Posts

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে ...

কবিতা,দেউ আৰু প্রাচীৰ পত্রিকা:ছাত্রাবাসৰ এডোখৰ(৩)

Image
কবিতা , দেউ আৰু প্রাচীৰ পত্রিকা::ছাত্রাবাসৰ এডোখৰ (৩) :দিগন্ত যাদৱ শৰ্মা “ বোলো দেউ , কলৈ যায় …” “ দেউ ইমান বেগা-বেগিকে কোনফালে …” “ অ ’ দেউ , ডাঙৰবিধে ধৰিলে যেন পাইছোঁ …” “ বোলো দেউ মাটি চুই যাওঁক , মাটি চুই যাওঁক …” খৰধৰকৈ অসময়ত বিপুল শর্মাক ছাত্রাবাসলৈ যোৱা দেখি আমি সকলোৱে আচৰিত হৈ চিঞৰিবলৈ ধৰিলোঁ । আমি গোটেইকেইটা মানে দহ বাৰজন মানটো হ ’ মেই । দেউকনৰ দোকানত , কেইজনমান বেঞ্চ খনত বহি আৰু বাকীকেইজন থিয় হৈ আছিলোঁ । এনে সময়ত বিপুল ৰুমলৈ যোৱা বিধৰ নহয় আৰু সি এইমাত্ৰ আহিছিলহে । আমি দুজনমানে বিপুলক ডাঙৰ বিধে ধৰিল যেনহে পাইছিলোঁ । বিপুলৰ আকৌ ধর্ম-কর্মৰ প্রতি বেছ ৰাপ । আঙুঠি পিন্ধিবলৈও যেন হাতত আঙুলিৰ অভাব । গা-পা ধুই তিতা গামোছাখন পিন্ধি ধূপ এডাল হ ’ লেওঁ ৰাতিপুৱাৰ ভাগত জ্বলাবই । সেয়ে বিপুলক সকলোৱে ‘ দেউ ’ নাম দিছে । অতীজৰেপৰা ইমানদিনে একেখন ঘৰৰ নিচিনাকৈ থকা আমাৰ বিভিন্ন জাতি জনগোষ্ঠীবোৰ ভাগ ভাগ হ ’ বলৈ আগবঢ়াত ধেমালিতে আমাৰ দুজনমানেও ক ’ লে যে “ আমাকো বামুণলেণ্ড লাগিব । ” লগে লগে সংগঠন আৰু সচিব প্রধানৰ নাম প্রস্তাব কৰা হৈয়েই গ ’ ল । মোৰ গাত ব্রাহ্মণৰ ...