Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে ...

মোক অলপ দুখ দিয়া



মোক অলপ দুখ দিয়া
দিগন্ত যাদৱ শৰ্মা

মোক অলপ দুখ দিয়া
সুখৰ সাগৰত ককবকাই মই আজি নিস্পান হৈ ৰ'লো
মোৰ হিংসা হয় তোমালোকৰ দুখবোৰ দেখি
মোৰ হিংসা হয় তোমালোকৰ উৰুখা পজাবোৰ দেখি
মোৰ হিংসা হয় তোমালোকৰ চকুপানীবোৰ দেখি
আৰু হিংসা হয়-
যেতিয়া তোমাৰ দেউতাই অৰ্ধ-দিগম্বৰি দেহাৰে কাম বিচাৰি যায়,
আৰু তোমাৰ মায়ে খালি টেমাত তোমাৰ বাবে খোৱা বস্তু বিচাৰে,
আৰু আশা কৰে যাতে তেওঁ হাতত খাদ্যৰ টোপোলা এটা লৈ সোনকালে উভতি আহে

মোক সুখৰ পৰা মুক্ত কৰা
মোক এই শীত-তাপ নিয়ন্ত্ৰিত কোঠাৰ পৰা তোমাৰ উৰুখা পজাটোত লৈ যোৱা
মোৰ গাত থকা দামী সাজযোৰ খহাই পেলোৱা,
মোক অৰ্ধ-উলংগট দেহাৰে থাকিব দিয়া
মোক 'কে.এফ.চি', ‘মেকড’নাল্ড'ৰ পৰা মুক্ত কৰি লৈ যোৱা
ৰাতিপুৱা খালি পেট থাকি মই অপেক্ষা কৰিম বেলি লহিৱাওলৈ,
তেওঁ কিবা এমুঠি আনিব
আমাৰ মুখত দুখৰ হাহিঁবোৰ বিৰিঙাব
মোক অলপ দুখ দিয়া

Comments

Popular posts from this blog

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)

প্ৰাচীন অসমৰ পশু চিকিৎসা জগতত এভুমূকি

ৰক্তৰঞ্জিত :: ৰহস্যৰ অৱসান (ৰহস্য গল্প)