Posts

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে ...

শইকীয়াদাৰ সংসাৰ (গল্প)

শইকীয়াদাৰ সংসাৰ (গল্প) “ চাৰ কি হ ' ল , পেট বেয়া নেকি ?” পিছে পিছে চাইকেল চলাই আহি থকা গ্ৰামসেৱক দত্তই চিঞৰিলে। “ অ ' দত্ত , কি খবৰহে। বহুদিন দেখা নাই ” মোৰ লগত আহি থকা শইকীয়াদাই হাঁহি এটা মাৰি সুধিলে। “ চাৰ , সোনকালে ঘৰলৈ যাওঁক। মানুহবোৰে পিছফালৰ পৰা দেখি আছে। যাওঁতে ফাৰ্মাচীৰ পৰা ঔষধো লৈ যাবলৈ নাপাহৰিব। ” “ কি কয় হে দত্ত। মোৰ একো হোৱা নাই নহয়। কি আবোল তাবোল বকি আছে আপুনি। আৰু কি ক ' লে আপুনি , মোক পিছফালৰ পৰা দেখি আছে। কি দেখি আছেনো ?” দত্ত আচৰিত হৈ আকৌ ক ' লে “ কি কয় চাৰ আপুনি ? ইমানেই গম নাপায়নে ? তাৰ মানে আপোনাক ভালকৈয়ে ধৰিছে। ফাগুন মাহটো বৰ বেয়া। এই বিষাণু , জীৱাণু বোৰ বতাহত উৰি ফুৰে। কেতিয়া ধৰে , কেতিয়া দেহৰ পৰা ওলাই যায় ততেই ধৰিব নোৱাৰি। ” শইকীয়াদাৰ এইবাৰ দত্তৰ ওপৰত খং উঠিল- “ কিনো পাগলৰ প্ৰলাপ গাই আছেহে আপুনি! কিনো ওলাই যায়। ” ওচৰে পাজৰে কেইবাজনো মানুহ আছিল। দত্তই চাইকেলখন ঠিয় কৰাই শইকীয়াদাক কাণে কাণে ক ' লে “ চাৰ আপোনাৰ পেন্টেৰে বৈ গৈছে। হালধীয়া-হালধীয়া , বিজলুৱা-বিজলুৱা একেবাৰে স্পষ্ট হৈ দেখা দিছে। সোনকালে ঘৰলৈ যাওঁক। ভালকৈ চাবোনেৰে ধুই মেলি পে...

চেনেহৰ সঁফুৰা (অনুবাদ গল্প)

*** চেনেহৰ সঁফুৰা *** === === === === * চেনেহৰ সঁফুৰা ( ১ ): -------------------- দুয়োঘৰৰে আপত্তি আছিল। তথাপিও ইজনে সিজনক দিনটোত এবাৰ নেদেখিলে , এষাৰি মাত নুশুনিলে ৰাতি টোপনি নাহিছিল। ছোৱালীজনীয়ে ইয়াকে লৈ পৰিয়ালৰ লোকৰ পৰা যথেষ্ট কৰ্কথনাও শুনিছিল। ল ’ ৰাটো উচ্চ শিক্ষাৰ বাবে দুবছৰৰ বাবে বাহিৰলৈ যাবলৈ ওলাল। যোৱাৰ আগত ঘৰৰ প্রৱল আপত্তি স্বত্তেও প্রেমিকক আঙুঠী পিন্ধাই থৈ গ ’ ল। দুয়োজনে দুয়োজনক প্রতিশ্রুতি দিলে ঘনাই ঘনাই ‘ ফোন ’ ত কথা পাতিব , চিঠিৰ আদান প্রদান চলাই থাকিব। উচ্চ শিক্ষা সমাপ্ত কৰি আহিয়েই বিয়াখন পাতি পেলাব। হঠাতে এদিন দুর্ঘটনা এটাত পতিত হৈ ছোৱালীজনীয়ে বাকশক্তি হেৰুৱাই পেলালে। চিকিৎসকৰ মতে মগজুত আঘাট পোৱাৰ বাবে এনে হ ’ বলৈ পালে। মাকে জীয়েকৰ ভৱিষ্যত ভাবি ভাবি কেৱল চকুপানীকে টুকিলে। ‘ ফোন ’ বাজিলে ছোৱালীজনীয়ে জানে সেয়া তাইৰ প্রেমাষ্পদৰে হ ’ ব। কিন্তু চকুপানী টোকাৰ বাহিৰে জানো কোনো উপাই আছে ! আঁকাৰে ইংগিতে তাই ঘৰৰ আন সকলক তাইৰ দুর্ঘটনাৰ কথা ল ’ ৰাজনক নজনাবলৈ অনুৰোধ কৰিছিল। চিঠি লিখাও বন্ধ কৰি দিছিল। নিয়মিত ভাবে ল ’ ৰাজনৰ চিঠিবোৰ কিন্তু আহিয়েই আছিল। বাকশক্তি হেৰুৱাত ভবিষ্যত...