Posts

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে ...

আঠ ধুৰন্ধৰৰ কাণ্ড :: ছাত্ৰাবাসৰ এডোখৰ (১৮)

        পটভূমি সত্তৰৰ দশকৰ কোনোবা এটা বছৰ। তেতিয়া পৰীক্ষাৰ প্ৰশ্নকাকতবোৰ ‘লিথু মেছিন’তে উলিয়াই লয়। মহাবিদ্যালয়খনত ছাত্ৰৰ সংখ্যাও কম। ছাত্ৰীৰ সংখ্যাও তথৈবচ! নতুনকৈ তেতিয়া ছাত্ৰীৰ নামভৰ্তি আৰম্ভ কৰিছিলহে! ছাত্ৰাবাসত থকা ছাত্ৰবোৰৰ বেছিভাগেই ধিতিঙালি কৰি দিন কটাইছিল। মহাবিদ্যালয়ৰ দ্বিতীয় বৰ্ষৰ গোটেই শ্ৰেণীটোৰ আঠজনমানে বছৰটোৰ প্ৰায় আটাইকেইদিনেই মাৰ-পিট, ধিতিঙালি কৰিয়েই কটায়। ঠিক পৰীক্ষা চমু চাপি অহাৰ লগে লগে ঘনাই ঘনাই তেওঁলোক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়। এইবাৰ আঠজনীয়া দলটো দুই-তিনিটা ভাগত বিভক্ত হৈছিল। অৱশ্যে তেওঁলোকৰ মাজত মনোমালিন্য হোৱা নাছিল। কামৰ সুবিধাৰ বাবেহে তেনে কৰা হৈছিল। ভেষজবিদ্যাৰ পৰীক্ষাত তেওঁলোক আটাইকেইজনৰেই এইটোৱেই শেষ সুযোগ। দাস চাৰে নিজেই প্ৰশ্নকাকত তৈয়াৰ কৰিছিল। এইবাৰ কিন্তু তেওঁ আন কাকোকেই এই কামত বিশ্বাস কৰা নাছিল। কেইদিনমান আগৰ ঘটনাটোৰ বাবে বিশ্বাস চাৰৰ ওপৰত আস্থা একেবাৰেই হেৰুৱাই পেলাইছিল। দাস চাৰ ভেষজবিদ্যা বিভাগৰ মুৰব্বী অধ্যাপক। বিশ্বাস চাৰো একে বিভাগৰ সহযোগী অধ্যাপক। দ্বিতীয় বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ বাবে প্ৰশ্নকাকত...

ইতৰ প্ৰাণীৰ ছাত্ৰাবাস ( প্ৰৱন্ধ)

             ইতৰ প্ৰাণীৰ ছাত্ৰাবাস অথবা গৰু-ম’হৰ ছাত্ৰাবাস। কোনটো লিখিলে শুনিবলৈ শুৱালা হ’ব? ইংৰাজীত Animal Hostel বুলি কোৱা হয়। কথাটো শুনিবলৈ আচহুৱা যেন লগা নাইনে বাৰু! মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাস আছে, ছাত্ৰীনিবাস আছে। ভাৰা ঘৰ আছে, নিজৰ ঘৰ আছে। বৃদ্ধা আৱাস আছে, P.G. আছে মানে Paying Guest। মানৱ জাতিৰ বাবে কিমান ধৰণৰ যে থকাৰ ব্যৱস্থা আছে। কিন্তু ইতৰ প্ৰাণীৰ ছাত্ৰাবাস অথবা গৰু-ম’হৰ ছাত্ৰাবাস মানে Animal Hostel! গৰু-ম’হ নিজৰ নিজৰ গোহালিতহে থাকে। কিন্তু ‘হোষ্টেল’ত! কথাটো সঁচা। ইতৰ প্ৰাণীৰ ছাত্ৰাবাস আছে। ভাৰতত প্ৰথমটো ইতৰ প্ৰাণীৰ ছাত্ৰাবাস গুজৰাটৰ একোডাৰা নামৰ ঠাইত স্থাপিত হৈছে। সকলোতকৈ ডাঙৰ কথা ইতৰ প্ৰাণীৰ ছাত্ৰাবাসৰ ধাৰণাটো কিন্তু বাহিৰৰ পৰা আমদানি কৰা নহয়। এয়া গুজৰাটৰ থলুৱা আৰু নিজস্ব ভাবে কৰা চিন্তা-চৰ্চাৰ প্ৰতিফলন। Animal Hostelৰ বিষয়ে কিছু কথা জনাবলৈ বুলি এই চমু লেখাটো আগবঢ়ালোঁ।               গুজৰাট চৰকাৰৰ উদ্যোগত পৰীক্ষামূলক ভাবে চবৰকাথাঁ জিল...

‘ভাইভা-ভ’চি’ত নকল আৰু চাহ অনা ফ্লাস্ক :ছাত্ৰাবাসৰ এডোখৰ (১৭)

: ইমান আৰু সুবিধা ল ’ ব নাপায় দেই ? শৈলেন হোজা ল ’ ৰা বুলিহে !       : ধেৎ ! নহ ’ লে মই কি কৰিম। : পুৰা ১৫ নম্বৰ আছে ‘ এচ্চাইনমেন্ট ’ খনত। মোৰ নিমিলিবই ! ইফালে লিখিত পৰীক্ষা আৰু ‘ ভাইভা - ভ ’ চি ’ ত কিমান নম্বৰ পাম জনা আছে। চাৰে শৈলেনৰ লগত ‘ পাৰ্টনাৰ ’ কৰি দিলে বুলিহে ! নহ ’ লে নিতৌ সন্ধিয়া পুথিভঁৰাললৈ গৈ আড্ডাটো বাদ দিলেহে হ ’ ব ! ৰাৰিছদাৰ পঢ়া - শুনাত ৰাপ নাই। ধনীৰ দুলাল। বপেকে জোৰ কৰি নামভৰ্তি কৰি দি ‘ ছাত্ৰাবাস ’ ত থৈ গৈছিলহি। একেটা ষাণ্মাসিকতে দুবছৰ পঢ়িলে। পৰীক্ষাৰ মাত্ৰ এদিন আগতে পঢ়িলে উত্তীৰ্ণ হ ’ ব পাৰে নেকি ? সেয়ে পিছুৱাই গৈ শৈলেনহঁতৰ লগত লগ লাগিলগৈ। শ্ৰেণীকোঠাত একো নিলিখে। পৰীক্ষাৰ আগৰ দিনা অইনৰ ‘ নোটবুক ’ টনাটনি কৰি ‘ ফটোকপি ’ কৰি লয়। ‘ ভাইভা - ভ ’ চি ’ তো যে নকল মাৰে জীৱনত প্ৰথম ৰাৰিছদাৰ মুখতে শুনিছিলোঁ। দ্বিতীয় ষান্মাসিকৰ জীৱৰসায়নৰ ব্যৱহাৰিক পৰীক্ষাতহে জমিছিল। পৰীক্ষাগাৰত এজন এজনকৈ সোমাব দিছিল। তাত জীৱৰসায়ন বিজ্ঞানৰ প্ৰয়োগশালাত ব্যৱহৃত হোৱা সঁজুলি সমূহ এপদ এপদকৈ থৈ দিয়া আছিল। এতিয়া পৰীক্ষাৰ্থীজনে সেইবোৰ ক্ৰম অনুসাৰে চিনাক্তকৰণ কৰি লিখি যাব...