Posts

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে ...

আমাৰ অঞ্চলটো (প্ৰবন্ধ)

Image
নিজৰ ওপজা ঠাইখন , প্ৰকৃতিৰ লগত প্ৰথম পৰিচয় লাভ কৰা ঠাইখনিৰ প্ৰতি প্ৰায় সকলোৰে সহজাত দুৰ্বলতা এটা থাকে । সেয়ে আমি ওমলি - জামলি ডাঙৰ - দীঘল হোৱা ঠাইখন , শৈশৱৰ দুষ্টালি ভৰা মিঠা মিঠা লগা স্মৃতিবোৰৰ প্ৰাণকেন্দ্ৰ এই ঠাইখনৰ কিছু পুৰণি কথা আপোনালোকক অলপ জনাবলৈ চেষ্টা কৰিছোঁ । ৰাজগড় , গুৱাহাটী । বোধকৰো এই নামটো অথবা ঠাইখনৰ লগত পৰিচিত ৰাইজ কেইবাজনো ওলাব । গুৱাহাটী - শ্বিলং পথৰ ভঙাগড় উৰণীয়া সেতুৰ তলৰ পৰা চানমাৰী সংযোগী পথটোৰ ( ৰেলগেটলৈ ) নামেই হৈছে ৰাজগড় পথ । আমাৰ ঘৰ মূল ৰাজগড় পথত নহয় যদিও ইয়াৰ সংযোগী উপপথ এটাত অৱস্থিত । সেয়ে আমি সততে চিনাকি দিয়াৰ সময়ত ঠিকনা ৰাজগড় বুলিয়েই কওঁ । চিঠি - পত্ৰ ডাকত দিয়া ঠিকনাতো উপপথৰ নম্বৰটোৰ সৈতে ৰাজগড় লিখা হয় । বাল্যকালৰ পৰাই আমাৰ দৈনিক প্ৰায় সকলো কাৰ্য্যক্ৰমনিকা এই ৰাজগড় এলেকাতে ঘটিছিল । দহ পইচাৰ চানাচুৰেই হওঁক অথবা দুটা হাঁহকণী কিনিবলৈয়ে হওক ৰাজগড়লৈ ধাপলি মেলিছিলো । ঠিক তেনেকৈ অসম আন্দোলনৰ সময়ত হোৱা অসম বন্ধবোৰত ৰাজগড় পথটো ক্ৰ...