Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

‘ভাইভা-ভ’চি’ত নকল আৰু চাহ অনা ফ্লাস্ক :ছাত্ৰাবাসৰ এডোখৰ (১৭)



: ইমান আৰু সুবিধা লব নাপায় দেই? শৈলেন হোজা লৰা বুলিহে!
      : ধেৎ! নহলে মই কি কৰিম।
: পুৰা ১৫ নম্বৰ আছে এচ্চাইনমেন্টখনত। মোৰ নিমিলিবই! ইফালে লিখিত পৰীক্ষা আৰু ভাইভা-চিত কিমান নম্বৰ পাম জনা আছে। চাৰে শৈলেনৰ লগত পাৰ্টনাৰকৰি দিলে বুলিহে! নহলে নিতৌ সন্ধিয়া পুথিভঁৰাললৈ গৈ আড্ডাটো বাদ দিলেহে হ!
ৰাৰিছদাৰ পঢ়া-শুনাত ৰাপ নাই। ধনীৰ দুলাল। বপেকে জোৰ কৰি নামভৰ্তি কৰি দি ছাত্ৰাবাসত থৈ গৈছিলহি। একেটা ষাণ্মাসিকতে দুবছৰ পঢ়িলে। পৰীক্ষাৰ মাত্ৰ এদিন আগতে পঢ়িলে উত্তীৰ্ণ হব পাৰে নেকি? সেয়ে পিছুৱাই গৈ শৈলেনহঁতৰ লগত লগ লাগিলগৈ। শ্ৰেণীকোঠাত একো নিলিখে। পৰীক্ষাৰ আগৰ দিনা অইনৰ নোটবুকটনাটনি কৰি ফটোকপিকৰি লয়। ভাইভা-চিতো যে নকল মাৰে জীৱনত প্ৰথম ৰাৰিছদাৰ মুখতে শুনিছিলোঁ। দ্বিতীয় ষান্মাসিকৰ জীৱৰসায়নৰ ব্যৱহাৰিক পৰীক্ষাতহে জমিছিল। পৰীক্ষাগাৰত এজন এজনকৈ সোমাব দিছিল। তাত জীৱৰসায়ন বিজ্ঞানৰ প্ৰয়োগশালাত ব্যৱহৃত হোৱা সঁজুলি সমূহ এপদ এপদকৈ থৈ দিয়া আছিল। এতিয়া পৰীক্ষাৰ্থীজনে সেইবোৰ ক্ৰম অনুসাৰে চিনাক্তকৰণ কৰি লিখি যাব লাগে। সঁজুলি সমূহ কোনো দিনে ভালকৈ চুই নোপোৱা ৰাৰিছদাৰ পাল পৰিল। হাতত কাগজখন লৈ কোনটো কি বুলি লিখিব একো তলানলা পোৱা নাছিল। কাৰোবাক সুধিবলৈ অথবা নকল কৰিবলৈকেও সুবিধা নাই। দুগৰাকীকৈ চাৰে পহৰা দি আছে। কোনোমতে মুঠ দহটাৰ চাৰিটামান লিখি থৈ আহিল। ছাত্ৰাবাসত আহি অইনক যেতিয়া সুধিলে-
        : পৰীক্ষাত চাৰ বাইদেউৰ বাবে কেন্টিনৰ পৰা চাহ অনা ফ্লাস্কটোনো কিয় থৈ দিছিল? সেইটোও আৰু পৰীক্ষাত দিব লাগেনে?
ৰাৰিছদাৰ কথা শুনি সকলোৱে গিৰ্জনি মাৰি হাঁহিবলৈ ধৰিলে। এজনে কলে-
      : ধেৎ! ৰাৰিছদা, সেইটো কনিকেল ফ্লাস্ক্আপুনিযে এটা মানুহ দিয়ক!
      অৱশ্যে বেচেৰা ৰাৰিছদাৰো দোষ নাই। সকলো দোষ সেই বকুল কাইটিৰহে! চাৰ-বাইদেউৰ কাৰণে যদি সি কেন্টিনৰ পৰা সেইটোত চাহ নানিলেহেঁতেন তেন্তে আজি সি হাঁহিয়াতৰ পাত্ৰ হব নালাগিলহেঁতেন। ৰাৰিছদাহঁতে শ্ৰেণীকোঠাৰ পৰাই দেখি থাকে আবেলি তিনিমান বজাত প্ৰায়ে বকুল কাইটিয়ে সেইটোত চাহ আনে। পৰীক্ষাত ফেইলকৰিব পাৰি, কিন্তু অইনৰ চকুত হাঁহিয়াতৰ পাত্ৰ হ_এই কথাটো ৰাৰিছদাৰ মুঠেই সহ্য নহয়। বকুল কাইটি জীৱৰসায়ন বিজ্ঞান বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। এই ৰাৰিছদায়ে ভাইভা-চিত নকল মাৰে। আৰু এই কাৰ্যত বোলে তেওঁ সফলো হৈছে। যদিও একোটা প্ৰশ্নৰ উত্তৰ দিবলৈ বহু সময় লয়। তলমুৱা হৈ মাইক্ৰ’-মিনিবহীখনৰ পৰা বিচাৰি লওঁতে সময় লাগে। এবাৰ কোনোমতেহে ধৰা নপৰাকৈ থাকিল। সোধা প্ৰশ্নটোৰ উত্তৰ বিচাৰি আছে। নাই! ত পাব আচলখন ছাত্ৰাবাসৰ কোঠাতে এৰি থৈ আহিল। লগত থকাখন কাইলৈৰ বাবেহে। ভাবিলে চাইকেলখন আছেই। লৰালৰিকৈ গৈ যদি আচল বহীখন ছাত্ৰাবাসৰ পৰা আনিব পৰা যায়! শেষত মুখৰ পৰা ওলাই গ-
    : চাৰ ২০ মিনিট পিছত ভাইভা-চিদিলে হবনে?
চাৰো অবাক। ভাইভা-চিদিবলৈ আহি কোনো ছাত্ৰৰে এনে অনুৰোধ আজিলৈকে শুনা নাই। চাৰে সুধিলে।
: তোমাৰ সমস্যাটো কি? গা বেয়া নেকি। দেখাততো ঠিকেই আছা।
      : নহয় চাৰ মানে আচলখন এৰি থৈ আহিলোঁহয় চাৰমানে তলপেটটো হঠাতে বেয়া লাগি গল।
 চাৰেও অদ্ভুত চাৱনিৰে ৰাৰিছদাৰ ফালে কিছু সময় চাই থাকি সংলগ্ন বাথৰুমটোতে যাবলৈ নিৰ্দেশ দিলে। ৰাৰিছদায়ো সেমেনাসেমেনি কৰি বাথৰুমটোতে এনেয়ে কিছু সময় কটাই আকৌ ভাইভা-চিদিবলৈ চাৰৰ সন্মুখত বহি পৰিল। কোৱা বাহুল্য সেইবাৰ তেওঁ এটাও উত্তৰ দিবলৈ সক্ষম হোৱা নাছিল।
এচ্চাইনমেন্টখনৰ কথালৈ আহোঁ। পৰজীৱী বিজ্ঞান বিভাগৰ ডঃ শইকীয়া চাৰে একোটা গ্ৰুপত দুজন দুজনকৈ দি এচ্চাইনমেন্টৰ কাম দিছে। সময় চাৰিদিন। মুঠ নম্বৰ ১৫তাৰ লগত নম্বৰ যোগ হভাইভাৰ বাবে। ৰাৰিছদাৰ মাথা গৰম হৈ যায়। সকলোতে ভাইভা। আকৌ বোলে অহা বছৰৰ পৰা চেমিনাৰোদিব লাগিব। পঢ়া-শুনা বাদ দি দেউতাকৰ কাপোৰৰ দোকানখনেই চোৱা-চিতা কৰি থকা ভাল!
যিয়েই নহওক ৰাৰিছদাৰো ভাগ্য ভাল আছিল শৈলেনৰ দৰে নিষ্ঠাবান আৰু চোকাবুদ্ধিৰ লগৰীয়া এজন পোৱাটো। শৈলেনে প্ৰথম দুদিন লাইব্ৰেৰীলৈ যাবলৈ লগ ধৰিছিল। কিয়নো এচ্চাইনমেন্টখনৰ বাবে গ্ৰন্থাগাৰ অৰ্থাৎ লাইব্ৰেৰীলৈ আহিবই লাগিব। প্ৰসঙ্গ পুথিসমূহ তাতহে পোৱা যায়। নাই ৰাৰিছদাই পাত্তাই নিদিলে। ভাগ্য ভাল! ‘এচ্চাইনমেন্টখন চাৰক অৰ্পণ কৰিবলৈ আহোঁতে চকুত পৰিল। চাওঁ চাওঁ কৈ ৰাৰিছদাই দৌৰি আহিল। টান মাৰি এচ্চাইনমেন্টখন হাতত লৈ চালে। মুখখন উজ্বলি উঠিল। ইমান ধুনীয়া গোট গোট আখৰ। ছবিবোৰো সুন্দৰ হৈছে। শৈলেনে নিশ্চয় এই তিনিদিন ৰাতি এপৰলৈকে কাম কৰিছে। কিন্তুহঠাৎ ৰাৰিছদাৰ মুখখন ম্লান হৈ পৰিল। এচ্চাইনমেন্টৰ তলত অকল লিখা আছে “submitted by Sailen Sarma.” ত ৰাৰিছদাৰ দেখোন নামেই নাই!
 : অই শৈলেন মোৰ নাম নাই কিয়। ময়ো আছিলোঁ তোৰ লগতে।
       : আপুনিতো মোৰ লগত একোৱে নকৰিলে। মই তিনিদিন লাইব্ৰেৰীলৈ গৈ গৈ কষ্ট কৰি লিখি উলিয়াইছোঁ। আপোনাৰ নাম কিয় দিম?
  ৰাৰিছদাই বিপদৰ গোন্ধ পালে। নিৰ্ঘাত এইবাৰ ১৫ যোগ ৫ মুঠ ২০ নম্বৰ বিয়োগ হব। কি কৰা যায়। হঠাৎ বুদ্ধি এটা খেলালে। শৈলেনক কলে-
       : ঠিক আছে তেন্তে! তই এইখন চাৰক দি আহ। ময়ো পিছে পিছে গৈ চাৰক কবলগাখিনি কৈ আহিম।
 : আপুনি কি কব চাৰক?
 : সেই যে লাইব্ৰেৰীলৈ অকল মইহে গৈছিলোঁ। তইতো এদিনো যোৱা নাছিলি। ময়ে কষ্ট কৰি কৰি লিখি উলিয়ালোঁ। মোৰ হাতৰ আখৰ বেয়া বাবে তই মাত্ৰ সেইখন কপিকৰিহে উলিয়ালি। সেইখিনি কলেই চাৰে বুজিব। নহয় জানো?
     : সেইবোৰ সব মিছা কথা। সকলোৱে জানে। আপুনি কিয় তেনেকৈ ক? আপুনি কৰা বুলিতো একো প্ৰমাণ নাই।
     : ‘লাইব্ৰেৰীৰ পঞ্জীয়ন বহীত এই তিনিদিন কাৰ নাম লিখা আছে? মোৰ নাম। চাই আহিবি মোৰ চহীটো। তোৰ চহীটো নাই। গতিকে লাইব্ৰেৰীত কোন গৈছে চাৰে পঞ্জীয়ণ বহী নিৰীক্ষণ কৰিলেই জানি যাব যে মইহে এই তিনিদিন লাইব্ৰেৰীলৈ গৈ আছোঁ।
      শৈলেনে ৰাৰিছদাৰ কথাত বান্ধ খাই গল। সি জনা নাছিল লাইব্ৰেৰীত যে পঞ্জীয়ণ বহীত চহী কৰা ব্যৱস্থা এটা আছে। হয়তো, সি এদিনো চহী কৰা নাই। সি মনে মনে থাকিল। বুজিলে ৰাতি ৰাতি টোপনি ক্ষতি কৰি অকলে অকলে কৰা এচ্চাইনমেন্টখনৰ ভাগ ৰাৰিছদাকো দিব লাগিব। কাষতে থকা মেজখনলৈ গল। এচ্চাইনমেন্টখন মেলি লৈ “submitted by Sailen Sarma”ৰ পিছত লিখিলে “… & R K Rarish.”
      শৈলেন শৰ্মাই জনাই নাছিল সেই তিনিদিন আবেলি আবেলি চাইকেলখন চলাই আহি আৰ. কে. ৰাৰিছে লাইব্ৰেৰীত সোমাই পঞ্জীয়ণ বহীত চহী এটা মাৰি ওলাই আহে। আহোঁতে শৈলেনক কেৰাহিকৈ চায় আহে আৰু এটা সন্তুষ্টিৰ হাঁহি মাৰে।

দিগন্ত যাদৱ শৰ্মা diganta yadav sarma

Comments

Popular posts from this blog

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)

টিলৌ সংবাদ (কৌতুক)

ৰক্তৰঞ্জিত :: ৰহস্যৰ অৱসান (ৰহস্য গল্প)