(বিধিসন্মত সতৰ্কীকৰণ: সুৰাপান সুখ-শান্তিৰ পথৰ কন্টক বুলি অসংখ্যবাৰ প্ৰমাণিত হৈছে আৰু ই স্বাস্থ্যৰ বাবেও হানিকাৰক।)
: এয়া এইবাৰ মঞ্চত হিল্লোল ডেকাই আধুনীক গীত এটি আগবঢ়াব।
কিছু সময় ৰৈ হিল্লোলক মঞ্চত প্ৰবেশ নকৰা দেখি ঘোষকে আকৌ ক'লে-
: হিল্লোল ডেকা আপুনি যতেই আছে সোনকালে
আহি মঞ্চত প্ৰবেশ কৰিব লাগে। আপোনাৰ গানৰ শ্ৰোতাই আপোনাৰ বাবে আপেক্ষা কৰি আছে।
নাই! হিল্লোল ডেকাৰ আবিৰ্ভাব নহয়েই দেখোন। লগৰ আন এজনে 'মাইক্ৰফোন'টো লৈ পৰবৰ্তী গৰাকী মাতিবলৈ লওঁতেই হিল্লোল ডেকাৰ মঞ্চত আবিৰ্ভাব ঘটিল।
'মাইক্ৰফোন'টো হাতত লৈ হিল্লোল মঞ্চৰ সোমাজলৈ আহিল। তাৰ ভাল লাগিল। মঞ্চৰ প্ৰথম শাৰীতে ভেষজবিদ্যা বিভাগৰ মুৰব্বী অধ্যাপক গগৈ চাৰো বহি আছে। তাৰ মনত পৰিল চাৰে যে তাক
এদিন সকলোৰে আগত
কৈছিল- 'তই কোনো কামৰে যোগ্য নহয়।' সি কম লাজ
পাইছিলনে? আজি এই বিদায় ক্ষণত সি তাৰ হৃদয়ৰ পৰা নিগৰি অহা কন্ঠৰে চাৰৰ অন্তৰ জয় কৰিব।
: নমস্কাৰ। অলপ পলম হোৱাৰ বাবে ক্ষমা বিছাৰিছোঁ। মই আমাৰ সকলোৰে মৰম আৰু আদৰৰ সন্মানীয় শিল্পী শ্ৰী যুত জিতুল সোণোৱালদেৱৰ 'অ' মৰমী লগৰী' গীতটো গাবলৈ লৈছোঁ। কিবা ভুল-ভ্ৰান্তি হলে ক্ষমা কৰি দিব।
অ মৰমী লগৰী, আছা বুকু জুৰি...
নাযাবা আঁতৰি...
চাই যোৱাহি... কিনো আছে মোৰ হিয়াতে...
দূৰণিৰ পৰা...
যাচিলোঁ মৰম...
সঁচাকৈয়ে হিল্লোলৰ বৰ সুন্দৰ কন্ঠ! গীতটো শেষ হ'বলৈ ধৰিছিল। সকলোৱে থিয় হৈ হাত চাপৰিৰে হিল্লোলক সম্বৰ্ধনা জনাবলৈ সাজু হৈছিল। কিন্তু কৰবাত কিবা যেন এটা বিজুটি ঘটিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কল্পতৰুত অনুৰোধৰ গীত একোটা যে কেতিয়াবা মাজে মাজে বাজি ধৰে। একেটা গীতৰ কলিয়ে যে বাৰে বাৰে বাজি থাকে! হিল্লোলৰো তেনেকুৱা কিবা এবিধে হ'ল। জনপ্ৰিয় গীত। প্ৰায় সকলোৰে মুখস্থ। তেনেস্থলত হিল্লোলৰ দৰে গায়ক এজনৰ ভুল হোৱাৰ প্ৰশ্নই নুঠে।
অ মৰমী লগৰী, আছা বুকু জুৰি... নাযাবা আঁতৰি...
অ মৰমী লগৰী, আছা বুকু জুৰি... নাযাবা আঁতৰি...
...এনেদৰে একেটা
শাৰীকে দহ-বাৰমান গোৱাৰ পিছত তাৰো কপালত ঘাম বিৰিঙি উঠা দেখা গ'ল। আটাইবোৰে অবাক হৈ তাৰ মুখত দৃষ্টি নিবদ্ধ কৰি ৰাখিলে। সি গীতটো শেষৰ শাৰীটো ১০-১২ বাৰ মান গোৱাৰ পিছত মুৰটো তলমুৱা কৰিলে। ভৰি দুখন চুঁচোৰাই চুঁচোৰাই মঞ্চখন ত্যাগ কৰিবলৈ ওলাল। এনে লাগিল দুয়োখন ভৰি যেন কোনোবাই বান্ধিহে থৈছিল! কোনো কোনোৱে হিল্লোলে তেনে কৰাৰ নিজাববীয়াকে ব্যাখ্যা কৰিবলৈ ধৰিলে। কোনোবা
এজনে কোৱা শুনা গ’ল -হিল্লোলক ঠিক বেমাৰী কাঙ্গাৰু এটাই খোজ দিয়াৰ দৰে লাগিছিল! কাঙ্গাৰুই
জপিয়াইহে আগবাঢ়ি যায়।
Parting Social, দুটা ইংৰাজী শব্দৰে গঠিত দিল খুশ কৰি দিয়া এটা অনুষ্ঠান। পাঁচ বছৰ একেলগে একেখন মহাবিদ্যালয়ত পঢ়ি অহাৰ পিছত যেতিয়া একেবাৰে এৰি যাবলগীয়া হয়, তেতিয়া ভুক্তভোগীজনেহে জানে মনৰ কি অৱস্থা হয়। শেষ ষান্মাষিকৰ সকলো ছাত্ৰ-ছাত্ৰীকে ছাত্ৰাবাসে ছাত্ৰাবাসে নিমন্ত্ৰণ দিয়া হয়। সেইটোকে কয় Parting Social। তেওঁলোকক বিয়াৰ দৰাৰ দৰে আদৰা হয়। প্রতিটো ছাত্ৰাবাস
আৰু ছাত্ৰীনিবাসত সৰু সুৰা সাংস্কৃতিক অনুষ্ঠানো একোটাৰো আয়োজন কৰা হয়। সদৌ শেষত যিমান পাৰি ভালকৈ নৈশ আহাৰৰ ব্যবস্থা কৰা হয়। প্ৰতিবছৰে সকলো ছাত্ৰাবাস-ছাত্ৰীবাসতে এনে আয়োজন কৰা হয়। ছাত্ৰীনিবাসত সততে প্ৰবেশৰ কোনো অনুমতি নথকা ছাত্ৰসকলে ছাত্ৰীনিবাসৰ Parting Socialৰ দিনা 'ডাইনিং হল' আৰু 'কমন ৰুম'ৰ চুক-কোণবোৰ ভালদৰে চাই লয়। কিছুমানে হুমুনিয়াহ কাঢ়ে 'ছেহ! এতিয়া যাবৰ বেলিকাহে এনেদৰে আদৰ-সাদৰ কৰেনে?' কাৰণ “পাৰ্টিং চচিয়েল”ৰ কেইদিনিমানৰ পিছতেই শেষ ষান্মাষিকৰ পৰীক্ষা আৰম্ভ হয়। ছোৱালীবোৰে সুন্দৰ সুন্দৰ পাট-মুগাৰ সাজ-পাৰ পিন্ধি আদৰি নিয়ে। আথে-বেথে বহুৱাই। হাতে হাতে মিঠাই-কচুৰি-ভুজীয়া প্লেট তুলি দিয়ে। পিছে পিছে চাহো আহে। কি যে মাদকতা ভৰা পৰিবেশ। ইয়াৰ পিছত সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হয়। সেই ছাত্ৰাবাস অথবা ছাত্ৰীনিবাসৰ অধীক্ষক জনৰ ওপৰিও আন আন ছাত্ৰাবাস-ছাত্ৰীনিবাসৰ অধীক্ষকসকলো উপস্থিত থাকে। প্ৰথমতে দুই-এজনে বক্তৃতা ৰাখে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটো অৱশ্যে লাহে লাহে হাঁহি-ধেমালীৰ পৰ্যায় পায়গৈ। চাৰ-বাইদেউসকলেও উপভোগ কৰে।
তেনে এটা বছৰৰ এটা ছাত্ৰাবাসৰ Parting Socialৰ কাহিনী এয়া। এনেবোৰ অনুষ্ঠানত দুই এজন অত্যুৎসাহীয়ে স্ফূৰ্তিপানীৰো ব্যৱস্থা কৰে। অৱশ্যে এনেধৰণৰ কাৰবাৰবোৰ ব্যক্তিগত উদ্যোগ অথবা 'শ্বে'য়াৰ চিস্টেম'তহে হয়। সেইদিনাখনো হিল্লোলে সৰু ডিঙিৰ স্ফূৰ্তিপানীৰ
বটল এটা আনিছিল। তেনেকৈ অভ্যাস
নাই যদিও Parting
Socialৰ উৎসাহতেই আনিছিল। অৱশ্যে বৰুণৰ লগত 'শ্বেয়াৰ চিস্টেম'তহে! অনুষ্ঠানটো আৰম্ভ হৈছিল। ইতিমধ্যে
তাৰ নামটোও ঘোষণা কৰিছিল। বৰুণৰ পৰা তাৰ আধা মুল্য নোপোৱাত সি সেইটো তাৰ হাতত দি থৈ যাবলৈ
সন্দিহান হৈ পৰিল। আন কোনো বিশ্বাসী নথকাত হিল্লোলে বটলটো ককালতে পেন্টৰ ভিতৰত সোমোৱাই থলে। ভালদৰে চাৰ্টটো ঠিকঠাক কৰিহে সি মঞ্চলৈ আগবাঢ়িছিল। সেইবাবেহে তাৰ দেৰি হৈছিল। কিন্তু তাৰ ভাগ্যই বেয়া আছিল। ঠিক গানটো শেষ হোৱাৰ সময়তেই স্ফূৰ্তিপানীৰ বটলটো পেন্টৰ ককালৰ পৰা সৰকি গৈ ভৰিৰ তল পাইছিল।
তাৰ যে কি এক অৱস্থা হৈছিল। এটা খোজ দিলেই পেন্টৰ
ভিতৰৰ পৰা বটলটো সৰকি গ'লহেতেন! আৰু সন্মুখত চাৰসকল বহি আছেই! গতিকে বেচেৰাই কি কৰো কি
কৰো বুলি বুদ্ধি পাঙি থাকোতেই শেষ শাৰীটো কেইবাবাৰো গালে। শেষত দুই ভৰিৰে বটলটো চেপা মাৰি কোনোমতেহে মঞ্চৰ নামি আহিছিল।
(দিগন্ত যাদৱ শৰ্মা)
Comments
Post a Comment