Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

আমাৰ অঞ্চলটো (প্ৰবন্ধ)



নিজৰ ওপজা ঠাইখন, প্ৰকৃতিৰ লগত প্ৰথম পৰিচয় লাভ কৰা ঠাইখনিৰ প্ৰতি প্ৰায় সকলোৰে সহজাত দুৰ্বলতা এটা থাকে সেয়ে আমি ওমলি-জামলি ডাঙৰ-দীঘল হোৱা ঠাইখন, শৈশৱৰ দুষ্টালি ভৰা মিঠা মিঠা লগা স্মৃতিবোৰৰ প্ৰাণকেন্দ্ৰ এই ঠাইখনৰ কিছু পুৰণি কথা আপোনালোকক অলপ জনাবলৈ চেষ্টা কৰিছোঁ

ৰাজগড়, গুৱাহাটী বোধকৰো এই নামটো অথবা ঠাইখনৰ লগত পৰিচিত ৰাইজ কেইবাজনো ওলাব গুৱাহাটী-শ্বিলং পথৰ ভঙাগড় উৰণীয়া সেতুৰ তলৰ পৰা চানমাৰী সংযোগী পথটোৰ (ৰেলগেটলৈ) নামেই হৈছে ৰাজগড় পথ আমাৰ ঘৰ মূল ৰাজগড় পথত নহয় যদিও ইয়াৰ সংযোগী উপপথ এটাত অৱস্থিত সেয়ে আমি সততে চিনাকি দিয়াৰ সময়ত ঠিকনা ৰাজগড় বুলিয়েই কওঁ চিঠি-পত্ৰ ডাকত দিয়া ঠিকনাতো উপপথৰ নম্বৰটোৰ সৈতে ৰাজগড় লিখা হয় বাল্যকালৰ পৰাই আমাৰ দৈনিক প্ৰায় সকলো কাৰ্য্যক্ৰমনিকা এই ৰাজগড় এলেকাতে ঘটিছিল দহ পইচাৰ চানাচুৰেই হওঁক অথবা দুটা হাঁহকণী কিনিবলৈয়ে হওক ৰাজগড়লৈ ধাপলি মেলিছিলো ঠিক তেনেকৈ অসম আন্দোলনৰ সময়ত হোৱা অসম বন্ধবোৰত ৰাজগড় পথটো ক্ৰিকেট খেল পথাৰ হিচাপে ব্যৱহাৰ কৰিছিলো হাইস্কুলত পঢ়োতে আমি চানমাৰীত চিটিবাছত উঠা নমা কৰিব লাগিছিল যাওতে-আহোতে মুল ৰাজগড় পথৰ মাজেৰেই খোজকাঢ়ি অহা-যোৱা কৰিছিলো বিশ নে ত্ৰিশ পইচা দি চিটিবাছত উঠি চানমাৰীৰ পৰা কাছাৰীঘাট-পাণবজাৰ পাইছিলো ৰিক্সা দুই-তিনিখন মানহে আছিল উঠা নাছিলো জনসংযোগ বিভাগে দেখুওৱা কথাছবি দেখুৱাবৰ বাবে স্থান আছিল ৰাজগড় বিহুতলি বিহু চাইছিলো ৰাজগড় বিহুতলিত পূজা চাইছিলো ৰাজগড় বিহুতলিত (স্থায়ী বিহুমঞ্চৰ পাচফাল) দুৰ্গাপূজাত অনুষ্ঠিত হোৱা বিজয়নগৰৰ যাত্ৰাভিনয় চাবলৈ আমাৰ সৰু সৰুবোৰৰ ভাগ্যত টিনৰ চকী নাছিল সন্মুখভাগত পাৰি থোৱা ধানখেৰৰ ওপৰত বহিহে যাত্ৰা উপভোগ কৰিছিলোঁ পুতলা নাছো অনুষ্ঠিত হৈছিল বিভিন্ন খেল-ধেমালিৰো স্হানো আছিল ৰাজগড় বিহুতলি


অলপ অলপ মনত পৰে অসম আন্দোলনৰ বহুতো কাৰ্য্যসূচীও ৰাজগড় বিহুতলিৰ পৰা আৰম্ভ কৰা হৈছিল এই পথৰ শেষ প্ৰান্তত আমাৰ সকলোৰে মৰম আৰু শ্ৰদ্ধাৰ পৰাগ কুমাৰ দাসে নিষ্ঠুৰ ঘাটকৰ হাতত শেষ নিশ্বাস ত্যাগ কৰিছিল খবৰ শুনি আমি কেইবাজনো এই পথৰ মাজেৰেই দৌৰি দৌৰি সেই স্থান পাইছিলোঁগৈ

মোৰ এই লেখাটোৰ উদ্দেশ্য প্ৰকৃততে ৰাজগড় এলেকা সম্বন্ধে কিছু পূৰণি কথা আপোনালোকৰ আগত অৱগত কৰা ৰাজগড় নামটোৰ সম্পৰ্কে জনমানসত বিভিন্ন ধৰণৰ কথাবাৰ্তা শুনিবলৈ পোৱা যায় প্ৰবাদ মতে প্ৰাচীন কালত ৰাজগড়ৰ পূব দিশত অৱস্থিত পাহাৰৰ টিলা এটাত নৰকাসুৰ ৰজাই ৰাজকাৰেং নিৰ্মাণ কৰি বাস কৰিছিল সেইমতেই সেই পাহৰৰ নাম কালক্ৰমত নৰকাসুৰ পাহাৰ ৰূপে জনাজাত হয় নৰকাসুৰ ৰজাইমা কামাখ্যা দেৱী মন্দিৰ সজাইছিল দুৰ্গম হোৱাৰ বাবে মন্দিৰলৈ অহা যোৱা কৰা পথত শিলৰ খটখটি সাজি দিছিলমা কামাখ্যা দেৱী ভক্ত নৰকাসুৰ ৰজাই প্ৰতিদিনেই পূজা-অৰ্চনা দিবলৈ ব্ৰহ্মপুৱাতে উঠি কামাখ্যা পাইছিলগৈ নৰকাসুৰ পাহাৰৰ পৰা কামাখ্যালৈ যোৱাৰ পথছোৱা যাতায়তৰ সূচল নোহোৱাৰ বাবে এই গড়টো সজাইছিল ৰজাই সজোৱা বাবে এই গড়টো ৰাজগড় হিচাপে জনাজাত হয়

আৰু এক প্ৰবাদ মতে মোমাই তামুলী বৰুৱাই এই গড় নিৰ্মাণ কৰিছিল এসময়ত প্ৰাগজ্যোতিষপুৰ আহোম ৰজাৰ ৰাজধানী আছিল সেইকালতেই আহোম ৰজাৰ সেনাপতি মোমাই তামুলী বৰুৱাই শত্ৰুৰ আক্ৰমণ ৰোধিবলৈ এই গড়টো সজাইছিল তেওঁৰ পিছত বীৰ লাচিত বৰফুকনে গড়টো মেৰামতি কৰি উন্নত মানৰ কৰি তুলিছিল অগ্ৰজসকলৰ মুখত শুনা যায় ৰাজগড় পথৰ সোমাজত উচ্চমানৰ পুৰণি কলীয়া ইটাৰ প্ৰায় ছয় ফুট বহল তৰপ আছে একালত ইয়াতেই আহোম ৰজাৰ দিনৰ ভাস্কৰ্য খোদিত শিলৰ বেদীও আছিল বুলি শুনা যায়

আন কিছুমানৰ মতে সেই সময়ত ব্ৰহ্মপুত্ৰৰ প্ৰৱল বানপানীয়ে প্ৰাগজ্যোতিষপুৰৰ বিস্তৰ ক্ষতিসাধন কৰিছিল আৰু নগৰখন ৰক্ষা কৰিবলৈ তেতিয়া ৰজাই এই গড়টো সজাইছিল এইধৰনৰ ৰাজগড় নামাকৰন সম্বন্ধে বিভিন্ন মত-ভিন্নমত কিছুলোকৰ মাজত সিঁচৰিত হৈ আছে

আমি পঢ়াশালিৰ নিম্ন শ্ৰেণীত থাকোতে হাতৰ কামৰ বাবে লগা কেঁচামাটি ৰাজগড় সংলগ্ন নবীন নগৰ এলেকাৰ পৰা সংগ্ৰহ কৰিছিলো বৰষুন দিলে নবীন নগৰৰ জলাশয়বোৰত চালনিৰে ৰঙা-নীলা খলিহনা-পুঠি মাছ ধৰিছিলো ঘৰত আনি 'হৰলিক্স' বটলত পানী ভৰাই মাছবোৰ পঢ়া টেবলত ৰাখিছিলো আৰু যে ' কি মাছ আছিল ওপৰ চকুৱা, দৰিকণা আছেনে বাৰু এইবোৰ মাছ কৰবাত! বৰশী বোৱাৰ কথা কবই নালাগে ঘৰৰ সন্মুখত থকা 'লাটোত বৰশীত কেঁচুটোপ লগালেই ঘনে ঘনে কাঁৱৈ, মাগুৰ এইবোৰে খুটিয়াইছিল বাৰিষাৰ সময়ত ভঙাগড়ৰ দিশত থকা ভৰলুৰ ওপৰৰ তেতিয়াৰ কাঠৰ দলং খনত ভিৰ কৰিছিলো জালৰে মাছ ধৰা চাবলৈ ধান পকিলে নবীন নগৰৰ পৰা ঘৰৰ দুৱাৰমুখত সঁজাবলৈ ধানৰ সীহ আনিছিলো খৰালি নবীন নগৰৰ পথাৰৰ মাজেৰে চিৰিয়াখানালৈ খোজকাঢ়ি গৈছিলো ৰাজগড় পথটো কাষৰ ঠাইবোৰতকৈ যথেষ্ট ওখ আছিল সেই হেতুকে গোটেই পথছোৱা পৰিষ্কাৰ আছিল হয় এয়াটো খুব বেছিদিনৰ আগৰ কথা নহয় ভাবিবলৈকে আচৰিত লাগে এইটো এটা সময়ত ওখ গড় আছিল! অতি সোনকালে বহুবোৰ সলনি ' দুখ লাগে ঠাইখন আজিকালি ভাল নলগা ' বুলি কবলৈ আজি এজাক বৰষুণ দিলে এই স্থানত কদৰ্য্যময় পৰিবেশৰ সৃষ্টি হয় যান-যটৰ কথা নকলোৱেই যেনিবা! নবীন নগৰ আৰু আন আন পাৰ্শ্ববতী এলেকাৰ কথা নিশ্চয় 'বই নালাগে এই ঠাইবোৰত বিভিন্ন সময়ত হোৱা আবতৰীয় বানপানীৰ খবৰ ৰাইজে বৈদ্যুতিন আৰু ছপা মাধ্যমৰ যোগেদি নিশ্চয় পায়ে থাকে এতিয়াও মনত সজীৱ হৈ আছে ৰাজগড় পথৰ দুয়োকাষে থকা ঘন জংগলসমূহৰ ছবি কাষতে থকা শৰণীয়া পাহাৰটোৰ পৰা অহা বাঘৰ ভয় আছিলেই ৰাতি কিয় দিনতো কেতিয়াবা শিয়ালৰ হোৱা শুনিবলৈ পোৱা গৈছিল জহামাল, বান্দৰৰ কথা কবই নালাগে ঘৰৰ ভিতৰ আহি পাইছিলহি অৱশ্যে এতিয়াও জহামাল দুই এটা নোলোৱা নহয় বান্দৰো আহি ঘৰৰ ভিতৰ পায়হি অনিষ্টও কৰে আজিৰ এই সমস্যা আমি পাহাৰত সিহতঁৰ বসতিস্থল অধিকাৰ কৰাৰ বাবেহে হৈছে প্ৰায় সকলোবোৰ ঘৰতে বতৰৰ শাক-পাচলি লগাইছিল একেলগে ভোগালিৰ ভোজ-ভাত খাইছিল তাহানিৰ এই ৰাজগড় এলেকাত আজি কেইবাখনো বিদ্যালয়, মহাবিদ্যালয়, চিকিৎসালয়, ব্যৱসায়িক প্ৰতিষ্ঠান, ৰেষ্টুৰা, বহুতো আৱাসিক কেইবামহলীয়া ঘৰ গঢ় লৈ উঠিছে শৰ হিচাপত থকা লোক আজি কেইবাহাজাৰো 'লহি নিত্য প্ৰয়োজনীয় সকলোবোৰ সামগ্ৰী ইয়াতেই পোৱা যায় কাৰোবাক কব পাৰিলে 'লোহেতেঁন আজি আমাক ২৫-৩০ বছৰ আগৰ ৰাজগড়খন কৰি দিয়া কাৰণ মোৰ ঠিক সেইসময়ৰ ৰাজগড়খনৰ ছবিহে মনত দোলা দি থাকে অৱচেতন মনতো মাজে মাজে ২৫-৩০ বছৰ আগৰ ৰাজগড়খনৰ ছবি ভাহি উঠে

(লেখাটো প্ৰস্তুত কৰোতে দক্ষিণ-পূৱ গুৱাহাটী ৰঙালী বিহু সন্মিলনৰ ৫৬তম সমাৰোহ' ২০১৩ উপলক্ষে প্ৰকাশ পোৱাবিহুৱান শ্ৰী ৰাজেন্দ্ৰ নাথ শৰ্মাদেৱৰ এটা প্ৰৱন্ধৰ সহায় লোৱা হৈছে)
 দিগন্ত যাদৱ শৰ্মা

Comments

Popular posts from this blog

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)

টিলৌ সংবাদ (কৌতুক)

ৰক্তৰঞ্জিত :: ৰহস্যৰ অৱসান (ৰহস্য গল্প)