Posts

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে ...

‘ভাইভা-ভ’চি’ত নকল আৰু চাহ অনা ফ্লাস্ক :ছাত্ৰাবাসৰ এডোখৰ (১৭)

: ইমান আৰু সুবিধা ল ’ ব নাপায় দেই ? শৈলেন হোজা ল ’ ৰা বুলিহে !       : ধেৎ ! নহ ’ লে মই কি কৰিম। : পুৰা ১৫ নম্বৰ আছে ‘ এচ্চাইনমেন্ট ’ খনত। মোৰ নিমিলিবই ! ইফালে লিখিত পৰীক্ষা আৰু ‘ ভাইভা - ভ ’ চি ’ ত কিমান নম্বৰ পাম জনা আছে। চাৰে শৈলেনৰ লগত ‘ পাৰ্টনাৰ ’ কৰি দিলে বুলিহে ! নহ ’ লে নিতৌ সন্ধিয়া পুথিভঁৰাললৈ গৈ আড্ডাটো বাদ দিলেহে হ ’ ব ! ৰাৰিছদাৰ পঢ়া - শুনাত ৰাপ নাই। ধনীৰ দুলাল। বপেকে জোৰ কৰি নামভৰ্তি কৰি দি ‘ ছাত্ৰাবাস ’ ত থৈ গৈছিলহি। একেটা ষাণ্মাসিকতে দুবছৰ পঢ়িলে। পৰীক্ষাৰ মাত্ৰ এদিন আগতে পঢ়িলে উত্তীৰ্ণ হ ’ ব পাৰে নেকি ? সেয়ে পিছুৱাই গৈ শৈলেনহঁতৰ লগত লগ লাগিলগৈ। শ্ৰেণীকোঠাত একো নিলিখে। পৰীক্ষাৰ আগৰ দিনা অইনৰ ‘ নোটবুক ’ টনাটনি কৰি ‘ ফটোকপি ’ কৰি লয়। ‘ ভাইভা - ভ ’ চি ’ তো যে নকল মাৰে জীৱনত প্ৰথম ৰাৰিছদাৰ মুখতে শুনিছিলোঁ। দ্বিতীয় ষান্মাসিকৰ জীৱৰসায়নৰ ব্যৱহাৰিক পৰীক্ষাতহে জমিছিল। পৰীক্ষাগাৰত এজন এজনকৈ সোমাব দিছিল। তাত জীৱৰসায়ন বিজ্ঞানৰ প্ৰয়োগশালাত ব্যৱহৃত হোৱা সঁজুলি সমূহ এপদ এপদকৈ থৈ দিয়া আছিল। এতিয়া পৰীক্ষাৰ্থীজনে সেইবোৰ ক্ৰম অনুসাৰে চিনাক্তকৰণ কৰি লিখি যাব...

ইঙ্গুঙ্গা, জঙ্ঘাইঙ্গাহঁতৰ কথাৰে :: ছাত্ৰাবাসৰ এডোখৰ (১৬)

প্ৰথম ষান্মাসিকৰ ছাত্ৰ ইঙ্গুঙ্গাৰ অদ্ভুত ধৰণৰ উত্তৰটো শুনি দিলীপহঁত অলপ হলেওঁ ' কনফিউজ ' হৈ পৰিল । ইজনে সিজনৰ ফালে চোৱাচুই কৰিব ধৰিলে । আচলতে ইঙ্গুঙ্গাৰ মুখত এনেধৰণৰ ইংৰাজী শুনিবলৈ সিহঁতে আশাই কৰা নাছিল । আশীষে অৱশ্যে কথাটো বুজিব পাৰি মনৰ মাজতে হাঁহি এটি সামৰি থলে। কাষত থকাজনক কাণে কাণে কলে । : অই উত্তৰটো কেনে ধৰণৰে দিছে ধৰিব পাৰিছনে ? আমি যে উচ্চতৰ মাধ্যমিকত পঢ়ি থাকোতে ইংৰাজী শ্ৰেণীত চাৰে এজনক পিছফালৰ দুৱাৰখন খুলি দিব কৈছিল। তাৰো ইংৰাজীত উত্তৰ দিব গৈ খোকোজা লাগিছিল। দুৱাৰখন বাহিৰৰ পৰা বন্ধ আছিল। দুৱাৰখন খুলিব নোৱাৰি ‘ নাৰ্ভাছ ’ হৈ উত্তৰ দিছিল _“Sir, the door is holiday from outside.” মনত আছে ? মহাবিদ্যালয়খনত আকৌ এটা নতুন শিক্ষা বছৰ আৰম্ভ হৈছে । মুঠ ১৫০ খন আসনৰ ভিতৰত ৫০ খন আসন সাতভনী আৰু অন্যান্য ৰাজ্যকেইখনৰ বাবে মুকলি থাকে । নতুনকৈ অহা ছাত্ৰ - ছাত্ৰীৰে আবাসবোৰৰ খালি হোৱা কোঠালিবোৰ ভৰি পৰিছে । লগে লগে নতুনকৈ অহাবোৰৰ লগত অগ্ৰজসকলৰ চিনাকি পৰ্ব ও আৰম্ভ হৈ গৈছে । গধূলি হলে দুৱাৰবোৰত ট...