Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

যাত্ৰাপথৰ বিড়ম্বনা :: ভূমিস্খলন, ষাঁড়গৰু আৰু প্ৰস্ৰাৱৰ ঘ্ৰাণ



বৰাক উপত্যকাত কৰ্মৰত দিনবোৰৰ কথা বাৰিষাৰ সময়ত ঘৰত অহা-যোৱা কৰোতে কি যে দুৰ্গতি হৈছিল! তেনে সময়ৰ কথা লিখিবলৈ ওলাইছো সেইবাৰ প্ৰৱল বৰষুন আৰু বছৰৰ তৃতীয়টো বানে যথেষ্ট কষ্ট দিছিল ইফালে দুৰ্গা পূজালৈও বেছিদিন নাই যদিও পূজা-পাতালৰ লগত অলপো জড়িত নহওঁ তথাপিও ভাল লাগে সকলোৰে বন্ধ হোৱাৰ বাবে দূৰ-দূৰণিৰ পৰা লগৰ প্ৰায় আটাইবোৰেই ঘৰলৈ আহে আটাইবোৰেই লগ হওঁ তিনিআলি বা চাৰিআলিটোত দিনত অথবা ৰাতি বুলি কথা নাই তেতিয়া ডঙুৱাৰ জীৱন কটাই আছিলোঁ সেয়ে বেছি চিন্তা ভাৱনাও নাই কৰ্মস্থলীৰ এলেকাত আমিও যথেষ্ট কষ্ট কৰিছিলোঁ সঁচাকৈয়ে মানুহ, জীৱ-জন্তুবোৰৰ বৰ আলৈ আথানি হৈছিল দুৰ্যোগ প্ৰশমনৰ বাবে যিমান পাৰি বিভাগৰ ফালৰ পৰা চেষ্টা কৰা হৈছিল কিন্তু মনে মনে দুৰ্গা পূজাত ঘৰলৈ যাবলৈ নোপোৱাৰ শংকা এটা থকাত বেয়াও লাগিছিল পিছলৈ অৱশ্যে বতৰ ফৰকাল হোৱাত ততাতৈয়াকৈ যাৱতীয় কাম-কাজবোৰ সামৰি ঘৰলৈ ৰাওনা হৈছিলো কিন্তু বিধিৰ বিপাক নৈশ বাছত আহি যেতিয়া মেঘালয়ৰ সোনাপুৰ অঞ্চল পালোহি তেতিয়া দেখো সন্মুখত যান-বাহনৰ এক দীঘলীয়া শাৰী এক অচলাৱস্থাই বিৰাজ কৰিছে খবৰ আহিল আগত তিনি ঠাইত ভূমিস্খলন হৈছে গোটেই ৰাতি তেনেদৰেই থাকিলোঁ ৰাতিপুৱাল ভূমিস্খলন আতঁৰোৱাৰ কোনো উমঘামেই নাই দুয়োফালে যান-বাহনৰ দীঘল দীঘল শাৰী জানিব পাৰিলো অহা দুদিনতো বোলে ভূমিস্খলন আতঁৰোৱাৰ কোনো সম্ভাৱনা নাই তীব্ৰ যান-যটৰ বাবে চিলং অথবা গুৱাহাটী দিশৰ পৰা অহা  যান-বাহনবোৰো উভতি যাব নোৱাৰা অৱস্থা এটাৰ সৃষ্টি হৈছিল ভাবি-গুনি আমি কেইবাজনে আকৌ শিলচৰলৈ উলটি যোৱাটোৱে ঠিক কৰিছিলোঁ উলটি যাবলৈ গাড়ীও পালো দুপৰীয়া গৈ পায়ে 'বৰাক ভেলি এক্সপ্ৰেছ ট্ৰেইন' টিকেট 'লো সময় পিছদিনা ৰাতিপুৱা বজাত

ৰাতিপুৱা 'ট্ৰেইন' উঠিয়ে 'টুৱেন্টি নাইন' খেলিবলৈ লাগি 'লো তেতিয়া দুখ-ভাগৰ বোলা বস্তুটো নাছিলেই নেকি! চাকৰী জীৱনৰ প্ৰথম ছোৱা শিলচৰৰ পৰা লামডিঙলৈ 'মিটাৰ গজ' লামডিঙৰ পৰা গুৱাহাটী যাবলৈ আকৌ 'ট্ৰেইন' সলাব লাগিব প্ৰথমবাৰৰ বাবে বৃটিছসকলে নিৰ্মাণকৰা ৰেলপথৰে যাত্ৰা আৰম্ভ কৰিছিলোঁ ডিমা-হাচাও জিলাৰ মাজেৰে গৈ থকা অৱস্থাত প্ৰাকৃতিক সৌন্দৰ্যত মন-প্ৰান মোহিত হৈ পৰিছিল বোধকৰো হাৰাঙ্গজাও অঞ্চলৰ পৰা দুটা ইঞ্জিনেহে ট্ৰেইনখন টানি লৈ গৈছিল ২৪ টা সুৰঙ্গৰ মাজেৰে পাৰ হৈ যোৱা যাত্ৰাপথ সঁচাকৈয়ে ৰোমাঞ্চকৰ মাজতে ৯০০ মিটাৰৰো অধিক দীঘল সুৰঙ্গ এটা পালোঁ সুৰঙ্গৰ মাজত হঠাত হোৱা অন্ধকাৰখিনিয়ে নিশাৰ পৰিবেশৰ সৃষ্টি কৰিছিল ডবাটো আমি বিজুলী চাকিৰে পোহৰাই তুলিছিলো বাটত যি পাওঁ তাকেই কিনিবলৈ ধৰিলোঁ এঠাইত কম দামতে পাই কল কিনিলোঁ গোটেইবোৰে কিনাত থবলৈ ঠাইয়ে নোহোৱা ' যিমান পাৰি খালোঁ শিলচৰৰ পৰা লামডিংৰ যাত্ৰপথত নিৰ্ধাৰিত সময়ত গন্তব্যস্থান পোৱাটো বিৰল আমাৰো সেয়ে ' সংযোগকাৰী 'ট্ৰেইন'খন নাপালোঁ আমাক এৰি থৈ গলগৈ 'বি.জি. এক্সপ্ৰেস' নে অইন কিবা এখন আছে নিশা বজাত ইফালে লামডিং 'স্টেশ্যন' অগণন লোক পূজাৰ বন্ধ বহুতে ঘৰলৈ যাবলৈ ওলাইছে আকৌ শিলচৰৰ পৰা অহা ভিৰটো আছেই চিট পালেহে হয়! আটাইজাকে 'প্ল্যাটফৰ্ম'তে বহি পৰিলোঁ কেইবাজনো চিনাকি পালোঁ ডিমা-হাচাওত কৰ্মৰত লগত থকা কলখিনি সদব্যৱহাৰ কৰিবলৈ মন ' যাচিব পৰা কেইজনক যাচিলোঁ তাৰে এজন আছিল ডেকা বৰুৱা ডেকা বৰুৱাই আমাক সুধিলে-
: আৰু কল আছেনে?
: কিমান খাবি? হো ' এইবোৰ _আমিও ভালে পালোঁ এনেয়ে পেলাই দিয়াতকৈ খাওঁক
এজনে কলে-
: বেচেৰা বৰ ভোকত আছে বোধকৰো! পাহাৰতহে চাকৰি কৰে ৰাতিপুৱাই ওলাই আহিছে একো খাবলৈয়ে নহ' চাগৈ

অলপ পিছত দেখো ৰেলৱে 'প্লেটফৰ্ম' ধুন্দুমাৰ কান্ড হুলস্থূল লাগি গৈছে যেনিয়ে তেনিয়ে মানুহ ফৰিং-ছিটিকা দিছে সৰু 'ৰা-ছোৱালীবোৰক মাক-বাপেকে কোলাত লৈ নিৰাপদ দূৰত্বত অৱস্থান কৰিছে ভিৰ ফালি একাষৰীয়া হৈ দেখো আমাৰ ডেকা বৰুৱাই আমি দিয়া কলকেইটা হাতত লৈ এটা এটাকৈ ষাঁড় গৰু এটাক দলিয়াই আছে আৰু ষাঁড় গৰুটোৱে আগলৈ যেনিয়ে তেনিয়ে দৌৰ দিছে
: হো ' নাখাৱ কিয়? _এইবুলি কৈ কলথোকৰ পৰা আন এটা দলিয়াই দিয়ে বেচেৰা ষাঁড় গৰুটোৱে বোধকৰো কাৰো পৰা ইমান আদৰ যত্ন পোৱা নাছিল! সি বা কি ভাবিছিল? প্ল্যাটফৰ্মত যতে ততে কলবোৰ পৰি ৰৈছিল আগে আগে ষাঁড় গৰুটো দৌৰিছিল পিছে পিছে কিন্তু ডেকা বৰুৱা আজি সি ষাঁড় গৰুটোক কল খুৱাইহে এৰিব বৃহৎ আঁকাৰৰ ষাঁড়টো যেনিয়ে তেনিয়ে যোৱা দেখি মানুহবোৰৰ মাজত ত্ৰাসৰ সৃষ্টি হৈছিল নাই! ভাগ্য ভাল আছিল একো অঘটন নঘটিল বোধকৰো ষাঁড় গৰুটোৱে ৰেললাইন পাৰ হৈ লামডিং বজাৰ পাইছিলগৈ! 

নিশা বজাত নামনিমুৱা ট্ৰেইনত উঠিলো বিৰ দি বাট নোপোৱা অৱস্থা বহিবলৈ কিয় থিয় দিবলৈয়ে ঠাই নাই কি কৰা যায় ইমানকৈ অপেক্ষা কৰাৰ পিছত আৰু পৰবৰ্তী 'ট্ৰেইন'লৈ বাট চাব নোৱাৰি! যি হয় ' ডবাবোৰৰ ভিতৰত সোমাৱৰ বাবে অলপো ঠাই উলিয়াব নোৱাৰিলো গোটেই ৰাতিটো ট্ৰেইনৰ বাথৰুম-বেচিনৰ মাজৰ খালি ঠাইখিনিতেই আমি কেইবাজনেও থিয়ৈ থিয়ৈ যাত্ৰা কৰিছিলোঁ কেতিয়াবা বেৰত আওজি, কেতিয়াবা আঠু দুটা ভাঁজ কৰি ৰাতিপুৱা ছয় বজাত গুৱাহাটি ৰেলৱে স্টেশ্যন আহি পাইছিলোঁ পিছে স্ফূৰ্তিপানীৰ অনুগ্ৰহত ষাঁড় গৰুটোক কল খুৱাব নোৱাৰিলেও আমাৰ লগৰ ডেকা বৰুৱাই ইজন-সিজনৰ শৰীৰত ভেজা দি নাক বজাই শুলে আমিহে গোটেই নিশা বাথৰুমৰ পৰা অহা প্ৰস্ৰাৱৰ ঘ্ৰাণ লৈ ৰেল যাত্ৰাৰ এই দুৰ্ভাগ্যজনক পৰিস্থিতি জীৱনত যাতে দুনাই নঘটে _তাকে ভাবি আহি থাকিলো

(দিগন্ত যাদৱ শৰ্মা)

Comments

Popular posts from this blog

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)

টিলৌ সংবাদ (কৌতুক)

ৰক্তৰঞ্জিত :: ৰহস্যৰ অৱসান (ৰহস্য গল্প)