Posts

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে ...

স্বাধীনতা আৰু ভিৰৰ মাজৰ নিঃসঙ্গতা (চুটি-গল্প)

স্বাধীনতা আৰু ভিৰৰ মাজৰ নিঃসঙ্গতা - দিগন্ত যাদৱ শৰ্মা : আমাক ক্ৰমে ভিৰৰ মাজৰ নিঃসঙ্গতাই গ্ৰাস কৰি আনিছে। দেৱনীল , আমি বাৰু ৰুবুলৰ পথত আগবাঢ়ি গৈ আছো নেকি ? জীৱনৰ প্ৰ্তি থকা আকৰ্ষণবোৰ যেন হেৰুৱাই পেলাইছোঁ - কমলজিতে দেবনীললৈ আৰু এটা ‘ পেগ ’ আগবঢ়াই দিলে। : কিয় তেনেকৈ ভাবিলি ? আমি কিয় ৰুবুল হ ’ বলৈ যাম ? সি এটা কাপুৰুষ। এটা বুৰ্বক। কমলজিত আৰু দেৱনীল। গুৱাহাটীৰ পৰা নাতিদূৰত এখন ধাবাত বহি আছে। নিশা দহ বাজিছে। দুয়োৰে সন্মুখত সুৰা ভৰ্তি গিলাচ। প্লেটত ভজা মাংসৰ টুকুৰা। সম্পূৰ্ণ ১২ বছৰৰ মুৰত দুয়োৰে দেখা। মহাবিদ্যালয়ৰ স্নাতক শ্ৰেণীলৈকে একেলগে পঢ়িছিল। কমলজিত মুম্বাইত কৰ্মৰত। দেৱনীলে যোৰহাটত থাকি দেউতাকৰ চাহ বাগানৰ ব্যৱসায়ত ধৰিছে। দুয়ো সমাজত চকুত লগাকৈ প্ৰতিষ্ঠিত। ‘ ফোন ’ যোগে দুয়োজনেই যোৱা কেইদিনমানৰ পৰা যথেষ্ট কথা - বতৰা পাতি আছিল। সেই কথা - বতৰাত ঘাইকৈ ৰুবুলৰ জীৱনৰ কথাই আগস্থান পাইছিল। ৰুবুল সিহঁত দুয়োজনৰে উমৈহতীয়া বন্ধু আছিল। সেই সূত্ৰেই কমলজিত মুম্বাইৰ পৰা আহি গুৱাহাটীত উপস্থিত। দেৱনীলে ব্যৱসায়ীক লেন - দেনৰ বাবে প্ৰায়ে গুৱাহাটীত অৱস্থান কৰিবলগীয়া হয়। : তই ৰুবুলৰ...

মোক অলপ দুখ দিয়া

মোক অলপ দুখ দিয়া দিগন্ত যাদৱ শৰ্মা মোক অলপ দুখ দিয়া । সুখৰ সাগৰত ককবকাই মই আজি নিস্পান হৈ ৰ ' লো । মোৰ হিংসা হয় তোমালোকৰ দুখবোৰ দেখি । মোৰ হিংসা হয় তোমালোকৰ উৰুখা পজাবোৰ দেখি । মোৰ হিংসা হয় তোমালোকৰ চকুপানীবোৰ দেখি । আৰু হিংসা হয় - যেতিয়া তোমাৰ দেউতাই অৰ্ধ - দিগম্বৰি দেহাৰে কাম বিচাৰি যায় , আৰু তোমাৰ মায়ে খালি টেমাত তোমাৰ বাবে খোৱা বস্তু বিচাৰে , আৰু আশা কৰে যাতে তেওঁ হাতত খাদ্যৰ টোপোলা এটা লৈ সোনকালে উভতি আহে । মোক সুখৰ পৰা মুক্ত কৰা । মোক এই শীত - তাপ নিয়ন্ত্ৰিত কোঠাৰ পৰা তোমাৰ উৰুখা পজাটোত লৈ যোৱা । মোৰ গাত থকা দামী সাজযোৰ খহাই পেলোৱা, মোক অৰ্ধ - উলংগট দেহাৰে থাকিব দিয়া । মোক ' কে . এফ . চি ' , ‘মেকড’নাল্ড ' ৰ পৰা মুক্ত কৰি লৈ যোৱা । ৰাতিপুৱা খালি পেট থাকি মই অপেক্ষা কৰিম বেলি লহিৱাওলৈ , তেওঁ কিবা এমুঠি আনিব আমাৰ মুখত দুখৰ হাহিঁবোৰ বিৰিঙাব । মোক অলপ দুখ দিয়া ।