Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

সংকট কালত চালকৰ প্ৰত্যুৎপন্নমতিতা (দুই)



সংকট কালত চালকৰ প্ৰত্যুৎপন্নমতিতা (দুই)
দিগন্ত যাদৱ শৰ্মা
(আগৰ খণ্ডৰ পৰা)
দ্বিতীয়টো ঘটনা এইবছৰৰ জানুৱাৰী মাহত। এইবাৰ সদস্যৰ সংখ্যা বেছি। মই, মোৰ পত্নী আৰু আমাৰ সন্তান দুটি। লগত মোৰ সতীৰ্থ সহকৰ্মী বাইদেউ এগৰাকী আৰু তেওঁৰ পৰিয়াল। সময় আৱেলি তিনি বাজি গৈছে। স্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আমি আটাইকেইজন এখন খোলা জীপত। চালকৰ কাষত হাতত দুইনলীয়া বন্দুক এটা লৈ গাৰ্ডএজন। সুন্দৰ দৃশ্য এটা দেখুৱাবৰ বাবে জীপখন ৰৈ গল। আমাৰ হাতত থকা কেমেৰাবোৰত আঙুলিৰ টিপা পৰিবলৈ আৰম্ভ কৰিছিল।
পোৱালীৰ সৈতে গঁড় এজনী। আমি জানো পোৱালীৰ সৈতে থকা গঁড় এজনীৰ ওচৰ চাপিবলৈ চেষ্টা নকৰাই ভাল। কিন্তু আমাৰ পৰা দুয়ো বহু দূৰৈত আছিল। কিন্তু মাজে মাজে আমাৰ ফালেও দৃষ্টি ৰাখিছিল। বোধকৰো আমাৰ উপস্থিতি সহ্য নোহোৱাত জঙ্ঘলৰ আৰঁত লুকাই পৰিল। জীপৰ চালকে গঁড়জনীৰ সৈতে পোৱালীটোক আকৌ ভালকৈ দেখুৱাবৰ বাবে জীপখন পিছুৱাই আনি ৰৈ গৈছিল। ইতিমধ্যে আন তিনিখনমান জীপ আমাক অতিক্ৰম কৰি গৈছিল। হঠাতে দেখো আমাৰ সন্মুখত বিয়াগোম গঁড়জনী। কাষৰ জঙ্ঘল ভেদি খেদি আহিছে। পোৱালীটো পিছত। দূৰত্ব বোধকৰো দহ মিটাৰো নাছিল। চালকৰ পিছতেই পত্নী, কোলাত আমাৰ দুইবছৰীয়া সন্তানটো। চালকে ক্ষিপ্ৰতাৰে জীপখন পিছুৱাইছিল। গাৰ্ডজনে প্ৰথম জাঁই গুলী ফুটুৱাত গঁড়জনীয়ে কেৰেপেই কৰা নাছিল। দ্বিতীয় জাঁই গুলীও ফুটুৱালে। আৰু চালকেও খুব জোৰেৰে জীপখন পিছুৱাই ধুৱলী-কুৱলী পৰিবেশ এটাৰ সৃষ্টি কৰি গড়জনীক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল। ফলত গঁড়জনী আতঁৰি গৈছিল। কব নোৱাৰাকৈ ডিজিটেল কেমেৰাটোত আঙুলিৰ টিপাত দুখন ছবি ৰৈ গৈছিল। সময় ক্ষোদিত হৈ ৰল ২৩/০১/২০১৩ আৱেলি ৩ বাজি ৩১ মিনিট।
      
এইবাৰো জীপখনৰ চালকৰ উপস্থিত বুদ্ধিৰ ফলত আমি আটাইকেইজন সম্ভাব্য গঁড়ৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিছিলোঁ। এনেধৰণৰ ঘটনা আমাৰ বহুতৰে সৈতে ঘটে। আমাৰ দৰে কোনো কোনোৱে হয়তো সৌভাগ্যক্ৰমে সাৰি যায়। আৰু কোনোৱে হয়তো দুৰ্ভাগ্যজনক পৰিস্থিতিৰ কবলত পৰে। সেয়ে আজিও সেই দুয়োজন চালকলৈ মনত পৰিলে কৃতজ্ঞতাত মূৰ দোৱাও।
xahitya.orgত প্রকাশিত

Comments

Popular posts from this blog

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)

টিলৌ সংবাদ (কৌতুক)

ৰক্তৰঞ্জিত :: ৰহস্যৰ অৱসান (ৰহস্য গল্প)