Posts

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে ...

গৰমৰ বন্ধ, মালভোগ কলৰ পুলি আৰু শ্ৰীমতী (ভিন্নস্বাদ)

গৰমৰ বন্ধ , মালভোগ কলৰ পুলি আৰু শ্ৰীমতী ( প্ৰস্তাৱনাঃ ‘ স্কুল’ ৰ গৰমৰ বন্ধ শেষ । ‘ স্কুল ’ খুলিল । ) ...... গৰমৰ বন্ধ ! আনন্দই আনন্দ। মামাহতঁৰ ঘৰততো আৰু মজা ! স্কুল খুলিবলৈ বা আৰু কেইদিন আছে ! যেইদিন থাকে থাকক ! ইয়াত থকা দিনকেইটা ভালকৈ মজা মাৰি লওঁ । কিযে উলাহ , আমেজ আৰু স্ফূৰ্ত্তি ! এইবাৰ লগত মা অহা নাই । গৰমৰ বন্ধ দিয়াৰ দিনাই মামাই মোক লৈ আহিছে । খেলোতে খেলোতে মাৰ্বল কেইবাটাওঁ হেৰাল । মামাক ক ' ব লাগিব আনি দিবলৈ । আইতাৰ লগত এইকেইদিন কিমান যে স্ফূৰ্তি কৰিলো । ঢেকীত পিঠাগুৰি খুন্দোতে সহায়ো কৰি দিলো । আইতাই নিদিয়েই হাত চেপিব বুলি ! ৰাতি হলেহে ভয় লাগে ! শিয়ালকেইটা পিৰালি আহি পায় । আজি দেওঁবাৰ । মামা আহিব গুৱাহাটীৰ পৰা । বহুত কিবাকিবি খোৱা বস্তু লৈ আহিব । লুজনৰ টোপোলা এটাতো আনিবই আনিব ! : গুনগুন ... গুনগুন ... উঠা । বহু দেৰি হ ' ল । মামাৰা আহি পাবহিয়েই এতিয়া । - সেইয়া আইতাই চিঞৰিলেই নহয় ! মই শুৱাপাটিতেই আছো । ৰেডিঅ’ত অকণিৰ মেল আৰম্ভ হলেই । বাপৰে ইমান দেৰি শুলোনে ! কালি ৰাতি চোতালতে পাটিত আইতাৰ কোলাত মুৰ থৈ সাধু শুনি শুনি কেতিয়া টোপনি গলো মনতে ...

নিঃস্ব (চুটি-গল্প)

নিঃস্ব (চুটি-গল্প) মোক অলপ দুখ দিয়া। সুখৰ সাগৰত ককবকাই মই আজি নিস্প্ৰাণ হৈ ৰ’লো। মোৰ হিংসা হয় তোমালোকৰ দুখবোৰ দেখি। হিংসা হয় তোমালোকৰ উৰুখা পঁজাবোৰ দেখি। হিংসা হয় তোমালোকৰ চকুপানীবোৰ দেখি। বগা কাগজখিলাৰ ফালে চালে এবাৰ মেঘ’মল্লাৰ দুৱৰাই। নিজে আচৰিত হ’ল। এয়া কবিতা কবিতা লগা নাইনে? দুৱৰাই কবিতা লিখিবলৈ ল’লে নেকি? নিজকে প্ৰশ্ন কৰিলে। আকৌ ভাবিলে দুৱৰাই। এয়াটো জীৱনৰ সঁচা অনুভৱ। কবিতা হওকে বা নহওক। নিজকে যন্ত্ৰৰ দৰে ভবা মানুহজনে আজি নিজকে অন্য ধৰণেৰে আৱিষ্কাৰ কৰিলে নেকি? চাৰিমহলীয়া অট্টালিকাটোৰ তৃতীয় মহলাৰ বেলকনীত আৰামী চকী এখনত বহি আছিল। ইফালে সিফালে চাই কাষতে কাগজ-কলম পাই হাতত তুলি লৈছিল। সুন্দৰ ফিৰফিৰিয়া বতাহ এজাকে বোধকৰো দুৱৰাৰ মনটোকো ভাবগধুৰ কৰি তুলিছিল। অদূৰত কেইবাজনো ৰিক্সাচালক আৰু দিন-হাজিৰা কৰা পৰিয়ালৰ বাসগৃহ। মাটিৰ মালিকে সৰু তৰ্জা বেৰ দিয়া ঘৰকেইটামান সাজি দিছে। তাতে থাকে পৰিয়ালকেইটা। দুৱৰাৰ তেওঁৰ পাৰিপাৰ্শ্বিক আৰু প্ৰতিবেশীৰ ওপৰত আজি কেইদিনমানৰ পৰাহে দৃষ্টি পৰিবলৈ আৰম্ভ কৰিছে। সৰু সৰু দিন হাজিৰা কৰা পৰিয়ালকেইটাই বাৰু তেওঁক জীৱনটোক নতুনকৈ চাবলৈ শিকালে ন...