Posts

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে ...

যাত্ৰাপথৰ বিড়ম্বনা :: ভূমিস্খলন, ষাঁড়গৰু আৰু প্ৰস্ৰাৱৰ ঘ্ৰাণ

বৰাক উপত্যকাত কৰ্মৰত দিনবোৰৰ কথা । বাৰিষাৰ সময়ত ঘৰত অহা - যোৱা কৰোতে কি যে দুৰ্গতি হৈছিল ! তেনে সময়ৰ কথা লিখিবলৈ ওলাইছো । সেইবাৰ প্ৰৱল বৰষুন আৰু বছৰৰ তৃতীয়টো বানে যথেষ্ট কষ্ট দিছিল । ইফালে দুৰ্গা পূজালৈও বেছিদিন নাই । যদিও পূজা - পাতালৰ লগত অলপো জড়িত নহওঁ তথাপিও ভাল লাগে । সকলোৰে বন্ধ হোৱাৰ বাবে দূৰ - দূৰণিৰ পৰা লগৰ প্ৰায় আটাইবোৰেই ঘৰলৈ আহে । আটাইবোৰেই লগ হওঁ তিনিআলি বা চাৰিআলিটোত । দিনত অথবা ৰাতি বুলি কথা নাই । তেতিয়া ডঙুৱাৰ জীৱন কটাই আছিলোঁ । সেয়ে বেছি চিন্তা ভাৱনাও নাই । কৰ্মস্থলীৰ এলেকাত আমিও যথেষ্ট কষ্ট কৰিছিলোঁ । সঁচাকৈয়ে মানুহ , জীৱ - জন্তুবোৰৰ বৰ আলৈ আথানি হৈছিল । দুৰ্যোগ প্ৰশমনৰ বাবে যিমান পাৰি বিভাগৰ ফালৰ পৰা চেষ্টা কৰা হৈছিল । কিন্তু মনে মনে দুৰ্গা পূজাত ঘৰলৈ যাবলৈ নোপোৱাৰ শংকা এটা থকাত বেয়াও লাগিছিল । পিছলৈ অৱশ্যে বতৰ ফৰকাল হোৱাত ততাতৈয়াকৈ যাৱতীয় কাম - কাজবোৰ সামৰি ঘৰলৈ ৰাওনা হৈছিলো । কিন্তু বিধিৰ বিপাক । নৈশ বাছত আহি যেতিয়া মেঘালয়ৰ সোনাপু...