Posts

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে ...

সমাজ (গল্প)

ডঃ গগৈ পৰিবাৰৰ সৈতে মণিক লৈ ব্যতিব্যস্ত হৈ আছিল । হঠাত পদুলিমুখত হোৱা হাই - উৰুমি শুনি খিৰিকিৰ পৰ্দা আঁতৰাই দেখে তেওঁৰ ঘৰৰ জপনাখন খুলি এজাক মানুহ সোমাই আহিছে । মানুহজাকৰ মাজত তেওঁৰ চুবুৰীৰে কেইবাজনো , স্থানীয় সংঘৰ কৰ্মকৰ্তা , ২৪ X ৭ দৈনিক আৰু আমাৰ খবৰ ' টিভি চেনেল ' ৰ কেমেৰাৰ সৈতে সংবাদদাতা । গগৈয়ে দুৱাৰখন ভালকৈ খুলিবলৈ নাপাওঁতেই টিভি চেনেল দুটাৰ সংবাদাতাই মণিৰ ফালে কেমেৰা টোৱালেই । লগে লগে সংবাদাতাই ধাৰাবিবৰণী দিবলৈ ধৰিলে । : “ এয়া আপোনালোকে দেখিবলৈ পাইছে কিদৰে এজনী বনকৰা ছোৱালীক ডঃ মিহিৰ গগৈৰ দৰে মহাবিদ্যালয়ৰ অধ্যাপক এজনে পত্নীৰ সৈতে মিলি অত্যাচাৰ কৰিছে ? এয়া ২৪ X ৭ দৈনিকৰ ' এক্সক্লুচিভ ' । আমি আজি হাতেলোটে ধৰি উদঙাই দিলো । আপোনালোকে চাওঁক ছোৱালীজনীয়ে কিদৰে চকুপানী টুকি আছে । তাইৰ চকু কেনেকৈ উখহি গৈছে ! বাৰু ভন্টী তোমাৰ নামটো কোৱাছোন । তোমাক বাৰু সদায়ে এনেদৰে অত্যাচাৰ কৰে নেকি ?” ঘটনাৰ আকস্মিকতাত মণিয়ে ভয় খাই হুৰাউৰায়ে কান্দিবলৈ ধৰিলে । ...

ছাত্ৰাবাসৰ এডোখৰ (১১) :: ভূত আৰু এটা হাতঘড়ী

  ছাত্ৰাবাসৰ এডোখৰ (১১) : : ভূত আৰু এটা হাতঘড়ী দিগন্ত যাদ ৱ শৰ্মা ভূউউউউত… ভূউউউউত… এই ৰাতিখন কাৰ জানো চিঞৰ! বিজনে ধৰফৰৰাই উঠি আঠুৱাখন ডাঙি বাহিৰ হ’বলৈ ওলাল। কিন্তু চিঞৰটো দেখোন ৰুমমেটৰ। আচলতে টোপনীৰ জালত ভালকৈ ধৰিবই পৰা নাছিল। : ৰুমমেট কি হ’ল? সপোন দেখিছ নেকি? : ভূত… ভূত… চকু চকু… তই কিবা এটা কৰ। নহ’লে মই মৰিলো। মোৰ ফালে কেনেকৈ একেথৰে চাই আছে চকুকেইটাই। : ধেৎ কি অৰ্থহীন, অসংলগ্ন কথাবোৰ বলকি আছ?   শুই থাক। : ‘লাইট’টো জ্বলাই দে। মৰিলো নহ’লে। চকু মুদি আছোঁ। মোৰ ‘হাৰ্ট এট্যেক’ হ’ব এতিয়া! চকুকেইটাৰ ফালে চাবই নোৱাৰি। কেনেকৈ টেলেকা-টেলেকাকৈ চাই আছে! ৰুমমেট জয়ন্তৰ কথা শুনি বিছনাৰ পৰা উঠি বিজনে ‘চুইছ বৰ্ড’ৰ ফালে গ’ল। নাই ‘লাইট’ নজ্বলে। তাৰ মানে ‘কাৰেন্ট’ নাই। হঠাত আন্ধাৰতে জয়ন্তৰ বিছনাৰ ফালে চকু দিয়াত বিজনেও একে কোবে দুৱাৰ খুলি ‘ভূত ভূত’ বুলি চিঞৰ মাৰি কৰিডৰলৈ দৌৰি ওলাই গ’ল। : টক্ টক্ টক্। অ’ই দুৱাৰ খোল। কুঞ্জৰ দুৱাৰত বিজনৰ টোকৰ। নাই কোনো সাৰ-সুৰেই নাই। আচলতে সি বেটাই চিঞৰ-বাখৰত কিবা এটাৰ উমান পাইছিল। তাৰ কোঠাতো মাত্ৰ দেৱালখনৰ ইপাৰ-সিপাৰহে, মানে ‘ৱালমেট’। বহু...