলাই। শুনকছোন তাৰে এটা নমুনা।
টিলৌঃ- নবীন তই মোক এটা প্রশ্নৰ উত্তৰ দে। দিব পাৰিবিনে?
নবীনঃ- আগতে সোধ আকৌ!
টিলৌঃ- শুন! তোৰ এটা
'পাৰ্চনেল জিনিষ'। তই
কিন্তু ব্যৱহাৰ নকৰই। খুব কম,
কেতিয়াবাহে কৰ। অৱশ্যে পাঠশালা
স্কুলত থাকোতে মাজে মাজে ৰাস্তাই-ঘাটে নতুন মানুহ চিনাকি হ'লে কৰিছিলি। কিন্তু......
তোক লগ পোৱা অইন মানুহে সদায় কৰে। যেনে অলপ আগতে মই কৰিলোৱেই। এতিয়া তই মোক সেই বস্তুটো কি সেইটো এটা শব্দত প্ৰকাশ কৰ।
নবীনঃ- (ইতিমধ্যে নবীনৰ তালু গৰম হৈ গৈছে। তাৰ বস্তু অইনে ব্যৱহাৰ কৰি আছে। কাৰ ইমান সাহ! কোনোমতে ক্ৰোধ সম্বৰন কৰি টিলৌক উত্তৰ দিলে) সোনকালে
ক' কি বস্তু। মই
নাজানো।
টিলৌঃ- ধেৎ বুৰ্বক। তাকো নাজননে? নবীন।
নবীনঃ- হাৰে নকৱ কিয়?
টিলৌঃ- কলো দেখোন। 'নবীন'-
তোৰ নামটো। তোক
লগ পোৱাবোৰে 'নবীন'
নামটো ব্যৱহাৰ নকৰে জানো! সেইটো তোৰহে। হাঃ
হাঃ হাঃ।
টিলৌ সংবাদ
(১৩)
টিলৌৱে পঢ়া-শুনা শেষ কৰি চাকৰি বিচাৰিবলৈ লাগিল।
'চাৰ্টিফিকেট'বোৰো সৰহকৈ 'ফ'টোষ্টেট'
কৰি
ললে। এদিন 'এটেষ্টেট' কৰিবলৈ এটা অফিচলৈ গ'ল। তাত দেখে কেইবাখনো চকি খালি। যি
দুই-তিনিজন আছে তেওঁলোকো গভীৰ নিদ্ৰাত থকা যেন লাগিল। সোমাওতে দেখিছিল বাহিৰত এখন
চাইনবৰ্ড
আঁৰি
থোৱা
আছে, য'ত লিখা আছিলঃ-
“চিঞৰ-বাখৰ নকৰিব”
এজনৰ টেব'লত 'মাৰ্কাৰ পেন' এটা দেখি টিলৌৱে তলত
লিখি
দিলেঃ-
“নহ'লে আমি সাৰ পাই যাব পাৰো”
টিলৌ সংবাদ (১৪)
নবীনক পালে টিলৌক কোনো লগেই নালাগে। তাৰ কথাবোৰ শুনি থাকিবৰ মন যায়। তেতিয়া নবীন পুলিছৰ চাকৰিত নতুনকৈ সোমাইছে। বৰ কঠিন পুলিছৰ চাকৰি। তাতে আকৌ
গুৱাহাটীত
পোষ্টিং। নবীনৰ আটাইতকৈ কষ্ট হয় ৰাতি ডেকা ল'ৰাবোৰৰ আড্ডাক লৈ। ওপৰৱালাই নিৰ্দেশ দিয়ে আড্ডা ভাঙিবৰ বাবে। কিন্তু ডেকা ল'ৰাবোৰৰ জুমবোৰৰ ওচৰত যাবলৈ নবীনৰ অলপ ভয় ভয় নলগা নহয়। কিবা কৈ
দিয়ে
ঠিক
নাই!
এবাৰ পুলিছৰ মানে নবীনহতঁৰ মাজত কিবা
“ইন্টাৰ
ষ্টেট
পুলিছ
মিট” হ'ল।
তাতে
নবীনক
বিহাৰৰ
পুলিছ
এটাই
সজ
উপদেশ
এটা
দি
গ'ল।
তাকে
আজি
নবীনে
টিলৌক
কলে।
নবীনে সুধিছিল-
“আপোনালোকৰ
তাত
ডেকা
লৰাৰ
আড্ডা
বা
জুমবোৰ
কেনেকৈ
নিয়ন্ত্ৰণ
কৰে?”
বিহাৰৰ পুলিছজনে উত্তৰ দিছিলঃ-
“আমি চিভিল ড্ৰেচত দুজনমান কনিষ্টবলক চান্দাৰ বহী
দুটামান
দি
চান্দা
খুজিবলৈ
লগাই
দিওঁ।”
টিলৌ সংবাদ
(১৫)
টিলৌৱে মাক-দেউতাকক লৈ দিল্লী জয়পুৰ ফুৰি আহিলেগৈ। এতিয়া নবীনৰ আগত
বুকু
ফিন্দাই
তাৰেই
গল্প
শুনাই
আছে। অমুকত গ'লো,
তমুকত
গ'লো। হোটেলত ঠাণ্ডা ভাত
দিওঁতে
দমো
দি
দিলো।
নবীনঃ-
ৰছোন
ৰ, তই তাতে কি ভাষাত কথা পাতিছিলি?
টিলৌঃ-
হিন্দীত।
নবীনঃ-
(আচৰিত
হৈ) হিন্দীত কথা কওতে তই একো অসুবিধা পোৱা নাছিলি?
টিলৌঃ-
মোৰ
কি
অসুবিধা
হ'ব।
যোনে
শুনিছিল
সিহঁতৰ
বোধকৰো
অসুবিধা
হৈছিল।
টিলৌ সংবাদ
(১৬)
আৰু এদিন শ্ৰেণীকোঠাত চাৰে সুধিলে-
শিক্ষকঃ-
টিলৌ, কোৱাচোন স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণ মানে কি?
টিলৌঃ-
চাৰ
নাজানো। কিন্তু দুয়োটাৰ মাজৰ পাৰ্থক্যটো ক'ব পাৰিম।
শিক্ষকঃ-
ঠিক
আছে! সেইটোৱে শুনোছোন।
টিলৌঃ-
চাৰ
স্বৰবৰ্ণবোৰ
মাতিলে
মুখৰ
পৰা
বাহিৰ
হৈ
যায়। আৰু ব্যঞ্জনবৰ্ণবোৰ মাতিলে মুখৰ ভিতৰলৈ সোমাই আহে।
টিলৌ সংবাদ
(১৭)
টিলৌ সৰুকালত দুই
শ্ৰেণীমান
মামাকৰ
ঘৰত
থাকি
পঢ়িছিল। সেই সময়ৰ কিছু কথা টিলৌৰ মাহীয়েকে কৈ খুব আমোদ পায়। এবাৰ বোলে সাধাৰণ জ্ঞানৰ পৰীক্ষা এটাত শিক্ষকে সুধিলে-
“তোমাৰ ওচৰে-পাজৰে থকা এবিধ সৰীসৃপৰ নাম কোৱাছোন।”
টিলৌৱে বোলে খুব
ভাবি
চিন্তি
উত্তৰ
দিছিল-
“চাৰ,
মোৰ
ভাইটি
টিকলু।”
“ধেৎ কেনেকৈ হ'ব। মই
তোমালোকক
শিকাইছিলো
নহয়! মাটিত ভৰ দি বুকুৰে চোচৰি যোৱা প্ৰাণিবিধ......”
“জানো,
জানো
চাৰ। সেইকাৰনে কৈছো। মোৰ
ভাটি
টিকলু
মাটিত
ভৰ
দি
পেট
আৰু
বুকুৰে
চুঁচৰি
ঘুৰি
ফুৰে।”
(পৰিবেশক :: দিগন্ত যাদৱ শৰ্মা)
Comments
Post a Comment