গৰমৰ বন্ধ, মালভোগ কলৰ পুলি আৰু শ্ৰীমতী
(প্ৰস্তাৱনাঃ ‘স্কুল’ৰ
গৰমৰ বন্ধ শেষ। ‘স্কুল’ খুলিল।)
......গৰমৰ
বন্ধ! আনন্দই আনন্দ। মামাহতঁৰ ঘৰততো আৰু মজা! স্কুল খুলিবলৈ বা আৰু কেইদিন আছে! যেইদিন থাকে থাকক!
ইয়াত থকা দিনকেইটা ভালকৈ মজা মাৰি লওঁ। কিযে উলাহ,
আমেজ আৰু স্ফূৰ্ত্তি! এইবাৰ লগত মা অহা নাই। গৰমৰ
বন্ধ দিয়াৰ দিনাই মামাই মোক লৈ আহিছে। খেলোতে
খেলোতে মাৰ্বল কেইবাটাওঁ হেৰাল। মামাক
ক'ব লাগিব আনি দিবলৈ। আইতাৰ
লগত এইকেইদিন কিমান যে স্ফূৰ্তি কৰিলো। ঢেকীত
পিঠাগুৰি খুন্দোতে সহায়ো কৰি দিলো। আইতাই
নিদিয়েই হাত চেপিব বুলি! ৰাতি হলেহে
ভয় লাগে! শিয়ালকেইটা পিৰালি আহি পায়। আজি
দেওঁবাৰ। মামা
আহিব গুৱাহাটীৰ পৰা। বহুত
কিবাকিবি খোৱা বস্তু লৈ আহিব। লুজনৰ
টোপোলা এটাতো আনিবই আনিব!
: গুনগুন...
গুনগুন... উঠা। বহু
দেৰি হ'ল। মামাৰা
আহি পাবহিয়েই এতিয়া।
-সেইয়া আইতাই
চিঞৰিলেই নহয়! মই শুৱাপাটিতেই আছো। ৰেডিঅ’ত
অকণিৰ মেল আৰম্ভ হলেই। বাপৰে
ইমান দেৰি শুলোনে! কালি ৰাতি
চোতালতে পাটিত আইতাৰ কোলাত মুৰ থৈ সাধু শুনি শুনি কেতিয়া টোপনি গলো মনতে নপৰে দেখোন!
সাধুটোৰ নামটো কি আছিল বা! অ' মনত পৰি গল। শিয়াল
তামুলীৰ সাধু। একেজাপে বিছনাৰ পৰা উঠিলো। আজি অৱশ্যে মোৰ মনটো মামা আহিব বুলি ভাল লাগি আছে। আইতাই
দিয়া গাখীৰ গিলাচ নাকটোত ধৰি কোনোমতে খালো।
: গুনগুন...
গুনগুন... এইয়া মই আহি গলো। এইয়া
চোৱা মই তোমাৰ বাবে কি আনিছো?
-সেয়া মামা
আহি গ'ল। কি
মজা! মামাৰ চাইকেলৰ আগত বহি
ফণীকাইৰ দোকানলৈ যাম। তাতে
বিশ পইচাত সেই যে তেতেলী পেকেটত ফেন্টমৰ ষ্টিকাৰ পাই তেনেকুৱা কেইটামান কিনিম। মামাই
দিয়া বালি কাগজৰে বন্ধা পেকেটতো খোলাত মোৰ মনতো আনন্দত জপিয়াই উঠিল। অতুল
চন্দ্ৰ বৰুৱাৰ 'খেলিমেলি'
নামৰ সাধুকথাৰ কিতাপখন।
: মামা,
মামা আজি কিন্তু মই পুখুৰীটোত বৰশী বাম। তুমি
কেচুঁ লগাই দিবা। মোৰ
ভয় লাগে। কেচুঁবোৰ
হাতেৰে ধৰিলে কেনেকুৱা কৰে! সাপ যেনহে
লাগে! -মোৰ কথা শুনি মামাই হাঁহিলে।
: পিছে তুমি
এইকেইদিন বৰশী বাইছানে নাই? মাছ পাইছিলানে?
: পাইছো মামা,
কাৱৈ কেইবাজনীওঁ পালোঁ। গজেনকায়ে
কেচুঁ টোপ লগাই দিছিল।
: ঠিক আছে। তুমি
এতিয়া ৰেডিঅ’ত অকণিৰ মেল শুনা। আবেলি
তোমাক চাইকেলৰ আগত তুলি ফণীকাইৰ দোকানত কিবাকিবি লৈ দিম।
মামাৰ কথা শুনি
মই ৰেডিঅ’ শুনিবলৈ ল’লো। এতিয়া
কোনোবা এজনে কবিতা এটা আবৃতি কৰিব।
অ' সেয়া মামাই দেখোন হাতত দাঁ এখন লৈ ঘৰৰ
পিছফালে ওলাল। তাৰমানে
আজি জঙ্ঘল চিকুনাব! ময়ো যাওঁ
মামাৰ লগত। সহায়
কৰি দিওঁগৈ।
: মামা,
মামা ৰবা। ময়ো
আহিছোঁ।
: এ!
তুমিনো কেলেই আহিলা? জোকে ধৰিব কিন্তু কৈ দিলোঁ!
: জোকলৈ অলপো
ভয় নালাগে। হাতেৰে
ধৰি এৰুৱাই দিম।
মামাই পিছফালৰ
জঙ্ঘলখিনি চিকুনাই আছে। মাজে
মাজে কলপুলি কিছুমানো কাটি গৈছে। কিয়
জানো মামাই মাজে মাজে কলপুলি কিছুমান নকটাকৈ থৈ গৈছে! বোধকৰো চকুত নপৰিল! হাততে দাঁ এখন পাই মামাই নকটাকৈ থকা কলপুলি কেইটা কাটিবলৈ ধৰিলো। কলপুলিবোৰ
কাটিবলৈ কি যে ভাল লাগে! এবাৰতে
'ঘেচক'কৈ কাটিব পাৰি।
: অই গাধ!
খালি খালি... তই কি কৰিছ এইবোৰ। -হঠাত মামাই পিছফালে ঘূৰি চাই মোক ধমকি দি ক'লে।
মামই মোক খঙতে
তেনেকৈ কোৱা শুনি মোৰ চকুপানী ওলাই আহিল। মই মাটিতে বহি দিলো। আইতাও
দৌৰি আহিল।
: কি হ'ল তোৰ? গুনগুনক কিয় ইমান খং কৰিছ?
: চোৱাচোন
মা যোৱাবাৰ ঘৰলৈ আহোতে ৰোৱা মালভোগ কলৰ পুলিকেইটা সি কাটি পেলালে। মই
বোলো চেনীচম্পা কলৰ পুলিকেইটা কাটি মালভোগ কলপুলিকেইটাৰ বাবে ঠাই মোকলাই দিওঁ। সি
একেবাৰে ধানখেতি কৰাৰ ঠাই মোকলাই পেলালে!
: দে দে হ'বদে! একো নহয়! আকৌ ৰুবি। বল
গুনগুন, গা ধুব লাগে। নাপাই
নহয় তেনেকৈ মাটিত বহি থাকিব। -আইতাই মোক হাতত ধৰি টানিবলৈ ধৰিল।।
..................
ধেৎতেৰি! কোনেনো মোৰ হাতখনত ধৰি টানি আছে?
শান্তি নাই দেই! ভালকৈ শুবও নিদিয়ে!
: হেৰা,
কি হৈছে তোমাৰ। শুয়ে
থাকিবা নেকি? ৭:৩০ বাজিবই এতিয়া!” _অ' সেয়া শ্ৰীমতীৰ
সুমধুৰ বাক্যবাণ। অ’
তাৰমানে ইমান সময়ে সপোনহে দেখি আছিলো!
: তাতে
কি হ’ল। ‘অফিচ’ত ১০ বজাতহে যাম। অলপ শুই ল’ব দিয়া।
: আজি তাইৰ
স্কুল খুলিলে।
: কি কোৱাহে
স্কুল খুলিবৰ হলেইনে? ভালকৈ তাৰিখটো চোৱাছোন।
: আজি ১
আগস্ট। কাষতে দেখোন ‘মোবাইল’টো আছে। চাই লোৱা। ছোৱালীৰ গৰমৰ
বন্ধ শেষ হ'ল!
কালি কেইটা বাজিল শুওঁতে? মানুহটো এনেয়ে ঘৰত নাথাকে। মইহে
বুজিছো ল'ৰা-ছোৱালী ডাঙৰ কৰা কিমান কষ্ট! খালি অফিচ আৰু কাম। অফিচৰ
পৰা আহিও আকৌ ওলাই যাব। ৰাতি
হ'লে আকৌ 'ফেছবুক'! মই কিন্তু কৈ থলোঁ আজিৰ পৰা ৰাতি ৰাতি 'ফেছবুক' কৰা বন্ধ।
: সদায়তো
নহয়! কেতিয়াবাহে! আৰু ‘ফেছবুক’ ৰাতি
নকৰি কেতিয়া কৰিম! দিনততো সময় নাপাওঁ!
: হৈছে হৈছে!
উঠা এতিয়া। স্কুল
বাছ ৰখি নাথাকে। তাইক
বাছত উঠাই দি আহি মুখ ধুই চাহ খাবা। আহোতে
পাউৰুটী এটা আৰু আলু লৈ আহিবা। আৰু
শুনা ৰামুৰ পৰা পোৱা যদি নেমুটেঙা দুটামান লৈ আহিবা। বৰ গৰম। স্কুলৰ
পৰা অহাৰ পিছত তাই চৰবত খুজিব।
(দিগন্ত যাদৱ
শৰ্মা, ০১/০৮/২০১৩)
Comments
Post a Comment