Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

অসমৰ পশুপালন আৰু পশু চিকিৎসা খণ্ডত তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ ব্যৱহাৰ

 

অসমৰ পশুপালন আৰু পশু চিকিৎসা খণ্ডত তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ ব্যৱহাৰ

অসমৰ আৰ্থসামাজিক উন্নয়নৰ ক্ষেত্ৰত পশুপালন আৰু পশু চিকিৎসা বিভাগে পশুধন জড়িত উৎপাদন বৃদ্ধিৰ লগতে গ্ৰাম্যাঞ্চলৰ লোকৰ আয় বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে অসম পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মূল লক্ষ্য আৰু উদ্দেশ্য সমূহৰ ভিতৰত প্ৰধানকৈ পশুধনৰ সময়োচিত উপযুক্ত চিকিৎসাৰ দ্বাৰা বিভিন্ন বেমাৰৰ পৰা পশুধনক ৰক্ষা কৰি মৃত্যুৰ হাৰ কমোৱা; মাংস, গাখীৰ আৰু কণী উৎপাদন বৃদ্ধিৰে মানুহৰ বাবে প্ৰয়োজনীয় প্ৰ'টিনজাতীয় খাদ্যসামগ্ৰীৰ যোগান বৃদ্ধি কৰা আৰু বিভিন্ন ধৰণৰ পশুপালন প্ৰশিক্ষণৰ যোগেদি বিভিন্ন লোকক স্বাৱলম্বীকৰণত অৰিহণা যোগোৱা অসম এখন কৃষিপ্ৰধান ৰাজ্য যত ৭০ ভাগ মানুহ কৃষিৰ ওপৰত নিৰ্ভৰশীল গৃহপালিত জীৱজন্তুয়ে কৃষকৰ অৰ্থনীতিত পৰোক্ষভাৱে বা প্ৰত্যক্ষভাৱে বিশেষ প্ৰভাৱ পেলাই আহিছে অসমত পশুপালন মূল আয়ৰ পথ হিচাবে বাচি লোৱা পশুপালকৰ সংখ্যা এতিয়াও সন্তোষজনক নহয় যদিও ক্ৰমাগত ভাৱে গাহৰি পালন, কুকুৰা পালনৰ ক্ষেত্ৰত যথেষ্ট সংখ্যক শিক্ষিত নিৱনুৱা যুৱকে আগবাঢ়ি আহি নিজৰ কৰ্মদক্ষতা আৰু ধৈৰ্যৰ বলত আত্ম নিৰ্ভৰশীল হ'বলৈ সক্ষম হৈছে বৰ্তমান সময়ত নতুন নতুন ধ্যান ধাৰণাৰে পশুপালনৰ ক্ষেত্ৰত নতুন বৈজ্ঞানিক দৃষ্টিভংগীৰে বিজ্ঞানসন্মত চিন্তা চৰ্চাৰে পশুধন জড়িত উৎপাদন বৃদ্ধি তথা গ্ৰাম্যাঞ্চলৰ লোকৰ আয় বৃদ্ধিৰ বাবে আধুনিকৰণৰ ব্যৱস্থা কৰা হৈছে সমগ্ৰ ভাৰতৰ লগতে অসমতো এতিয়া পশুপালন আৰু পশু চিকিৎসা পদ্ধতিৰ প্ৰায় প্ৰতিটো ক্ষেত্ৰতে তথ্য আৰু যোগাযোগ প্ৰযুক্তি এক অপৰিহাৰ্য আহিলা তথ্য আৰু যোগাযোগ প্ৰযুক্তি আজিৰ দৈনন্দিন কামৰ সুবিধা প্ৰদানকাৰী হৈ পৰিছে

অসমৰ পশুপালন আৰু পশু চিকিৎসা খণ্ডত তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ শেহতীয়া ব্যৱহাৰ আৰু উন্নতিয়ে পশুপালক আৰু পশু চিকিৎসাত জড়িত ব্যক্তিসকলক পশুৰ উৎপাদনশীলতা আৰু স্বাস্থ্যৰ বৈজ্ঞানিক তথ্য বিশ্লেষণ কৰি নীতি নিৰ্ধাৰণত কৰাত সহায় কৰিছে চৰকাৰী, ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডকে ধৰি সকলো খণ্ডতে অনুকূলন আৰু দক্ষতাক আগুৱাই নিয়াত ইয়াৰ অতি গভীৰ ভূমিকা আছে শাসন প্ৰক্ৰিয়াত তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ ব্যৱহাৰে নাগৰিকসকলক তথ্য আৰু সেৱাৰ সুবিধা প্ৰদান কৰে আৰু এইদৰে প্ৰশাসনিক প্ৰক্ৰিয়াত নাগৰিকসকলৰ অংশগ্ৰহণক উৎসাহিত কৰে ই এক ফলপ্ৰসূ, দক্ষ, জবাবদিহি আৰু স্বচ্ছ প্ৰশাসনিক ব্যৱস্থা আগবঢ়াই সুশাসনৰ চাবিকাঠি হিচাপে কাম কৰে আজিকালি চৰকাৰী সেৱা আৰু কাৰ্যসূচীসমূহ অধিক কাৰ্যক্ষমভাৱে, স্বচ্ছভাৱে আৰু খৰচ বহনক্ষমভাৱে প্ৰদান কৰিবলৈ সকলো স্তৰতে চৰকাৰে ডিজিটেল ৰূপান্তৰৰ কাম কৰি আছে যাৰ ফলত আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি চৰকাৰৰ কাম-কাজ উন্নত কৰা হৈছে শেহতীয়া প্ৰযুক্তিগত বিকাশ যেনে কৃত্ৰিম বুদ্ধিমত্তা ক্ৰমান্বয়ে ব্যৱহাৰ কৰি আহিছে যাতে চৰকাৰে আগবঢ়োৱা সেৱাসমূহৰ কাৰ্যক্ষমতা বৃদ্ধি পায় তথ্য আৰু যোগাযোগ প্ৰযুক্তিয়ে শাসন আৰু জনসাধাৰণৰ অংশগ্ৰহণৰ ক্ষেত্ৰত বিশেষ প্ৰতিশ্ৰুতি প্ৰদান কৰে আৰু সেয়েহে দুৰ্নীতি হ্ৰাস, স্বচ্ছতা, জবাবদিহিতা, দক্ষতা আৰু নাগৰিকৰ অংশগ্ৰহণ বৃদ্ধি কৰে এইদৰে কেন্দ্ৰীকৰণ/ বিকেন্দ্ৰীকৰণ সমস্যা সমাধান, সকলো চৰকাৰী পৰ্যায়ত প্ৰাসংগিক তথ্য সহজে উপলব্ধ কৰাত সহায় কৰে যেতিয়া ৰাজহুৱা সেৱাসমূহ সঠিক দিশত ৰূপায়িত কৰা হয়, তেতিয়া ই ব্যক্তি আৰু সম্প্ৰদায়ৰ ওপৰত প্ৰকৃত প্ৰভাৱ পেলাব পাৰে এই ধৰণৰ ৰাজহুৱা ভূমিকাই চৌপাশৰ লোকসকলক উপকৃত কৰিবলৈ ইতিবাচক পৰিৱৰ্তন আনিবলৈ অনুপ্ৰাণিত কৰে ৰাজ্য আৰু সামগ্ৰিকভাৱে দেশত তথ্য প্ৰযুক্তিয়ে নিশ্চিত কৰিছে যে চৰকাৰে লোৱা এটা নীতিগত সিদ্ধান্ত একাধিক স্থানত দ্ৰুতভাৱে কাৰ্যকৰী কৰিব পৰা যায়

তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ ব্যৱহাৰৰ সহায়ত পশুপালক সকলৰ বাবে এক ফলপ্ৰসূ, দক্ষ আৰু স্বচ্ছ ব্যৱস্থা গ্ৰহণ কৰা হৈছে কম্পিউটাৰ প্ৰযুক্তিৰ উন্নতিৰ ফলত পশু চিকিৎসাৰ তথ্যকোষ উন্নিত কৰাটো পূৰ্বতকৈ বহুত সহজ হৈ পৰিছে সমগ্ৰ বিশ্বতে পশু চিকিৎসকে দৈনন্দিন পশুপালন আৰু পশু চিকিৎসা পদ্ধতিত তথ্য আৰু যোগাযোগ প্ৰযুক্তি ব্যৱহাৰ কৰে ইয়াৰ বাবে পশু চিকিৎসকসকলে প্ৰথমতে পশুপালন আৰু পশু চিকিৎসা বিজ্ঞানৰ কাৰ্য্যকলাপৰ ক্ষেত্ৰত কম্পিউটাৰ প্ৰযুক্তিৰ ব্যৱহাৰ বুজিবলৈ এক সংহত, হাতে কামে কৰা পদ্ধতিৰ সৈতে জড়িত হ'ব লগা হৈছে পশু চিকিৎসকৰ কম্পিউটাৰৰ ব্যৱহাৰ শেহতীয়া বছৰবোৰত নিশ্চয়কৈ বৃদ্ধি পাইছে পশুধন উন্নয়নত আৰু প্ৰশাসনিক পৰ্যায়তো সিদ্ধান্ত গ্ৰহণত তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ ব্যৱহাৰে অতি ফলপ্ৰসূ ভূমিকা পালন কৰিছে কিছুমান ক্ষেত্ৰত তথ্যৰ উৎস হিচাপে সম্প্ৰসাৰণ সেৱাত ব্যৱহৃত তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ প্ৰতি পশুপালকসকলৰ মনোভাৱ জুখিবলৈ অন্বেষণমূলক অধ্যয়ন কৰা হৈছিল তথ্যসমূহ গাঁথনিগত সাক্ষাৎকাৰৰ সময়সূচীৰ জৰিয়তে সংগ্ৰহ কৰা হৈছিল আৰু বিভিন্ন পৰিসংখ্যাগত সঁজুলিৰ জৰিয়তে বিশ্লেষণ কৰা হৈছিল অধ্যয়নটোৱে প্ৰকাশ কৰিছে যে পশুপালন পদ্ধতিত বিভিন্ন আইচিটি সঁজুলিৰ জৰিয়তে তথ্য প্ৰচাৰৰ প্ৰতি গৰিষ্ঠসংখ্যক পশুপালকৰ অনুকূল মনোভাৱ আছিল

বৰ্তমান সময়ত পশুপালনৰ আৰু পশু চিকিৎসা বিভাগে কেইবাটাও তথ্য আৰু যোগাযোগ প্ৰযুক্তি ভিত্তিক 'এপ্লিকেচন' প্ৰয়োগ কৰা হৈছে এই 'এপ্লিকেচন'সমূহে সকলো অংশীদাৰ বিভাগক সহায় কৰিছে, আন্তঃ আৰু আন্তঃবিভাগীয় যোগাযোগ উন্নত হৈছে যাৰ ফলত সময় হ্ৰাস পাইছে, কামৰ মান বৃদ্ধি পাইছে যিয়ে পশুপালক সকলক সহায় কৰিছে মূলতঃ আন্তঃগাঁথনি সংযোগৰ সংহত পৰিকল্পনা আৰু সমন্বিত ৰূপায়ণৰ বাবে সকলো চৰকাৰী অংশীদাৰ বিভাগে ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে কৰ্মব্যৱস্থা বৃদ্ধি কৰাত মনোনিৱেশ কৰিছে ইয়াত বিভিন্ন মন্ত্ৰালয়ৰ লগতে ৰাজ্য চৰকাৰৰ বিভাগৰ আঁচনি সন্নিবিষ্ট কৰা হৈ আছে সকলো বিভাগৰ মাজত সংযোগ উন্নত কৰাত গুৰুত্ব দিয়া হৈছে আৰু এইদৰে সেৱা প্ৰদানৰ ক্ষেত্ৰত অধিক প্ৰতিযোগিতামূলক হ'ব যাতে সাধাৰণ পশুপালক সকলে সুফল পাব পাৰে বৰ্তমান এনে কেইবাটাও কম্পিউটাৰ অনলাইন সঁজুলি ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰেও জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে আৰু লগতে চৰকাৰী অংশীদাৰ বিভাগসমূহৰ মাজত কাম-কাজৰ সুবিধাৰ বাবে বাবে উপলব্ধ কৰা হৈছে ইয়াৰ ফলত দ্ৰুত আৰু স্বাস্থ্যসন্মত পৰিৱেশৰ কাম কৰাৰ ক্ষমতা বৃদ্ধি পাইছে পশুপালন আৰু পশুচিকিৎসা বিভাগৰ বাবে সহায়ক হোৱা কিছুমান অনলাইন সঁজুলি, যিবোৰে প্ৰতক্ষ্য অথবা পৰোক্ষভাবে সাধাৰণ পশুপালক সকলক সুফল দিব পাৰে, এই চুটি প্ৰবন্ধটোত বৰ্ণনা কৰিবলৈ চেষ্টা কৰা হৈছে

 প্ৰধানমন্ত্ৰী গতিশক্তি- ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন:

পৰম্পৰাগতভাৱে চৰকাৰৰ বিভিন্ন বিভাগসমূহৰ মাজত সমন্বয়ৰ অভাৱ।। উদাহৰণস্বৰূপে এবাৰ এটা পথ নিৰ্মাণ হ'লেই আন বিভাগ অথবা এজেন্সীয়ে নিৰ্মাণ কৰা পথটো পুনৰ মাটিৰ তলত কেবল, গেছ পাইপলাইন আদি কামৰ বাবে খান্দে যিটোৱে কেৱল বৃহৎ অসুবিধাৰ সৃষ্টি কৰাই নহয়, অপচয়মূলক ব্যয়ও হয় ইয়াৰ সমাধানৰ বাবে বৰ্তমান সমন্বয় বৃদ্ধিৰ প্ৰয়াস কৰা হৈ আছে যাতে সকলো কেবল, পাইপলাইন ইত্যাদি একেলগে স্থাপন কৰিব পৰা যায় এইটো মাথো উদাহৰণ হিচাপেহে ইয়াত কোৱা হৈছে আন আন বিষয় যেনে অত্যাধিক সময় লোৱা অনুমোদন প্ৰক্ৰিয়া, নিষ্পত্তিৰ বহুলতা আদিও সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে যোৱা কেইবছৰমানৰ পৰা চৰকাৰে সামগ্ৰিক দৃষ্টিভংগীৰ জৰিয়তে আন্তঃগাঁথনিৰ ওপৰত মনোনিৱেশ কৰিছে ইয়াৰ দ্বাৰা বৃহৎ আন্তঃগাঁথনি প্ৰকল্পৰ বাবে অংশীদাৰসকলৰ বাবে সামগ্ৰিক পৰিকল্পনা প্ৰতিষ্ঠানিকৰণৰ জৰিয়তে আগৰ সমস্যাসমূহ সমাধান কৰাত সহায় হব ইয়াত পৃথকে পৃথকে পৰিকল্পনা আৰু ডিজাইন কৰাৰ পৰিৱৰ্তে প্ৰকল্পসমূহৰ ডিজাইন আৰু নিষ্পাদন কৰা হ'ব এক উমৈহতীয়া দৃষ্টিভংগীৰে ইয়াৰ ফলত ধনৰ অপচয় ৰোধ কৰাত সহায়ক হব

২০২১ চনৰ ১৫ আগষ্টত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় অৰ্থনৈতিক বিকাশৰ বাবে এই প্ৰকল্পৰ কথা ঘোষণা কৰে ভাৰতৰ সকলো অৰ্থনৈতিক মণ্ডললৈ বহুমুখী সংযোগ আন্তঃগাঁথনি প্ৰদানৰ বাবে ২০২১ চনৰ ১৩ অক্টোবৰত আৰম্ভ কৰা এই পৰিকল্পনা ২০২১ চনৰ ২১ অক্টোবৰত অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীয়ে অনুমোদন জনায় সাধাৰণ জনসাধৰণৰ প্ৰতি লক্ষ ৰাখি ইয়াত বিভিন্ন মন্ত্ৰালয়ৰ লগতে ৰাজ্য চৰকাৰৰ বিভাগৰ আঁচনি সন্নিবিষ্ট কৰা হ' সকলো বিভাগৰ মাজত সংযোগ উন্নত কৰাত গুৰুত্ব দিয়া হৈছে যাতে এইদৰে সেৱা প্ৰদানৰ ক্ষেত্ৰত অধিক প্ৰতিযোগিতামূলক হয় এটা কেন্দ্ৰীভূত পৰ্টেলৰ সৈতে বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ বৰ্তমান তথা ভবিষ্যত পৰিকল্পনাৰ অন্তৰ্গত সকলো পদক্ষেপ অন্তৰ্ভুক্ত কৰা হ' প্ৰতিটো বিভাগে এতিয়া প্ৰকল্পসমূহ ব্যাপকভাৱে নিষ্পাদনৰ সময়ত তথ্য প্ৰদান কৰি ইজনে সিজনৰ কাৰ্য্যকলাপৰ দৃশ্যমানতা লাভ কৰিব বিভিন্ন বিভাগে পাৰস্পৰিক ক্ৰিয়াৰ জৰিয়তে নিজৰ প্ৰকল্পসমূহক অগ্ৰাধিকাৰ দিব পাৰিব ৰাষ্ট্ৰীয় পৰিকল্পনাই ব্যৱধানসমূহ চিনাক্ত কৰাৰ পিছত  বিভিন্ন মন্ত্ৰালয়ক পৰিকল্পনাসমূহ ৰূপায়িত কৰাত সহায় কৰিব এই প্ৰকল্প সমূহত সময় আৰু খৰচৰ ক্ষেত্ৰত আটাইতকৈ অনুকূল পথ বাছনি কৰাত সহায় কৰিব সাধাৰণতে প্ৰকল্পসমূহৰ পৰিকল্পনা আৰু ৰূপায়ণৰ ক্ষেত্ৰত সমন্বয়ৰ অভাৱৰ ফলত বহুতো পলম হয় প্ৰধানমন্ত্ৰী গতিশক্তিয়ে প্ৰতিটো বিভাগৰ কাৰ্যকলাপৰ লগতে শাসনৰ বিভিন্ন স্তৰৰ কাৰ্য্যকলাপক সামগ্ৰিকভাৱে সমন্বয় কৰাত সহায় কৰিব আৰু তেওঁলোকৰ মাজত কামৰ সমন্বয় নিশ্চিত কৰিব সকলো মন্ত্ৰালয় আৰু বিভাগে এতিয়া ভৌগোলিক তথ্য ব্যৱস্থা (Geographic Information System)ৰ প্লেটফৰ্মৰ জৰিয়তে প্ৰকল্পসমূহৰ অগ্ৰগতি, পৰ্যালোচনা আৰু নিৰীক্ষণ কৰিব পাৰিব, কিয়নো উপগ্ৰহৰ চিত্ৰকল্পই নিয়মীয়াকৈ অগ্ৰগতিৰ তথ্য প্ৰদান কৰিব আৰু পৰ্টেলত দৃশ্যমান হব ই ডাঙৰ পৰিকল্পনা তথা উন্নীতকৰণৰ বাবে গুৰুত্বপূৰ্ণ হস্তক্ষেপসমূহ চিনাক্ত কৰাত সহায় কৰিব

অসমৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে বৰ্তমান প্ৰধানমন্ত্ৰী গতিশক্তি- ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন পৰ্টেলত আপলোড কৰাৰ বাবে প্ৰয়োজনীয় স্থানাংকৰ কাম কৰি আছে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ জিঅ'-ৰেফাৰেন্স স্থানাংকৰ কিছুমান স্তৰ ইতিমধ্যে আপলোড কৰা হৈছে আৰু পৰ্টেলত প্ৰতিফলিত হৈছে বিভাগৰ বাবে নিৰ্বাচিত স্তৰসমূহ হৈছেঃ

) পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অধীনস্থ সংস্থাসমূহ যেনে পশুপালন আৰু পশু চিকিৎসা সঞ্চালকালয়, দুগ্ধ উন্নয়ন বিভাগ, অসম পশুধন উন্নয়ন সংস্থা আৰু অসম পশুধন আৰু হাঁহ-কুকুৰা নিগম;

) পশু চিকিৎসা সেৱা প্ৰদান নেটৱৰ্ক (ৰাজ্যিক পশু চিকিৎসালয়, পশু চিকিৎসা উপ কেন্দ্ৰ/ কৃত্ৰিম প্ৰজনন কেন্দ্ৰ ইত্যাদি);

) উত্তৰ-পূব পশুৰোগ নিৰূপন গবেষণা কেন্দ্ৰ, জিলা পশুৰোগ নিৰূপন গবেষণা কেন্দ্ৰ; বিষয়া প্ৰশিক্ষণ প্ৰতিষ্ঠান, ইনষ্টিটিউট ফৰ লাইভষ্টক এণ্টাৰপ্ৰেনিউৰশ্বিপ এণ্ড মেনেজমেণ্ট, স্কুল অৱ ভেটেৰিনেৰী ছায়েন্স, বৃত্তিমূলক প্ৰশিক্ষণ প্ৰতিষ্ঠান;

) অন্যান্য কেন্দ্ৰীয় আঁচনি আৰু কাৰ্যসূচী: ৰাষ্ট্ৰীয় পশুধন অভিযান, ৰাষ্ট্ৰীয় গোকুল অভিযান, ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা, ৰাষ্ট্ৰীয় পশু ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী, বহিঃসাহায্যপ্ৰাপ্ত প্ৰকল্প: অসম কৃষি ব্যৱসায় আৰু গ্ৰাম্য পৰিৱৰ্তন প্ৰকল্প;

) প্ৰতিষ্ঠানিক পাম/ প্ৰদৰ্শনী ইউনিট: পশুধন পাম, প্ৰদৰ্শনী গাহৰিৰ পাম, হাঁহ-কুকুৰা পাম, ভেড়া আৰু ছাগলীৰ পাম, শহাপহু প্ৰজনন পাম, খাদ্য পাম

) দুগ্ধ বিভাগৰ অধীনস্থ স্তৰ আৰু প্ৰকল্পঃ বিভাগীয় কাৰ্যালয় (নতুন জিলাত), গাখীৰ পাৰ্লাৰ আৰু আউটলেট, বাণিজ্যিক দুগ্ধ পাম, গাখীৰ প্ৰক্ৰিয়াকৰণ প্লাণ্টৰ অধীনত নিডাৰ দৰে আগন্তুক বিভিন্ন প্ৰকল্প/ আঁচনিৰ অধীনত

 অফিচিয়েল CM DASHBOARD, অসম:

সাধাৰণ জনসাধৰণ তথা কৃষক ৰাইজৰ সুবিধাৰ বাবে প্ৰশাসনিক যন্ত্ৰত প্ৰমাণভিত্তিক সিদ্ধান্ত গ্ৰহণৰ সংস্কৃতি গঢ়ি তুলিবলৈ তথ্য চালিত শাসনৰ দিশত এয়া এক পদক্ষেপ ই বাস্তৱ সময়ৰ নিৰীক্ষণ আৰু মূল্যায়ন, তথ্যৰ মান আৰু নীতি সংশোধন/হস্তক্ষেপৰ বাবে পৰিসৰ প্ৰদান কৰিব ২০২১ চনৰ ডিচেম্বৰ মাহত বাৰাণসীত অনুষ্ঠিত হোৱা মুখ্যমন্ত্ৰী কনক্লেভৰ আদেশৰ পাছত অসমৰ মুখ্যমন্ত্ৰী সচিবালয়ে আঁচনি ৰূপায়ণৰ বাবে এখন ব্যাপক মুখ্যমন্ত্ৰী ডেচব'ৰ্ড নিৰ্মাণৰ কাম ক্ষিপ্ৰতাৰে কৰি আছে চি.এম. ডেচব'ৰ্ডৰ উদ্দেশ্য হৈছে অগ্ৰাধিকাৰ প্ৰকল্পসমূহৰ অগ্ৰগতিৰ বাস্তৱ সময়ৰ নিৰীক্ষণ কৰা, কাৰ্যসূচীৰ ফলাফল লাভ কৰিবলৈ ৰূপায়ণৰ প্ৰত্যাহ্বানসমূহ চিনাক্ত কৰা বা আঁচনিসমূহৰ পুনৰ নিৰ্মাণৰ বিষয়ে অৱগত কৰা আৰু শাসন ব্যৱস্থাত তথ্য-চালিত সিদ্ধান্ত গ্ৰহণ গ্ৰহণক উৎসাহিত কৰা হিতাধিকাৰীসকললৈ বিশেষ লগতে অতিৰিক্ত অন্তৰ্দৃষ্টি, মাননীয় মুখ্যমন্ত্ৰীক সাপ্তাহিক প্ৰতিবেদন দিয়া আৰু মূল কৰ্মক্ষমতা হ্ৰাস হ'লে সতৰ্ক কৰি দিয়াৰ বৈশিষ্ট্যও চি.এম. ডেচব'ৰ্ডৰ আছে ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰ, অসমে মুখ্যমন্ত্ৰী ডেচব'ৰ্ড প্ৰস্তুত কৰি চৰকাৰী বিভাগসমূহৰ সহায়ত বৰ্তমান মূল প্ৰদৰ্শন সূচক চিনাক্তকৰণ কৰি ৰাষ্ট্ৰীয় ডেচব'ৰ্ডৰ পৰা তথ্য আহৰণৰ উৎস সুশৃংখলিত কৰি হৈছে

অসম চৰকাৰে পশুপালন আৰু পশু চিকিৎসা বিভাগ, অসমৰ অধীনত ৰাষ্ট্ৰীয় কৃত্ৰিম প্ৰজনন কাৰ্যসূচী, ৰাষ্ট্ৰীয় পশু ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী (চবকা আৰু ব্ৰুচেল'ছিছ টিকাকৰণ) ৰূপায়ণৰ তাৎপৰ্য বিবেচনা কৰি চিএম ডেচব'ৰ্ডৰ অধীনত অন্তৰ্ভুক্ত কৰাৰ বাবে লোৱা হৈছে শ্বেত বিপ্লৱৰ অধীনত অসম প্ৰকল্প কৃষি ব্যৱসায় আৰু গ্ৰাম্য ৰূপান্তৰ আৰু লগতে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব'ৰ্ড আদিৰ দৰে আঁচনিসমূহৰ মূল প্ৰদৰ্শন সূচক বাছনি কৰি যথা সময়ত অন্তৰ্ভুক্ত কৰা হ'

 ইপ্ৰস্তুতি:

আজিৰ ডিজিটেল জগতখনত শাসন ব্যৱস্থাৰ স্বচ্ছতা বজাই ৰাখিবলৈ সামঞ্জস্যপূৰ্ণ, সঠিক আৰু একে ধৰণে তথ্য আৰু সেৱা প্ৰদান কৰাটো অতি গুৰুত্বপূৰ্ণ চৰকাৰী ৱেবছাইট হৈছে বিভাগৰ আইনা আৰু ভাল ৱেবছাইট একোটাই চৰকাৰী বিভাগৰ সামগ্ৰিক ভাবমূৰ্তি বৃদ্ধি কৰে শাসন ব্যৱস্থাত স্বচ্ছতা অনাত ৱেবছাইটসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে অসম চৰকাৰে ইতিমধ্যে '-প্ৰস্তুতি' নামেৰে এটা প্ৰকল্প আৰম্ভ কৰিছে যাতে সকলো চৰকাৰী ৱেবছাইটৰ মানকৰণ সম্ভৱ হয় মূলতঃ পশুপালন আৰু পশু চিকিৎসা বিভাগ, অসমকে ধৰি অসম চৰকাৰৰ সকলো বিভাগতে ৱেবছাইটসমূহৰ এক ঐক্যবদ্ধ আৰু একেধৰণৰ মানদণ্ড প্ৰতিষ্ঠা কৰা অসম পশুপালন আৰু পশুচিকিৎসা বিভাগে পশুপালক সকলৰ কামত আহিব পৰাকৈ আৰু উৎসাহ যোগাবলৈ সময়ে সময়ে কিছুমান বিষয় তথা পশুপালনৰ ক্ষেত্ৰখনৰ সফলতাৰ কাহিনী ৱেবছাইটত 'আপলোড' কৰা হয়

'-প্ৰস্তুতি' প্ৰকল্পৰ অধীনত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ (https://animalhusbandry.assam.gov.in/) ইয়াৰ অধীনত থকা চাৰিটা সংস্থা যথাক্ৰমে পশুপালন আৰু পশু চিকিৎসা সঞ্চালকালয়, অসম (https://veterinary.assam.gov.in/); অসম পশুধন উন্নয়ন অভিকৰণ (https://livestock.assam.gov.in/); দুগ্ধ উন্নয়ন সঞ্চালকালয় (https://dairy.assam.gov.in/) আৰু অসম পশুধন আৰু হাঁহ-কুকুৰা নিগম (https://alpco.assam.gov.in/)

 বিভাগীয় সামাজিক মাধ্যমৰ পৃষ্ঠাসমূহ:

'চিয়েল মিডিয়াৰ আগমনে মানুহৰ ইজনে সিজনৰ লগত সংযোগ স্থাপনৰ ধৰণ সলনি কৰিছে আৰু তথ্য ভাগ-বতৰা আৰু বিতৰণ দ্ৰুত গতিত সম্পন্ন হৈছে সামাজিক মাধ্যম ছপা, ৰেডিঅ' আৰু টেলিভিছন আদি পৰম্পৰাগত মাধ্যমৰ পৰা এই দুটা দিশতেই পৃথক সমগ্ৰ দেশৰ বহু চৰকাৰী বিভাগৰ লগতে ভাৰতৰ বহু চৰকাৰী সংস্থাই বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ব্যৱহাৰ কৰি নাগৰিক, ব্যৱসায়ী আৰু বিশেষজ্ঞসকলৰ সৈতে যোগাযোগ কৰি নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত সহায় বিচাৰে ইয়াৰ ওপৰিও সেৱা প্ৰদানৰ ওপৰত প্ৰতিক্ৰিয়া লাভ কৰা, বিভিন্ন কাৰ্যসূচী সৃষ্টি কৰা, প্ৰচাৰ ইত্যাদি হৈছে চৰকাৰীভাবে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰাৰ মূল সুবিধাসমূহ নাগৰিকৰ সৈতে সক্ৰিয় ডিজিটেল সংযোগে অতি শক্তিশালী ফলাফল দিয়ে ইয়াৰ জৰিয়তে চৰকাৰে নাগৰিকক তেওঁলোকে বিচৰা ধৰণে প্ৰয়োজনীয় তথ্য প্ৰদান কৰিব পাৰে

পশুপালন আৰু পশু চিকিৎসা বিভাগে ২৬ জুলাই' ২০১৯ তাৰিখে নিজাববিয়াকৈ বিভাগীয় ছ'চিয়েল মিডিয়া পেজ আৰম্ভ কৰিছিল আৰু নিয়মিতভাৱে সজাগতা, বিভাগীয় কাৰ্য্যকলাপৰ ওপৰত বিভিন্ন বিষয় প্ৰকাশ কৰি আহিছে চৰকাৰী পাম সমূহৰ পৰিচালনা পদ্ধতি, লগতে পশুপালকৰ সফলতাৰ কাহিনী আদিও নিয়মিত ভাবে প্ৰকাশ কৰি থকা হয় বিভাগৰ ছ'চিয়েল মিডিয়া পেজকেইটা হৈছেঃ ফেচবুক  (https://www.facebook.com/veterinary.department.assam/); টুইটাৰ হেণ্ডেল (_https://twitter.com/vet_dept_assam/) আৰু ইনষ্টাগ্ৰাম হেণ্ডেল (https://www.instagram.com/veterinary_dept_assam/).

 ভ্ৰাম্যমাণ পশু চিকিৎসালয়ঃ

ভ্ৰাম্যমাণ পশু চিকিৎসালয় কৃষকৰ পৰা কল চেণ্টাৰত পোৱা ফোন কলৰ ভিত্তিত কৃষকৰ দুৱাৰমুখতে লাভ কৰা এক পশু চিকিৎসা সেৱা এই আঁচনিৰ অধীনত প্ৰায় এক লাখ পশুধনৰ বাবে এখনকৈ ভ্ৰাম্যমাণ পশু চিকিৎসালয় ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক যোগান ধৰিবলৈ ধন প্ৰদান কৰা হৈছে ভ্ৰাম্যমাণ পশু চিকিৎসালয় পশু চিকিৎসা স্বাস্থ্যসেৱাৰ বাবে এনেকুৱা এখন বাহন হ'ব য'ত ৰোগ নিৰ্ণয়, চিকিৎসা আৰু সৰু সৰু অস্ত্ৰোপচাৰৰ বাবে সঁজুলি তথা দৃশ্য-শ্ৰাব্য সহায়ক আৰু জীৱ-জন্তুৰ চিকিৎসাৰ বাবে অন্যান্য মৌলিক প্ৰয়োজনীয়তা থাকিব ভ্ৰমণৰ লক্ষ্য আৰু কম সময়ৰ ভিতৰত সেৱা আগবঢ়াবলৈ ভ্ৰাম্যমাণ পশু চিকিৎসালয়সমূহক কৌশলগত স্থানত স্থাপন কৰা হব এই আঁচনিখনে আমাৰ ৰাজ্যত কৃষকৰ দুৱাৰদলিত পশু চিকিৎসা সেৱা প্ৰদানৰ বাবে ভ্ৰাম্যমাণ পশু চিকিৎসা ইউনিট ক্ৰয়ৰ বাবে ১০০% আৰ্থিক সাহায্য আৰু পুনৰাবৃত্তিমূলক ব্যয়ৰ দিশতো কেন্দ্ৰীয় অংশীদাৰিত্ব ৯০:১০ হিচাপত প্ৰদান কৰিছে আমাৰ ৰাজ্যক প্ৰদান কৰা অনুমোদিত ধনৰ সৈতে ১৫৯খন ভ্ৰাম্যমাণ পশু চিকিৎসালয় ক্ৰয় কৰা হৈছে তথা ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা আৰু এছঅ'পিডিৰ অধীনৰ বৰ্তমানৰ ২২টা এমভিইউৰ সৈতে মুঠ ভ্ৰাম্যমাণ পশু চিকিৎসালয়ৰ সংখ্যা হব  ১৮১ খন ভ্ৰাম্যমাণ পশু চিকিৎসালয়ৰ সুবিধা আৰু যোগাযোগৰ বাবে পশুপালকসকলে টোল ফ্ৰী নম্বৰৰ সৈতে এটা কল চেণ্টাৰৰ সুবিধা পাব যত পশুচিকিৎসা আৰু নিদানমূলক সেৱা আগবঢ়াব

ভ্ৰাম্যমাণ পশু চিকিৎসালয়ত পশু চিকিৎসা স্বাস্থ্যসেৱাৰ বাবে  ১ জন পশু চিকিৎসক; ১ জন পেৰা-ভেটেৰিনেৰিয়ান আৰু এজন ড্ৰাইভাৰ-তথা-এটেণ্ডেণ্ট থাকিব বাহনখনত নমুনা সংগ্ৰহ, নিদান, চিকিৎসা আৰু সৰু অস্ত্ৰোপচাৰ আৰু জীৱ-জন্তুৰ চিকিৎসাৰ বাবে অন্যান্য প্ৰয়োজনীয় আহিলা আৰু সঁজুলি থাকিব ভ্ৰাম্যমাণ পশু চিকিৎসালয়সমূহে পশুৰ ৰোগ, ইয়াৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ, পামৰ জৈৱ সুৰক্ষা ব্যৱস্থা, পশুপালনৰ অৰ্থনৈতিক সুবিধা আৰু এই দিশত চৰকাৰৰ প্ৰচেষ্টাৰ সজাগতা বিয়পোৱাৰ বাবে দৃশ্য-শ্ৰাব্য মাধ্যমৰ জৰিয়তে সম্প্ৰসাৰণ সেৱাও প্ৰদান কৰিব

 এইবোৰৰ উপৰিও তথ্য আৰু যোগাযোগ প্ৰযুক্তিয়ে ইতিমধ্যে কৃত্ৰিম প্ৰজনন, পুষ্টি আৰু স্বাস্থ্য সেৱা, পশুধন আৰু স্বাস্থ্যজনিত ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচীত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে ইয়াৰ সুবিধাসমূহ পশুপালকসকলৰ বাবে পশুপালন আৰু পশু চিকিৎসা বিভাগ, অসমৰ জৰীয়তে পশুপালকৰ দুৱাৰমুখতে উপলব্ধ হয় অন্যান্য কিছুমান প্ৰধান সুবিধা হ'ল বংশবৃক্ষৰ তথ্য, দুগ্ধৰ উৎপাদন আৰু গৰাকীৰ বিৱৰণৰ লগতে পশুধন চিনাক্তকৰণ; প্ৰজনন, পুষ্টি আৰু স্বাস্থ্যৰ সৈতে জড়িত সকলো কাৰ্য্যকলাপ নথিভুক্ত কৰা হয় এইদৰে নথিভুক্ত কৰি ৰখা উচ্চমানৰ পশুধন চিনাক্তকৰণ প্ৰক্ৰিয়া ক্ষিপ্ৰ আৰু যথাৰ্থ হয় আনহাতে বিভিন্ন পশুধনৰ প্ৰজাতিৰ গাঁও আৰু জিলা অনুসৰি ৰোগৰ প্ৰাদুৰ্ভাৱ আৰু ৰোগৰ ধৰণ অনুসৰণ কৰা; কৃত্ৰিম প্ৰজনন সেৱা আৰু ৰেচন বেলেন্সিং সেৱাৰ দক্ষতা আৰু ফলপ্ৰসূতা মূল্যায়ন কৰা; জিনীয় উন্নয়ন কাৰ্যসূচীসমূহ নিৰীক্ষণ আৰু অনুসৰণ কৰা আজি আমাৰ বাবে তথ্য আৰু যোগাযোগ প্ৰযুক্তিয়ে প্ৰদান কৰা বিশেষ সুবিধা এই সকলোবোৰ সুবিধা পশুপালকসকলেইনফৰ্মেশ্যন নেটৱৰ্ক ফৰ এনিমেল প্ৰডাক্টিভিটি এণ্ড হেল্থৰ জৰিয়তে লাভ কৰে

অসমত ৰাষ্ট্ৰীয় ডিজিটেল পশুধন অভিযান আৰম্ভ হবলৈ গৈ আছে ৰাষ্ট্ৰীয় ডিজিটেল পশুধন অভিযানৰ দৃষ্টিভংগী হৈছে কৃষককেন্দ্ৰিক, প্ৰযুক্তি-সক্ষম পৰিৱেশ সৃষ্টি কৰা য'ত কৃষকসকলে সঠিক তথ্যৰে পশুপালন কাৰ্য্যকলাপৰ জৰিয়তে উন্নত আয় উপলব্ধি কৰিবলৈ সক্ষম হব ইয়াৰ ফলত সৃষ্টি হব লগা আন্তঃগাঁথনিয়ে পশুপালকসকলে সময়মতে, উচ্চমানৰ সেৱা আৰু বজাৰত প্ৰৱেশৰ সুবিধা লাভ কৰিব ৰাষ্ট্ৰীয় ডিজিটেল পশুধন অভিযানৰ লক্ষ্য হৈছে এটা 'কৃষককেন্দ্ৰিক ব্যৱস্থা' সৃষ্টি কৰা য'ত আধুনিক আন্তঃগাঁথনি আৰু প্ৰয়োগে কৃষকসকলে সেৱা আৰু তথ্য নিৰৱচ্ছিন্নভাৱে লাভ কৰিবলৈ সক্ষম হব; প্ৰত্যক্ষ লাভ হস্তান্তৰ (ডিবিটি) কাৰ্যসূচীৰ বাবে এক ব্যৱস্থা গঢ়ি তোলা হব; ব্যক্তিগত খণ্ডত অংশগ্ৰহণ কৰা যাতে পশুপালকসকলে নিৰৱচ্ছিন্নভাৱে প্ৰৱেশ কৰিব পাৰিব

দিগন্ত যাদৱ শৰ্মা Diganta Yadav Sarma

(এই লেখাটো পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰ, খানাপাৰাত ২০২৩ চনৰ ফেব্রুৱাৰী মাহৰ ১৫ৰ পৰা ১৭ তাৰিখলৈ অনুষ্ঠিত হোৱা পশুধন আৰু হাঁহ কুকুৰা মেলা উপলক্ষে প্রকাশ হোৱা স্মৃতিগ্রন্থত প্রকাশ হৈছে)

 

Comments

Popular posts from this blog

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)

টিলৌ সংবাদ (কৌতুক)

ৰক্তৰঞ্জিত :: ৰহস্যৰ অৱসান (ৰহস্য গল্প)