Posts

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে ...

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা ( প্ৰবন্ধ)   ( প্ৰথম খণ্ড ) “ বৰাক নদী অসমৰ দক্ষিণ অঞ্চলৰ মাজেৰে বৈ গৈছে । বৰাক নদীৰ নামেৰে নামাকৰণ কৰা হৈছে বৰাক উপত্যকাক । অসমৰ তিনিখন জিলা কাছাৰ , কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ সমষ্টিয়ে হৈছে বৰাক উপত্যকা । ইয়াৰ চৰকাৰী ভাষা বঙালী । এসময়ত ইন্দিৰা গান্ধীয়ে শিলচৰক শান্তিৰ দ্বীপ হিচাপে অভিহিত কৰিছিল । ” - নৈশবাছৰ আসন এখনত বহি বহি এনে কথাবোৰে ভাবি আহছিলো । সন্ধিয়া ছয় বজাত গুৱাহাটী পল্টনবজাৰ বাছ আস্থানৰ পৰাই বাছখন এৰিছিল । খিৰিকী কাষৰ আসন এখনৰ বাবে পূৰ্বৰ পৰাই মোৰ দুৰ্বলতা আছে । কিন্তু সেইবাৰ পোৱা নাছিলো। যিয়েই নহওঁক নৈশ যাত্ৰা , চলি যাব - এই ভাবিয়েই শুবলৈ চেষ্টা কৰিছিলোঁ । সেইবাৰে ই প্ৰথম যাত্ৰা আছিল শিলচৰলৈ যি নেকি বৰাক উপত্যকাৰ লগতে দাঁতিকাষৰীয়া ৰাজ্যকেইখনৰো প্ৰাণকেন্দ্ৰ ! আজিৰ পৰা প্ৰায় ১৫ - ১৬ বছৰ আগতে মই যেতিয়া প্ৰথম বৰাক উপত্যকাত প্ৰবেশ কৰিছিলো তেতিয়া মোৰ হাতত মাত্ৰ উপৰোক্ত তথ্যখিনিয়ে আছিল । পিছলৈ লাহে লাহে ইয়াৰে স্থানীয় লোকসকলৰ লগত মিলি পৰাত এই উপত্যকা সম্বন্ধে ভালেখিনি কথা জানিছিলোঁ । সময়ত কথাবোৰ কতো লিপিবব্ধ নকৰাত...